নদী আৰু সমুদ্ৰ,মূলঃ চন্দন চৌধুৰী: অনুবাদ-মামণি কলিতা

এদিন সমুদ্ৰ আৰু নদীয়ে কথা পাতিছিল।

সমুদ্ৰ‌ই ক’লে……

“বন্ধু তোমাৰ ফালে চালে মোৰ বৰ দুখ লাগে। আমি দুয়োজনেই পানী।অথচ তুমি ইমান সৰু।অতি ক্ষুদ্ৰ। আৰু মোক চোৱা , মই কিমান বিশাল। অতিশয় বিশাল।

নদীয়ে ক’লে…..

“তোমাৰ ফালে চালে মোৰো বৰ দুখ লাগে বন্ধু।”

এই কথা শুনি সমুদ্ৰ একেবাৰে আচৰিত হৈ পৰিল। মনে মনে ভাবিলে “কি কথা কয় এই  ক্ষুদ্ৰ নদীয়ে”।

নদীয়ে ক’লে…….

“ইমান বিশাল জলধাৰ তুমি! অতি বিশাল। কিন্তু তোমাৰ পানী কোনেও অকণমানো খাব নোৱাৰে আৰু মোক চোৱা, ইমান ক্ষুদ্ৰ মই। অথচ – কিমান মিঠা!কিমান মিঠা!”

*******

One comment

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *