ফেঁহুজালি-চন্দামিতা শৰ্মা
মাজে সময়ে কোনো বিশেষ উদ্দেশ্য বা বিশেষ কাৰণ নোহোৱাকৈও অচিন অজানা বনপথ এটাৰে আগবাঢ়ি গৈ থাকিব পাৰি।আজি পিছে কথাটো ঠিক তেনেকুৱা নহয়।মোৰ মগজুক কোনো বিশেষ চিন্তাই ব্যতিব্যস্ত কৰা নাছিল বা চিন্তাশূন্য ভেকুৱাম অৱস্থা এটাও সৃষ্টি হোৱা নাছিল যদিও এক বিশেষ কাম আগত ৰাখি আজি এই বনপথেৰে আগবাঢ়িলো।
ফাগুন মাহৰ আকাশ।কোনে কয় ফাগুন কেৱল লঠঙাৰ সমাহাৰ।ফাগুনৰ আছে নিজস্ব এক সুকীয়া সৌন্দর্য।আজি চৌপাশৰ পৰিৱেশে তাকেই কয়চোন। বহুক্ষেত্ৰত নতুনৰ আৰম্ভণিও ফাগুন।
ৰাতিপুৱাৰ সময়।চহৰত সততে অনুভৱ কৰা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ,ইয়াত বাৰু বৰকৈ অনুভূত হোৱা নাই।পিছে কিমান দিনলৈ বা? আধুনিকতাৰ ধামখুমীয়াত এই অৱস্থা কিমান দিনলৈ বা বাহাল থাকে?এই মুহূৰ্তত তলসৰা শুকান পাত গচকি ধীৰে ধীৰে আগবাঢ়ি আছোঁ।মৃদু মৰ্ মৰ্ ধ্বনি। মোৰ লগত মা আৰু দেউতা।
মা,দেউতাক পিছ পেলাই আগবাঢ়িলো,এক অজানা উত্তেজনাত।
পথৰ আৰম্ভণিত চাপৰ,জোপোহা গছৰ বনাঞ্চল।ক্ৰমশ: বনপথটো ঠেক হৈ আহিছে।মোৰ শৰীৰত ওখ ওখ ঘাঁহবোৰৰ স্পৰ্শ লাগিল।
“মাজনী, আহা, আহা।উভতি আহা।আঁচোৰ খাবা।দুখ পাবা অ’ সোণজনী।”
মা আৰু দেউতাৰ শংকা মিহলি মাতত পিছফালে উভতি চালোঁ।
” উফ্, তোমালোক যে আৰু!আহি থাকাচোন।একো নহয় মোৰ৷”
কথাটো কৈ কৈয়ে আগবাঢ়িলো।
ক্ৰমাৎ চাপৰ,জোপোহা বনাঞ্চল নাইকিয়া হৈ আৰম্ভ হ’ল পথৰ দুয়োকাষে বিস্তাৰিত চেগুন আৰু শাল গছৰ দীৰ্ঘায়িত শৰীৰবোৰ।ছায়াঘন বননি।
“দেউতা,গছৰ পাতৰ ফাঁকেৰে ৰ’দ আহি পৰিব লাগিছিলচোন?”
প্ৰশ্নবোধক দৃষ্টিৰে দেউতাৰ পিনে চালোঁ।
“আকাশলৈ চাচোন আইজনী।”
দেউতাই অলপ সাৱধানেৰে কথাষাৰ কোৱা যেন লাগিল।
এতিয়াহে চকুত পৰিল,আকাশত সীহ বৰণীয়া মেঘ কিছু গোট খাইছে।অলপ আগেয়ে উদিত সূৰ্য ক’ৰবাতচোন লুকাল!গছৰ পাতবোৰ ফিৰফিৰাই কঁপিছে।এজাক শীতল বতাহে চুমি গ’ল।
“মাজনী, ঠাণ্ডা পাবি অ’।”
“আইজনী,শ্বলখন ডিঙিত ভালদৰে মেৰিয়াই ল’চোন।”
ওপৰা-ওপৰিকৈ শুনা সাৱধান বাণীক আওকাণ নকৰি শ্বলখন ডিঙিত আৰু অলপ ভালকৈ মেৰিয়াই ল’লোঁ।
কি যে হ’ব মানুহহালৰ!মোক লৈ অনবৰত ইমান চিন্তা! অলপ অসুখ হ’লেই দুয়োৰে মৃতপ্ৰায় অৱস্থা হয়।
গিৰ-গিৰ-গিৰ-গিৰ।ঢেৰেকণিৰ শব্দ।লাহে লাহে দুচকুৰে মনিব পৰাকৈ সমগ্ৰ অঞ্চল মেঘাচ্ছায়াবৃত্ত হৈ পৰিল।বতাহ হ’ল আন্দোলিত।
“হে ভগৱান!ছোৱালীজনী বৰষুণত তিতিব এতিয়া।”
মা-দেউতাৰ উৎকন্ঠাভৰা মুখদুখন দেখি খিলখিলাই হাঁহি কৈ উঠিলোঁ,
“অ’ এতিয়াহে গম পালোঁ,সেই যে হাইস্কুলত থাকোঁতে অসমীয়া বিষয়ত এটা পাঠ পঢ়িছিলোঁ ‘গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা’ মানুহ, তোমালোক তাৰমানে সেই দুজনহে।”
এইবাৰ দুয়োজনৰ মুখত হাঁহি।
“কথা নাই বতৰা নাই ,কালি হঠাতে থিৰাং কৰিলি ইয়ালৈ আহিবি।চহৰৰপৰা পুৱাৰাতিতে গাড়ী চলাই লৈ আহিলি ইয়ালৈ।তোৰ যে কৰিম বুলি ভাবিলে কৰিমেই , এই স্বভাৱটো নগ’ল আৰু।”
দেউতাই অলপ গহীন হৈ কোৱা কথাৰ উত্তৰ দিলোঁ হাঁহি হাঁহি……
“কেনেকৈ যাব, তোমাৰহে ছোৱালী।”
হঠাতে চিলিক চিলিককৈ আমাৰ গাত আছাৰকণি পৰিল।ৰৈ নিদিলোঁ।আগবাঢ়ি গৈ থাকিলোঁ, নৈখনৰ ঘাটলৈ।সৌৱা,সেইটো ঘাট।আজি দ্বিতীয়বাৰৰ বাবে ইয়ালৈ আহিছোঁ।এই গাঁৱলৈ সংযোগী দলংখন হোৱাৰ আগতে এই ঘাটৰ নাওবিলাকেই আছিল যাতায়তৰ একমাত্ৰ মাধ্যম।
কিয় জানো,অনুভৱ হ’ল মা আৰু দেউতাৰ খোজৰ গতি যেন মন্থৰ হৈ পৰিছে!
মোৰ খোজৰ গতি মন্থৰ কৰি মা আৰু দেউতাৰ হাতত ধৰি একেলগে আগুৱাই গ’লো।ঘাট অভিমুখে।
মই,মা আৰু দেউতাৰ বুকুৰ মাজলৈ অহাৰ পাছত, পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ স্বচ্ছল অৱস্থাক হেলাৰঙে বিসৰ্জন দি দুয়ো আৰম্ভ কৰিছিল চহৰত সংগ্ৰামেৰে ভৰা জীৱন যুদ্ধ।
বহুদিন ধৰি অব্যৱহৃত হৈ থকাৰ কাৰণেই কিজানি ঘাটটো থিয় গৰা এটাৰ দৰে হৈছে।অতীতৰ বহু কথা সাবটি নাওকেইখন পৰি আছে ঘাটত।
ইতিমধ্যে কিনকিনিয়া বৰষুণজাক কমিবলৈ লৈছিল।দুই এটোপাল একোবাৰ বতাহৰ কোব খাই এপিনৰপৰা আনপিনলৈ গতি কৰি নথকা নহয়৷
“দেউতা।”
লাহেকৈ মাত লগালো।
” অ’, আইজনী।”
দেউতাৰ এই মাতটো শুনিলে আৱেগত উথলি উঠো। আজিও ব্যতিক্ৰম নহ’ল।
অলপ কঁপা কঁপা হাতেৰে পিঠিত লোৱা বেগটো নমাই , তাৰপৰা এটা অলপ ডাঙৰ আকাৰৰ লেফাফা উলিয়াই দেউতাৰ হাতত তুলি দিলোঁ।
” আইজনী, কি এইটো?কি আছে ভিতৰত?”
মা আৰু দেউতাই আচৰিত হৈ সুধিলে।
“খুলি চোৱাচোন।”
এখন হাতেৰে মাক সাবট মাৰি ধৰি কৈ উঠিলোঁ।
“এইখনচোন ভাৰতীয় নৌ-সেনা বিভাগৰপৰা পঠোৱা। আইজনী,তইচোন নভাল্ আৰ্কিটেক্সাৰ ( Naval Architecture) বিভাগত বিষয়াৰূপে নিৰ্বাচিত হৈছ।”
দেউতাই কঁপা কঁপা মাতেৰে কৈ উঠিল।
মায়ে মোৰ যিকোনো সাফল্যত সদায়েই কৰাৰ দৰে আজিও সশব্দে কান্দোনত ভাগি পৰিল।
কেইটামান মুহূৰ্ত তেনেদৰেই পাৰ হ’ল।
এইবাৰ নৈৰ পাৰ এৰি মই নামি গ’লোঁ পানী যুঁৱলিলৈ। অলপ হাওলি হাতেৰে স্পৰ্শ কৰিলোঁ নৈৰ পানী। চুই চালোঁ নাও এখন।এক অদ্ভুত ধৰণৰ অনুভৱে মন-মগজুক চুই গ’ল।
ইতিমধ্যে সূৰুযে নিজ কিৰণ ভালদৰে বিয়পাবলৈ আৰম্ভ কৰিছে।সূৰুযৰ কিৰণ পৰি বায়ুমণ্ডলত থকা পানীৰ কণিকা আৰু গছৰ পাতত ৰৈ যোৱা বৰষুণৰ টোপালবোৰ মুকুতাৰ দৰে জিলিকি উঠিছে।
মা আৰু দেউতালৈ চালোঁ।
আজিৰপৰা প্ৰায় ষোল্ল বছৰ পূৰ্বে,সাম্প্ৰদায়িক বিষবাস্পৰ বলি হৈ ঘাট-মাউৰা হোৱা ছোৱালী এজনীক দূৰৈৰ গাঁও এখনৰপৰা বুকুত সাবটি এই নৈখনৰ বুকুৰে লৈ আহি,ঘাটত নামোতে মানুহহালৰ দুচকুত জলমল কৰি উঠা মুকুতা চাৰিটা আজি পুনৰ দেখা পালোঁ।
*******
6:08 PM
বৰ ভাল লাগিল।