অসমীয়া আৰু কিছু চিন্তা=কুশল মহন্ত

আমাৰ চোতালত অতি আদৰৰ ৰঙালী বিহু।এটা নতুন অসমীয়া বছৰ।চ'তৰ দোমাহীৰপৰা আৰম্ভ কৰি গোটেই ব'হাগ মাহৰ উপৰিও  জেঠ মাহৰ শেষলৈকে বিহুৰ নামত বিভিন্ন অনুষ্ঠান পাতি আনন্দ উল্লাস কৰি নাচি-বাগি থকাৰ যি অপসংস্কৃতি গঢ়ি উঠিছে,সেইটো আমাৰ বাবে ভাল লক্ষণ নহয়। এই কাৰ্য্যই যে আমাৰ জাতিটোৰ মান- সন্মান,গৌৰৱ ভৱিষ্যত, অন্ধকাৰৰ গৰাহলৈ ঠেলি দিছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁনে?বিহুৰ নামত ঘৰৰ কপৌফুল জোপাও যে বহিৰাগতসকলৰ কাৰণে ব্যৱসায় হৈ পৰিছে,আমি ভাবি চাইছোঁনে?অসমীয়া গহনা আৰু গামোচাৰ নামত শ শ কোটি টকা বহিঃৰাজ্যই লৈ যোৱাৰ  আমি খবৰ ৰখা নাই বা নাৰাখোঁ।আমি মাত্ৰ গ্ৰাহকহে হৈছোঁ। নিজে উৎপাদন কৰি বিক্ৰেতা হ'ব পৰা নাই। আজিৰ দিনত কোনো এটা জাতি আগুৱাই যাবলৈ হ'লে তেওঁলোকৰ অৰ্থনৈতিক ভেটি সুদৃঢ় হ'ব লাগিব। তাৰ পৰিবৰ্ত্তে আমি নিজৰ সাতামপুৰুষীয়া মাটি ভেটি বহিৰাগতক  বিক্ৰী কৰি আমাৰ মাটিতেই বহিৰাগত মালিকৰ অধীনত দিন মজুৰী কৰি দৰিদ্ৰ হৈ পৰিছোঁ।

অৱশ্যে, ক'ভিড মহামাৰীৰ পিছত বহিঃৰাজ্যত কাম কৰি স্বগৃহলৈ ঘূৰি অহা কিছু সংখ্যক যুৱক-যুৱতীয়ে সৰু-সুৰাকৈ হ'লেও বিভিন্ন ক্ষেত্ৰত  নিজকে কৰ্মসংস্থাপিত কৰি উপাৰ্জনৰ বাট মুকলি কৰিছে। কিন্তু সেইটোৱেই পৰ্যাপ্ত নহয়।আমাক এতিয়া প্ৰয়োজন এটা অৰ্থনৈতিক বিপ্লৱৰ যাতে  সকলোৱে আৰ্থিকভাৱে সবল হ'ব পাৰোঁ।ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনি লৈছে কিন্তু সেই আঁচনিবোৰ সমাজৰ সকলো স্তৰত সঠিকভাৱে ৰূপায়ণ হোৱা নাই। কোনোবাই সেই আঁচনিৰ  পৰা লাভ পালেও তেখেতে আঁচনিৰ অধিকাংশ ব্যয় উৎপাদনশীলতাত নকৰি ব্যক্তিগত আমোদ-প্ৰমোদত ব্যয় কৰিছে।ফলত তেখেতৰ উৎপাদনশীলতা হ্ৰাস পাইছে আৰু আঁচনিৰ সুফল পোৱা নাই। 

মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বা  বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে আগবঢ়োৱা ঋণৰ ৮০% মহিলাই নিজৰ চখ  পূৰণৰ সামগ্ৰী ক্ৰয় কৰি অপব্যৱহাৰ কৰে;যেনে ধৰক ঋণৰ টকাৰে তেওঁলোকে এটা দামী ম'বাইল,ঘৰৰ বাবে ফ্ৰীজ,টিভি,আলমাৰি ইত্যাদি ইত্যাদি ক্ৰয় কৰে।তেওঁলোকে যদি সেই ২০-৩০হাজাৰ টকা ঋণ লৈ ঋণৰ অধিকাংশ তেনে সামগ্ৰীসমূহ ক্ৰয় কৰাত ব্যয় কৰে,তেন্তে ব্যৱসায় বা কৃষি কৰ্ম কেনেকৈ কৰিব?ফলত সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰি বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওচৰত ধৰুৱা হৈ পৰে।ইয়াৰ ফকত যিখিনি সম্পত্তি থাকে সেইখিনি বন্ধকত থৈ বা বিক্ৰী কৰি ঋণ পৰিশোধ কৰিব লগা হয়।কিন্তু আন জাতিৰ ক্ষেত্ৰত সেই মানসিকতা নাই বা আমাতকৈ বহুলাংশে কম। সেই মানসিকতা আমাৰ এৰিবৰ হ'ল।আমি প্ৰথমতে , অৰ্থনৈতিকভাৱে সবল হৈ হে চখ পূৰণৰ সামগ্ৰীবোৰ ক্ৰয় কৰা উচিত।

আমাৰ অসমীয়া সমাজৰ  কিছুসংখ্যক লোকৰ মাজত এটা বেয়ালগা স্বভাৱ গঢ়ি উঠিছে।সেয়া হৈছে নিজৰ মাতৃভাষাৰ প্ৰতি অনীহা প্ৰকাশ কৰা।অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পাইছে যদিও আমাৰ মাজৰ অধিকাংশই ভাষাটো কোৱা আৰু লিখাৰ ক্ষেত্ৰত গুৰুত্ব নিদিওঁ বা আগ্ৰহ প্ৰকাশ নকৰোঁ বা ভাষাটোক উচিত সন্মান  নিদিওঁ।বহিঃৰাজ্যৰ বা বিদেশী এজনৰ লগত আমাৰ মতৰ বিনিময় কৰিবলৈ হ'লে তেখেতে আমাৰ ভাষাটো জানিলেও তেখেতৰ লগত আমাৰ ভাষাটোৰে কথোপকথন আৰম্ভ নকৰোঁ।তাৰ পৰিবৰ্ত্তে আমি অশুদ্ধ হিন্দী বা ইংৰাজীৰে কথা -বাৰ্তা আৰম্ভ কৰোঁ।আমি নিজৰ ভাষাটোক লৈ গৌৰৱ অনুভৱ নকৰি সেই আনৰ ভাষাটোত কথা-বতৰা পাতিহে গৌৰৱ অনুভৱ কৰোঁ ।  বহুতো অভিভাৱকে  নিজৰ সন্তানক ইংৰাজী বা হিন্দী বিদ্যালয়ত পঢ়ুৱাই আনৰ আগত মোৰ সন্তানে অসমীয়া পঢ়িব -লিখিব নাজানে বুলিহে গৌৰৱ কৰে ।সেইটো আমাৰ কাৰণে ভাল লক্ষণ নহয়।এই মানসিকতা আমি এৰিব লাগিব। মাতৃভাষাটো আমাৰ বাবে সম্পদ।যদি এই সম্পদক মূল্য নিদিওঁ,সন্মান নকৰোঁ,তেন্তে ভাষাটোৱে স্বকীয়তা হেৰুৱাব আৰু ফলত আমি আনৰ গোলাম হ'ব লাগিব।এই কথাটো,আমি ফৰাচী লেখক Alphonse Daudet ৰ The Last Lesson পাঠটো পঢ়িলে মৰ্মে মৰ্মে উপলব্ধি কৰিম।ব্ৰিটিছে ভাৰতক স্বাধীনতা দিয়াৰ পিছত এষাৰ কথা কৈ গৈছিল.......

'আমি তোমালোকক স্বাধীনতা দিলেও এচাম ভাৰতীক আমাৰ কৃষ্টি -সংস্কৃতি আৰু ভাষাৰ গোলাম চিৰদিনলৈ কৰিলোঁ।' 

হয়,এতিয়া আমি ইংৰাজী ভাষা দৈনন্দিন কাৰ্য্যত ব্যৱহাৰ কৰি সঁচাই চিৰদিনলৈ ইংৰাজী ভাষাৰ গোলাম হৈ পৰিছোঁ।আহকচোন,আমি আমাৰ অসমীয়া ভাষাটো  আনৰ আগত গৌৰৱেৰে,বিশুদ্ধ ৰূপত  দৈনন্দিন ব্যৱহাৰ কৰি,মাতৃভাষাৰে মত বিনিময় কৰি ভাষাটোৰ স্বকীয়তা, মৰ্যাদা আৰু গৌৰৱ অক্ষুন্ন ৰাখোঁ।

আমাৰ অসমৰ এতিয়া জলন্ত সমস্যা হৈছে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি।অসমত মদ,ভাং ,গুটখা,চিগাৰেট বাদ দি, অকল ড্ৰাগছ আসক্ত ব্যক্তিৰ সংখ্যা জানিলে আপোনালোকৰ চকু কপালত উঠিব।The Times Of India কাকতৰ এটা ৰিপ'ৰ্ট অনুসৰি অসমৰ প্ৰায় তিনি লাখ লোক ড্ৰাগছ আসক্ত যিটো অসমৰ মুঠ জনসংখ্যাৰ ১০%। এইটো আমাৰ বাবে অতি উদ্বেগপূৰ্ণ তথ্য।অকল গুৱাহাটীতেই এনে ড্ৰাগচ্ আসক্ত লোকৰ সংখ্যা সত্তৰ হাজাৰ।বাকী নগাঁও,ধুবুৰী,গোৱালপাৰা,বৰপেটা আদিকে মুখ্য কৰি কম-বেছি পৰিমাণে অসমৰ আটাইবোৰ জিলাতে ড্ৰাগছ আসক্তৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে লগতে বাঢ়িছে অপৰাধপ্ৰৱণতা। চুৰি, ডকাইতি,হত্যা লুণ্ঠনৰপৰা আদি কৰি ঘৰুৱা হিংসালৈকে সকলোৰে মূল কাৰণ হৈছে ড্ৰাগছ আসক্তি। অসমীয়া জাতীয় সত্বাৰ এনে কি নাছিল বা নাই যে আমি আমাৰ যুৱ প্ৰজন্মক এই মৃত্যুৰূপী  ড্ৰাগছৰ কবলত পৰা দেখিব লগীয়া হৈছে।সৌ সিদিনা আমাৰ তেজপুৰত হোলীৰ অনুষ্ঠানত উচ্ছৃংখল নৃত্য প্ৰদৰ্শন কৰি অৱশেষত পুৰুষ মহিলাৰ অন্তৰ্বাসকে ধৰি চিৰিঞ্জো পৰি থকা পৰিলক্ষিত হ'ল।এইবোৰ সংস্কৃতিৰ নামত কিহৰ অপসংস্কৃতি? আমাৰ যুৱ প্ৰজন্মৰ এনে অৱক্ষয়ৰ আঁৰত কোন? আমাৰ চকুৰ আগতেই যে এনেকৈ ড্ৰাগছৰ কবলত পৰি যুৱ প্ৰজন্মৰ একাংশ নিঃশেষ হ'ব ধৰিছে আমি অনুভৱ কৰিছোঁনে?আমাৰ অসমীয়া জাতিটোক ইংৰাজে কানি খুৱাই অকৰ্মণ্য কৰাৰ দৰেই জাতিটোক শাৰীৰিক আৰু মানসিকভাৱে পংগু কৰাৰ এয়া কাৰোবাৰ কুচক্ৰান্ত নেকি? যাতে আমি নিজস্ব চিন্তা শক্তিৰে অন্য জাতিৰ আগত মূৰ দাঙি থিয় দিব নোৱাৰোঁ? সময় থাকোঁতেই কথাবোৰ ভাবিবৰ হ'ল। আমাৰ মাজৰ সমস্যাবোৰ সিহঁতৰ,তাৰ,তাইৰ বুলি ভাগ বতৰা নকৰি আমাৰ বা মোৰ বুলি ধৰি লৈ একেলগে সকলোৱে সমাধানসূত্ৰ বিচাৰিবলৈ যত্নপৰ হ'বৰ হ'ল।নহ'লে এইদৰেই আনে আমাৰ অসমীয়া জাতিটোৰ কঁকালত কোবাই হাড় ভাঙি উঠিব নোৱাৰা কৰিব।

আহকচোন, আমি সকলোৱে জাতি-জনগোষ্ঠীৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীৰ বান্ধোন নিকপকপীয়া কৰি সমাজৰ এই দুষ্ট শক্তিবোৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওঁ  লগতে নিজস্ব ভাষা-সংস্কৃতিৰ,জাতীয় চেতনাৰে সুস্থ সবল আৰু অৰ্থনৈতিকভাৱে উন্নত এখন অসমীয়া সমাজ গঢ় দিওঁ।

শব্দচিত্ৰ__জীৱন জিজ্ঞাসা

চতুৰ্থ বৰ্ষ,দ্বিতীয় সংখ্যা

*******

4 Comments

  • সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয়।

    Reply
  • Mainu Mahanta Hazarika

    সুন্দৰ সম্পাদকীয়

    Reply
    • কুশল মহন্ত।

      আন্তৰিক ধন্যবাদ।😊🙏

      Reply
  • দেবজিত শৰ্মা

    সুন্দৰ সম্পাদকীয়

    Reply

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *