আকৰ্ষণ -ঋতুপৰ্ণা দত্ত

“তোক নাপালে মই মৰি যাম।” 

তাই মোক কাকুতি কৰি ক’লে।

কিন্তু…তাই কোৱা কথাবোৰক গুৰুত্ব দিব লগা কথা বুলি মনে নকʼলে।ইমান দূৰ সম্পৰ্কটোত আগবাঢ়ি গৈয়ো মই বেলেগ এটা বাট ল’বলৈ কুন্ঠাবোধ নকৰিলোঁ।

নতুন চহৰ,নতুন কলেজ আৰু নতুন আৱেগক জীৱনত প্ৰাধান্য দিয়াটোকে প্ৰয়োজনীয় যেন লাগিল।মই ন আৱেশত ডুব গʼলোঁ।সেই আৱেশৰ নাম আছিল…মৃদু।

ঘৰলৈ মাত্ৰ বন্ধবোৰত যাওঁ।তাইৰ লগত মুখামুখি হোৱাৰ আশংকাত গাঁও ফুৰিবলৈ নাযাওঁ।মোৰ লগত প্ৰেম প্ৰেম খেলি সময় নষ্ট কৰি কোনোমতে চুচৰি বাগৰি মেট্ৰিক পাছ কৰা শেৱালীক মই জোৰ কৰি মন মগজুৰপৰা বাজ কৰি দিলোঁ।তাৰ ঠাই মৃদুৱে পলকতে দখল কৰি ল’লে।

এনেকৈ তিনি বছৰ বুদ্ধি কৰি পাৰ কৰি দিলোঁ।তাৰ মাজতে শেৱালীৰ শ টো দিখৌৰপৰা উদ্ধাৰ কৰা খবৰটো আন খবৰৰ লগতে সামৰি থʼলোঁ।সেইদিনাৰপৰা অস্বাভাৱিক ধৰণে মই কিবা পাতল পাতল পালোঁ গাটো।ৰক্ষা….!!

এদিন পিঠাগুড়ি চলা বৰষুণ অকণ মূৰত লৈ বাইকেৰে ঘৰলৈ আহি আছোঁ।কাণিমুণি আধা ছাঁ,আধা পোহৰৰ মাজেৰে হাতত বেগ এটা লৈ এয়া মোৰ সন্মুখত দেখোন মৃদু!জোৰেৰে ব্ৰেক মাৰি বাইক ৰখালোঁ।

মই সোধাৰ আগতেই তাই মুখ খুলিলে সেই অলপ আগতে দলংখন পাৰ হৈয়েই তাইৰ মাহীয়েকৰ ঘৰ।

তাইক পিছত বহাই লৈ মোৰ মনটো ৰোমান্টিক হৈ পৰিল।বতৰটোৱে যেন ৰোমাঞ্চ দুগুণে বঢ়াই দিছে।

কিন্তু হঠাত নৈখনৰ দলং পোৱা আগত নাকত গেলা গেলা গোন্ধ এটা লাগিলহি।কিবা যেন মৰি পচি আছে ঠিক তেনেকুৱা এটা গোন্ধ।

মৃদুৰ হাত এখনে মোক মেৰাই ধৰিছে কঁকালত।হয়তো তায়ো মোৰ সান্নিধ্যত ৰোমাঞ্চিত হৈ পৰিছে।

মোৰ গাল মুখ উত্তেজনাত গৰম হৈ পৰিছে।তাইৰ হাতখন মই এখন হাতেৰে চুই চাই সঁহাৰি দিবলৈ বিচাৰিলোঁ।

কিন্তু… মোৰ হাতত লুপথুপীয়া কুমজেলেকুৱা লগাৰ দৰে কিবা এসোপাহে লাগি আহিল।বাইকৰ গ্লাচ খনত পিছলৈ চাই মোৰ গা চেঁচা হৈ পৰিল।মই নৈৰ মাজ পাওঁতে চকুহাল মুদি দিলোঁ…..

পিছদিনা খবৰ ওলাল জাঁজী নৈত বাইকৰ সৈতে পৰি এজন ল’ৰাৰ মৃত্যু হৈছে।

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *