অণুগল্প-মৃদুস্মিতা ফুকন

(১)অস্তাচলৰ ৰবি

মানুহজনক  হস্পিতালত থোৱাৰে পৰা তাইৰো ঘৰৰ ভিতৰত থাকিবৰ মন নোযোৱা হৈছে। সুৰুঙা পালেই  তাই গৈ নদীৰ পাৰ পায়গৈ।  নদীখনৰ সৈতে তাই হিয়া উজাৰি কথা পাতে….নদীৰ পাৰতে বহি তাই জীৱনৰ সেন্দূৰীয়া আলিটোৰে ল’ৰি – ঢাপৰি ফুৰে।

তাইৰ কপালৰ দগমগীয়া সেন্দুৰৰ ফোঁটটোৰ দৰেই তেজগোৰা বেলিটোৱে হেঙুলি বৰণ চটিয়াই ক্ৰমান্বয়ে দিগন্তৰ ফাললৈ গতি কৰিছে।

হঠাতে তাইৰ হাতৰ মুঠিত থকা ফোনটো বাজি উঠিল।

বেলিটো দিগন্তত বিলীন হৈ গ’ল।

(২)আবেলি

এসময়ত মাহেকৰ মূৰে মূৰে বিশেষ কেইটামান দিনত ৰেৱতীৰ তলপেটটো বিষাইছিল।

এতিয়া ‘অস্তৰাগ’ত থাকিবলৈ লোৱাৰপৰা তাইৰ অনবৰতে বুকুখন বিষাই থাকে।

*******

One comment

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *