সৰাপাতৰ উচুপনি-হৰিচন্দ্ৰ ডেকা
অনিতাৰো বিয়াখন ধুমধামেৰেই হৈ গ’ল, ঠিক যেনেকৈ পাঁচ বছৰ আগতে ডাঙৰজনী ছোৱালী নমিতাৰ বিয়াখন উলহ-মালহেৰে সম্পন্ন হৈছিল৷ এইবাৰ যেনিবা জোঁৱাইয়েও দায়িত্ব কান্ধ পাতি লোৱাত কষ্টৰ বোজা কিছু লাঘৱ হ’ল৷ আঠমঙলাৰ দিনা ভনীয়েকক বিদায় দি যেতিয়া নমিতাও কৰ্তব্যৰ খাতিৰত যাবলৈ ওলাল, দুয়োজনী আলাসৰ জীয়ৰীক বিয়া দি উলিয়াই দিয়া দুখটোৱে বৰাক এতিয়াহে যেন হেঁচা মাৰি ধৰিলে৷ সুদীৰ্ঘ বৈবাহিক জীৱনত কোনোদিনে চকুপানী উলিয়াই দেখুৱাব নোখোজা মানুহজনৰ সেমেকা চকুহালে পত্নী আৰোহীৰো মন বাৰিষাৰ মেঘে ঢাকি ৰখা আকাশখনৰ দৰে হ’ল৷ অনবৰতে মাক-দেউতাকৰ মৰম বিচাৰি হুলস্থূল লগাই থকা ঘৰখনত হঠাতে অহা এই নীৰৱতাই আৰোহীকো বিচলিত নকৰা নহয়; হ’লেও দেউতাকৰ দৰে ছোৱালী উলিয়াই দি য’তে-ত’তে আমন-জিমনকৈ বহি থকা মাতৃ তেওঁ নহয়৷ দস্তুৰমত সিহঁতৰ আকাংক্ষা সাকাৰ কৰিবলৈ সাধ্যানুসাৰে যিমানদূৰ কৰিব পৰা যায় সিমানখিনি ত্যাগ কৰি দুয়োজনীকে আত্মনিৰ্ভৰশীল কৰি তুলিহে বিয়া দিয়াৰ নিচিনা গুৰু দায়িত্ব এটা পালন কৰিছে৷ জী-জোঁৱাই চাৰিওটাই কোম্পানীৰ চাকৰি কৰে যদিও পৰস্পৰৰ মাজত থকা বুজা-পৰাৰ কাৰণে দৈনন্দিন ঘৰুৱা কাম-বনত সিহঁতৰ কোনোদিনে আউল লগা নাই, যাৰ কাৰণে মাক দেউতাক হিচাপে সিহঁতৰ সংসাৰক লৈ নিশ্চিত হৈ থাকিব পাৰিছে৷ সাতে-পাঁচে বুঢ়া-বুঢ়ীৰ হাতত এতিয়া অফুৰন্ত সময়৷ এয়া পিছে আৰোহীৰ মনৰহে অনুভৱ৷ আগতেও কম কথা কোৱা মানুহজনে এতিয়া অধিক গহীন হৈ পৰাত সনত বৰাৰ ভাৱাবেগৰ একো উমান পোৱা নাযায়৷ দিনটো ইটো-সিটো কামত ব্যস্ত হৈ থাকে যদিও টিভিৰ ওচৰলৈ কোনোদিনে গৈ নোপোৱা মানুহজনে সন্ধিয়াতে আন্ধাৰ বাৰাণ্ডাখনত বহি আকাশ-পাতাল ভাবি থকাটো স্বভাৱ হৈ পৰিছে৷ আৰোহীয়ে ফোনত জীয়েক দুজনীক কোৱা মতে এয়া দেউতাকৰ নিজা অনাকাংক্ষিত উপাৰ্জন; হেৰোৱা অতীত ৰোমন্থন কৰি হতাশাক আমন্ত্ৰণ জনোৱাৰ কুচ-কাৱাজ মাত্ৰ।
পৰ্টিকত বহাৰ সময়ত সদায়ে বৰাই লাইটটো অফ কৰি লয়, যাতে চিনাকি বাটৰুৱাই মাত লগোৱাৰ নামত উপভোগ কৰি থকা নিৰ্জনতাখিনিত যতি পেলাব নোৱাৰে৷ কাষৰ চকীখনত বহি অথনিৰে পৰাই যে পত্নীয়ে আলেখ-লেখ চাই আছে বৰাৰ খেয়ালেই নাই৷ কিমানটা ম’হ মাৰিলে, হাতৰ তলুৱাত লাগি থকা তেজৰ দাগ চাই যেন তাৰেইহে হিচাপ কৰিব এতিয়া এনে এটা ভঙ্গিমাত অনুজ্বল পোহৰৰ বাবে চকুৰে মনিব পৰা অৱস্থা এটালৈ হাতৰ তলুৱাখন চপাই আনিব খোজোতে কিলাকুটিটো পত্নীৰ গাত লগাত উচপ্ খাই উঠিল৷
: হেহ তুমিহে! চক্ খাই উঠিলোঁ।কেতিয়াৰ পৰানো বহি আছাহে তুমি?
পত্নীয়ে পোনপটীয়াকৈ ইয়াৰ উত্তৰ নিদি শ্লেষ মিশ্ৰিত সুৰেৰে ক’লে…….
: হেৰি প্ৰভু ঈশ্বৰ! ভাৱনাৰ আকলুৱা ভাণ্ডাৰটোৰ ঢাকনিখন ক্ষন্তেকৰ কাৰণে বন্ধ কৰি কাল্পনিক জগতখনৰ পৰা নামি আহকচোন! আন্ধাৰৰ চল পাই ওচৰত যে কোনোবা পিশাচিনীও বহি থাকিব পাৰে তাৰো অলপ খেয়াল ৰাখক৷ ছোৱালীক কি আপুনিহে উলিয়াই দিছে নেকি? মই দিয়া নাই নেকি? আপোনাৰ নিচিনাকৈ ময়ো এনেকৈ জোপোকা লাগি বহি থাকিব লাগিলে ভাত-চাহৰ সলনি কষ্টোপাৰ্জিত আপোনাৰ অতি প্ৰিয় এই উদাসীনতাবোৰেৰেই উদৰ পূৰাব লাগিলহেঁতেন৷
বৰাই একেথৰে পত্নীৰ চকুলৈ চাই থাকিল৷ চাৱনিত অলেখ প্ৰশ্নৰ খেলি-মেলি৷
: কি মাক অ’ এইজনী! বেলেগ মাকে ছোৱালী উলিয়াই দিয়াৰ সময়ত ডিঙিত ধৰা-ধৰি কৰি হায়ৈ-বিয়ৈ লগাই কান্দে; হিয়া দুফাল কৰি কলিজাৰ টুকুৰা দুটা উলিয়াই দিলে, চাদৰৰ আঁচলেৰে চকুৰ কোণ দুটা মচাও কোনেও নেদেখিলে৷ ইমান কাঠচিতীয়ানে!
ভাৱনাৰ যতি পেলাই ধেমালিৰ চলেৰে সুধিয়ে পেলালে…
: আৰোহী! তুমি মোক সঁচাকৈ কোৱাচোন! মই অলপো চকু-কাণ দিবলগীয়া নোহোৱাকৈয়ে তুমি দুয়োজনী ছোৱালীক উপযুক্তকৈ গঢ় দি অৱশেষত বিয়াও দিলা; মইনা চৰাইৰ দৰে কলকলাই থকা ঘৰখন হঠাতে নিমাওমাও হৈ পৰিল, অথচ তোমাৰ জীৱন প্ৰণালীৰ ধাৰাবাহিকতাত ইয়াৰ অকণো প্ৰভাৱ পৰা নেদেখিলোঁ৷ ঘৰখনৰ এই গহীন পৰিবেশটোৱে তোমাক অলপো আমনি নকৰেনে?
: ষ্ট্ৰীট লাইটৰ মৃদু পোহৰত লোতকেৰে জলমলাই থকা সনত বৰাৰ চকু দুটাত প্ৰতিবিম্বিত নিজৰ মুখখনহে যেন আৰোহীয়ে নিৰীক্ষণ কৰি আছে, কিছু সময় একেধ্যানে তেনেকৈ চাই থাকিল৷ তাৰ পাছত সকলো অভিমান সম্বৰণ কৰি ক’লে…….
: কিছুমান মনৰ অনুভৱ মুখেৰে প্ৰকাশ কৰা কথা নহয়; হিয়াত বৈ থকা নিৰবধি নৈখনে চপৰা-চপৰে কেনেকৈ কলিজাটো খহাই নিব ধৰিছে, কেতিয়াবা কাণ পাতি শুনিবলৈ চেষ্টা কৰিছেনে?অন্তৰত অনবৰতে তোলপাৰ লগাই থকা বন্যাৰ খলকনিৰ শব্দ মন দিলে আপুনিও শুনিলেহেঁতেন৷
আৰোহীয়ে দীঘলকৈ নিশ্বাস এৰি ইমান দিনে সাঁচি ৰখা অনুভৱবোৰ যেন উলিয়াই আনিবলৈ তৎপৰ হৈছে এনে এটা ভাৱত গাটো লৰাই ক’লে
: পিচে আজি অন্তৰৰপৰাই ক’বলৈ পাই সুখী হৈছোঁ যে আপোনাৰ নিচিনা অনবৰতে মন মাৰি বহি থকা দূৰৰ কথা, বৰং দুয়োকো উপযুক্ত পাত্ৰৰ হাতত গটাই দিবলৈ পাই সুখহে অনুভৱ কৰিছোঁ৷ সঁচা কথা ক’বলৈ হ’লে চৰাইৰ পাখি গজিল, উৰিব পৰা হোৱাৰ পিচত নিজৰ ঠিকনা বিচাৰি গ’ল, বাপেক-মাক হিচাপে আমি ভালহে পাব লাগে৷ সঁচা কথা ক’বলৈ হ’লে ন-কইনা হৈ এইখন ঘৰলৈ অহাৰ সময়ত যিটো পাবলৈ হাবিয়াস কৰি আছিলোঁ, সেয়া পোৱাৰ বাট এতিয়া মুকলিহে হ’ল৷ আপুনি মোক বৰ স্বাৰ্থপৰ বুলি ভাবিব পাৰে, পিচে এয়াই সত্য; এতিয়াহে মই আপোনাৰ নিকটতম সান্নিধ্যৰ দাবীদাৰ হোৱাৰ সুযোগ পালোঁ৷
এইবাৰ বৰাৰ আচৰিত হোৱাৰ পাল, কয় কি মানুহজনীয়ে৷ একো এটা বুজি নোপোৱাৰ দৰে বহু সময় পত্নীৰ ফালে চাই থকা দেখি আকৌ আৰোহীয়ে ক’লে
: আচলতে যোৱা ডেৰকুৰি বছৰত মই আপোনাক এনেকৈ অকলশৰীয়াকৈ পালোঁ ক’ত?অহেতুক চিন্তা-ভাৱনাৰপৰা যদি সময় উলিয়াব পাৰে এবাৰ সেইবোৰো ৰোমন্থন কৰকচোন!
মাহ-হালধিৰ গোন্ধ মাৰ নৌযাওঁতেই পত্নীক মাক দেউতাকৰ ওচৰত গাঁৱৰ ঘৰতে ৰাখি সনত চহৰৰ ভাড়া ঘৰলৈ গুচি আহিল৷ শনিবাৰে ঘৰলৈ গৈ দেওবাৰে গধূলি উভতি আহে৷ ডাঙৰ ছোৱালীজনীৰ জন্মও গাঁৱৰ ঘৰতে হ’ল৷ সৰু ছোৱালীজনী ধৰালৈ অহাৰ সময় হোৱাত লগতে ডাঙৰজনীকো স্কুলত দিয়াৰ অজুহাতত চহৰৰ ভাড়াঘৰলৈ যেনিবা লৈ আহিল৷ সেই যে ন কইনা হিচাপে গৃহ প্ৰৱেশৰ প্ৰথম দিনাৰপৰাই আৰোহীৰ সংগ্ৰাম আৰম্ভ হ’ল, যতি পৰা দূৰৰ কথা এটাৰ পিচত আন এটা এৰাব নোৱাৰা দায়িত্বই আকাশীলতাৰ দৰে জপটিয়াইহে ধৰিলে৷ কথাবোৰ বৰাই ইমানদিনে দকৈ ভাবি চোৱাৰ অৱকাশে নাপালে৷
আৰোহীৰ মাতত চিন্তাৰ যতি পৰিল৷
: আকৌ চিন্তাৰ সাগৰত ডুব গ’ল নেকি?শুনক!অনিতা পানী কেঁচুৱা হৈ থাকোঁতেই শহুৰ দেউতা ঢুকুৱাৰ পিচত যেতিয়া শাহু আইক আমাৰ ভাড়াঘৰলৈ আনিবলগীয়া হ’ল আপোনাৰ আৰু মোৰ মাজৰ ব্যৱধান আৰু বাঢ়ি গ’ল৷ আপোনালোক চাৰিজনৰ কাৰণে সুখৰ আকৰ গঢ়ি থাকোঁতে মোৰ নিজৰ সুখ-দুখ, আশা-আকাংক্ষা সকলো কৰ্পূৰৰ দৰে উৰি যোৱাৰ উপক্ৰম হ’ল, পিচে যাবলৈ নিদিলোঁ; সময় অহালৈ মনৰ জঁপাত সাঁচি ৰাখিলোঁ৷ এতিয়া ঢাকনি খোলাৰ সময় সমাগত৷
বৰাই কথাবোৰ এতিয়াহে জুঁকিয়াই চাবলৈ আৰম্ভ কৰিলে৷ আৰোহীয়ে অকণো সাজি কোৱা নাই৷ দাম্পত্য জীৱনৰ মধুৰতানো কি সেয়া অনুভৱ কৰিবলৈ আৰোহীয়ে অৱকাশে নাপালে৷ এল. এফ. চি. লেপ্স হৈ যোৱাৰ উপক্ৰম হোৱাত যেনিবা এবাৰ সহকৰ্মী দণ্ডেশ্বৰৰ ধমকত বিয়াৰ পিচতে হিমাচলখন চাই আহিল৷ চিত পখিলাৰ দৰে বৰফৰ মাজে মাজে দৌৰি ফুৰা পত্নীক দেখিলে কোনে ক’ব সেইজনী যে সদ্য বিবাহিতা এগৰাকী বোৱাৰী৷ সেয়াই অন্তিম৷ পত্নীকো যে নিজাববীয়াকৈ অলপ সময় দিব লাগে ভাবিবলৈ সনতে কোনোদিনে অৱকাশ নাপালে৷ মাজে মাজে আৰোহীয়ে একঘেয়ামিৰ পৰা অলপ মুকলি হোৱাৰ ইচ্ছাৰে কথাটো মনত কৰি নিদিয়া নহয়৷
: ছোৱালী দুজনী ডাঙৰ হ’লে সিহঁতৰ পঢ়া-শুনাৰো জোৰ পৰিব৷দুয়োজনীৰ বন্ধ মিলাই পিচত যে ক’ৰবালৈ আকৌ ওলাই যাব পৰা যাব সেয়া মিছা৷ ব’লক না এবাৰ দক্ষিণ ভাৰতৰ পৰা আহোঁগৈ৷ সাগৰখনৰ বৰ্ণনা কবিতাতহে পাইছোঁ, এবাৰ চাবলৈ মন যায়৷
: এৰা অ’! ইহঁতৰো পঢ়া-শুনা টান পৰাৰ আগতে এবাৰ আহিব পাৰিলে বেয়া নাছিল৷পিছে সমস্যাৰে অন্ত নোহোৱা হৈছে দেখোন৷ মাটিডোখৰতো চালি এখন তুলিব লাগে৷ সিফালে দেউতা আজি যাওঁ কাইলৈ যাওঁ অৱস্থাত আছে৷ এই বছৰ নহ’ব দিয়া৷ অহা বছৰ কিবা এটা কৰিব লাগিব৷
পিছে সেই অহা বছৰটো আৰু কেতিয়াও নাহিল৷ দেউতাক ঢুকোৱাৰ পিচত অকলশৰীয়া মাকক নিজৰ লগতে ৰাখিবলগীয়া হোৱাত আৰোহী এটা দিনৰ কাৰণেও বাহিৰ ওলাব নোৱাৰা হ’ল৷পৰিয়ালৰ সুখৰ যোৰা মাৰিবলৈ গৈ নিজৰ সুখবোৰ ক’ত হেৰাল, বেচেৰীয়ে ভবাৰো অৱকাশ নাপালে৷ আলহী-অতিথিৰ আগত বোৱাৰীক প্ৰশংসাৰে ওপচাই দিয়া শাহুৱেকো এদিন আৰোহীৰ শিৰত হাত বুলায়ে পতিৰ ওচৰলৈ গ’ল৷ তাৰ পিচত যেন তুলাচনীত জুখিব নোৱাৰা সময়ৰ এক বৃহৎ ব্যৱধান৷
সেই যে স্বামীগৃহত পিন্ধিবলৈ মাকে দি পঠোৱা কাপোৰবোৰৰ মাজৰে তাইৰ আটাইতকৈ ভাল লগা কাপোৰযোৰ!বিয়াৰ পিচত প্ৰথম শহুৰৰ ঘৰলৈ আহিবৰ দিনা মাকৰ ঘৰৰপৰা পিন্ধি অহা ভমকাফুলীয়া কাপোৰযোৰ সলাই যিযোৰ মেখেলা-চাদৰ পিন্ধি সনতক সেৱা কৰিছিল,পিচলৈ উজ্জ্বলতা কমি যোৱাৰ ভয়ত কেতিয়াবা বিশেষ কাৰণতহে যিযোৰা কাপোৰ পিন্ধিছিল,সেইযোৰ কাপোৰেৰেই আজি আকৌ নিজকে ন-কইনাৰ দৰে সজাবলৈ মন গ’ল আৰোহীৰ৷ সেয়েহে সন্ধিয়াতে সনতে ভালপোৱা ধৰণে ৰান্ধি-বাঢ়ি সেইযোৰ মেখেলা-চাদৰকে পিন্ধি ন-কইনাৰ নিচিনাকৈ নিজকে সজালে৷ এতিয়াও ভালদৰে মনত আছে তাইৰ মুখৰ ফালে এবাৰ চায়েই পিন্ধি থকা কাপোৰযোৰত দৃষ্টি নিবদ্ধ কৰি সনতে কৈছিল৷
: কইনাৰ বস্ত্ৰ বুলি আমি দিয়া কাপোৰ সঁচাকৈয়ে ধুনীয়া বুলি সকলোৱে শলাগিছে যদিও আজিৰ এইযোৰা কাপোৰেহে যেন তোমাক বেছিকৈ শুৱাইছে৷ বিয়াত পিন্ধা কাপোৰযোৰ ৰাণীৰ দৰে; কিন্তু এইযোৰ মেখেলা-চাদৰৰ মাজত তুমি যেন এগৰাকী ‘পৰী’৷
আৰোহীয়ে ঈষৎ হাঁহিলে মাত্ৰ৷কথাটো মনত পৰি আজিও ওঁঠত মিচিকিয়া হাঁহি এটা বিৰিঙি উঠিল৷ চকীখনৰ পৰা উঠি এইবাৰ সনতৰ আগত থিয় হ’ল য’ত ষ্ট্ৰিট লাইটৰ পোহৰ পৰি টাইল্চবোৰ তিৰবিৰাই আছে৷ সপোন দেখাৰ দৰে লাগিল সনতৰ৷ অন্যমনস্ক হৈ কথা পাতি আছিল যদিও ইমান সময়ে যেন আৰোহীৰ উপস্থিতি অৱজ্ঞা কৰি আছিল৷ ডেৰকুৰি বছৰ আগতে সেই বিশেষ দিনটোত দেখা পত্নীক আজি আকৌ একেটা ৰূপত দেখি উচপ্ খাই উঠিল৷
: আৰোহী? তুমিয়ে নে সঁচাকৈ?
: এয়া চুই চাওক ময়ে সঁচাকৈ৷ এতিয়াও পৰী যেন লাগে নে বাৰু মোক?আপুনি ভালপোৱা কাপোৰযোৰ আৰু খোপাটোৰে সৈতে এয়া মই আপোনাৰ সন্মুখত৷এতিয়া আৰু আমাৰ মাজত কোনো সোমাব নোৱাৰে, আনকি আমাৰ ছোৱালী দুজনীও৷
: মই তোমাৰ প্ৰতি বহুত অন্যায় কৰিলোঁ আৰোহী৷ সময় উভতি অহা হ’লে এই জনমতে তোমাক মই আকৌ সেই তোমাৰ প্ৰাণৱন্ত দিনবোৰ ওভতাই দিলোঁহেঁতেন৷সময় বৰ নিষ্ঠুৰ৷
: কিয় সময়ক দোষ দি পলাব খুজিছে আপুনি? মই যে কৈছিলোঁ সময় মই ধৰি ৰাখিম উচিত সময় অহালৈ৷ আজিও সেই সময় আমাৰ হাতৰ মুঠিত, ত্ৰিশ বছৰ আগতে পিন্ধা সেই ব্লাউজটোৱে চিলাই নোখোলাকৈ আজিও পিন্ধিছোঁ, এয়া সময় ধৰি ৰখাৰ প্ৰমাণ নহয়নে? কোনো আসোঁৱাহ ধৰিব নোৱৰাকৈ শাহু-শহুৰৰ সেৱা কৰিলোঁ, ছোৱালীহঁতক ওজৰ-আপত্তি কৰাৰ অকণো সুবিধা নিদিলোঁ৷ এতিয়া কাৰো কথা চিন্তা কৰাত নাই৷ নিজৰ মতে চলিম আমি৷
আন্ধাৰ পোহৰৰ মাজতে দেখা গ’ল সনতৰ দুচকুৰ কোণত দুটা মুকুতামণি, সৰুৱাবলৈ চেষ্টা নকৰি পত্নীৰ ফালে কেবল তধা লাগি চাই থাকিল৷ আকৌ ক’লে আৰোহীয়ে……..
: আৱেগেৰে মৰম দেখুৱাই একো লাভ নাই৷ বাস্তৱলৈ আহক৷ দক্ষিণলৈ যোৱাৰ ইচ্ছা থাকিয়ে গ’ল৷ পিছে তালৈ নাযাওঁ এতিয়া, সেয়া পিছৰ বছৰলৈ থ’লোঁ; এতিয়াই টিকট কাটক চিমলালৈ যাম আকৌ৷ সিবাৰৰ নিচিনা ঘোঁৰা চেকুৰাম, স্কাই ডাইভ কৰিম, বৰফৰ মাজত সৌ সিদিনাৰ নিচিনাকৈ আকৌ শুষ্ক স্নান কৰিম৷ যদি আমাৰ দুয়োৰো নাম লিখা গছজোপা এতিয়াও আছে, সেই নামৰ পাচত আৰু দুটা নাম খোদিত কৰিম; নমিতা আৰু অনিতা৷ হেৰোৱা দিনবোৰ আমি এনেকৈয়ে ওভতাই আনিম৷ইয়াতকৈ মোক আৰু একো বেছি নালাগে৷ আনকি আমি যোৱা খবৰ ছোৱালী দুজনীকো নিদিওঁ৷
সনতৰো যেন জড়তাই কোঙা কৰা মনটো আকৌ সতেজ হৈ উঠিল, সেই ডেৰকুৰি বছৰীয়া ডেকাটোৰ দৰে৷ আৱেগত ক’ব নোৱৰা হৈ দুয়ো দুয়োকে সাৱটি ধৰিলে যেন এহাল প্ৰাণৱন্ত ডেকা-গাভৰুৰ পুনৰ্মিলনহে।
*******
6:10 PM
ৱাও সুন্দৰ।