অব্যক্ত যন্ত্ৰণা,মূল : গী দ্য মোপাছাঁ,ভাৱানুবাদ-ড° মৃদুস্মিতা ফুকন

ফুলৰ বতৰ। ফুলনিখনত বসন্তৰ পৰশ সুষ্পষ্ট। মধ্যবয়সীয়া ভদ্ৰলোক দুজনে ফুলনিৰ মাজে মাজে খোজকাঢ়ি আছে। দুয়োজন ল’ৰালিৰে বন্ধু। এজন কেবিনেটৰ সদস্য আৰু আনজন চ’নেটৰ সভ্য। এওঁলোক দুয়োজনেই সম্ভ্ৰান্ত, প্ৰভাৱশালী, গম্ভীৰ আৰু চিন্তাশীল। 

দুয়োৰে মাজত সমকালীন ৰাজনীতি লৈ আলোচনা চলিছিল সেই আলোচনাত কল্পনা লেখমাত্ৰও নাই — যথেষ্ট বস্তুনিষ্ঠ আলোচনা। কিন্তু অলপ সময়ৰ পাছতে বিষয়টো একান্ত ব্যক্তিগত হৈ উঠিল। যুক্তি-তৰ্কতকৈ সেইটোৱেই বেছি আকৰ্ষণীয় যেন লাগিল। কথাই কথাই দুয়ো এৰি অহা সোণালী দিনবোৰ সুঁৱৰিবলৈ ধৰিলে। বসন্তৰ  মধুৰ বতাহজাকত দুই আত্মবিভোৰ প্ৰাণী ফুৰি থাকিল। 

দেৱালবোৰো নানা ৰঙৰ, নানা সুগন্ধৰ ফুলেৰে ভৰপূৰ। ওচৰৰে এথোপা ফুলৰ সুৰভি পচোৱা বতাহজাকে চাৰিওফালে বিয়পাই গ’ল। মন্ত্ৰী মহোদয়ে প্ৰাণ ভৰি উপভোগ কৰিলে পুষ্প পৰাগ। তেওঁ মুখ তুলি সেই ফুলৰ থোপাটোলৈ চালে। থোপাটো যেন নিবিড় বেদনাত লেউ-সেউ হৈ পৰিছে। তেওঁ ক’লে – “চোৱা, এই পুংকেশৰবোৰে শত যোজন উৰি গৈ স্ত্ৰীকেশৰক এক প্ৰাণৰ সঞ্চাৰ কৰিব, উন্মেষিত হ’ব নৱ অংকুৰ। কণমানি গুটি এটাৰ পৰাই গজালি ওলাব। সেইবোৰ আমাৰ দৰেই মৰণশীল – আকৌ আমাৰ দৰেই সেইবোৰেও জন্ম দি যায় উত্তৰ-সাধকৰ।” — এইবুলি তেওঁ বুকু ভৰি গোন্ধটো লৈ ক’লে –         “চোৱাচোন, গছবোৰ কেনে আচৰিত! সিহঁতে নিষ্ক্ৰিয় হৈয়েই সৃষ্টি কৰে আৰু বংশধৰসকলক ত্যাগ কৰে নিৰাসক্তভাৱেই। সেইবোৰৰ প্ৰতি সিহঁতৰ কোনো দায়-দায়িত্ব নাই।”

“আমিওতো তাকেই কৰোঁ।”

“সেইটোও হয়। মানুহেও মাজে মাজে নিজৰ শিশু সন্তানক ডাষ্টবিনত পেলাই দিয়ে। কিন্তু প্ৰভেদটো কোনখিনিত জানা, মানুহে সেই কাম সজ্ঞানে কৰে।”

“নহয়, মই সেইটো কোৱা নাই। মানুহৰ সমাজত জানো এনে শিশু নাই, যাৰ কোনো পিতৃ-পৰিচয়েই নাই? যাৰ জন্ম অৱহেলাত! সিহঁতৰ পিতাকৰ সৈতে এই গছজোপাৰ প্ৰভেদ ক’ত তুমি জানো নিশ্চয়কৈ ক’ব পাৰিবা, ওঠৰৰ পৰা চল্লিশ বয়সৰ মাজত তুমি যিমানবোৰ নাৰীৰ সংস্পৰ্শলৈ আহিছা, অন্ধ কামনাৰ আবেগত যৌন উপভোগ কৰিছা, সেই সকলোবোৰ অবৈধ সংসৰ্গৰ এটাও ফলৱতী হোৱা নাই? কোনে জানে, তোমাৰেই সৃষ্টি হয়তো কোনো হতভগীয়াই জেলৰ ভাত খাইছে, চুৰি-ডকাইতি কৰিছে নাইবা মাৰ-পিত কৰি দিন নিয়াইছে। অথবা তোমাৰেই জীয়াৰীয়ে অন্ধকাৰ কোনো গলিত ৰৈ তাইৰ দেহ-বিপনীৰ গ্ৰাহকক আহ্বান জনাইছে আৰু যদি কেনেবাকৈ দৈৱ-দুৰ্বিপাকত কোনোবাই তাইক বাটৰ পৰা তুলি নিছে – তেন্তে তাই হয়তো ক’ৰবাত ৰন্ধা-বঢ়া কৰিয়েই সময় কটাইছে। মনত ৰাখিবা, বাটে-পথে ঘূৰি ফুৰা বহুতো ছোৱালীৰে এনে দুই-এটা সন্তান থাকে, যাৰ কোনো পিতৃ-পৰিচয়েই নাই। দহৰ পৰা কুৰি ফ্ৰাংকৰ বিনিময়ত হোৱা যৌন-বিহাৰৰ ফল সেই অনাথ শিশুবোৰ। এই অবাঞ্চিত দলবোৰেই হ’ল আমাৰ ব্যৱসায়বোৰৰ লোকচানৰ দিশ। জানানে, কোনে জন্ম দিছে এইবোৰৰ? আমি, সকলোৱে — ভদ্ৰ, সম্ভ্ৰান্ত, সভ্য আৰু সত্‍ নাগৰিকবৃন্দই। যিবোৰ ভিক্ষাৰী, পকেটমাৰ দেখিবলৈ পাইছা, সমাজৰ যতবোৰ এই আৱৰ্জনা, জঞ্জাল – এইবোৰতো আমাৰেই সন্তান। 

এনেকৈয়ে এক লেলিহান কামনাৰ ইতিহাসে কাঁইটৰ দৰে বিন্ধি আছে আমাৰ বিবেকক। আমাৰ শান্তি কাঢ়ি নিছে স্মৃতিৰ এক দংশনে। তাতকৈও এক জঘন্য সন্দেহ, এক অনিশ্চয়তাই আমাক সদায় দহন কৰি আছে। আমি কোনো দিনেই ইয়াৰ সমাধান কৰিব নোৱাৰিম।

মোৰ বয়স তেতিয়া পঁচিছ মান হ’ব। মই আৰু মোৰ বন্ধুৱে ঠিক কৰিলোঁ, আমি খোজ কাঢ়ি কাঢ়ি দেশ ফুৰিবলৈ যাম – ঠাই চাম। বৃটেইনলৈকে যাবলৈ ঠিক কৰিলোঁ। মোৰ সেই বন্ধুজন এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ মন্ত্ৰী। পোন্ধৰ-কুৰিদিন আমি ক্যোত্‍ দ্যু নোৰ্দ আৰু ফিনিস্তাৰ ইফালে-সিফালে মহা আনন্দেৰে ঘূৰিলোঁ। তাৰ পাছত আহিলোঁ দ্যু নানেজালৈ, তেতিয়া মাৰ্চ মাহ। তাৰপৰা ঘূৰি-পকি সন্ধিয়া অন্তৰীপৰ ওচৰৰ ত্ৰিপচিছ – উত্তাল তৰংগৰ সমুদ্ৰ। আমি আহি এখন গাঁৱত ৰাতিটো কটালোঁ – কি জানো আছিল গাঁওখনৰ নামটো –। 

পাছদিনা ৰাতিপুৱা মোৰ বন্ধুজন বিচনাৰ পৰাই উঠিব নোৱাৰা হ’ল, জ্বৰৰ কোবত তেওঁৰ গোটেই শৰীৰতে ভাগৰ আৰু ক্লান্তি। বিচনা শব্দটো মই অৱশ্যে নিতান্ত অভ্যাসৰ বশ হৈহে উচ্চাৰণ কৰিছোঁ। শুকান খেৰ অলপ পাৰিয়েই আমি শুইছিলোঁ। তাত সেইদৰে জ্বৰৰ গাৰে পৰি থকাটো অসম্ভৱ বুলি জানিয়েই মই তেওঁক টানি উঠালোঁ আৰু তাৰ পৰা কোনোমতে গৈ আবেলি চাৰি বজাত আদিয়ান পালোঁগৈ। পিছদিনা বন্ধুৱে কোনোমতে গাটো অলপ টঙাই লোৱাত আমি বাট বুলিলোঁ; কিন্তু দুপৰীয়াৰ আগে আগে তেওঁ আকৌ অসুস্থ হৈ পৰিল। অতি কষ্টেৰে আমি আহি অৱশেষত পন্ত লাবি আহি পালোঁহি। ভাগ্যে অতিথিশালা এটা বিচাৰি পালোঁ। বন্ধুক বিচনাত শুৱাই কুইম্পাৰৰ পৰা ডাক্তৰ আনিবলৈ পঠালোঁ। ডাক্তৰে আহি ক’লে, জ্বৰ খুব বাঢ়িছে। পাছে তেওঁ ৰোগটো ঠিককৈ ধৰিব নোৱাৰিলে। 

পন্ত লাবিলৈ কেতিয়াবা গৈছা নে? যোৱা নাই! ঠাইখন বৃটিছৰ উপনিবেশ বুলি কোৱা হয়। তাৰ মানুহবোৰৰ চাল-চলন, আচাৰ-ব্যৱহাৰত সেই প্ৰাচীন ঐতিহ্য এতিয়াও অটুট আছে। অকণো সলনি হোৱা নাই। মোৰ পাপৰ পৰাচিত কৰিবলৈ আজিও প্ৰতি বছৰে মই তালৈ যাওঁ। 

তাতে এটা পুৰণি দুৰ্গ আছে, তাৰ পিৰালিটো ওচৰৰ হ্ৰদ এটাৰ ঢৌৱে চুইছেহি। বৰ দ হ্ৰদটো। তাৰ পানী কাজলবৰণীয়া, চালে কিবা ভয় ভয় লাগে। ৰাতিপুৱা বনৰীয়া হাঁহবোৰ আহি হ্ৰদটোত পৰেহি। চহৰখনৰ কাষেদি নৈ এখনো বৈ গৈছে। নদীখন সেই হ্ৰদটোৰ পৰাই ওলাইছে। বাট-পথ, ঘৰ-দুৱাৰবোৰ পুৰণি, সৰু-মধ্যযুগীয় ধাৰণাৰে সজা। মানুহবোৰে এতিয়াও মূৰত দীঘল দীঘল টুপী পিন্ধে। তেওঁলোকৰ গাত বেজীৰে মিহিকৈ ফুল তোলা চোলা। তেওঁলোকে এটাৰ ওপৰত এটাকৈ জাপি জাপি চাৰিটামান চোলা পিন্ধে। একেবাৰে তলৰ চোলাটো আধা হাতমান চুটি। এটাৰ কান্ধলৈকে পটি লগোৱা আৰু একেবাৰে ওপৰত এটা চুটি জেকেটৰ দৰে চোলা। ছোৱালীবোৰ ধুনীয়া, শকত-আৱত। সিহঁতৰ বুকুত টানকৈ বন্ধা ডাঠ কাপোৰৰ ব্লাউজ। কাপোৰৰ টান বান্ধটোৰ বাবে সিহঁতৰ উঠন নিপোটল বুকু্ৰ সামান্যতম আভাসো পোৱা নাযায়। সিহঁতৰ মূৰৰ সাজোন-কাচোন অদ্ভূত। কাণৰ দুয়োকাষে দুটা ফুলাম পটি ওলমি থাকে। চুলিবোৰ পিছলৈ টানি টানি ফণিয়াই লয়। কান্ধৰ ওপৰেদি চুলিকোছা নি মূৰৰ ওপৰত চূড়া তুলি বান্ধি থয় আৰু তাত সোণ-ৰূপৰ বিবিধ ৰকমৰ কাকৈবোৰ লগায়। 

আমি থকা অতিথিশালাটোৰ পৰিচাৰিকাজনী ওঠৰ বছৰীয়া যুৱতী। তাইৰ চকু দুটা পাতল নীলা আকাশৰ দৰে। দুটা ক’লা বিন্দুৰ দৰে তাইৰ চকুৰ মণিযোৰ – সুগভীৰ মন চুই যোৱা চাৱনি। তাইৰ হাঁহি ভৰা মুখৰ সুন্দৰ ডালিমগুটীয়া দাঁতকেইটা দেখিলে ভাৱ হয়, তাত শিলেও কামোৰ বহুৱাব পাৰে! পাছে তাই ফৰাচী ভাষাৰ ‘ফ’টোও নাজানে। মনৰ ভাৱ প্ৰকাশৰ একমাত্ৰ বাহন আছিল তাইৰ নিজৰ ভাষা। 

ইফালে মোৰ বন্ধু সুস্থ হৈ উঠাৰ কোনো লক্ষণ নাই। ঘূৰা-পকা দূৰৰে কথ, ডাক্তৰে সম্পূৰ্ণ জিৰণিৰহে পৰামৰ্শ দিছে। সাতে-পাঁচে ময়ো ৰোগীৰ বিচনাৰ কাষতে দিন কটাবলগীয়া হ’ল। পৰিচাৰিকাজনীয়ে যেতিয়াই- তেতিয়াই অহা-যোৱা কৰি থাকে। তাই কেতিয়াবা মোৰ আহাৰ আনে, কেতিয়াবা ৰোগীৰ পথ্য আনে। 

প্ৰায়েই ইচ্ছা হয়, তাইৰে সৈতে যেন হাঁহি-তামাচা কৰিম। আমনিও লাগিছে, কিন্তু আমাৰ কোনোজনেই কথা পাতিব নোৱাৰোঁ – কোনেও যে কাৰো ভাষা নাজানো!

সেইদিনা বহুত পৰলৈকে সাৰে আছিলোঁ। বন্ধুৰ টোপনি যোৱাত মই মোৰ কোঠাত শুবলৈ উঠি আহিছোঁহে মাত্ৰ। তেনেতে দেখিছোঁ, ঠিক দুৱাৰ-মুখতে পৰিচাৰিকাজনী। তাই নিজৰ কোঠালৈ উভতি গৈছিল। হঠাত্‍, আগ-পিছ একো নুগুনি, ধেমালিৰ ভংগীতে দুহাতেৰে তাইৰ কঁকালত সাৱটি ধৰিলোঁ। বেচেৰীয়ে বিস্ময়ত হতবাক হোৱাৰ আগতেই তাইক মোৰ কোঠাত সুমুৱাই দুৱাৰখন ভিতৰৰপৰা ভালকৈ বন্ধ কৰি দিলোঁ! তাই বিস্মিত হৈ পৰিল, ভয়তে মুখৰ মাত-বোল বন্ধ হ’ল। তাই বোধকৰো ভয়তে চিঞৰিব খুজিছিল, অথচ এটা শব্দও মুখেৰে উলিয়াব পৰা নাই। এক কেলেংকাৰীৰ আতংকই যেন তাইৰ ডিঙিটো চেপি ধৰিছে। যিটো কথা জনাজাত হ’লে, মালিকে হয়তো তাইক চাকৰিৰ পৰাই বৰ্খাস্ত কৰিব। তাতকৈও বেছি শাস্তি – হয়তো তাইৰ হাড়-মূৰ গুড়ি কৰি দিব পাৰে। প্ৰথমতে ঘটনাটো ধেমালিৰ দৰেই ঘটি গ’ল যদিও বন্ধ কোঠালিটোত তাইক অকলে পাই অন্ধ কামনাত মই আত্মহাৰা হৈ গ’লোঁ। বহুপৰ আমি দুয়ো নি:শব্দে টনা-আজোঁৰা কৰি থাকিলো। আমি দুয়ো যেন দুটা মালহে! আঁচোৰা-আঁচুৰি, কামোৰা-কামুৰি, চিকুটা-চিকুটি আমাৰ মাজত চলি থাকিল। উশাহ-নিশাহ বন্ধ হৈ যাওঁ যেন হ’ল। দুয়ো বেচ ঘামিছোঁও। এটা কামোন্মক্ত পশুশক্তিৰ বিৰুদ্ধে তাই শৰীৰৰ সমস্ত শক্তিৰে প্ৰচণ্ড প্ৰতিৰোধ কৰিছে। মাজে মাজে কোঠাটোৰ চকী-মেজবোৰতো খুন্দা খাইছোঁ। শব্দত কেনেবাকৈ কাৰোবাৰ টোপনি ভাঙিব পাৰে বুলিও সচেতন হৈ দুয়ো আকৌ কেইমুহূৰ্তমানৰ বাবে লৰচৰ কৰাও বন্ধ কৰি দিওঁ। এই ক্ষণিকৰ বিৰতিৰ পাছত আকৌ আৰম্ভ হয় আমাৰ সেই বিৰামবিহীন সংগ্ৰাম – মোৰ পুনৰাক্ৰমণ আৰু তাইৰ আত্মৰক্ষা। এসময়ত লাহে লাহে তাই ভাগৰত লেবেজান হৈ পৰিল। যুঁজি যুঁজি ভাগৰি নিস্পন্দ দেহেৰে তাই মজিয়াত লুটি খাই পৰিল। এইবাৰ তাই আৰু বাধা দিব নোৱাৰিলে। 

সময় থমকি ৰ’ল কিছু পৰৰ বাবে। পাশৱিকতাৰ উদ্দাম উন্মাদনাত তেতিয়া মই নিজকে হেৰুৱাই পেলাইছিলোঁ। মোৰ ওচৰৰ পৰা মুক্তি পাই তাই দৌৰি পলাল। তাৰ পাছত দুদিনমান মই তাইক দেখা নাই। মোক আৰু কাষলৈকে আহিবলৈ দিয়া নাছিল তাই। মোৰ বন্ধু ইতিমধ্যে সুস্থ হৈ উঠিছে। ঠিক কৰিলোঁ, পলম নকৰি পাছদিনাই আমি যামগৈ। সেইদিনা মাজৰাতি, মোক নীৰৱে অনুসৰণ কৰি তাই আহি মোৰ কোঠাত সোমালহি। শুদা ভৰি – গাত শ্লিপিং গাউনটো। তাই বিনা বাক্যে জাপ মাৰি আহি মোক দুহাতে টানি আনি জোৰেৰে সাৱটি ধৰিলেহি। গোটেই ৰাতি সেইদৰে মোৰ বুকুত মুখখন গুজি দি তাই উচুপি উচুপি কান্দি থাকিল। আমি কোনেও কাৰো ভাষা নাজানো। তাইৰ চকুৰ পানীতে তাইৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিলোঁ। মৰমীয়াল নাৰীৰ দৰে তাই মোৰ পৰিচৰ্যা কৰি থাকিল। পুৱাৰ পোহৰত দেখিলোঁ, তাইৰ সুগভীৰ ব্যথাভৰা চকু দুটা চকুলোৰে ভৰা। সেয়াই আমাৰ শেষ দেখা। 

ঘটনাটো পাহৰি যাবলৈ মোৰ অৱশ্যে বেছি সময় নালাগিল। তদুপৰি ঘূৰি-পকি ফুৰিলে দুই-এটা ঘটনা ঘটেই আৰু হোটেলৰ দাসীসকলে অতিথি পৰিচৰ্যা কৰেই – এইটো সেই ধৰণৰ স্বাভাৱিক ঘটনাই বুলিব পাৰি। 

ইয়াৰ পাছত ডেৰ কুৰি বছৰ পাৰ হৈ গ’ল। ইয়াৰ মাজত ময়ো পন্ত লাবিলৈ যোৱা নাই। গতিকে ঘটনাটো একেবাৰে পাহৰি গৈছোঁ। সেইবোৰৰ মাজতে বৃটেইনলৈ যাবলগা হৈছিল – গৱেষণাৰ বাবে কিছু তথ্যৰ প্ৰয়োজন হৈছিল। আকৌ আহিলোঁ সেই চহৰখনলৈ। আচৰিত দেখিলোঁ – একোৱেই সলনি হোৱা নাই। সেই একেই পুৰণি দুৰ্গ — সেই একেই সাগৰৰ নীলা ঢৌ। সেই পুৰণি অতিথিশালাটোতহে মাত্ৰ আধুনিকতাৰ সামান্য পৰশ লাগিছে। মই সোমোৱাৰ লগে লগে মৰমলগা চেহেৰাৰ দুজনী পাটগাভৰু হাঁহি মুখে আগবাঢ়ি আহিল। তেওঁলোকৰো বুকুত কাঁচুলি, মূৰত ৰূপৰ কাকৈ, কাণৰ কাষত ওলমি থকা দুডাল দীঘল ৰেচমী পটি। 

সন্ধিয়া মই ৰাতিৰ আহাৰৰ বাবে বহোঁতে মেনেজাৰজনেই মোক সোধ-পোচ কৰিলে। হঠাত্‍ কি জানো দুৰ্বুদ্ধি হ’ল- তেওঁক সুধিলোঁ, পুৰণা মালিকৰ বিষয়ে তেওঁ কিবা জানে নেকি? – মানে প্ৰায় ডেৰ কুৰি বছৰৰ আগতে মই আহোঁতে যিজন মালিক আছিল তেওঁৰ কথা সুধিলোঁ। 

“তেতিয়া মোৰ দেউতাই ইয়াৰ মালিক আছিল।”—মেনেজাৰজনে উত্তৰ দিলে। 

তাৰ পাছত মই তেওঁক ক’লোঁ – “মোৰ বন্ধুজনৰ অসুখ হোৱাত মই ইয়াতে কেইদিনমান থাকিবলগা হৈছিল।”

“মোৰ মনত পৰিছে”— তেওঁ ক’লে। “তেতিয়া মোৰ বয়স যোল্ল মান আছিল। আপুনি সৌ চুকৰ কোঠাটোত আছিল আৰু আপোনাৰ বন্ধুজন আছিল ৰাস্তাৰ কাষৰ সৌ কোঠাটোত। মই এতিয়া তাতে থাকোঁ।”

তেতিয়া সেই কিশোৰী পৰিচাৰিকাজনীৰ কথা মোৰ মনত পৰিল। মই সুধিলোঁ – “তেতিয়া যে ছোৱালী এজনীয়ে পৰিচাৰিকাৰ কাম কৰিছিল, তোমাৰ মনত আছে নে? বৰ ভাল ছোৱালী, তাইৰ চকুহাল আছিল দীঘল টনা টনা আৰু দাঁতকেইটা আছিল ডালিমগুটীয়া।”

“মনত আছে। সন্তান এটা প্ৰসৱ কৰাৰ সময়তে তাই ঢুকাল।”

চোতালতে লেংপেঙীয়া খোৰা ল’ৰা এটাই গোবৰ চাফা কৰি আছিল। তাৰ ফালে আঙুলি টোঁৱাই তেওঁ ক’লে – “সৌটো তাইৰে ল’ৰা।”

“হয় নেকি? ল’ৰাটো দেখোন মাকৰ নিচিনা ধুনীয়া নহ’ল। হয়তো বাপেকৰ চেহেৰা পাইছে, নে কি কোৱা?”— নিজৰ ৰসিকতাত মই নিজেই হাঁহিলো|

“হ’ব পাৰে।”— মেনেজাৰজনে ক’লে। “কিন্তু কোন ধুৰন্ধৰ যে তাৰ বাপেক সেইটোহে কোনেও নাজানে। তাই বেচেৰীয়ে কোনো পধ্যেই কাৰো নাম নক’লে। তাইৰ যে এনেকুৱা কোনোবা আছে – তাৰো কোনেও গমকে নাপায়। তাইৰ যেতিয়া কেঁচুৱা হ’ব বুলি জনা গ’ল, তেতিয়াতো সকলো অবাক। প্ৰথমতে কথাটো কোনেও বিশ্বাসেই কৰা নাছিল।”

মোৰ মেৰুদণ্ডই দি যেন হিম চেঁচা পানী এসোঁতাহে বৈ গ’ল। এটা অস্বস্তিকৰ অনুভূতিয়ে মোৰ উশাহ-নিশাহ বন্ধ কৰি পেলালে। কোনো এক আতংকৰ পূৰ্বাভাষে মোক যেন যন্ত্ৰণাত আচ্ছন্ন কৰি পেলালে। ভয়ে ভয়ে মই চোতালৰ সেই ল’ৰাটোলৈ চালোঁ। দুহাতে দুটা বাল্টি লৈ লেঙেৰিয়াই লেঙেৰিয়াই সি ঘোঁৰাৰ বাবে পানী আনিছে। গাত এখন ফটা-ছিটা কম্বল। মূৰত একোচা শুকান জপৰা চুলি।

মেনেজাৰজনে কৈ গ’ল – “এই হতভগীয়াটো কোনো কামৰ মানুহ নহয়। আন দহোটা মানুহৰ দৰে সিও সাধাৰণ মানুহ এটা হোৱা হ’লেও ভাল আছিল। কিন্তু কি কৰিম – মাক বাপেক কোনো নাই, কোনো আত্মীয়-কুটুমো নাই। দেউতাই তাক মৰম কৰি ৰাখিছিল। কিন্তু যিমানেই নহওক, সিটো আৰু তেওঁৰ নিজৰ সন্তান নহয়।”

মই মনে মনে ৰ’লো। কোনো উত্তৰ নিদিলোঁ। সেই ঘৰটোত, সেই চিনাকি বিচনাখনত শুই শুই ওৰে ৰাতি মই চকুৰ টিপ এটাকে মাৰিব নোৱাৰিলোঁ। বাৰে বাৰে মনলৈ আহিছে ঘোঁৰাশাল চাফা কৰা সেই ল’ৰাটোৰ ছবি। যন্ত্ৰণাত ছটফটাই আছোঁ – সি যদি সঁচাকৈয়ে মোৰ ল’ৰা হয়। হয়তো ময়েই তাৰ বাপেক। ময়েই তাৰ মাতৃহন্তা, ভাবি ভাবি একোৰে ওৰ নোপোৱা হ’লো। অসম্ভৱ নহয়, হয়তো এইটোৱেই সঁচা। মনে মনে ঠিক কৰিলো ল’ৰাটোক পাছদিনা মাতি আনি তাৰ সঠিক বয়সটো জানি ল’ম। কেইটামান মাহৰহে ধৰাবন্ধা হিচাপ – তাকে হ’লেইতো সকলো গণ্ডগোলৰ ওৰ পৰিব। 

পাছদিনাই ল’ৰাটোক  মাতি পঠালোঁ। কিন্তু মোৰেই দুৰ্ভাগ্য, সিও তাৰ মাকৰ দৰেই, ফৰাচী ভাষা ক’ব নোৱাৰে। বোবাৰ দৰে অসহায় দৃষ্টিৰে সি দাঁত নিকটাই মোলৈ চাই থাকিল। একেবাৰে নিৰ্বোধ ল’ৰা। মোৰ হৈ এগৰাকী পৰিচাৰিকাই তাক তাৰ বয়সটো সুধিলে। পিছে সি নিজৰ বয়সটো নাজানে। জন্তুৰ দৰে নানান অংগী-ভংগী কৰি সি নীৰৱে থিয় হৈ থাকিল। সি কেৱল তাৰ মোটোহা-মোটোহা আঙুলীকেইটাৰে টুপীটো পকাইছে আৰু মুখেৰে অৰ্থহীন অস্ফুট শব্দ কিছুমান কৰিছে, মই চাবলৈ মন কৰা নাছিলোঁ যদিও, তাৰ চকু আৰু ওঁঠৰ কোণত উত্‍পন্ন হোৱা তাৰ মাকৰ দৰে সেই হাঁহিটো মোৰ চকুৰ পৰা সাৰি নগ’ল। 

মেনেজাৰজনে তাৰ জন্মৰ চাৰ্টিফিকেটখন বিচাৰি আনিলে। দেখা গ’ল, এই হতভগীয়া জীৱটোৱে পৃথিৱীৰ পোহৰ দেখিছে মই পান্ত লাবি এৰাৰ ঠিক আঠ মাহ ছাব্বিছ দিনৰ পাছত। কাৰণ মোৰ ঠিক মনত আছে, আমি লোৰিয়েঁ পাইছিলোহি পোন্ধৰ আগষ্ট তাৰিখে। চাৰ্টিফিকেটত সুস্পষ্ট আখৰেৰে লিখা আছে – ‘পিতৃ পৰিচয় অজ্ঞাত, মাকৰ নাম – জেন কেৰাদেক।

মোৰ বুকুখনে অশান্তভাৱে ধপধপাবলৈ ধৰিলে। শৰীৰৰ ভিতৰত উতলি থকা তেজৰ ধাৰাটোৱে যেন মোৰ মুখৰ মাত হৰি নিলে। নিৰ্বাক বিস্ময়েৰে মই সেই পশু সদৃশ মানুহটোৰ চকুলৈ চাই ৰ’লোঁ। অস্বস্তিত সি চকু নমালে। তাৰ পাছত আপ্যায়নৰ ভংগীত কোনোমতে মিচিককৈ হাঁহি এটা মাৰি ল’ৰাটো পলাল।

সেইদিনা দিনটো নদীৰ পাৰে পাৰে ঘূৰিলোঁ। স্মৃতিৰ বিবৰ্ণ পাতবোৰ অনুশোচনাৰ বেদনাত ৰক্তাক্ত কৰি পেলালোঁ। কিন্তু হায়! ভাবি ভাবি কি হ’ব? ভাল বেয়া প্ৰত্যেকটো কথাৰে খুঁটি-নাটি যুক্তিৰ নিৰিখতহে বিচাৰ কৰা দৰকাৰ। ময়েই সেই ল’ৰাটোৰ বাপেক নেকি? নাই, মই নহয়। একো লাভ নহ’ল, আকৌ সন্দেহৰ জালে মেৰিয়াই মেৰিয়াই ধৰিলে। বাৰে বাৰে ঘূৰি আহিবলগা হ’ল সেই ভয়ংকৰ অনিশ্চয়তাৰ অন্ধকাৰলৈ। ক্ৰমশ: এটা দৃঢ়বিশ্বাসে মনৰ মাজত কুণ্ডলী পকাই বহিল – এই হতভগীয়া প্ৰাণীটো মোৰেই ঔৰষজাত সন্তান। ময়েই তাৰ জন্মদাতা পিতৃ। সন্ধিয়া খোৱা-বোৱাও কৰিব নোৱাৰিলোঁ। অৰুচিৰ গ্লানি বুকুৰ ভিতৰৰপৰা ওলাই আহিল। লাইটটো নুমুৱাই শুই পৰিলোঁ। চকুলৈ টোপনি নাহিল। শেষৰাতি তন্দ্ৰাই আৱৰি ধৰাৰ মুহূৰ্তত কিবা এক দু:স্বপ্নৰ আতংকত চিঞৰি দুহাতেৰে বুকুখন হেঁচা মাৰি ধৰি উঠি বহিলোঁ। গোটেই গাটো ঘামেৰে তিতি গৈছে। দেখিলোঁ, জন্তুটোৱে মোলৈকে চাই দাঁত নিকটাই হাঁহিছে, দেউতা বুলি মাতিছে। তাৰ পাছত জন্তুটো যেন হঠাতে এটা কুকুৰ হৈ গ’ল। দৌৰি আহি সি মোৰ ভৰিত জোৰেৰে কামোৰ মাৰি দিলেহি। মই দৌৰি পলালোঁ – সিও মোৰ পিছে পিছে খেদি আহিল। সি কিন্তু কুকুৰৰ দৰে ভুকা নাই – মানুহৰ দৰে কিবাকিবি কৈ মোক ধিক্কাৰ দিছে। শেষত সি আহি বিশ্ববিদ্যালয়ৰ সভাঘৰত উপস্থিত হ’লহি। তাত চ’নেটৰ সদস্যসকল মোৰ পিতৃত্বৰ বিচাৰ কৰাৰ বাবে উপস্থিত আছিলেই। তাৰ মাজৰে এজনে অলপ ডাঙৰ মাতেৰে ক’লে – “সন্দেহ কৰিবলগা একো নাই; ক’তনো মিল দেখিছে?” মই অন্তৰেৰে অনুভৱ কৰিছোঁ – এই হতভগীয়াটোৰ চেহেৰাৰ মোৰ সৈতে মিল আছে। এই ধাৰণাই মোৰ মনত একেবাৰে সাঁচ বহুৱাই দিছে। 

টোপনি ভাগি যোৱাত অস্থিৰ হৈ পৰিলোঁ। তাক এবাৰ চাবলৈ মন গ’ল – মোৰ নিজৰ সৈতে তাক এবাৰ মিলাই চাবলৈ বৰ মন গ’ল। 

দেওবাৰৰ ৰাতিপুৱা, গীৰ্জালৈ যোৱা বাটতে তাক দেখিলোঁ – পাঁচ ফ্ৰাংক তাৰ হাতত দি তাক তন্ন তন্নকৈ চালোঁ। মোহৰটো হাতত লৈ তাৰ মুখত অসহায়ৰ অক্ষম হাঁহিটো ফুটি উঠিল। সি এবাৰ অস্বস্তিত চটফটাবলৈ ধৰে আৰু তাৰ পাছতে অস্পষ্ট শব্দ কিছুমান মুখৰ ভিতৰতে বিৰবিৰাই দৌৰি পলায়। হয়তো ধন্যবাদ জনায়। মই সেইদিনাও বৰ যন্ত্ৰণাত কটালোঁ!

ৰাতি হোটেলৰ মেনেজাৰজনক মাতি পঠালোঁ খুব সাৱধানেৰে, অনেক কৌশল কৰি এক নিস্পৃহ স্বৰেৰে তেওঁক জনালোঁ যে, সেই অনাথ ল’ৰাটোৰ প্ৰতি মোৰ মায়া উপজিছে, তাৰ বাবে মই কিবা এটা কৰিব খুজিছোঁ।

মেনেজাৰে উপদেশ দিলে – “তাৰ বাবে আপুনি একো নাভাবিব, ডাঙৰীয়া। তাৰ বাবে আপোনাৰতো একো লাভ নহয়েই, বৰং জঞ্জালহে চপাই লোৱা হ’ব  আমাৰ ইয়াত সি দুবেলা দুমুঠি খাই ঘোঁৰাশালৰ চুকতে পৰি থাকে। সেই কামটোৱেই সি কৰিব পাৰে আৰু তাৰনো খৰচ কি? পুৰণা কানি-কাপোৰ কিবা আছে যদি তাৰে দুটামান তাৰ বাবে দি যাব পাৰে। অৱশ্যে সেই কেলেহুৱাটোৱে সেইবোৰ দুদিনতে ফালি চিৰিলা-চিৰিল কৰিব।”

মই আৰু একো নক’লোঁ, অলপ ভাবিলোঁ। অলপ পাছতে হতভগীয়াটো মদৰ নিচাত থৰক-বৰককৈ আহি ঘোঁৰাশাল পালেহি। অলপতহে ঘোঁৰাশালত জুই নলগালে। সেইবোৰ গোলমাল শেষ হোৱাৰ পাছত সি কোৰ এখন লৈ খুঁটি এটা উভালি পেলালে। তাৰ পাছত চোতালৰ বোকাৰ দ’মটোতে বাগৰি বাগৰি বৰষুণত তিতি-বুৰি সেইফালেই তাৰ টোপনি গ’ল। মই দিয়া ধনেৰে তাৰ সেয়াই উপকাৰ হ’ল। 

পাছদিনা মেনেজাৰজন আহি মোক অনুৰোধ কৰিলে মই যেন তাক পা-পইচা একো নিদিওঁ। মদৰ নিচাত সি পগলাৰ দৰে হয় আৰু হাতত ধন পৰিলে সি মদ খাবই। তেওঁ ক’লে, তাক যদি একেবাৰে মাৰি পেলাবৰ মন নাই, তেতিয়াহ’লে তাক যেন পা-পইচা নিদিও।

ল’ৰাটোৱে জীৱনত ধন-বিত একো পোৱা নাই। কোনোবাই যদি কেতিয়াবা তাক দুই চাৰি পইচা দিয়েও তেন্তে সেইকেইটা লৈ মদৰ ঘাটিত সোমোৱাৰ বাহিৰে বেলেগ কথা তাৰ মনলৈ নাহেই। 

ঘৰলৈ আহি মই কিতাপ এখন মেলি ল’লোঁ। পঢ়াৰ ভাওহে ধৰিলোঁ মাত্ৰ – এশাৰীও পঢ়িব পৰা নাই। কিতাপৰ পাতত দেখিছোঁ সেই পশুটোক – মোৰ ল’ৰাক – মোৰ নিজৰ ল’ৰাটোক। তাৰ মাজত মোৰ মিলখিনি বিচাৰিছোঁ। চাওঁতে চাওঁতে অৱশেষত ভাৱ হ’ল তাৰে সৈতে মোৰ যেন কপালৰ ৰেখাতে মিল আছে। তাৰ আৰু মোৰ মাজত যেন অনেক অদৃশ্য সাদৃশ্য আছে, যিবোৰ ঢাকি আছে তাৰ সেই জপকা শুকান চুলিকোচা আৰু লেতেৰা কাপোৰযোৰে। আৰু বেছি দিন থাকিব নোৱাৰিলোঁ। মানুহৰ মনত সন্দেহ হ’ব পাৰে। সেয়ে ভাৰাক্ৰান্ত মন লৈয়েই মই উভতি আহিলোঁ। আহিবৰ সময়ত মেনেজাৰজনৰ হাতত অলপ ধন দি আহিলোঁ। ক’লো – ধনখিনি যেন সেই অনাথ ল’ৰাটোৰ কল্যাণৰ বাবে খৰচ কৰা হয়। 

যোৱা ছটা বছৰে এই একেটা চিন্তাই দিনে-ৰাতিয়ে মোক খুলি খুলি খাই আছে। এই সৰ্বনশীয়া অনিশ্চয়তা, এই নিদাৰুণ সমস্যাত মই নিপীড়িত। প্ৰতি বছৰে, এক দুৰ্নিবাৰ আৱেগে মোক টানি লৈ যায় পান্ত লাবিলৈ। বহি বহি মই তালৈকে চাওঁ। সি জন্তুৰ দৰে ঘোঁৰাশালত কাম কৰে। তাক দেখি তাৰ প্ৰতি কিবা এটা কৰিবৰ মন যায়। এইদৰেই আজিও মোৰ প্ৰায়শ্চিত্ত হৈ আছে। প্ৰতিবাৰেই উভতি আহি মোৰ মনটো গভীৰ যন্ত্ৰণাত চটফটাই থাকে। মোৰ দুখৰ বোজা বাঢ়ি যায়। মনলৈ নিদাৰুণ অৱসাদ নামি আহে। 

তাক লিখা-পঢ়া শিকাবলৈ যত্ন কৰিছোঁ। কিন্তু আচৰিতধৰণে বুৰ্বক ল’ৰাটো। তাৰ পৰিশ্ৰমৰ মাত্ৰা কমাবলৈ চেষ্টা কৰিছোঁ – ফলত তাৰ মদৰ মাত্ৰা বাঢ়িছে। কিন্তু তাৰ গোবৰেৰে ভৰা মূৰটোত এটা বুদ্ধি ভালদৰেই উদয় হৈছে – নতুন পোচাক এযোৰ দিলে সেইযোৰ নি সি কেনেবাকৈ বেচি মদ খোৱাৰ বাবে ধন উলিয়ায়। সেইটো তাক শিকাব নালাগে। তাৰ মালিকক মোহৰ দুটামান ঘোচো দিলোঁ, তাক যাতে বৰকৈ গালি-গালাজ নকৰে। মোৰ ইমানবোৰ চেষ্টা দেখি মেনেজাৰজন অলপ আচৰিতেই হ’ল। তেওঁ ক’লে – তাক যিমানে ভাল কৰিবলৈ যাব, সি সিমানে বেয়াহে হ’ব। তাক কয়দীৰ দৰে ৰাখিলেহে সি সৈমান হৈ থাকিব। কাম-কাজ কৰিবলৈ দি থাকিলেহে সি ভালে থাকে। আৰামত বহুৱাই ৰাখিলে, তাৰ মূৰত কূট বুদ্ধিবোৰে বাহ লয়। আপুনি পূণ্য অৰ্জন কৰিব খুজিছে যদি দেশৰ আনবোৰ দুখীয়া, অনাথ লোকক সহায় কৰকগৈ। এনে কোনো লোকক সহায় কৰক যি আপোনাৰ সত্‍ কৰ্মৰ মৰ্যদা বুজি পায়। 

মই আৰু কি উত্তৰ দিম? মোৰ মনত নিৰন্তৰ যি সন্দেহে দোলা দি আছে তেওঁলোকে যদি ঘূণাক্ষৰেও তাৰ কিবা সম্ভেদ পাই, তেন্তে মোক ভয় দেখুৱাই ধন আদায় কৰাৰ উপায়হে উলিয়াব। মোক বাটৰ ভিকহু কৰিব। মোৰ পিছে পিছে দেউতা, দেউতাকৈ জোকাব – সপোনত যে দেখিছিলোঁ, তেনেকৈ!

মোৰ নিজৰ ওপৰতে ঘিণ লাগিল, ময়েই যে তাৰ মাকক হত্যা কৰিছোঁ – ময়েইতো সেই অপৰিণত প্ৰাণীটোৰ সৰ্বনাশৰ মূল। নৰকৰ এই কীটটোৰ জন্ম আৱৰ্জনাত। সমাজৰ আন দহজনৰ দৰে তাৰো যদি জন্ম হ’লহেঁতেন, তেন্তে সিও সহজভাৱেই মানুহ হৈ থাকিলহেঁতেন। তাৰ এই অস্বাভাৱিক, অসামাজিক জন্মই হয়তো তাৰ মনুষ্যত্বৰ বিকাশৰ প্ৰতিবন্ধক!

তুমি ধাৰণা কৰিবও নোৱাৰিবা, মই যেতিয়া তাৰ ফালে চাই জন্মদাতা, পিতা-পুত্ৰৰ অবিচ্ছেদ্য অন্তৰংগ বন্ধনৰ কথা ভাবো মোৰ মনত এক অসহনীয় অনুভূতি জাগে। বংশক্ৰমৰ অনিবাৰ্য সূত্ৰে, তেজ-মঙহে, নানা ৰূপে সি মোৰেই প্ৰতিলিপি মাত্ৰ। তাৰ শৰীৰৰ কোষে কোষে মোৰেই দেহাশ্ৰিত ৰোগৰ জীৱাণু। তাৰ শিৰাই শিৰাই মোৰেই প্ৰথম যৌৱনৰ সেই উন্মাদ কামনাৰ প্ৰতিধ্বনি।

তাক চকুৰ আগত ৰাখিবলৈ মোৰ মনত এক দুৰ্দমনীয় বিকৃত বাসনা জাগি উঠে। অথচ তাক দেখিলেই মোৰ বুকুৰ ভিতৰখন অব্যক্ত যন্ত্ৰণাত ব্যাকুল হয়। 

খিৰিকিৰে ঘণ্টাৰ পাছত ঘণ্টা মই তালৈকে চাই থাকোঁ। সি আপোনমনে কোৰ মাৰে, কাম কৰে, মই মনে মনে কওঁ – “আয়ৈ দেহি, মোৰ সোণটো, মোৰ কলিজাটো!” মাজে মাজে তাক দুহাতেৰে সাৱটি বুকুৰ মাজত সুমুৱাই ল’বলৈ মোৰ প্ৰাণ আকুল হৈ উঠে। তথাপিও মই তাক এবাৰো চুই পোৱা নাই। তাক মই কোনোমতে চুব নোৱাৰোঁ।”

শিক্ষাবিদ এইবাৰ ৰ’ল। 

তেওঁৰ ৰাজনীতিজ্ঞ বন্ধু মন্ত্ৰী মহোদয়ে মৃদু স্বৰেৰে ক’লে – “ওঁ। অনাথ শিশুবোৰৰ বাবে আৰু কিছু পৰিকল্পনা কৰা উচিত।”

বসন্তৰ বতাহজাকে ফুলনিখন জোকাৰি গ’ল। হালধীয়া ৰেণু এসোপা উৰি আহি তেওঁলোকৰ চকু মুখ ওপচাই দিলেহি। 

ৰাজনীতিজ্ঞজনে দীঘলকৈ উশাহ এটা লৈ ক’লে – “এইবোৰ হ’লেও কিন্তু ক’মেই – পঁচিছৰ বসন্তৰ সেই দিনবোৰ বৰ মধুৰ।”       

*******

5 Comments

  • সুন্দৰ

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি। গল্প টি দুবাৰ পঢ়ি হে বুজিব পাৰিলো।কাৰ ক’ত কেনেকৈ সমন্ধ বোৰ লাগি থাকে একো গম নাপায়।

    Reply
  • কুশল মহন্ত।

    সুন্দৰ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল পালোঁ অনুবাদ টো বাইদেউ। ইংৰাজীত হে পঢ়িছিলোঁ।

    Reply
  • Kumkum Sarmabaruah

    বৰ ভাল লাগিল।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *