কেনভাচত জীৱন-দেবজিত শৰ্মা

খিৰিকীবোৰ জীৱনৰ কেনভাচ৷

চিঁয়াহী শেষ হৈ যোৱা তুলিকাৰে

ভাগৰি নপৰাকৈ ঘঁহি আছো

উকা কাগজৰ পৃষ্ঠাত…

মলিয়ন চোলাৰ জেপত

ভৰিল কি নভৰিল তোমাৰ

চহৰৰ ভূগোল, 

নে মানচিত্ৰৰ পৃষ্ঠাবোৰ ভাগৰিল

মেঘৰ পতাৰে আজিও

দুটোপাল চকুলো সৰিল!

কিমান তাৰিখ,চন,মাহ চলি আছে এতিয়া?

ডায়েৰী লিখাৰ অভ্যাস কাহানিবাই

বাদ দিলোঁ,স্তব্ধ ঘড়ীটোৰ কাঁটাও!

ওভটি যোৱাৰ ৰিং এটাৰ বাটত

ডুবি যোৱা বেলিটোৰ ঘৰ,

গৈ গৈ ময়ো সন্ধিয়া হৈ ৰ’লোঁ৷


আজি ইয়াত একেদৰে ৰৈ

থকাৰে কথা আছিল৷ 

ৰৈ ৰৈ বতাহ হ’ব পৰা হ’লে,

সোঁ সোঁ কৈ কদমৰ পাত সীয়া সোঁতবোৰত

জীৱনৰ জোখাৰে 

অম্লজান অলপ বোকোচাত লৈ…


কিমান যুগ যে আধা উশাহত পাৰ হৈছে মোৰ!

কিমানদিন ছিগা কাগজৰ টুকুৰাত 

হেৰাই গৈছে যন্ত্ৰনাৰ দস্তাবেজ! 

কিমানবাৰ চিঞৰ এটা মাৰিব খুজিও

মৌন হৈ গৈছোঁ,গান এটা গুণগুনাব খুজি

হুমুনিয়াহত সুৰ-কথাৰ আঁত পাহৰিছোঁ৷


আজি কি দিন,কি মাহ,ঋতু,বছৰ…

কেলেণ্ডাৰত খেপিয়াই এতিয়া

বিচাৰি আছোঁ, দীঘল বাক্য এটাৰ দৰে

সময়ক বান্ধি ৰাখিব পৰা যতি চিহ্ন এটাৰ!

*******

One comment

  • Kumkum Devi Sarmabaruah

    সুন্দৰ কবিতা এটা পঢ়িলোঁ।

    Reply

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *