উপহাৰ-শুভ বৰা শইকীয়া

“মা, তুমিনো আজি ৰাতিপুৱাৰ পৰা ইমান মন মাৰি কি চিন্তা কৰি আছা? তুমি এনেদৰে মন মাৰি থকা দেখিলে মই অলপো সহ্য কৰিব নোৱাৰোঁ। তোমাৰ গা বেয়া নেকি মা? নে মোক কিবা কথাত বেয়া পাইছা? তোমাৰ কি হৈছেনো কোৱাচোন মা।”

“মোৰ একো হোৱা নাই বাবা। তোমাকনো মই কি কথাত বেয়া পাম বাৰু? মোৰ গা বেয়া লগা নাই। মনটোহে বেয়া লাগিছে। আজি দিনটোতে তোমাৰ দেউতাৰা আমাৰ মাজৰ পৰা কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গৈছিল। অতীতৰ সেই দুখৰ দিনটোৰ কথা আজি বৰকৈ মনত পৰিছে। সকলো মানুহ ৰাতি নৌ পুৱাওঁতেই খোজ কাঢ়িবলৈ যায়। আমিও গৈছিলোঁ। আনতকৈ আমি অলপ আগবাঢ়ি গৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ পালোঁগৈ। গৈ দেখিলোঁ খুব বেগেৰে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে। এনেদৰে পানী বাঢ়ি থাকিলে ক’ত, কেনেকৈ মথাউৰি ছিঙিব একো ঠিক নাই। কিন্তু ঘৰ পোৱাৰ আগতে আমাৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰ মান দূৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে মথাউৰিটো চকুৰ নিমিষতে খণ্ড বিখণ্ড কৰিলে।খবৰটো শুনি দেউতাৰাই খৰখেদাকৈ আমাৰ গাঁৱৰ সন্মুখত থকা মথাউৰিতে হালৰ বলধহাল আৰু গাই দুজনী বান্ধি থৈ আহোঁগৈ বুলি ওলাই গ’ল— “এনেকৈ পানী বাঢ়ি থাকিলে ঘৰৰ ভিতৰত পানী সোমাব পাৰে। বিশেষ প্ৰয়োজনীয় বস্তু কেইপদ সামৰি থ’বা। বাবাক ভালকৈ চাবা।” — এই কেইটা কথাই তেওঁৰ শেষ কথা।গৰু কেইটা মথাউৰিত উঠাবলৈ নৌপাওঁতেই ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে তেওঁক উটুৱাই লৈ গ’ল। আহিব আহিব বুলি বাট চাই থাকিলোঁ। তেওঁ নিজে আহিব নোৱাৰিলে। চাৰিদিনৰ পিছত তেওঁক এটা ডাঙৰ টোপোলা কৰি বান্ধি আনি চোতালত থ’লেহি। মই  চতুৰ্দিশে অন্ধকাৰ দেখিলোঁ। সেই দিনাৰ পৰাই জীৱনলৈ আঁউসীৰ ঘোৰ অন্ধকাৰ নামি আহিল। উপৰ্যুপৰি হোৱা বানে আমাৰ গাঁও খনক সৰ্বস্বান্ত কৰিলে। সকলোৱে নিজৰ আপোন ঘৰখনক হেৰুৱাই এচলীয়া টিঙৰ চালিৰ তলত থাকিব লগীয়া হ’ল। এসাঁজ ভাত আৰু এখন কাপোৰৰ কাৰণে আনৰ হাত-মুখলৈ চাব লগীয়া হ’ল। চৰকাৰৰ ফালৰ পৰা বান সাহায্য আগবঢ়াইছিল। সেয়াও আছিল সীমিত পৰিমাণৰ। অন্য নিৰাপদ ঠাইলৈ নিয়াৰ আশ্বাস দিছিল যদিও চৰকাৰে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি ম‌ই  ঘৰৰ চোতালতে খোজ কাঢ়িছোঁ। ওলাই যাব পৰা সাহস মনোবল মোৰ আজি নাই। সেই অতীতৰ স্মৃতি বোৰে মোক এনেদৰে মাজে-সময়ে আমনি কৰে।”

“অতীত সদায় অতীত। সেই অতীতৰ কথাবোৰ ভাৱি একো লাভ নাই। বৰ্তমানৰ সময় বোৰত সুখী হ’বলৈ চেষ্টা কৰা। চাবাচোন তেতিয়া তোমাৰ মনটো বহুত ভাল লাগিব। তুমি  পৰিস্থিতিৰ লগত মোকাবিলা কৰি চলিলে মোৰো ভাল লাগিব।”

“মই সকলো জানো, বুজি পাওঁ বাবা। মোৰ মন বেয়া লগাৰ আন মুখ্য কাৰণ হ’লা তুমি। পূজা বা অন্য উৎসৱ হ’লে তোমাক মই মনে বিচৰা একো দিব নোৱাৰো। সেই ক্ষেত্ৰত মই অসমৰ্থ। তোমাৰ লগৰ বোৰে পূজা বুলি নগৰলৈ যাব। গাড়ী, খেলাবস্তুকে আদি কৰি বিবিধ বস্তু কিনে। মাক দেউতাকে নিজৰ সন্তানক পূজাত দামী উপহাৰ দিয়ে। কিন্তু মই মাক হিচাপে তোমাক সামান্য কিবা এটা উপহাৰ দিবলৈও অপাৰগ। আজি বহুত কথা মনলৈ আহিছে। কেনেকৈ কোনদিনা দুখ চিন্তাবোৰ মোৰ মনৰ পৰা দূৰ হয় নাজানো।”

“মা, সেইবোৰ অনৰ্থক কথা চিন্তা নকৰিবা। তুমি মোক যি সংস্কাৰত ডাঙৰ কৰিছা, ভৱিষ্যতে মানুহ হ’বৰ বাবে যি আশীৰ্বাদ দিছা, সি পূজা-পাৰ্বণ আদিত দিয়া উপহাৰতকৈ বহু গুণে শ্ৰেষ্ঠ। পূজাত লোৱা বা দিয়া উপহাৰবোৰ এদিন ভাগি ছিগি ক’ৰবাত পৰি থাকিব। তুমি মোৰ কাৰণে কৰা যত্ন, চেষ্টা কৰি মোক আগবঢ়াই নিয়া উপহাৰটো  আজীৱন স্থায়ী হৈ ৰ’ব। মা, মই তোমাৰ পৰা আশীৰ্বাদৰ বাহিৰে অন্য একো উপহাৰ নিবিচাৰোঁ।”

“মোৰ আশীৰ্বাদ সদায় আছে। একমাত্ৰ ভগৱানক চিন্তা কৰি জীৱন বাটত আগবাঢ়ি যোৱা। সদায় অহিংসা আৰু শুদ্ধ পথেৰে নিজৰ পঢ়া-শুনাত মন দিলে এদিন অভাৱ নামৰ  জপনাখন নিজে নিজেই খোল খাব। মই আজিৰ পৰা অনাহক চিন্তা নকৰোঁ। তোমাৰ ভৱিষ্যত জীৱনটো উজ্বলাই তোলাই মোৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিম ।”

“মা, শুনা শুনা। তোমাৰ বাবে এটা ভাল খবৰ  আছে। আজি বিদ্যালয়ত বাৰ্ষিক খেল-ধেমালিৰ  বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। খেল-ধেমালিৰ বঁটাৰ লগতে বিদ্যালয়ৰ ভিতৰতে বাৰ্ষিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ বুলি মোক এহেজাৰ টকা আৰু এখন মানপত্ৰ দিছে। মা, এয়া পূজাৰ উপহাৰতকৈ বহুত ডাঙৰ উপহাৰ নহয়নে? তুমি অলপো চিন্তা নকৰিবা। মই মোৰ লক্ষ্য স্থানত উপনীত হ’বলৈ এতিয়াৰ পৰা চেষ্টা অব্যাহত ৰাখিম।”

“বাবা, তোমাৰ কথাবোৰে আজি মোক মানসিকভাৱে বহুত সাহসী কৰি তুলিলে। সদায় এনদৰে প্ৰাপ্তিৰ পথেৰে আগবাঢ়ি যোৱা। ভগৱান তোমাৰ সহায় হ‌ওঁক। অ’,বাবা তোমাক কথা এটা কোৱাই হোৱা নাই। মই আজি গামোচা বৈ দিয়াৰ বাবদ আঠশ টকা পালোঁ। তাৰে তোমাক দুখনমান ভৱিষ্যতলৈ কামত অহা কিতাপ কিনি দিব পাৰিম। আবেলি দুয়ো গ্ৰন্থ মেলালৈ যাম ওলাবা।”

“হ’ব মা। নিশ্চয় যাম। তুমি কিনি দিয়া কিতাপ মোৰ বাবে অমূল্য উপহাৰ; যি মোৰ ভৱিষ্যত জীৱনৰ সপোন বাস্তৱ হোৱাৰ লগতে মোৰ লক্ষ্য স্থান নিৰ্ণয়ত সহায়ক হ’ব।” 

মানসিকভাৱে চিন্তাগ্ৰস্ত হৈ থকা মাকৰ আজি মুকলি মনটো দেখি বাবাই মানসিক প্ৰশান্তি অনুভৱ কৰিলে।

*******

2 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *