পুৰুষৰ কান্দোন-হৰগোবিন্দ দাস

পুৰুষে এনেদৰে ইনাই-বিনাই কন্দা দৃশ্য মিনাক্ষীয়ে জীৱনত কেতিয়াও দেখা নাছিল।তাইৰ তেওঁৰ প্ৰতি দয়া উপজিল।মানুহজনৰ গায়ে মূৰে হাত ফুৰাই শান্ত্বনা দি ভিতৰলৈ আনিম বুলি এটি খোজ আগবঢ়াই তাই থিতাতে থমকিল।পৰপুৰুষৰ প্ৰতি এনে অনুকম্পা  তাইৰ স্বামীয়ে বা কেনে ভাবে লয়!তাই মহা সমস্যাত পৰিল।

মানুহজনৰ ছবছৰীয়া ছোৱালীজনী আৰু আঠ বছৰীয়া ল’ৰাটো এতিয়াও স্কুলৰপৰা পোৱাহি নাই। সিহঁত আহি পোৱাৰ পিছত বা আকৌ কেনে পৰিস্থিতি হয়!কথাখিনি ভাবি মিনাক্ষীৰ হৃদয়ত কঁপনি উঠিল ৷

সেই মুহূৰ্তত চোতালত কিছু মানুহ গোটখাইছিলহি   যদিও তাই কাকো মাত-বোল নকৰি নিজৰ স্বামী, সন্তানক নিঠৰুৱা কৰি পৰপুৰুষৰ লগত সংসাৰ কৰিবলৈ পলাই যোৱা মোহিনীক পাৰেমানে শাওশপনি দি ব্যথিত হৃদয়ৰে মিনাক্ষীয়ে ঘৰলৈ বুলি খোজ ল’লে।

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *