তুমিয়েই সকলো, তোমাৰেই অপাৰ শক্তি!-ৰিমঝিম বৰঠাকুৰ

– কোন দিগে যাবি ৰে আইজনী? 

– উইদিগে যাব ৰে আমি।। 

কথাকেইটা কৈ দুয়ো ঢেকঢেকাই হাঁহি উঠিল।

– কি যে হব ৰে তৰ। ইমান দিনে আমাৰ চাথে থাকি ভী আমাৰ ভাচাটো ছিকিব নোৱাৰিলি। 

সদায় কোৱাৰ দৰে আজিও জিতেন কায়ে পৰীক কথাটো ক’লে। 

– সেইবোৰ বাদ দিয়ক আপোনাৰ মুখেৰে বেয়া বেয়া হাৱা আহিছে যে কিয়?

পৰীয়েও সদায় সোধা কথাটোকে তেওঁক সুধিলে।

– কি ক’বি ৰে দুখতে অকণমান খাই দিওঁ আৰু। গোন্ধটো একদম আমাৰ মুখতে বহি যায়।

পৰী ঘৰলৈ আহিলে এবাৰ সিহঁতৰ ওচৰে-পাঁজৰে থকা মানুহবোৰৰ খবৰ লোৱাটো নিয়মেই। ছমাহে-পষেকেই হওক বা বছৰেকতে হওক যিমানবাৰেই ঘৰখনলৈ আহে জেগাখনৰে হওক বা মানুহবোৰৰে হওক কিবা এটা পৰিবৰ্তন দেখেই; একমাত্ৰ জিতেন কাইক বাদ দি। সেইকাৰণে তাই মাজে মাজে তেওঁক জোকায় ‘চিৰ সেউজ জিতেন আমাৰ’। এইবাৰহে পৰীয়ে তেওঁৰ আগৰ ওপৰৰ ফালৰ দাঁত দুটা নথকাটো মন কৰিলে। দেহাটোও যেন আগতকৈ অলপ দুৰ্বল। চাপৰ মানুহটো আগফালে অলপ হাউলি যোৱাদি গৈ পিচফালে কুঁজটো অকণমান ওলাই গৈছে। তথাপিও কথা টকটকীয়া। আজিকালি বোলে পানীটোপা অলপ বেছিকৈ লয়। সেইটো বাৰু পৰীয়ে গম পালেই, এই দুপৰীয়াতে মুখৰ পৰা যিটোহে বাজ মাৰিছে।

জিতেন কাইৰ লগত কথা পাতি তেওঁক তাতে এৰি ব্লক দিয়া ৰাস্তাটোৰে অলপ দূৰ আগবাঢ়ি আহি তাই শিৱ মন্দিৰটোৰ ওচৰতে ৰৈ আকৌ পিচফালে এবাৰ ঘূৰি চালে। এই সময়কণত সিহঁতৰ গাঁওখন চাবলগীয়া হয়। ৰাস্তাটোৰ দুয়োদিশে কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু গছৰ ফুলবোৰে আৰু অকণ সুৱগা চৰায়। কোনে বা ৰুইছিল এই গছবোৰ তাই নাজানে। কিন্তু মনত থকাৰে পৰাই তাই দেখিছে এই সৌন্দৰ্য। পৰীয়ে অলপ সময় সেই দৃশ্য ৰ লাগি চাই থকা সময়তে হঠাতে দেখিলে জিতেন কাই অলপ খৰখোজেৰে আহিছে। পিছে পিছে সৰুটো পুতেক খগেন। 

– বাবা ঐ এনেকা নকৰিবি ৰে, বুলি চিঞৰি চিঞৰি জিতেনকাইৰ পিচে পিচে সি দৌৰি অহাদি আহিছে।

– নাথাকোৱেই যা তৰ লগত। 

জিতেনকায়েও হাতখন ওপৰলৈ দাঙি পিচফালে  ঘূৰি চাই চিঞৰটো মাৰি পৰীৰ চকুৰ আগেৰেই যিটোহে দৌৰ মাৰিলে তাই তৰ্কিবই নোৱাৰিলে।

পৰীক দেখি খগেনে সেইখিনিতেই ৰৈ ক’বলৈ ধৰিলে,

-জানিছে পৰীবাই, বাবাই আজিকালি বহুত বেছি উৎপাত কৰে। অকল চুলাই খাই থাকিবলৈ লাগে। চুলাই খাবলৈ নিদিলেই এনেকুৱা নাটকবোৰ কৰে। যাওক ক’ত মৰে মৰি থাকক, নালাগে ঘৰলৈ আহিব। মাই আৰু ককাইটো গ’লেই, এতিয়া এইটোও যাওক।

খুব উত্তেজনা আৰু ক্ষোভ মিহলি স্বৰত কথাকেইটা কৈ খগেনে অহা বাটেৰে উভতি গ’ল।

গুলপীয়া, কমলা, হালধীয়া ৰঙৰে ৰংচঙীয়া হৈ পৰা গাঁওখন দেখি চঞ্চলা হৈ উঠা পৰীজনীক খগেনৰ কথাকেইটাই কিবা এটা দুখে হেঁচা মাৰি ধৰিলে।

খগেন উভতি যোৱাৰ ফালে চাই থাকি শিৱ মন্দিৰটোৰ গেটখন খুলি তাই লাহে লাহে আগুৱাই খটখটিৰে ওপৰলৈ উঠি গ’ল। কি যে ধুনীয়া শিৱ মন্দিৰৰ চাৰিওদিশ! শাৰী শাৰী নাহৰ গছৰ মাজেৰে শিৱ মন্দিৰলৈ উঠি যোৱা চিৰিটো। এটা ঢিপত অৱস্থিত মন্দিৰটোলৈ উঠি গ’লেই সিহঁতৰ গোটেই গাঁওখন দেখা পায়। তায়ো অইনদিনাৰ দৰেই উঠি গৈ সেই বিশেষ বিন্দুটোত উপস্থিত হৈ আকৌ এবাৰ গাঁওখন চাই ল’লে। গোটেই গাঁওখন যেন প্ৰকৃতিয়ে এতিয়া আবিৰৰ ৰং চটিয়াই সোণত সুৱগা চৰাইছে। মন্দিৰটোৰ পিচফালে  থকা হাবিখনৰ পৰা ভাহি আহিছে অচিন চৰাইৰ কিচিৰ মিচিৰ শব্দ। আজি যেন সিহঁতে কথাৰ মেলাহে পাতিছে!

একেই আছে, সেই হাবি, এই শিৱমন্দিৰ। মাজে মাজে খালী মন্দিৰটো ভালে ৰখা উদ্দেশ্যে অলপ দেৱালবিলাকত অলপ ৰং-পানী ছটিওৱাৰ বাদে সকলো একেই আছে। একেই নাহৰৰ গছ, গৈয়েই ভৰি ধুব পৰাকৈ গেটৰ ওচৰতে লগাই থোৱা পানীৰ টেপটো। গেটৰ মুখতে মন্দিৰ ৰখীয়া হৈ থকা পকীৰে বনাই থোৱা ষাঁড় গৰু দুটা। লগতে সেই একে বগা ৰঙৰ ছালখন গদা আকৃতিৰ দৰে ওপৰলৈ যোৱা সোণালী ৰঙৰ দৌলটো। মাথো নাই আগৰ দৰে চিনাকি মানুহবোৰ। যেতিয়াই আহে তেতিয়াই শুনে কোনোবা এঘৰত কমি যোৱা কোনোবা সদস্যৰ কথা। 

আগতে পৰীয়ে তাইৰ কিবা মন বেয়া লাগিলেই মন্দিৰটোলৈ আহি অলপ বহি যায়। মানে একপ্ৰকাৰে এই মন্দিৰটোক তাই ‘হীলিং প্ৰচেছ’ বুলিও ক’ব পাৰি। কিমান অসহায় অৱস্থাত মহাদেৱে তাইৰ কাষত থিয় হৈ তাইক কিমান হতাশাৰ পৰা আঁতৰাই আনিছে সেয়া তেওঁ আৰু পৰীৰ বাদে কোনোৱে নাজানে।

চাৰিওফালে বতাহ সোমাব পৰাকৈ ঘূৰণীয়াকৈ হাফ ৱাল দি মুকলি কৰি থোৱা মন্দিৰটোৰ চাৰিওফালে পাক এটা মাৰি ওলমি থকা ঘণ্টাটো বজাই মন্দিৰৰ মেইন দুৱাৰখন খুলিবলৈ গৈ তাই ৰৈ গ’ল। আজিৰ দিনটোহে এইখন গাঁৱত আছে। কাইলৈ ৰাতিপুৱাই আকৌ তাই গুচি যাব নিজৰ কৰ্মস্থানলৈ। এই গোটেই সময়খিনি মন্দিৰত থাকিয়েই অতিবাহিত কৰিব নে গাঁৱৰ দুই এঘৰলৈও যাব পৰীয়ে চিন্তা কৰিলে। দুৱাৰখন খুলিবলৈ লৈ ৰৈ যোৱা পৰীজনী মেইন দুৱাৰখনৰ পৰা উভতি আহি বাহিৰৰ পকাতে বহি পৰিল। তাত বহি থাকিলে পৰীয়ে কিমান সময় বহি থাকিব পাৰে তাৰ কোনো হিচাপ নাথাকে।

মানুহ হেৰুৱাই পোৱা মানুহেহে জানে মানুহৰ মূল্য কিমান! আপোন মানুহবোৰ হেৰুৱাই দুখে-শোকে ভাগি পৰা পৰীজনীক কেনেকৈ আকৌ তুলি ধৰি আগুৱাই যাবলৈ শকতি দিছে সেয়া মাথো মহাদেৱেহে জানে। পৰীয়ে মন্দিৰৰ গেটখন ভুলতে খুলি থৈ আহিল নেকি; সেইখন গেটেৰে দুটা ছাগলী সোমাই আহি তাইৰ চাৰিওদিশে কিবা পোৱাৰ আশাত ঘূৰি পকি থাকিল। ‘আজি একো নাই অনা অ’ সোণামুৱাহঁত’ বুলি পৰীয়ে মুখৰ ভিতৰতে বিৰবিৰালে।

‘কি হ’ব যদি জিতেনকাই আজি উভতি নাহে! যোৱাৰ বাটেৰেই যদি একেবাৰে গুচি যায়! খগেনে বাৰু এনেকৈ কিয় ক’লে? কেতিয়াবা শব্দই ব্ৰহ্ম হৈ যা‌য়!’

আজিকালি পৰীৰ চিন্তাবোৰ এনেকৈয়ে আহে। খগেনে যে কৈছে ক’ত মৰে মৰকগৈ, সি জানো জানে মৰা মানুহক যে আকৌ এবাৰ ঘূৰাই আনিব নোৱাৰে হাজাৰ চেষ্টা কৰিলেও। এই ক্ষেত্ৰত সেই অপাৰ শক্তিৰ লগত যুঁজিব পৰা কোনো নাই। তেওঁৰ পৰিকল্পনাতে এখন জগত সৃষ্টি হৈছে আৰু তেওঁৰ ইচ্ছাতে সকলোবোৰ গণনা চলি আছে। এই ক্ষেত্ৰত আমিবোৰ মাত্ৰ এটি এটি ধূলিকণা। তেওঁ ইচ্ছা কৰিলে শত আয়ুসো দিব, ইচ্ছা নকৰিলে খন্তেকতে সকলো মষিমূৰ কৰি দিব। এখন ঠন ধৰি  উঠা ঘৰকো যে সৰ্বনাশ কৰি দিব পাৰে। পৰীৰ ক্ষেত্ৰতো সেই একেই। খগেনৰ মাক থাকিও নথকা, ককায়েক থাকিও নথকা যদিও বিচাৰিলে দেখাৰ আশা, বিচাৰিলে পোৱাৰ আশা আছে। কিন্তু পৰীজনী, তাইতো হাজাৰ বিচাৰি চলাথ কৰিলেও ঘূৰাই নাপায় আপোন কেইজনক।

প্ৰথমতে তাইৰ আইতাক, তাৰপিছত মাক-দেউতাক, একেবাৰে শেষত যাক শেষ আশ্ৰয় বুলি হাতখন খামোচ মাৰি ধৰিছিল, যিয়ে তাইক উটি-ভাঁহি থকাৰ পৰা পাৰ পোৱাইছিল, সেইজনকো বেছিদিন তাইৰ কাষত থাকিবলৈ নিদিলে ঈশ্বৰে। মানুহে কয় ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে, কিন্তু অতবোৰ মানুহক তাইৰপৰা আঁতৰাই কি ভাল কৰিছে সেই সাঁথৰহে পৰীয়ে নুবুজিলে। কিন্তু পৰীয়ে ধৈৰ্য্য ধৰিছে। যিখিনি সময়ত তাই ভাগি পৰি চকুপানীৰে বাট নেদেখা হৈছিল সেইখিনি সময়তে তাইক হাত পাতি লৈছিল সৰ্ব শক্তিমান মহাদেৱে। সেইদিনা কি হৈছিল তাই নিজেই নাজানে। এনেকুৱা লাগিছিল সকলোবোৰ হেৰুৱাইয়ো যেন তাইৰ পিচফালে  এটা শক্তি আছে যিয়ে তাইক পিচলৈ নাচাই কাণে কাণে ফুুচফুচাই আগবাঢ়ি যাবলৈ সঁকিয়াই দিছিল। 

ঠিক তিনিবছৰৰ আগৰ সেই ঘটনা। আজিৰ দৰে আহি সেই শিৱ মন্দিৰটোত বহিয়েই কান্দিছিল; যেতিয়া গম পাইছিল তাইৰ মৰমৰ অসীমেও তাইক এৰি অচিন  দেশলৈ ঢাপলি মেলিলে। তাই মহাদেৱৰ চৰণত পৰি হুকহুকাই কান্দি উঠিছিল ‘তুমিও বৰ খৰখেদা কৰিলাহে। মোকো লগতে লৈ নগ’লা কিয় অ’ সোণ? এইবোৰ কিহৰ পৰীক্ষা চলিছে মোৰ জীৱনত।’ তাৰ অলপ সময়ৰ পিছতে যেন আকৌ ঠন ধৰি উঠি সেই ভগৱানকে প্ৰত্যাহ্বান হিচাপে লৈ পুনৰ জী উঠিছে ‘ময়ো চাম কিমান পৰীক্ষা লোৱা মোৰ জীৱনত’। হেৰুৱাবলৈ একো নথকা পৰী যেন আগতকৈ অধিক শক্তিশালিনী হৈ উঠিল। অসীমে কোৱাৰ দৰে ভগৱানৰো থাকে কিছুমান পৰিকল্পনা। কিন্তু কিছুমানৰ ক্ষেত্ৰত পৰিকল্পনাবোৰ ইমান কঠোৰ কিয় অ’ প্ৰভু? হিচাপৰ তুলাচনীখন জানো সমান হয়, এফালে কম হ’লে এফালে বেছি হ’বই বুলি তাই আকৌ নিজকে বুজায়।

অসীমক হেৰুৱাই  পৰীয়ে যি সেই গাঁও এৰিলে, ছমাহে-পষেকে কেতিয়াবা ৰাতিটোৰ কাৰণে আহি বন্ধ হৈ থকা ঘৰটোৰ তলা খুলি ঘৰটো ঠিক-ঠাক লগাই এৰাতি-দুৰাতি থাকি আকৌ গুচি যায়। গাঁৱলৈ আহি যিকণ সময় পাই সেইকণ সময়তে তাই অলপ ঘূৰি লয়। কিন্তু কোনোদিন শিৱমন্দিৰটোলৈ তাই নহাকৈ নাথাকে।

তাই নথকা অৱস্থাত ঘৰটোৰ সম্পূৰ্ণ দায়িত্ব জিতেনকাই, খগেনহঁতৰ।

এটা কথা সঁচা অসীমে তাইক জীৱন জীয়াবলৈ শিকাইছিল। মহাদেৱে অসীমক যেতিয়া তাইৰ ওচৰত কাৰোবাৰ প্ৰয়োজন হৈছিল সেই সময়তেই তাক তাইৰ ওচৰলৈ পঠিয়াইছিল আৰু সেই মহাদেৱেই তাক তাইৰ ওচৰৰ পৰা লৈ গ’ল কোনোবা অজান মুলুকলৈ। বহুত কান্দিলে, বহুত বিচাৰিলে। কিন্তু এতিয়া সকলোবোৰ বেয়া সপোনৰ দৰে পাহৰিবলৈ চেষ্টা কৰিছে। কেতিয়াবা ভাঙি পৰে, চিঞৰি চিঞৰি কান্দিবলৈ মন যায় মাক-দেউকাকক বিচাৰি। দেউতাকৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ মন যায়, মাকৰ চাদৰৰ আঁচলৰ তলত শুবলৈ মন যায়। হাবাথুৰি খায়  আইতাকৰ গাৰ অগৰুৰ গোন্ধকণ বিচাৰি। ককবকাই ফুৰে শুকান পুখুৰীত অসীমৰ মৰমভৰা পৰশ বিচাৰি।

হঠাতে বাজি উঠা ঘণ্টাৰ শব্দই পৰীৰ ভাবত যতি পেলায়। ঘণ্টাটো বজাই খগেন তাইৰ ওচৰলৈ আগবাঢ়ি সোমাই আহোঁতেহে তাই অনুমান কৰিলে বেলি যে পৰিবৰ হ’ল। তাইৰ ওচৰতে ঘূৰি থকা ছাগলীকেইটাও কেতিয়া গুচি গ’ল গমেই নাপালে। ইতিমধ্যে কাষৰ হাবিখনলৈ আন্ধাৰ নামিলেই। আকৌ চৰাইবোৰৰ কোলাহল; যেন ঘৰৰ চৰাই ঘৰলৈ উভতি অহাৰ বতৰা বিলাইছে।

: ঐ পৰী বাই তই এনেকা ইমান দেৰিলৈকে ইয়াত বহি আছে যে। গম পাবি ৰ যেতিয়া বাঘে লৈ যাব।

খগেনৰ কথাত পৰীৰ মুখেৰে এটা মিচিকিয়া হাঁহি ওলাই আহিল। তাইৰ হাঁহি দেখিয়ে খগেনে বুজিলে সি যে কথাকেইটা কওঁতে কিবা এটা গণ্ডগোল কৰিলে।

: পৰী বাই ঐ গল্টি হৈ যায় ৰে। ব’ল না এতিয়া, নেহীটো বাঘ আহি যাব।

খগেনৰ বাঘলৈ ভয় দেখি পৰীৰ কিবা এটা তালৈ মৰম লাগি গ’ল, হাঁহিও উঠিল। মানুহলৈকে ভয় নকৰা মানুহজনীক বাঘৰ ভয় দেখুৱাইছে। সেয়া বহুতকালৰ আগৰ কথা। তাই  হায়াৰ ছেকেণ্ডাৰী দিয়াৰ বছৰ। যেতিয়া মাক-দেউতাক দুয়োৰে চিতা একেদিনাই উঠিছিল। মৰ্ণিং ৱাক কৰিবলৈ গৈ সোঁ-শৰীৰে উভতি নহা মাক-দেউতাকহালক নিজ হাতেৰে মুখাগ্নি কৰা সময়তে তাইক এতিয়াৰ পৰা থাকিবলৈ লগ এটা লাগিব বুলি কৰা আলোচনাখিনি তাইৰ কাণত ঠিকেই পৰিছিল। ঘৰৰ কাষে কাষে থকা খুড়ীয়েক, বৰমাকহঁতে কোৱা কথাখিনিয়ে তাইক সাহসী কৰি তুলিছিল যে তাইক সদায় ৰখি থাকিবলৈ কাৰোৰে সময় নাই। সেইদিনাই তাই সেই জুইখিনিৰ ওচৰতে শপত লৈছিল যে তাইৰ কাৰণে যাতে কোনোৱে একো সময় নষ্ট কৰিব নালাগে, মৃত মাক-দেউতাকেই তাইৰ কাৰণে সাহস হৈ থাকক আৰু সেই সময়ৰ চকুলোখিনিয়ে তাইৰ শেষ চকুলো হওক। আইতাক ঢুকোৱাৰ সময়ত তাইক মাকে কোৱা মনত আছিল, গুচি যোৱাজনৰ কাৰণে বেছি হিয়া ধাকুৰি কান্দিলে মৃতকৰ আত্মাই শান্তি নাপায়। সেয়ে মাক-দেউতাকৰ আত্মাই শান্তি নোপোৱা কামটো কৰিব বিচৰা নাছিল। মাক-দেউতাকৰ কাম-কাজবোৰ শেষ হৈ যোৱাৰ পিছত বৰতাক-খুড়াকহঁতে ৰাতি থাকিবলৈ এদিন এদিন কোনোবা এজনে পাল পাতি লৈছিল যদিও তাই মানা কৰিলে।

– কাষতে আপোনালোক আছেই যেতিয়া মই অকলে থাকিম দিয়ক। কোননো আহিব মোক মাৰিবলৈ!

তাই সাধাৰণকৈ কথাটো কৈ বিষয়টোৰ মোখনি মাৰিলে। কিন্তু জিতেন কাইৰ মনটোৱে নামানিলে। যিজনী ছোৱালীক তেওঁ জন্মৰে পৰা পাই আহিছে সেইজনীক এনেকৈ অকলে ঘৰটোত ৰাতি এৰিবলৈ মন নকৰিলে। সেয়ে তাই শুই যোৱাৰ পিছত জিতেন কাই আৰু খগেন আহি পৰীহঁতৰ ঘৰৰ বাৰাণ্ডাখনতে শুই থাকে আৰু ৰাতিটো পুৱালেই দুয়োটাই ঢাৰি-পাটী বান্ধি পুনৰ নিজৰ ঘৰলৈ গুচি যায়। বহুদিনলৈকে পৰীয়ে সেই কথা গম পোৱা নাছিল। কোনোবা এদিন খগেনে টোপনিতে বহুত বেছি চিঞৰ-বাখৰ লগোৱাতহে পৰীয়ে গম পালে। তেতিয়াৰপৰা দুয়ো পৰীয়ে জনা-শুনাকৈয়ে তাইক ৰখিবলৈ ল’লে।

কলেজত পঢ়ি থকা সময়ত পৰীয়ে কাৰোবাৰ পৰা এষাৰি মৰমৰ মাত বিচাৰি হাবাথুৰি খাইছিল। সেই সময়তে তাইৰ হাতখন আলফুলে তুলি লৈছিল অসীমে; সিহঁতৰ কলেজৰে ইংৰাজীৰ ছাৰৰ ল’ৰা। কেনেকৈ অসীম পৰীৰ প্ৰেমত পৰিল গমেই নাপালে। দেউতাকৰ মুখেৰে ছোৱালীজনীৰ কাহিনী শুনি এবাৰ তাইক লগ পোৱাৰ ইচ্ছা খুবেই আছিল। তেনেদৰেই সামাজিক মাধ্যমৰ যোগেৰে তাইৰ লগত যোগাযোগ কৰি ক্ষয়-ক্ষতিৰ হিচাপ কৰি বহি বহি কেতিয়া দুয়ো দুয়োৰে এৰাব নোৱাৰা সংগী হৈ পৰিল  কোনো এজনেই গম নাপালে। কিন্তু সেইবোৰ আছিল খন্তেকীয়া সুখ। ঠিক দুবছৰৰ পিছতে অসীমো কোনোবা এটা কু-ক্ষণত গুচি যোৱাৰ মুহূৰ্তই পৰীক বাৰে বাৰে ভাঙি পেলাইছিল। মাক-দেউতাকৰ চিতাৰ ওচৰতেই শেষ বুলি ভবা চকুলোখিনি শেষ নাছিল আচলতে। ভাবিবলৈ বাধ্য হৈছিল যে তাইৰ ওচৰলৈ কোনোবা অহা মানেই মৃত্যুৰ দুৱাৰডলিলৈ অহা। এই কথাটোত তাই কেইবাবাৰো নিজকে শেষ কৰি দিবলৈও ওলাইছিল, কিন্তু ৰক্ষা কৰিছিল অনাদি দেৱ মহাদেৱে। যেতিয়াই মনলৈ বেয়া কথাবোৰ আহিছিল কিয় জানো মহাদেৱৰ প্ৰতিচ্ছবিখন তাইৰ মনলৈ আহি বাৰে বাৰে বাধা দিছিল। নিজকে শেষ কৰিম বুলি ভবা পৰী নিজেই শিৱ মন্দিৰটোলৈ আহি মহাদেৱৰ চৰণত পৰি চিঞৰি চিঞৰি কান্দি উঠিছিল। উত্তৰ বিচাৰিছিল মহাদেৱৰ পৰা আৰু কিমান দুখ সহিব লাগিব তাই আহিবলগীয়া দিনকেইটাত।

-আৰু কিমান পৰীক্ষা ল’বা? মোক যাবলৈ নিদিয়া কিয়? বাৰে বাৰে মোৰ মনলৈ আহি মোক কিয় ৰখাই দিয়া। মই থাকি কৰিম কি?

উত্তৰটো একো নাপালে, কিন্তু পালে কিবা এক শক্তি; যিয়ে তাইক জীয়াই থাকিবলৈ শক্তি যোগাইছিল। লাহে লাহে তাই নিজকে বুজাব পৰা হ’ল। ইমানবোৰ প্ৰিয় মানুহক তাইৰ ওচৰৰ পৰা লৈ গ’ল, কিন্তু তাইক থৈ গ’ল। তাই থাকি যোৱাৰতো নিশ্চয় কিবা এটা উদ্দেশ্য আছে। 

– পৰী বা, বাবা এতিয়ালৈকে আহা নাই।

খগেনৰ কথাষাৰে এতিয়াহে পৰীক খুচি থৈ গ’ল। 

– সময়তো বহুত হ’ল। আগতে ইমান দেৰিলৈকে নহাকৈ থাকে নেকি?

– নাথাকেতো ।

চিন্তা গধুৰ মাত এটাৰে খগেনে উত্তৰটো দি সোঁ ভৰি এটাৰে শিলগুটি এটা ঠেলি ঠেলি তাইৰ কাষে কাষে আহি থাকিল।

: যদি জিতেন কাইৰ তোৰ ওপৰত খং উঠি আজি নাহে তেন্তে কি কৰিবি? 

-পৰী বাই ঐ, নক’বি ৰে তেনেকা কথা। বাবাৰ বাদে মোৰ আছেনো কোন? মাইতো মোক কেতিয়াবাই এৰি গ’ল, লগত দাদাকো লৈ গ’ল। ক’ত আছে কোনে জানে। বাবাই বোলে কেতিয়াবা মাইক দেখে বেলেগ এটা মতাৰ লগত আৰু লগত দুটা পোৱালি। তেতিয়াই বাবাই চুলাইটো বেছিকৈ খাই দিয়ে। বাবাই মাইক দাদাৰ কথা সুধিলে মায়ে বোলে কয় এতিয়া সি বড়া হৈ কামানি কৰাত লাগিছে। 

শুনিছিল পৰীয়ে খগেনৰ মাকৰ কথা, তাৰ জন্মৰ ছমাহৰ পিছত কাৰোবালৈ গ’লগৈ বুলি। লগত ডাঙৰ ল’ৰাটো লৈ গৈছিল। তেতিয়াৰ পৰা জিতেন কাইয়ে খগেনক পৰীহঁতৰ ঘৰতে থৈ দিন-হাজিৰা কৰিবলৈ ওলাই গৈছিল আৰু পৰীৰ মাকেই তাক জা-জলপান খুৱাই ডাঙৰ কৰিলে। তেতিয়াৰ পৰাই বোলে জিতেন কায়েও চুলাইটো বেছি খোৱা হ’ল। চাওঁতে চাওঁতে খগেন আজি পোন্ধৰ বছৰীয়া হ’ল, কিন্তু দেউতাকেও তাক মাকৰ নিচিনাকৈ এৰি থৈ যায় বুলি সি বৰ ভয় খাই থাকে। আজি খঙতে দেউতাকক তেনেকৈ বকি দিলে যদিও মনটোৱে তাৰ অশান্তি পাই আছে। পৰীয়ে কিবা এটা সুধিম বুলিও তাক নুসুধিলে। খগেনৰ ঘৰৰ ওচৰ পাই মাথো ক’লে,

-অলপ দেৰি চা, নাহিলে মোক খবৰ দিবি।

খগেনৰ পিঠিখনত হাত বুলাই পৰী তাইৰ ঘৰৰ ফালে আগবাঢ়িল। কাইলৈ ৰাতিপুৱাই যাবগৈ লাগিব। জিতেন কাই আজি যদি ঘৰলৈ ঘূৰি নাহে তেন্তে খগেনক তেনেকৈ এৰি  থৈনো কেনেকৈ গুচি যাব তাই! ইফালে তাই এদিনো যদি তাইৰ কৰ্মস্থানত নাথাকে সৰু-ডাঙৰ সকলোৱে মন মাৰি থাকে। মানুহ নোহোৱা মানুহজনীৰ লগত এতিয়া অজস্ৰ মানুহ। সিহঁতক লৈ এতিয়া তাইৰ দায়িত্ব বহুত। সিহঁতেও তাইক মৰম দিছে। বিচাৰি পাইছে সিহঁতৰ মাজতে হেৰুৱাই পেলোৱা মানুহবোৰক।

অসীম যে ঢুকাই গ’ল, তাৰপিছতে ডিগ্ৰীটো কমপ্লিট কৰি পৰীয়েও এইজেগাৰ পৰা গুচি গ’ল। গুচি যোৱা মানুহখিনিৰ স্মৃতি লৈ কিমান দিন জীয়াই থাকিব একেখন জেগাতে! যেতিয়া তাই তাইৰ গাঁওখন এৰি গুৱাহাটীলৈ গুচি গৈছিল,তেতিয়া তাই একোৱে নাজানে তাই কৰিব কি? সেই সময়তে তাইক সহায় কৰিছিল অসীমৰ বৰতাকৰ ছোৱালী প্ৰণামী বায়ে। তাই গুৱাহাটীলৈ অহাৰ খবৰ তাইক কোনে দিছিল নাজানে। কিন্তু পৰী গুৱাহাটীলৈ অহাৰ ছয় সাতদিন মানৰ পিছত এদিন হঠাতে প্ৰণামী বা তাই থকা হোষ্টেলটোত ওলাইছিলহি। তাইক আৰু তাত থাকিবলৈ নিদি বেডিং পত্ৰ বান্ধি প্ৰণামীৰ ঘৰলৈকে লৈ আহিছিল। সেইখিনি সময়ত প্ৰণামী বাক মহাদেৱে পঠিওৱা কোনোবা  শুভচিন্তক দূত যেনেই লাগিছিল পৰীৰ। প্ৰণামী বায়ে লাগি ভাগি পৰীক তাইৰ দেওৰেকৰ বহুদিনীয়া বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমখনত ছুপাৰভাইজাৰ হিচাপে সুমুৱাই দিছিল। তাইক কৈছিল, ‘সদ্যহতে আমাৰ ঘৰৰ তলৰ ৰুমটোতে থাকা, হাতলৈ এটকা দুটকা আহিলে এনেই থাকি বেয়া পালে নিজৰ ইচ্ছামতে কিবা এটা দিলেই হ’ল। সেই যে পৰী প্ৰণামী বাৰ ঘৰত থাকি বৃদ্ধাশ্ৰমত কাম কৰিবলৈ ল’লে তাইৰ আৰু ঠিকনা সলনি নহ’ল। মাজে মাজে আহে ধুনীয়া গাঁওখনলৈ। আহি এৰাতি দুৰাতি থাকি গুচি যায়। এতিয়া পৰীৰ ওচৰত অজস্ৰ মানুহ। তাই নাথাকিলে ককা-আইতাহঁতৰ পেটলৈ ভাত নাযায়। তাই নাথাকিলে কণমানিকেইটাই চকুলোৰে বাট নেদেখা নহয়। মুঠতে এতিয়া তাইৰ কাৰণে ইহঁতেই সকলোবোৰ। এইটো কাৰণত প্ৰণামী বাক কেনেকৈ তাই ধন্যবাদ দিব ভাবিয়েই নাপায়। তাত কাম কৰিয়েই তাই মাষ্টাৰ ডিগ্ৰীটোও ল’লে।

-ঐ পৰী বাই, ঐ পৰী বাই শুই গৈছে নেকি ৰে?

লাইট অফ কৰি বিছনাত পৰিবলৈ লোৱা পৰীয়ে বাহিৰত খগেনৰ মাতটো শুনি লৰালৰিকৈ দুৱাৰখন খুলি দিলে। তাই কিবা কোৱাৰ আগতে খগেনে থোকাথুকি মাতেৰে ক’লে, “বাবা বোলে টোকেন কাকাহঁতৰ কুঁৱাটোত পৰি আছে। মোক তাৰ ছোটা ছুকড়াটোৱে খবৰ দিছে।” 

খগেনৰ কথাটো শুনি পৰীৰ ভৰিৰ তলৰ মাটিখিনি ফাটি তাই নিজেই সেই গাতটোত সোমাই যোৱা যেন লাগিল। অলপ সময়ৰ কাৰণে একেবাৰে অসহায় হৈ পৰিল। শেষ বুলি যিজন মানুহ তাইৰ লগত আছিল সেইজনো গ’লগৈ। কিহৰ বিচাৰ এইবোৰ ভগৱানৰ। সদায় একে দেখা মানুহজন এনেকৈয়ে অতীত হৈ গ’ল।

-ঐ পৰী বা পুলিচ আহি আছে, মোৰ ভয় লাগিছে। ব’লচোন মোৰ লগত। 

এইবাৰহে পৰীৰ সম্বিত ঘূৰি আহিল। লৰালৰিকৈ লং পেণ্ট এটা পিন্ধি আহি হাতত ম’বাইলটো লৈ ঘৰত তলা মাৰি তাৰ লগত ওলাই আহিল।

অলপ সময় নিৰৱে অহাৰ পিছত খগেন উচুপি উঠিল,

-এতিয়া মই কাৰ লগত থাকিম পৰী বাই? মই বাবাক কিয় কৈছিলোঁ তেনেকা!

খগেনৰ উচুপনিটো এতিয়া ডাঙৰ কান্দোন হৈ ওলাই আহিল। খগেনক এই সময়ত সান্ত্বনা দিয়াৰ শক্তি পৰীৰ একেবাৰে নাই। মানুহ হেৰাই যোৱাৰ দুখ কিমান সেয়া পৰীতকৈ বেছি কোনে বুজিব। তথাপিও তাক ক’লে,

– বাবা গুচি গ’লেও মই তোৰ লগত আছোঁ ন খগেন।

পৰীয়ে তাক পিঠিখনত মোহাৰি কোৱা কথাকেইটাই তাক কিমান বুজনি দিলে নাজানে; তাই কিন্তু ইতিমধ্যে তাৰ দায়িত্ব লৈয়ে পেলালে।

সিহঁতে টোকেন কাকাৰ ঘৰ পায়গৈ মানে ইতিমধ্যে পুলিচ আহি পালেহি। তাই খগেনৰ লগত অলপ সময় সেই ঠাইত থাকি পুলিচক যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ সম্পূৰ্ণৰূপে সহযোগ আগবঢ়ালে। অৱশেষত পানীৰ পৰা উঠাই অনা মৃতদেহটোক সেৱা এটা জনাই পৰীয়ে সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। আহি থাকোঁতে পৰীৰ মনটোত বিভিন্ন স্মৃতিয়ে দোলা দি থাকিল । মাক-দেউতাক, অসীমৰ পিছতে তাইৰ ওচৰত থকা মানুহজন আছিল জিতেন কাই। পৰীয়ে আৰু ভাবিব নোৱাৰিলে, মাত্ৰ খগেনক তাৰ দেউতাকৰ কৃতকৰ্মখিনি হৈ যোৱাৰ পিছত তাইৰ লগতে লৈ যোৱা কথাটোহে তাই ভাবিলে। অকলশৰে থাকিবলৈ মহাদেৱে তেওঁৰ যিখিনি শক্তি পৰীক দিছে, সেই শক্তি সকলোকে নিদিয়ে। খগেনক এই সময়ত মানুহৰ প্ৰয়োজন। মহাদেৱৰ ছায়াত সেই প্ৰয়োজনৰ অভাৱ পূৰাব পৰাকৈ সেইখিনি ক্ষমতা পৰীৰ আছে। তাই লৈ যাব তাক ‘স্নেহবন্ধন’ লৈ, য’ত সি মাক-ককায়েক আনকি  দেউতাককো বিচাৰি পাব। পৰী ঘৰ আহি গা-পা ধুবলৈ যায় মানে পুৱা হওঁ হওঁ। এতিয়া আৰু শোৱাটো ঠিক নহ’ব বুলি ভাবি পৰী দুৱাৰ খুলি বাহিৰ পালেহি। মানুহবোৰো লাহে লাহে প্ৰাতঃভ্ৰমণলৈ ওলাই আহিছে। সেইসকলৰ মাজৰে কাৰোবাৰ ম’বাইলৰ পৰা ৰিণিকি ৰিণিকি পৰীৰ কাণত পৰিছেহি,

“অনাদি অনন্ত        অচিন্ত্য ঈশ্বৰ

           তুমিসে নিত্য নিৰ্ম্মল।

গুচাবো কুমতি        ভজোহো কেৱল

           তোমাৰ পদ কমল॥”

*******

4 Comments

  • সুন্দৰ

    Reply
  • কুশল মহন্ত।

    সুন্দৰ।

    Reply
  • Arabinda Goswami

    খুব ভাল পালো পঢ়ি।মনত থাকি যাব গল্পটো।

    Reply
  • Anonymous

    বহুত ভাল লাগি যাব।এটা মনত থাকি যোৱা গল্প।

    Reply

Leave a Reply to Arabinda Goswami Cancel reply

Your email address will not be published. Required fields are marked *