সোণপৰুৱাৰ হাঁহি-সংস্কৃতি মহন্ত 

অকণমানি পখিলাটিৰ

ফুটুকী পাখি

ফুলৰ পাহিত পৰি থাকে

কেনেনো শুৱনি।

 

বহুৰঙী সোণপৰুৱাৰ

চিকমিক পাহি

কপালত আঁকি লওঁ

আমি হাঁহি হাঁহি।

 

কেৰেলুৱা বগাই যায়

ৰেলগাড়ীৰ দৰে

চুই দিলেই

ঠেহ লাগি

চকা হৈ পৰে।

 

বৰষুণৰ বতৰত

ভেকুলীয়ে মাতে

মাইনাই ভয়তে

নিতাল মাৰি শোৱে।

 

(তৃতীয় শ্ৰেণী,লিটল ফ্লাৱাৰ হাইস্কুল,হাতীগাঁও)

*******

One comment

  • বৰষা ডেকা

    বৰ ধুনীয়া দেই ❤️❤️

    Reply

Leave a Reply to বৰষা ডেকা Cancel reply

Your email address will not be published. Required fields are marked *