পৱিত্ৰ পাপী-ড°জুমি বৰুৱা গগৈ 

মুনুৰ বিছনাৰপৰা উঠিবলৈকে শক্তি নাইকিয়া যেন লাগিছে। ভাগৰ ভাগৰ লাগি আছে কেইবাদিনৰেপৰা। কিন্তু বাহিৰত চৰাইজাকে অথনিৰেপৰা হুলস্থুল কৰি আছে। উঠিবই লাগিব।নহ’লে সিহঁত নোখোৱাকৈয়ে গুচি যাব।উঠি গৈ মুনুয়ে  চাউল এবাতি চোতালত ছটিয়াই দিলে।চাউলখিনিৰ ওপৰত গোটেইজাক উবুৰি খাই পৰিল।সিহঁতৰ উলাহ দেখি মুনুৰ মুখত হাঁহি বিৰিঙিল, দেহ আৰু মনলৈও শক্তি অহা যেন লাগিল। আজি সদায় কৰা কামৰ উপৰিও এটা বিশেষ কাম আছে। সি দিনটোৰ কামবোৰ  মনতে জুকিয়াই ল’লে।

মুনু খাম্ফাৰ ঘৰলৈ গ’ল। খাম্ফা মহিলাৰী।সি তাৰ ঘৰৰ চৌহদটোলৈ চালে।গোটেইখন হাবি-জংঘলেৰে ছানি ধৰিছে।আজি চাৰি মাহৰ আগতে কিন্তু চৌহদটোৰ ৰূপ এনেকুৱা নাছিল।খাম্ফাই বৰ পৰিস্কাৰ কৰি ৰাখিছিল। বৰ কৰ্মী মানুহ সি। সি হস্পিটেললৈ যোৱাৰ পাছত মুনুয়ে দুই এবাৰ কাটিছে। পাছলৈ সিও নোৱাৰা হ’ল। অকণমান কাম কৰিলেই ভাগৰ লাগে, ফোপনি উঠে। মুনু খাম্ফাৰ ঘৰলৈ আগবাঢ়িল। বাৰাণ্ডাৰ চুকৰপৰা কোৰখন লৈ শ্মশানলৈ আগবাঢ়িল। 

মুনুৰ  ঘৰ দুধনৈৰ এখন ভিতৰুৱা গাঁৱত।  মাক-দেউতাক, ককায়েক-বায়েকহঁতৰ মৰমত মজি থাকোতেই কুষ্ঠ নামৰ এই সৰ্বনাশী  বেমাৰটোৱে তাৰ গাত কেনেকৈ বাহ ল’লে সি তলকিবই নোৱাৰিলে। ভৰিৰ আঙুলিত ঘাঁ অকণমান হৈছিল। মাকে দেখি বন দৰৱ লগাই দিছিল। কিন্তু ঘা নুশুকাই বহলিহে গৈছিল। শেষত দেউতাকে তাক চৰকাৰী হস্পিটেললৈ লৈ গৈছিল। ডাক্তৰে চাই ৰোগটোৰ কথা কৈছিল। ইতিমধ্যে তাৰ বাওঁ হাত আৰু দুয়োটা ভৰিৰ আঙুলিয়ে স্বাভাৱিক ৰূপ হেৰুৱাইছিল।ডাক্তৰে মুনুক কোকৰাঝাৰ জিলাৰ দতমাত থকা লেপ্ৰচী চেণ্টাৰটোলৈ যাবলৈ পৰামৰ্শ দিছিল।

সেইদিনাৰ পৰাই মুনুৰ ভাগ্যৰ চকৰি সলনি হৈছিল।গাঁওখনৰ এমূৰে থকা চাপৰিটো তাৰ ঠিকনা হৈছিল।যিটো চাপৰিৰ গছ, ফুটুকলা, বাঁহ, হাফলু  আদিবোৰ আছিল সিহঁতে সৰুতে শুনা ভূত- প্ৰেত, যখিনী আদি কাহিনীৰ পটভূমি।সেইফালে ৰাতিটো বাদেই, দিনতো গাঁৱৰ মানুহ সাধাৰণতে অকলে নগৈছিল। সেই চাপৰিটোৰে এমূৰত মুনুৰ বাবে এটা জুপুৰী সজা হৈছিল।ভূত-প্ৰেতৰ ভয়ত মাকৰ ছাঁ হৈ থকা মুনু চাপৰিটোৰ বাসিন্দা হৈ পৰিছিল।ককাই-ভাই, বন্ধু-বান্ধৱে লগ এৰা মুনুৰ লগ এৰা নাছিল চন্দ্ৰই, তাৰ মৰমৰ কুকুৰটোৱে। মুনুয়ে এই সকলোবোৰ নীৰৱে মানি লৈছিল। কাৰণ কুষ্ঠ ৰোগীৰ বাবে সমাজত এয়াই আছিল প্ৰচলিত নিয়ম। মানুহৰ সংস্পৰ্শলৈ একেবাৰে আহিব নালাগে। ডাক্তৰে অৱশ্যে এই ৰোগ সোঁচৰা নহয় বুলি ভালদৰে বুজাই কৈছিল। কিন্তু গাঁৱৰ মানুহক বুজাব কোনে!গাঁৱৰ বয়োজেষ্ঠসকলৰ মতে, পূৰ্ব জন্মৰ পাপৰ ফলতহে এই ৰোগ হয়। সমাজৰ নিয়ম ভঙাৰ ধৃষ্টতা মুনুহঁতৰ গাঁৱত কোনেও কৰা নাই। সিহঁতৰ ঘৰখনেও নকৰিলে। চাপৰিটোৰ এমূৰে থাকিবলৈ লোৱাৰেপৰা মুনুক মাক নহ’লে বাপেকে দিনৌ দুসাজ ভাত দি গৈছিল। ঘৰত মাকৰ লগত শোৱা মুনুৰ ৰাতি ভয়তে টোপনি নাহিছিল।লাহে লাহে সকলোবোৰ সহজ হৈ পৰিছিল। চন্দ্ৰ আছিল তাৰ একমাত্ৰ সঙ্গী আৰু ভৰসা।চাপৰিটো আৰু তাত বাস কৰা প্ৰত্যেকটো প্ৰাণী, গছ-গছনি তাৰ আপোন হৈ পৰিছিল। এনেকৈয়ে দিনবোৰ আগবাঢ়িছিল। কথাবোৰ সকলোৰে বাবে  সহজ হৈ পৰিছিল। কথাতে কয়, মানুহৰ দিন-কাল সদায়ে একে নাযায়। মুনুও তাৰ ব্যত্যিক্ৰম নহ’ল। দুদিনমানৰ জ্বৰতে মাকজনীয়েও তাক চিৰদিনলৈএৰি গ’ল। মুনু শোকত বলিয়া হ’ল। ৰ’দ, বৰষুণ যিয়েই নহওক, মাকে সদায় তাৰ ওচৰলৈ আহিছিল। ভোকৰ ভাত দুসাজ দিছিল।বাৰীৰ ফলমূল যি পাই হাতত লৈ আনিছিল। তাৰ লগত বহি কথা পাতিছিল । দেউতাকেও মাজে-সময়ে আহি তাৰ সুবিধা-অসুবিধাবোৰৰ বুজ লৈ গৈছিল। মাজে-সময়ে বিয়া দিয়া বায়েক কেইজনীও আহিছিল। কিন্তু মাক তাৰ বাবে বিশেষ আছিল।

সেইদিনা কান্দি-কাটি বলিয়া হোৱা মুনুয়ে চন্দ্ৰৰ আগতে বিলাপ কৰিছিল । চন্দ্ৰয়ো চাগে কিবা এটা বুজি পাইছিল।এক মূহুৰ্তৰ বাবেও তাক এৰি দিয়া নাছিল।  শেষবাৰৰ বাবে মাকক চাবলৈ সি উত্ৰাবল হৈ ঘৰলৈ বুলি ঢাপলি মেলিছিল। অলপ দূৰ যোৱাৰ পাছত তাৰ হুচ আহিল। যোৱাটো উচিত নহ’ব। মুনু  উভতি আহিল।

মাক ঢুকোৱা পিছত দেউতাকৰো স্বাস্থ্য পৰি আহিবলৈ ধৰিছিল। লাহে লাহে ককায়েক কেইজনো বেলেগ বেলেগ  হৈছিল। কোনো এজনেও তাৰ দায়িত্ব ল’বলৈ ভাল পোৱা নাছিল। তেনেতে মুনুক অকলশৰীয়া কৰি চন্দ্ৰও চিৰদিনৰ বাবে গুচি গৈছিল। কণাৰ লাখুটি চন্দ্ৰক সমাধিস্থ কৰি মুনুয়ে এক শূণ্যতা অনুভৱ কৰিছিল।ভীষণ হতাশ হৈ পৰিছিল। তাৰ স্বভিমানী  মনটোৱে আপোনজনৰ অনাদৰ-অৱহেলা  সহ্য কৰিবলৈ টান পোৱা হৈ আহিছিল।  দেউতাকো কেইবাদিনো অহা নাছিল। শেষৰবাৰ লগ পাওঁতে তেওঁক বৰ দুৰ্বল দেখাইছিল। শীৰ্ণ, দুৰ্বল হাতখনে  ৰুমালেৰে বন্ধা এটা সৰু টোপোলা মুনুক দি গৈছিল। সেইটো তেনেকৈয়ে গাৰুটোৰ তলত  থৈ দিছিল। খুলি চোৱাই নাছিল। সেইদিনা বাহিৰে বাহিৰে গাটো তিয়াই সি  ৰুমালখন খুলি চাবলৈ মন কৰিলে। মুনু আচৰিত হৈ পৰিল, দেউতাকে ইমান টকা দিছে! কিয় দিছে ? সেইদিনাৰ দেউতাকৰ চেহেৰাটো তাৰ চকুৰ আগত ভাহি উঠিল।সকলো কথা পৰিস্কাৰ হৈ পৰিল মুনুৰ। দেউতাকৰ কৰুণ চকুহালে সেইদিনা ক’বলৈ চেষ্টা কৰা কথাবোৰ সি তেতিয়াহে বুজি পাইছিল। সি হুকহুকাই কান্দি উঠিল। 

মুনুয়ে পিছদিনা পুৱাই দুধনৈ এৰাৰ সিদ্ধান্ত লৈছিল। চন্দ্ৰবিহীন ঘৰটো বৰ নিমাওমাও লাগিছিল। শৈশৱ, কৈশোৰৰ দিনবোৰলৈ তাৰ প্ৰায়েই মনত পৰে। মাক, বায়েকহঁতৰ লগত পথাৰলৈ যোৱা, মাছ মাৰিবলৈ যোৱা, খৰি কাটিবলৈ যোৱা , লগৰবোৰৰ লগত কটোৱা নজহা-নপমা স্মৃতিবোৰেই হ’ল তাৰ একমাত্ৰ সম্পত্তি।  মুনুয়ে দৰকাৰী বস্তুবোৰ এটা বেগত এটাত ভৰাই ললে।

ভূত-প্ৰেতৰ বাসস্থান বুলি এটা সময়লৈকে ভয়তে পেপুৱা লগা এই চাপৰিটো মুনুৰ প্ৰিয় স্থান হৈ পৰিছিল। গাঁওখনৰ গৰু, ছাগলী চাপৰিটোতে চৰেহি। ঘৰৰ গৰু-ছাগলীবোৰ তাৰ সহোদৰ ভাইৰ দৰে। ছাগলীৰ কাৰণে সি কঁঠাল পাত, পচতীয়া গছৰ পাত কাটি থৈছিল।গৰুকেইটাকো মাতি মাতি ঘাঁহ, নৰা আদি খুৱাইছিল। গধূলি ঘৰলৈ বুলি আগবঢ়াই দিছিল। চৰাই-চিৰিকটিৰ বাবেও সি ভালেমান গছ ৰুইছে। কিন্তু মাকজনী নাইকিয়া হোৱাত সি মুজুৰা পৰি গৈছিল। য’তে-ত’তে আমন-জিমনকৈ বহি থকা কৰিছিল। চন্দ্ৰ গুচি যোৱাত তাৰ ঘৰটোৰ প্ৰতি একেবাৰে মোহ নোহোৱা হৈ পৰিল। সেইদিনা গোটেই ৰাতিটো বিছনাত পৰি ইচাট-বিচাট কৰিয়েই পাৰ কৰিছিল।  

চ’ত মাহ সোমাইছিল। পছোৱা বতাহজাকৰ বাবে সি এৰী কাপোৰখন ভালকৈ উৰি লৈছিল। এইখন মাকে বোৱা চাদৰ।বেলেগে যাতে ৰোগটোৱে চিন দি থৈ যোৱা হাতখন দেখা নাপায়, তাৰ বাবে সাৱধান হৈ আছিল। পুৱাৰ সময়। যাত্ৰীৰ ভিৰ কম।গোৱালপাৰা অভিমুখী বাছখনত বহি মুনুৰ চকুহাল সেমেকি উঠিল।পঞ্চৰত্ন ঘাটত বাছৰপৰা নামি মুনুয়ে প্ৰথমে প’প এটাৰ সৈতে চাহ একাপ খাই লৈছিল ।  মাক মৰাৰ পিছৰেপৰা তাৰ খোৱা-বোৱাত খেলিমেলি হৈয়ে আছিল। তাতে আগদিনাৰেপৰা একোৱেই পেটত পৰা নাছিল। মুনুয়ে প্ৰথম  ব্ৰহ্মপুত্ৰখন দেখা পাই পুলকিত হৈ পৰিছিল। তাৰ দেহ-মনৰ ক্লান্তিয়েই নোহোৱা হৈ পৰিছিল।ব্ৰহ্মপুত্ৰ বাবাক সি হৃদয়ৰপৰা সেৱা জনাইছিল। নাৱেৰে পঞ্চৰত্ন ঘাটৰপৰা যোগীঘোপালৈ আহি থাকোঁতে শিশুৰ খেলা দেখি মুনুয়ে সৰু ল’ৰাৰ দৰে হাঁহিছিল। সেইদিনা বিয়লি সময়তহে কোকৰাঝাৰ জিলাৰ দতমা পাইছিল। চিকিৎসালয়ৰ কৰ্তৃপক্ষই মুনুক লেপ্ৰছী কলনীত থকাৰ ব্যৱস্থা কৰি দিয়ে। চিকিৎসাৰ লগতে ইয়াত থকাৰো সু-ব্যৱস্থা আছে।খাম্ফাৰ লগত তাক লগ লগাই দিয়া হ’ল। মুনুয়ে খাম্ফালৈ চাইছিল। তাৰ সমবয়সীয়াই হ’ব কিজানি। মানা কৰা স্বত্ত্বেও খাম্ফাই বেগটো মুনুৰ হাতৰপৰা কাঢ়ি  লৈছিল। হস্পিটেলৰ পিছফালৰ গেটেদি খাম্ফা আগবাঢ়িছিল। মুনুয়ে পিছ লৈছিল। শিলগুটি দিয়া ৰাস্তা, নিৰিবিলি আৰু নীৰব। মুনুৰ ভাল লাগি গৈছিল। নীৰৱতা ভংগ কৰি খাম্ফাই সুধিছিল, 

“তোৰ নাম কি ?” 

“মুনু ৰাভা।তোৰো বেয়া বেমাৰটা হৈছে নেকি ?” 

প্ৰথম চিনাকিতে খাম্ফাক আপোন লাগি গৈছিল মুনুৰ।

“ভৰিত হৈছিল। ছাৰে ভাল হৈছে বুলি  কৈছে।” 

খাম্ফাই কৈছিল। তেতিয়াহে সি মন কৰিছিল খাম্ফাই দুপিয়াই দুপিয়াই খোজ কাঢ়িছিল।

“পালোংহি ” বুলি  কৈ খাম্ফাই এটা ঘৰলৈ আগবাঢ়ি গৈছিল। মুনুয়ে চাৰিওফালে চাইছিল। ভালেমান পকী ঘৰ, লগতে এখন বাৰাণ্ডা।  সি খাম্ফাক অনুসৰণ কৰি ঘৰৰ ভিতৰ পালেগৈ।কোঠাটোত দুখন বিছনা। তাৰে এখনলৈ আঙুলিয়াই খাম্ফাই কৈছিল,

“তই  তাতে ঘুমাবি।এলা মুখ-হাত ধুই ল’। মই ভাতত লাগোং।”

কেইবা বছৰৰ পিছত এনেদৰে মানুহৰ মাজত থাকি মুনুৰ সপোন যেন লাগিছিল।সপোন আৰু দিঠকৰ মাজৰ এই বিস্ময়কৰ ক্ষণত সি চকুৰ পানী ৰখাব পৰা নাছিল। সোণকালেই খাম্ফাই তাক ভাত খাবলৈ মাতিছিল।তাৰ উখহা চকুহাললৈ সি কেৰাহিকৈ চাইছিল। সেইদিনা খাম্ফাই ভাতহে সিজাইছিল, তৰকাৰী আহিছিল স্বপ্না দিদিৰ পাগঘৰৰপৰা। সেই সাজ ভাতৰ সোৱাদ মুনুয়ে কেতিয়াও পাহৰিব নোৱাৰে।সেই তেতিয়াৰেপৰা মুনু লেপ্ৰছী কলনীৰ বাসিন্দা হৈ আছে। স্বপ্না দিদি, পায়েল কুমাৰী, কমলা গোৱালা, মহাদেৱ তাছা, ৰোহিনী ব্ৰহ্মকে ধৰি দুকুৰি মানেই মানুহ আছিল। মাছ, মাংস হ’লে স্বপ্না দিদিয়ে ৰান্ধিছিল।পায়েল, কমলাহঁতে লাচনি-পাচনি কৰি দিছিল। স্বপ্না দিদিয়ে বৰ জুতি লগাকৈ ৰান্ধিব জানিছিল।গাভৰু পায়েল স্বপ্না দিদিৰ লগত আছিল। বয়সে গৰকা স্বপ্না দিদি আছিল সকলোৰে গাৰ্জেন।

“আমৰা সবাই জানি, এই কুষ্ঠ ৰোগ পূৰ্ব জনমেৰ পাপৰ ফল।এখন আৰ কেও পাপ কৰ্ম কৰবে না। কেও খাৰাপ কথা, গালি- গালাজ, ঝাগৰা কৰবে না, বুজিছ।” 

স্বপ্না দিদিয়ে অনবৰতে সাৱধান কৰি থাকিছিল। নিজৰ আৰু লেপ্ৰছী কলনীৰ সকলো বাসিন্দাৰ মৃত্যুৰ পিছত আত্মাই যাতে চিৰ মুক্তি লাভ কৰিব পাৰে, তাৰ বাবে ঠাকুৰক পূজা-পাতল কৰিছিল। মালা জপ কৰিছিল, যাতে কাৰো পুনৰ জন্ম নহয়।

“এক বছৰৰ আগৰ কথাই মনত নাই, আগৰ জনমত কি পাপ কাম কৰিছিলুং, কেনেকৈ মনত থাকিব ?” 

মুনু, খাম্ফা, মহাদেৱ, অনিলহঁতে কথা পাতিছিল। মহাদেৱে একো চিন্তা নকৰিছিল। কেটেপা আৰু বাটলু গুটি লৈ অনবৰতে ব্যস্ত হৈ আছিল। চৰাই, কুকুৰা আদি মাৰিলে মুনুৰ বিৰাট খং উঠিছিল। কাজিয়া হয়। মনৰ দুখত খাম্ফাৰ লগত মদ খাবলৈ গৈছিল।তাৰ পিছত কাজিয়াখন ডাঙৰ হৈছিল।প্ৰায়ে স্বপ্না দিদিয়ে কাজিয়া ভাঙিব লগা হৈছিল।কেতিয়াবা নতুন কৈ অহা ডেকা ডাক্তৰ বৰ্মন ছাৰৰ ওচৰো পাইছিলগৈ।

কিন্তু সেই স্বপ্না দিদিৰে মৃত্যু হোৱাত শেষকৃত্য কৰিবলৈ কোনো আগবাঢ়ি নাহিল।বিভিন্ন অজুহাত উলিয়াইছিল।আচৰিত হৈছিল মুনু। 

“বেলেগ মানুহ নাহে, কিন্তু তহঁতি এনেকুৱা কৰিব নালাগে  না? আমি ত’ চবেই একেই বেমাৰী। আমিয়েই সৎকাৰ নকৰিলে কাই কৰিব ?” 

মুনুয়ে খঙতে সবকে গালি পাৰিছিল। পিছত বৰ্মন  ছাৰৰ ধমকি খাই খাম্ফা, মহাদেৱ, অনিলহঁতে খৰিৰ যোগাৰ কৰিছিল।মুনুয়ে অকলেই স্বপ্না দিদিৰ শৱ ঢাৰিয়ে মেৰিয়াই, ৰচিৰে বান্ধি শ্মশান লৈকে চোঁচৰাই নি, চিতাত তুলিছিল।এয়াই আৰম্ভ।স্বপ্না দিদি গুচি যোৱাৰ পিছত পায়েলো বেছি দিন নাথাকিল। তাৰ দুবছৰ মানৰ পিছত অনিলো গ’লগৈ। সকলোকে মুনুয়ে এনেকৈয়ে শ্মশানলৈ নিছিল।

মুনুয়ে ৰোৱা কৰদৈ, নুনী, শিলিখা, বগৰী, জামুক ,আমলখি আদি গছবোৰত ফল লাগিবলৈ ধৰিছে। বিভিন্ন ধৰণৰ চৰাই আহে এইবোৰ খাবলৈ। কৰদৈ পকিছে বুলি কেনেকৈ জানো টিয়া পক্ষীবোৰে গম পায়, ভাবি মুনু আচৰিত হৈ যায়।এইবোৰ  চৰাইকে বাটলু গুটি, ফৰ্মুটি মাৰিলে মুনুৰ বিৰাট খং উঠে। মহাদেৱৰ লগত কাজিয়া বাঢ়ি যোৱাৰ বাবে এদিন বৰ্মন ছাৰে মুনুক  তেওঁৰ ঘৰলৈ আহিবলৈ কৈছিল।সেয়াই আৰম্ভণি। ৰাতিপুৱাৰপৰা গধূলিলৈকে সি ছাৰৰ ঘৰতে থকা হ’ল। খোৱা-বোৱাও তাতে কৰে।ছাৰৰ যমজ ল’ৰা দুটাই থুপুক- থাপাককৈ চোতালত খেলিছিল। সি ৰখি থাকে। বাবা দুটাই খেলে বাবেই গোটেইবোৰ সাৰি মুছি সি চাফা কৰি ৰাখে। মুনুৰ চকুৰ আগতে বাবা দুটা ডাঙৰ হৈ কলেজ পালেগৈ।দূৰৰ কলেজলৈ গুচি যোৱা দিনা মুনুৰ ভাত খাবলৈ মন নগ’ল।খাম্ফাৰ লগত মদ খাবলৈ গ’ল।

দতমালৈ অহা কিমান বছৰ হ’ল মুনুৱে হিচাপ ৰখা নাই। পঞ্চৰত্ন ঘাটত  দলংখন হোৱাৰ পিছত বৰ্মন ছাৰে তাক কেইবাবাৰো সুধিছিল,

“দুধনৈলৈ যাবি নেকি? যাবলৈ মন গ’লে ক’বি, যোৱাৰ ব্যৱস্থা কৰি দিম।” নাযায় সি, মন নাই ।

       

মুনুৰ খোৱা-বোৱা আগতকৈ বহুত কমিল। মানুহটো খিং খিঙিয়াও হ’ল।মান-অভিমানো বাঢ়িল। তাৰ ভাত খোৱা সময়টো কুকুৰ আৰু কুকুৰা জাকে কেনেকৈ জানো গম পায়, আগতেই চোতালত হাজিৰ হৈ থাকে। তাৰে কোনোবা এটা নাহিলেও সি মাতি মাতি আনিব।নিজে খোৱাৰ আগতে সিহঁতক দিব। তাৰ পিছতহে নিজে খাব। আগতে নিজে পেট ভৰাই খাই, পিছত সিহঁতক দিবি বুলি ক’বলৈ সকলোৱে এৰিলে। মুনুক কৈ লাভ নাই। লাভ নাই মদ নেখাবি বুলি কৈ। আজিকালি কাৰো কথা নুশুনে সি।

খাম্ফাৰো গা ভাল নহয়। সি গোটেই মানুহটো ফুলিছে। খালেই বমি কৰে। ছাৰে তাক হস্পিটেলত ভৰ্তি কৰি দিলে।তাক আপদাল কৰিবলৈ কোনো নাই। মুনুৱে এতিয়া আগৰ দৰে নোৱাৰে।মাজতে মুনুৰো গা বেয়া হ’ল। তিনি সপ্তাহমান সি খাম্ফাক চাবলৈ যাব পৰা নাই। গাটো টঙালত এদিন চাবলৈ গ’ল।কোঠাটোত ভেনা মাখিৰে ভৰি আছিল। ওচৰলৈ গৈ দেখে, খাম্ফাৰ সমস্ত গাতে পোকে পিলপিলাই আছে।শৌচ, প্ৰস্ৰাৱেৰে সি লেটিপেটি হৈ আছিল। খাম্ফা মৰিল, কাৰো খবৰেই নাই ! 

কোৰখন শ্মশানত থৈ সি এটা জেগালৈ গ’ল। মদ নেখালে খাম্ফাক কেনেকৈ চুব? শক্তি লাগে। যোৱা কালিও তাক দেখাৰ পিছত মুনু চিধাই ইয়ালৈকে আহিছিল।খং-অভিমানত বহুত মদ খাইছিল।শক্তি পাবলৈ বা নিজৰ ওপৰত প্ৰতিশোধ ল’বলৈ মুনুয়ে কেৱল মদৰ আশ্ৰয় লয়।

আজি গাঁতটো খান্দিবলৈকে মুনুক এপৰ সময় লাগিল। তাৰ পিছত হস্পিটেললৈ বুলি খোজ ললে। হস্পিটেলত মুনুক দেখি সকলোৱে বৰ সকাহ পালে। চিষ্টাৰ এগৰাকীয়ে মাক্ম আৰু হেণ্ড গ্লোব এযোৰ মুনুক দিলে। সি চিৰ নিদ্ৰাত শুই থকা বন্ধুজনৰ ওচৰলৈ গ’ল।  ঢাৰিখনত খাম্ফাক ভালকৈ শুৱাই দি মেৰিয়াই ৰচিৰে ভালকৈ বান্ধি ল’লে।লাহে লাহে চোঁচৰাই নি গাঁতটোত পুতি পেলালে। মুনুৰ বৰ ভাগৰ লাগিল। খাম্ফাৰ মৰিশালিটোৰ ওপৰতে সি বহি পৰিল।

মুনুৰ আচৰণ বৰ্মন ছাৰৰ স্বাভাৱিক যেন লগা নাই।খাম্ফাৰ ডেড বডী দেখাৰেপৰা সি বেলেগ ধৰণৰ ব্যৱহাৰ কৰি আছে।তেওঁ বৰ চিন্তিত হৈ পৰিল।তেওঁ মুনুক বিচাৰি যাবলৈ ঠিক কৰিলে। ক’ত  থাকিব পাৰে? প্ৰথমে শ্মশানলৈকে বিচাৰি যাবলৈ সিদ্ধান্ত ললে। হয়, সি ইয়াতে আছে।খাম্ফাৰ মৰিশালিটোৰ ওপৰতে শুই আছে।

“মুনু, ঐ মুনু, ব’ল, ঘৰত শুবি ব’ল। জোৰ জোৰকৈ মাতি মাতি তেওঁ মুনুৰ ওচৰ পালেগৈ।

মুনু সঁচাকৈয়ে টোপনি গৈছিল। খকমককৈ টোপনিৰ পৰা সি উঠিল। মূৰটো  বিষাইছে নে ঘূৰাইছে সি ধৰিব পৰা নাই। দুয়ো হাতেৰে মূৰটো হেঁচি ধৰি কলে,

“ছাৰ, মোৰ নিচিনা ৩৫ জন বেমাৰী মানুহক মই একলাই সৎকাৰ কৰিলোং। মই আহিব নোৱাৰা বাবেই খাম্ফাৰ গাত পোকা লাগি গেল ! কাইও খবৰ নললে!!” অলপ সময় ৰৈ মুনুয়ে পুনৰ ক’লে,

“তই এলা যা। মই আছোং ইয়াতে অলপ দেৰি।”

“ব’ল, ঘৰলৈ ব’ল এতিয়া। ফাল্টু কথা নকবি।”  

বৰ্মন ছাৰে শাসনৰ সুৰত ক’ব খুজিছিল যদিও কাকুতি কৰা নিচিনা হে শুনা গ’ল।

*******

3 Comments

  • If you love the classic mines style then you will fall in love with how polished this version is. The sound effects and animations make every round feel exciting without being overwhelming. I have been playing with friends and we keep coming back for more. Start playing at juegomines

    Reply
  • This place actually delivers what they promise. Fair RNG results, quick deposits, and the live dealer section feels just like being in a real casino. pklucky79

    Reply
  • Found my go to spot for weekend gaming and the bonus structure here is incredibly generous. I especially love how the support team responds in a friendly and quick manner when I have questions about my balance. The slot tournaments keep things exciting and the payouts are always on time. bonoclub

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *