কিৰণ-নন্দিতা ঠাকুৰীয়া

শুধ বগা চেলোৱাৰ কামিজযোৰ পৰিধান কৰিলে স্বপ্নাই। মূৰটো আঁচুৰি সৰুকৈ খোপা এটাও বান্ধিলে। পাউদাৰ লাগি ধোঁৱা বৰণীয়া হৈ যোৱা ফোঁটটো সলাই নতুন ফোঁট এটা লগাই ল’লে কপালৰ সোঁমাজতে থকা মাহটোৰ ঠিক তলতে।সামান্য লিপষ্টিক অকণ ওঁঠত বুলাই তাই যাবলৈ সাজু হ’ল পঁচিশ কিলোমিটাৰ আঁতৰৰ টাউনৰ নিজৰ কৰ্মক্ষেত্ৰ চিভিল হাস্পতালখনলৈ বুলি। বৃত্তিত এগৰাকী নাৰ্চ হিচাপে সুদক্ষ তাই। এদিনতে দক্ষতা অৰ্জন নহয় সেয়া। দহ বছৰৰ অভিজ্ঞতাই  বহুত শিকালে তাইক। হাত দুখন হৈ পৰিল নিপুণ। ৰুগীয়াজনৰ  তাইৰ পৰশ পালেই বেমাৰ বহুখিনি উপশম হয়। 

স্বপ্নাৰ হাতত হাত থৈ জীৱন অতিবাহিত কৰিবলৈ আগবাঢ়ি অহা বিষয় শিক্ষক আনন্দ বৰা নিজৰ পিতৃ-মাতৃৰ লগত ছোৱালী চাবলৈ আহি তাইক পছন্দ কৰি বিয়াৰ দিনেই ঠিক কৰি পেলালে। মাক-দেউতাকৰ গোত্ৰ ছিঙি তাই আনন্দৰ পৰিয়ালৰ সদস্য হৈ পৰিল। মানুহজনৰ হৃদয়ৰ ৰাণী স্বপ্না শাহু-শহুৰৰ বাবেও হৈ পৰিল নয়নৰ মণি। বোৱাৰী এগৰাকীৰ সকলো দায়িত্ব মূৰ পাতি ল’লে তাই। তাইৰ আদৰ যত্নত ঘৰৰ সকলো সুখী হয়। আগৰ দৰেই স্বপ্না ডিউটিলৈ যায়। ন-কইনা স্বপ্নাৰ ‌ৰাতিপুৱাৰ ডিউটি শেষ হোৱাৰ সময়ত মনটো সৰু ছোৱালীজনীৰ দৰে প্ৰফুল্লিত হৈ থাকে। ইয়াৰ কাৰণটো হৈছে একেখন টাউনতে চাকৰি কৰা আনন্দৰ লগত দুপৰীয়া অকলশৰীয়াকৈ ঘৰলৈ এইকণ বাট উভতি অহা। মৃদুভাষী স্বপ্নাজনীৰ আকৌ হাস্পতালত সময় সাপেক্ষে মাতটো কেতিয়াবা কঠুৱা হৈ পৰে। আচলতে পৰিস্থিতিয়ে তাইক বাধ্য কৰায়।অজস্ৰ ভিৰ ঠেলি আগুৱাই অহা শিষ্টাচাৰ নজনা পুৰুষ-মহিলা কেইজনমানক হুটা মাতেৰে দমন কৰে তাই।উপায় নোহোৱা হয় তাইৰ। প্ৰতি মাহৰ এটা সপ্তাহ আনন্দই আকৌ বিছনাত ইকাতি-সিকাতি কৰি উজাগৰী নিশা কটাই দিয়ে। সাদৰী পত্নী তেতিয়া ৰুগীয়া সকলৰ শুশ্ৰুষাত ব্যস্ত থাকে।

 

লাহে লাহে শাহুৰ মনত নাতি এটাৰ প্ৰতি হেঁপাহ জাগি উঠে ।পুত্ৰ-বোৱাৰীক খোলাখুলিকৈ সংসাৰ বঢ়াবলৈ কয়।হওঁতে দুয়ো কথাটো নভবা নহয়। বিয়া হোৱাৰ এটা বছৰ উকলি গৈছে। কণমানি এটাৰ  কলৰৱ দুয়ো শুনিবলৈ বিচাৰে। চেষ্টা আৰম্ভ কৰি দিলে। পাঁচমাহৰ মৰমৰ আদান-প্ৰদানৰ পিছত ঘৰখনলৈ আকাংক্ষিত খবৰটো আহিল। স্বপ্না মাক হ’বলৈ ওলাইছে।স্বাভাৱিকতে দুয়োটা পৰিয়ালৰ মনত উলাহে নধৰা হ’ল।এইটো কৰিবা, সেইটো নাখাবা ঢেৰ মৰমৰ উপদেশ শাহুৱেক দীপা বৰাৰ। এনেকৈয়ে দিন বাগৰে।তিনিমাহ হ’ল পেটৰ সন্তানটিৰ।তাইৰ সুখকণ যেন অদৃশ্যজনে সহিব নোৱাৰিলে। কাঢ়ি লৈ গ’ল একলা-দুকলাকৈ বাঢ়ি অহা ভ্ৰূণটো।সন্ধিয়া চাকিগছি জ্বলাবলৈ স্বপ্নাই ভৰি ধুবলৈ গ’ল গোসাই ঘৰৰ পিছফালে থকা টেপটোৰ ওচৰলৈ । পলকতে ঘটি গ’ল ঘটনাটো। ভৰি পিছলি হামখুৰি খাই পৰি গ’ল তাই। তেজৰ ডোঙাৰ লগত উটি গ’ল স্বপ্নাৰ সপোনৰ কলিটো। শোকে দুখে জৰ্জৰিত হৈ পৰিল আটাইকেইজন। তথাপিও বিধাতাৰ লিখন বুলি মানি পুনৰ নতুন উদ্যমেৰে আটাইকেইটা প্ৰাণীয়ে কামত মনোযোগ দিবলৈ ধৰে।

সকলো ওলাই যোৱাৰ পিছত শাহুৱেকৰ মনটো উৰুঙা লাগি থাকে।নামঘৰৰ মহিলা কেইগৰাকী মানে তেখেতক আশ্বাস দিয়ে। ভগৱানে কৰিলে অতি সোনকালেই তেওঁ আইতাক হ’ব বুলি তিনিকুৰি অতিক্ৰম কৰা মানুহগৰাকীৰ মনটোক পতিয়ন নিয়াব খোজে  সহানুভূতি দেখুওৱা মহিলাসকলে।

সুখৰ পোহৰ আকৌ আহিল পৰিয়ালটিলৈ। শৰৎ কালৰ আগমনে সকলোৰে মনলৈ শেৱালী ফুলৰ সুবাস কঢ়িয়াই আনিছে।শাৰদী ৰাণীয়ে দুৰ্গোৎসৱৰ বতৰা দিছে।বৰা পৰিয়ালটোত সুখৰ বন্যা বৈছে। স্বপ্না পুনৰ মাতৃ হ’বলৈ ওলাইছে। সকলোৰে মনবোৰ ৰঙীণ হৈ পৰিল। পিছে দাতাই দিলেও বিধাতাই নিদিয়ে। তিনিমাহ উকলি চাৰি মাহত সোমাওঁতে হঠাতে এদিন স্বপ্নাৰ তীব্ৰ পেটৰ বিষ উঠিল। বিষৰ লগতে শৰীৰৰ নিম্নাংশৰপৰা হোলোকা হোলোকে তেজ ব’বলৈ ধৰিলে।পলম নকৰি গাঁৱৰে স্বাস্থ্য কেন্দ্ৰটোলৈ স্বপ্নাক লৈ যোৱা হ’ল। ৰেখা বাইদেউৰ তৎপৰতাত অতি সোনকালেই স্বপ্নাৰ পেটৰ পৰা মৃত শিশুটি বাহিৰ কৰি উলিওৱা হ’ল। গৰ্ভপাত হ’ল স্বপ্নাৰ। অকস্মাতে হোৱা ঘটনাটোত বৰা আৰু বৰানী স্তব্ধ হৈ পৰে। 

আনন্দই স্বপ্নাক তাই চাকৰি কৰা চিভিল হাস্পতালখনৰ প্ৰসূতিবিভাগৰ চিকিৎসক জুৰি বাইদেউৰ ওচৰলৈকে লৈ গ’ল।জুৰি বাইদেৱে কৰিব দিয়া আটাইবোৰ পৰীক্ষাই কৰালে স্বপ্নাই।‌ ৰিপোৰ্টৰ মতে স্বপ্নাৰ গৰ্ভাশয়খন সন্তান ধৰি ৰাখিবৰ বাবে সক্ষম নহয়। হাতুৰী এটাৰে যেন কোনোবাই স্বপ্না আৰু আনন্দৰ মূৰত প্ৰচণ্ড জোৰে আঘাতহে কৰিলে। মাত-বোল বন্ধ হৈ পৰিল। বাইদেউগৰাকীক কোনোমতে মাত লগাই দুয়ো ঘৰ পালেহি। পুতেক বোৱাৰীয়েকৰ শুকাই যোৱা মুখ দেখিয়ে মাকে খবৰ আশানুৰূপ নহয় বুলি অনুমান কৰি ল’লে। বহু সময় কোঠাত সোমাই থকা স্বপ্না আৰু আনন্দক মাকে মাতি আনি কিবা অকণ খাবলৈ দিয়ে। স্বপ্নাই বাচন ধুবলৈ যাওঁতে মাকক সকলো কথা খুলি ক’লে আনন্দই। পুতেকৰ কান্ধত আশ্বাস ভৰা হাত এখন ৰাখে মাকে। পুতেক বোৱাৰীয়েকক সন্তান এটা তুলি ল’বলৈকে তেখেতে পৰামৰ্শ দিয়ে। শাহুৱেকৰ নাতি পোৱালিৰ মুখ দেখাৰ হাবিয়াসকণ পূৰণ কৰিব নোৱাৰাত স্বপ্না ভিতৰি মানসিক অশান্তিত ভোগে। আত্মীয় কুটুম্বৰ নাতি-নাতিনীৰ লগত শাহুৱেকে ৰং-তামাচা কৰা দেখিলে স্বপ্নাৰ বুকুখন গধুৰ হৈ উঠে।তাই শাহুমাৰ চকুত চকু থ’ব নোৱাৰা হয়। শাহুৱেকৰপৰা আঁতৰি অন্য কামত ধৰেগৈ তাই।

             

আইনাৰ সমুখত থিয় হৈ এৰি অহা দিনবোৰৰ ছবিবোৰকে আকৌ এবাৰ দেখা যেন অনুভৱ কৰিলে স্বপ্নাই। ভাবত যতি পেলালে মোবাইল ফোনটোৱে। একমাত্ৰ ভায়েকে বায়েকৰ খবৰ লবলৈ ফোন কৰিলে। দুই মিনিট কথা পাতি স্বপ্নাই ফোন ৰাখিলে। কান্ধত বেগখন লৈ শাহু-শহুৰক মাত লগাই তাই কৰ্মক্ষেত্ৰ লৈ ওলাই গ’ল।

বাছৰপৰা  নামি এক কিলোমিটাৰ পথ টেম্পোৰে আহি স্বপ্নাই ভাড়া দি গন্তব্যস্থানৈ খোজেৰে যাত্ৰা কৰিলে। ৰাস্তা পাৰ হ’বলৈ লওঁতে পৌৰ নিগমৰ ডাষ্টবিনটোৰ ওচৰতে মানুহৰ জুমৰ মাজতে কেঁচুৱাই কন্দা শুনি তাই তালৈকে লৰি গ’ল। মতা মানুহ এজনে এদিন নাইবা দুদিন আগতে জন্ম হোৱা কেঁচুৱা এটা কোঁচত লৈ কাৰোবাক গালি পাৰি আছে। স্বপ্নাই মানুহজনৰ কোঁচৰপৰা অকণমানিটো নিজৰ কোলাত লয়। মানুহবোৰক ঘৰাঘৰি যাবলৈ দি তাই শিশুটিক লৈ হাস্পতাল পায়হি। সহকৰ্মী ৰুমি আৰু জোৎস্নাক সকলো কথা খুলি ক’লে। স্বপ্নাই কোমল কপাহেৰে শিশুটিৰ গোটেই গাটো পৰিষ্কাৰ কৰি দিলে । কাৰোবাৰ অপকৰ্ম তথা বোজা বুলি ভবা কণমানি কন্যা শিশুটিক হাস্পতালত ধুই থোৱা বগা পৰিষ্কাৰ কাপোৰ এখনৰে মেৰিয়াই  ফাৰ্মাচিৰ পৰা নতুন গাখীৰৰ বটলৰ লগতে পাউদাৰ গাখীৰ আনি কণমানিটোৰ ওঁঠত লগাই দিয়ে। পিয়াহ লাগি আছিল নেকি……গাখীৰকণ খাই কণমানিজনীয়ে স্বপ্নাৰ সোঁহাতৰ কেঞা আঙুলিটো ধৰি টোপনি যায়। 

শিশুটিলৈ স্বপ্নাৰ এক বুজাব নোৱাৰা মৰম সোমাই পৰে। তাইৰ মমতা জাগি উঠে। বুকুত নতুন সপোনে এটিয়ে পোখা মেলিবলৈ আৰম্ভ কৰিলে।‌ছোৱালীজনীক স্বপ্নাই নিজৰ নাম দিবলৈ মনস্থ কৰে। কথাটো মনলৈ অহাৰ লগে লগে তাইৰ মুখত এক উজ্জ্বল জ্যোতি বিয়পি পৰিল। জয়া বাইদেউ সহ অন্য সহকৰ্মীসকলকো সিদ্ধান্তটো জনালে।স্বপ্নাৰ সিদ্ধান্তক সকলোৱে আনন্দেৰে সমৰ্থন জনায়। স্বপ্নাই তাইৰ জীৱনলৈ আশাৰ কিৰণ লৈ অহা দেৱশিশুটোক আপোন কৰিবলৈ লোৱা বতৰাটো আনন্দক জনালে।  আনন্দৰ  ফূৰ্তিতে এক আবেগ মিহলি কণ্ঠ……. 

“মই এতিয়াই গৈ আছোঁ।” 

শাহুৱেকৰ নম্বৰ ডায়েল কৰি তেওঁলৈও সুখৰ বাৰ্তাটো প্ৰেৰণ কৰিলে।

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *