সাক্ষাৎকাৰ

চতুৰ্থ বৰ্ষৰ (দ্বিতীয় সংখ্যাৰ)শব্দচিত্ৰ( জীৱন জিজ্ঞাসা) ই- আলোচনীৰ বাবে সাক্ষাৎকাৰটি যুগুতাইছো মই শ্ৰী কুশল মহন্তই ।

 

আজি আমি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এনে এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ সৈতে,যি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ,প্ৰশিক্ষক,ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক। তেখেত শ্ৰীযুত অভিজিত ভট্টাচাৰ্য্য।

কুশল মহন্ত: Sir  নমস্কাৰ।

প্ৰথমে ,শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা ই-আলোচনীৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। 

অভিজিত ভট্টাচাৰ্য্য Sir: প্ৰতি নমস্কাৰ জনাইছো।

প্ৰশ্ন: আপোনাৰ জন্ম আৰু স্কুললীয়া জীৱনৰ বিষয়ে অলপ জনাওঁকচোন ?

অভিজিত ভট্টাচাৰ্য্য Sir: মোৰ জন্ম তেজপুৰৰ কলিবাৰীত।আমাৰ পৰিয়ালটো তেজপুৰৰ এটি পুৰনি যুগ্ম পৰিয়ালৰেএটা অংশ।দেউতাৰ নাম গঙ্গাচৰণ ভট্টাচাৰ্য আৰু মাৰ নাম অৰ্পনা ভট্টাচাৰ্য।চেণ্ট জোচেফ কনভেণ্টত মোৰ প্ৰথম স্কুলীয়া শিক্ষা আৰম্ভ হয় আৰু তাৰ পাছত মই ডনবস্ক’ত শিক্ষা গ্ৰহণ কৰিলো।পিচলৈ মই Sports Authority of India ৰ NSTC scheme ৰ অধীনত সৈনিক স্কুলত চিট পালো।সপ্তম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে মই সৈনিক স্কুলতে শিক্ষাগ্ৰহণ কৰোঁ।

প্ৰশ্ন: শুনামতে, আপুনি প্ৰথমতে বেডমিণ্টন খেলুৱৈ আছিল । তাৰপিছত ভলীবল খেলৰ লগত কেনেকৈ জড়িত হ’ল?

অভিজিত ভট্টাচাৰ্য্য Sir: হয়,১৯৮৭ চনত তেজপুৰত নতুনকৈ আৰম্ভ হোৱা Indoor Hall এটাত মই প্ৰথমে বেডমিণ্টন খেলিবলৈ গৈছিলো।তাত ছয় মাহ খেলাৰ পাছত মই দিব্যজ্যোতি ভাগৱতী চাৰক লগ পাওঁ।তেওঁ আছিল NIS আৰু ভলীবলৰ coach ।সেই সময়ত তেওঁ তেজপুৰত এটা ভলীবলৰ Coaching Centre আৰম্ভ কৰিছিল।তেঁৱেই মোক ভলীবল খেলিবলৈ প্ৰথম অনুপ্ৰেৰণা যোগালে।তেওঁ মোক কৈছিল যে……

“তুমি যদি ভলীবল খেলা,তেন্তে দিল্লী,মুম্বাইত খেলিব পাৰিবা,হয়তো ভাৰতৰ হৈয়ো খেলিব পাৰিবা আৰু ভলীবলত তোমাৰ ভৱিষ্যত আছে বুলি মই ভাবো।”

সেয়ে মই দিব্যজ্যোতি ভাগৱতী চাৰৰ অধীনত ১৯৮৮ চনতপৰা ভলীবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰোঁ।

প্ৰশ্ন:অসমৰ পৰা গৈ ভাৰতীয় দলত সুযোগ লাভ কৰিবলৈ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি?

অভিজিত ভট্টাচাৰ্য্য Sir: সঠিককৈ ক’বলৈ গ’লে মোৰ ক্ষেত্ৰত তেনে কোনো প্ৰত্যাহ্বান অহা নাই।খেলা-ধূলাৰ কষ্টখিনি সকলো খেলুৱৈৰে থাকিবই।খেলত ভাল প্ৰদৰ্শন কৰিলে খেলৰ বাবে নিৰ্বাচন কৰিবই।মোৰ ক্ষেত্ৰত কোনো অন্যায় হৈছে বুলি মই নাভাবো কাৰণ তেনে হোৱাহ’লে মই কেতিয়াও খেলিব নোৱাৰিলোহেঁতেন।সেই সময়ৰ নিৰ্বাচকসকলৰ সাধুতাক মই নিশ্চিতভাৱে চেল্যুট জনাম যে তেওঁলোকে সেই সময়ত অসমৰ ল’ৰাজনৰ ওপৰত ভৰষা ৰাখিছিল।তেওঁলোকে এক আশা আৰু বিশ্বাসেৰে মোক নিৰ্বাচন কৰিছিল আৰু তেওঁলোকৰ এই বিশ্বাস মই ৰক্ষা কৰিব পাৰিছো বুলি মই ভাবো।মই একো বাধা পোৱা নাই বুলিয়েই ক’ব পাৰোঁ।ভালদৰে খেলি গৈছো আৰু সেইদৰে সুবিধাও লাভ কৰি গৈছো।ধৈৰ্য্য থাকিলে আচলতে কিবা প্ৰত্যাহ্বান দেখা পোৱা নাযায়,সেয়ে মই কোনো প্ৰত্যাহ্বান কেতিয়াও উপলব্ধি নকৰিলোঁ।

প্ৰশ্ন: ভলীবলত  ভাৰতীয় দলৰ একমাত্ৰ অসমীয়া অধিনায়ক হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা ?

অভিজিত ভট্টাচাৰ্য্য Sir: অধিনায়ক হিচাপে মোৰ তেনেকুৱা বিশেষ একো উপলব্ধি নাই।মোৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰাটো আৰু নিৰৱচ্ছিন্নভাৱে দহ বছৰ School,Junior,Senior level লৈকে খেলাটোহে বেছি ডাঙৰ প্ৰাপ্তি অথবা দেশৰ বাবে এক ডাঙৰ

অৱদান।দলৰ অধিনায়ক হোৱাটো মই বৰ ডাঙৰ কথা বুলি নাভাবো কাৰণ খেলত অধিনায়ক এজন থাকিবই।অৱশ্যে অসমৰ বাবে ই নিশ্চিতভাৱে গৌৰৱৰ কথা। দহ বছৰ দেশৰ হৈ প্ৰতিনিধিত্ব কৰিব পৰাটো মোৰ বাবে অধিনায়ক হোৱাতকৈ বহুত ডাঙৰ কথা বুলি মই ভাবো।

প্ৰশ্ন: ভাৰতীয় ভলীবলৰ ক্ষেত্ৰখনত আপোনাৰ দৃষ্টিৰে কিদৰে উন্নতি কৰিব পাৰি ।

অভিজিত ভট্টাচাৰ্য্য Sir: মই ভাবো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত  ভাৰতৰ মানদণ্ড বহুত উন্নত।ভাৰতত বহু ভাল প্ৰতিভা আছে।২২০-২২২ খন ৰাষ্ট্ৰই বিশ্ব ভলীবলত অংশ ল’ব পাৰে।যি সময়ত আমি খেলি আছিলো(২০০১-২০০৪ চন)সেই সময়ত world ranking  ২৪ আছিল, Indian Youth team টো দ্বিতীয়,Junior team টো চতুৰ্থ

আছিল।আমি seniors এ নিৰবচ্ছিন্নভাৱে এছিয়াৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ চতুৰ্থ বা পঞ্চম স্থানত আছিলো।সেই সময়ত আমি যিবোৰ দলক হৰুৱাইছিলো কোৰিয়া,ইৰাণ,জাপান ইত্যাদি…..

সেই দলবোৰ এতিয়া world ranking ত সৰ্বশ্ৰেষ্ঠ

দ্বাদশ,পঞ্চদশ ইত্যাদি স্থানত আছে,তেওঁলোকে অলিম্পিক খেলি আছে।গতিকে মই ভাবো যে যদি অলপ পৰিকল্পনা কৰা যায়,তেন্তে নিশ্চয় ভাৰতীয় দলে অলিম্পিক খেলি মেডেল আনিব পাৰিব।

প্ৰশ্ন:অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভলীবলৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

অভিজিত ভট্টাচাৰ্য্য Sir: অসমক লৈ আমি এটা মিশ্যন আৰম্ভ কৰিছিলো।Assam Vollyball Mission 100 ।এই মিশ্যনৰ উদ্দেশ্য একেবাৰে সাধাৰণ আছিল।এই উদ্দেশ্য আছিল যে কেনেকৈ আমি ভলীবলৰ জনপ্ৰিয়তা পুনৰ ঘূৰাই আনিব পাৰোঁ,যাতে অসমৰ ভিতৰত একালত গৈ আটাইতকৈ প্ৰিয় খেল ভলীবল হয়।তদুপৰি ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত যাতে অসমত এই খেলৰ জনপ্ৰিয়তা আটাইতকৈ বেছি হয়।মই ভাবো যে দু্টা ক্ষেত্ৰত আমি সফল হৈছো।

 

প্ৰশ্ন: BVL (ব্ৰহ্মপুত্ৰ ভলীবল লীগ ) কেনেদৰে আৰম্ভ হৈছিল ?

অভিজিত ভট্টাচাৰ্য্য Sir: ব্ৰহ্মপুত্ৰ ভলীবল লীগখনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।ক’ভিদকালৰ সময়ত অথবা তাৰ পাছতো ভাৰতবৰ্ষৰ ভিতৰত

 কেৱল অসমতে ভলীবল চলি আছিল।গতিকে মই ভাবো যে আমি যিটো মিশ্যন লৈ আৰম্ভ কৰিছিলো,সেই ক্ষেত্ৰত বহু আগবাঢ়িব পাৰিছো। যেতিয়া বহু ল’ৰা-ছোৱালীয়ে ভলীবল খেলে,স্বয়ংক্ৰিয়ভাৱে বহু ভাল ল’ৰা-ছোৱালী ওলাই আহে আৰু তাৰ ফলাফলটো আমি সময়ে সময়ে দেখিবলৈ পাওঁ।যেনেদৰে ইয়াৰ আগৰ Season ত অসমৰ Under 14 girls team টোৱে কেৰেলাৰ নিচিনা team ক হৰুৱাইছে, All India CBSE team ক হৰুৱাইছে আৰু প্ৰথমবাৰৰ বাবে Quarter Final পাইছে।ঠিক তেনেদৰে Under 17 girls team টোৱে National School Games ত প্ৰথমবাৰৰ বাবে Quarter Final পাইছিল।এই দুয়োটা দলতে আমি খুব মনোযোগ দিছিলো।এইবোৰেই কিছুমান সংকেত যে আমি আৰু ভাল কৰিব পাৰোঁ,আগুৱাই যাব পাৰোঁ।সেয়ে মই ভাবো যে বহু প্ৰতিভা অসমত আছে আৰু সেই প্ৰতিভাখিনিক কেনেকৈ এক platform দি আমি উলিয়াই আনিব পাৰোঁ,সেয়াই আমাৰ লক্ষ্য।অসমৰ বিভিন্ন প্ৰান্তত Senior player আছে,Organiser আছে….সকলোৱে সমৰ্থন দিছে,সকলোৱে বিচাৰিছে যে অসম ভলীবলৰ ক্ষেত্ৰত অগুৱাই যাওক।এইটো এটা মিশ্যন হয়,বহুত সময় লাগে,কিন্তু মই বহুত আশাবাদী।

২০১৯ চনত অসমৰ যিমান অসমৰ পুৰণি খেলুৱৈ আছে,সকলো মিলি এয়া চিন্তা কৰিছিলো যে কেনেকৈ অসমক ভলীবলৰ ক্ষেত্ৰত আগুৱাই লৈ যাওঁ।সেই সময়তে আমি Assam Vollyball Mission 100 । 100 এইবাবেই দিছিলো যে আমি এই মিশ্যন সৰুকৈ আৰম্ভ কৰিবলগা হৈছিল কাৰন আমাৰ ধন নাছিল।আমাৰ লক্ষ্য আছিল কেনেকৈ এশটা বল গোটাব পাৰোঁ,আমাৰ গাঁৱৰ ল’ৰা-ছোৱালীক সেই বলকেইটা দি সহায় কৰিব পাৰোঁ।এই ক্ষেত্ৰত আমি বন্ধু, শুভাকাংক্ষী সকলৰপৰা সুন্দৰ সঁহাৰি পালো।১০০ টা বলৰ যোগাৰ কৰি দিয়াৰ পাছত আমি চিন্তা কৰিছিলো যে কেনেদৰে এশজন নতুন খেলুৱৈ উলিয়াব পাৰোঁ।তাৰ পাছত আমি চিন্তা কৰিলো যে বল,নেট,প্ৰশিক্ষক দি কেনেদৰে এশটা নতুন প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব পাৰোঁ।এইদৰে আমি ৩৩ খন গাঁৱত আমি প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাত সহায় কৰিছিলো।সেই সময়তে ক’ভিদ আৰম্ভ হৈছিল আৰু আমি সেই সময়তো অনলাইনৰ যোগেদি কাপোৰৰ বলৰ যোগান ধৰি আমাৰ মিশ্যনটো continue কৰিছিলো।ক’ভিদ শেষ হোৱাৰ পাছত সেই ৩৩-৩৫ টা মান কেন্দ্ৰই আমালৈ আশাৰে চাই আছিল,যে আমি তেওঁলোকক এটা platform দিম।সেয়ে আকৌ ধনৰ প্ৰশ্ন আহিল আৰু আমি এনেকুৱা এখন League আৰম্ভ কৰিলো যাতে আমি ৰাইজৰ সহায়-সহযোগিতাৰে আগবাঢ়ি যাব পাৰোঁ।আমি সকলো Centre Incharge ক একলগ কৰিলো।এটা নতুন format আমি ভাবি উলিয়ালো যে এখন গাঁৱৰ এটা দলে যদি আনখন গাঁৱলৈ খেলিবলৈ যায়,আয়োজক গাঁওখনে যাতে আলহী দলটোক এসাঁজ ভাত খুৱাব পাৰে,দুয়োটা দলে লগ হৈ এখন খেলা খেলিব পাৰে।এনে কৰিলে এখন গাঁৱৰ ল’ৰা-ছোৱালীবোৰে আন এখন গাঁও দেখা পায়,মানুহবোৰ লগ পায় আৰু ভলীবল বিষয়টোত সাধাৰণ মানুহৰ মাজতো সোমাই পৰে।মাক-দেউতাকেও দেখা পায় যে ল’ৰা-ছোৱালীয়ে খেলিছে।যেতিয়া তেওঁলোক জিকে সেই গাঁওখনৰ নাম হয়,গাঁওখনৰ নাম খবৰ কাগজত ওলায়।এই ধাৰণা আগত ৰাখিয়েই আমি Brahmaputra Vollyball League আৰম্ভ কৰিছিলো।এটা এটা দল পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা একো একোজন শুভাকাংক্ষীয়ে adopt কৰে।

সেই adoption ৰ যি ১৪-১৫ হাজাৰ টকা থাকে,তাৰে আমি প্ৰতিজন ল’ৰা-ছোৱালীক এটা এটা জাৰ্ছী দিওঁ,তেওঁলোকৰ এখন গাঁৱৰপৰা আন এখন গাঁৱলৈ যোৱা transportation cost cover হয়,ৰাইজেই সকলোখিনি চোৱাচিতা কৰে।ময়ো চাকৰি কৰোঁ,তাৰ পাছত আকৌ এই কামত আগবাঢ়ো।আমি মাত্ৰ ৫০ টা দলেৰে season 1 আৰম্ভ কৰিছিলো আৰু এতিয়া আমাৰ ৪০০ ত কৈ বেছি দল আছে।সেয়ে Co-ordination কৰা,individual sponsor বিচৰা……এইটো এটা বৰ ডাঙৰ কাম কিন্তু আমাৰ কোনো ধৰণৰ paid employees তেনেদৰে নাই।বেছিকৈ কাম কৰাসকলক আমি সামান্য কিবা এটা দিওঁ।এনেদৰেই এই League খন চলি আছে।শেহতীয়াকৈ World Vollyball ৰ president তেজপুৰলৈ আহিছিল আমাৰ League খন চাবৰ বাবে আৰু তেওঁ বৰ ভাল পাই গৈছে।তেওঁলোকে কোৱামতে গোটেই পৃথৱীৰ ভিতৰতে এইটো  

one of the best grassroot initiative ।

যদি গোটেই বিশ্বৰ ভিতৰত ভাৰতৰ rangking চাবলৈ যায়,বা গোটেই ভাৰতৰ ভিতৰত অসমৰ ranking চাব যায়,সেয়া খুব ভাল নহ’ব পাৰে।কিন্তু ১৬০-১৭০ খন গাঁৱৰ ৰাইজে মিলি এনেকুৱা এখন League গঢ়ি তুলিছে,যিখন পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ League.বুলিব পাৰি।আমি আশা কৰোঁ এই ক্ষেত্ৰত আমি এনেদৰেই আগবাঢ়ি যাব পাৰিম।

প্ৰশ্ন:BVL ক FIVB ৰ স্বীকৃতি দিয়াবলৈ কি কৰিব লগা হৈছিল ।

অভিজিত ভট্টাচাৰ্য্য Sir: FIVB ৰ অধীনত এটা FIVB foundation আছে।এই foundation টো এই উদ্দেশ্যৰে গঢ়া হৈছিল যাতে ভলীবলে সমাজখন কেনেদৰে ভাল কৰিব পাৰে।তেনেকুৱা initiative ক তেওঁলোকে support কৰে।যিকোনো organisation ক support কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বহুতো নীতি-নিয়ম আছে।প্ৰায় ৩২-৩৫ টা মান তেওঁলোকৰ প্ৰশ্ন থাকে।যেনে:registration থাকিব লাগিব,Account Audit থাকিব লাগিব,pan card,bank details থাকিব লাগিব।তাৰ পাছত আমি কেনেদৰে data ৰাখিছো ,আমাৰ child protection policy কি আছে,Leauge খন আমি কেনেদৰে sustain কৰিব পাৰোঁ,decision making আমাৰ কেনেকুৱা, volunteering আমাৰ কিমান বেছি আছে,mechanism আমাৰ কি হয়,sustainability ৰ বাবে আমি কি step লৈছো,ৰাইজৰ সহযোগিতা কেনেকুৱা,talented players আমি কেনেদৰে উলিয়াওঁ,আমি কিমান carbon footprints create কৰিছো,কেনেদৰে carbon footprints কমাব পাৰিছো,আমি শিক্ষাৰ বাবে কি পদক্ষেপ লৈছো,ল’ৰা আৰু ছোৱালীক সমানে লৈ যাব পাৰিছোনে নাই….ইয়াৰ বাবে আমাৰ কি policy আছে,…..ইত্যাদি ইত্যাদি।এনে এখন দীঘল তালিকা আছে।এই ক্ষেত্ৰত তেওঁলোকে তিনিটা category ত নিৰ্বাচন কৰে,ব্ৰ’ঞ্জ,চিলভাৰ আৰু গ’ল্ড।ইয়াত গ’ল্ড শ্ৰেষ্ঠ।BVL ক তেওঁলোকে 2nd catagory অৰ্থাৎ silver ৰ প্ৰমাণ পত্ৰ দিছে কাৰণ আমাৰ আমি এটা full fledged office চলাব পৰা নাই বা আমাৰ paid employee নাই।ইমানখিনি নথকাৰ পাছতো যে আমি এইখিনি আগবাঢ়িব পাৰিছো,তাৰ বাবে পৃথিৱীৰ ভিতৰতে BVL পৃথিৱীৰ ভিতৰতে প্ৰথম project যাক তেওঁলোকে silver certificate দিছে।এইটো স্বীকৃতি আমাৰ সদায় থাকি যাব আৰু আমিও সদায় চেষ্টা কৰিম যাতে তেওঁলোকৰ guidelines আমি regular basis ত follow কৰিব পাৰোঁ,আৰু fulfill কৰিব পাৰোঁ।

প্ৰশ্ন: মহিলা দল বনাওঁতে কিবা অসুবিধা হৈছিল নেকি?

অভিজিত ভট্টাচাৰ্য্য Sir:BVL এ পুৰুষ আৰু মহিলা উভয়কে সমানে গুৰুত্ব প্ৰদান কৰে।তেওঁলোকে সৰু সৰু ছোৱালীবোৰক বাহিৰত গৈ খেলোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব,অভিভাৱকসকলৰ মনত এটা বিশ্বাস জন্মাব পাৰিব লাগিব।আমি ভাবো যে এইক্ষেত্ৰত আমি বহুদূৰ সফল হৈছো।আমাৰ League খন এনেদৰে design কৰা হৈছে যে আমাৰ যেনেদৰে 

District level,Zonal level আৰু Super League থাকে,ইয়াৰ District level ত যিমান ল’ৰা ছোৱালীয়ে অংশ গ্ৰহণ নকৰক, Super League ত সমান ল’ৰা আৰু ছোৱালীয়ে অংশ গ্ৰহণ কৰিব লাগিব।Under 12 boys group,girls group ৰ দুয়োটাতে আঠটা আঠটা দল Super League লৈ ‌qualify হয়।বাৰ তেৰ বছৰীয়া ছোৱালী যেতিয়া menturation ৰ সময়ত ফিল্ডলৈ অহা বন্ধ কৰি দিয়ে,তেতিয়া  কেনেদৰে তেওঁলোকক সহায় কৰিব পাৰি,বা কেনেকুৱা step ল’ব লাগে,যাতে তেওঁলোকৰ ক্ষেত্ৰত বাধা আহি নপৰে আৰু তেওঁলোকৰ অভ্যাসত যতি নপৰে।তেওঁলোকৰ psychological,emotional ভাৱ ধাৰণাখিনিক কেনেদৰে adress কৰিব পাৰি……

ইয়াৰ বাবে আমি বেঙ্গালুৰুৰপৰা প্ৰশিক্ষক মতাই আনি আমি প্ৰশিক্ষক সকলক প্ৰশিক্ষণ দিয়াইছিলো।এয়া আমি কৰাৰ কাৰণ আছিল যাতে ল’ৰা আৰু ছোৱালী সমানে আগবাঢ়ি যাব পাৰে।

আমি আনন্দিত হওঁ যে ছোৱালীৰপৰাহে আমি প্ৰথম ভাল ফলাফল পাইছো।Season 1 ত Under 16 age group ত ল’ৰা-ছোৱালীৰ অনুপাত প্ৰায় ২ অনুপাত ১ আছিল আৰু আজিৰ দিনত Season 4 onwards ত এই অনুপাত প্ৰায় ১ অনুপাত ১ হৈছেগৈ।গতিকে আমি আৰু ল’ৰা আৰু ছোৱালী সম্পূৰ্ণ সমান প্ৰাধান্যতা দিওঁ।

প্ৰশ্ন:বৰ্তমান ফেচবুকত যি সাহিত্য চৰ্চাৰ জোৱাৰ উঠিছে,এই সম্পৰ্কে আপোনাৰ মতামত কি?

অভিজিত ভট্টাচাৰ্য্য Sir: যিকোনো চৰ্চা,যিটো progressive,দেশৰ কাৰণে ভাল বা দেশৰ কাৰণে ভাল,তেনে চৰ্চা সদায় হ’ব লাগে।

প্ৰশ্ন: নৱ-প্ৰজন্মক ভলীবল খেলৰ বিষয়ে কিবা বাৰ্তা দিব বিচাৰিব নেকি?ভলীবলক কেৰিয়াৰ হিচাপে লৈ ভৱিষ্যত গঢ়াৰ সম্ভাৱনা আছেনে?

অভিজিত ভট্টাচাৰ্য্য Sir: ভলীবল এনেকুৱা এটা খেল হয়,যাৰ multidimentional impact আছে।কেৱল carrier option হিচাপে নহয়,ইয়াক লৈ যদি আমি এখন সমাজ গঢ়াৰ কথা আমি ভাবো তেন্তে মই ভাবো আমি ২০০% সফল হ’ম, এজন ভাল মানুহ হ’বলৈ ভলীবলে বহুখিনি সহায় কৰে।এনে খেল সদায় আটাইকেইজনে মিলি খেলো,সদায় আমি এজনে আনজনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ,…team work,leadership,gratitude এই সকলো Vollyball ground ত থাকে।তাৰ লগতে যিমান carrier option আছে,যেনে ভাল খেলাৰ বাবে মই sports quota ত চাকৰি পাইছো,তেনেদৰে বেলেগ বেলেগ department ত  sports 

quota ত চাকৰি পাব পাৰে।কোনোবাই যদি Physical Education পঢ়ি Masters কৰে,তাৰ কাৰণে Physical Education line ত বহুত scope 

আছে।আজিকালি কেৱল স্কুল কলেজতে নহয়…..

জিম,persoal trainer,Physiotherapy আছে,Sports Journalism আছে,Sports Marketing আছে,Sports Management আছে,

এই সকলোতে যি এটা level লৈকে খেলা খেলিছে,

তেওঁলোকৰ কাৰণে সদায় এটা priority থাকে।যি passionately এটা খেলা follow কৰে তেওঁলোকৰ বাবে scope ৰ কোনো  অভাৱ নাই।কেৱল এটা ঠাইত নিজকে সীমাবদ্ধ কৰি নাৰাখি

নিজৰ skills যদি empower কৰি যায়,তেওঁলোকে নিশ্চিতভাৱে scope পাব।

শেষত , আপোনাৰ ব্যস্ততাৰ মাজতো আমাক সময় দিয়া বাবে  শব্দচিত্ৰ পৰিয়ালে আপোনালৈ অলেখ শুভকামনা জনাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

*******

2 Comments

  • বহু কথা জানিব পাৰিলো। সুন্দৰ সাক্ষাৎকাৰ।

    Reply
  • দেবজিত শৰ্মা

    পঢ়ি ভাল লাগিল, বহু কথা জানিব পাৰিলোঁ।

    Reply

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *