প্ৰজাপতি,মূল গল্পঃ বনফুল,অনুবাদ -অঞ্জু মহন্ত
নীলা শ্বেড দিয়া ইলেকট্ৰিক বাল্বটোৰ ওপৰত কেইদিনমানৰ পৰা পখিলা এজনী আহি বহে। যিমান সময় মই টেবুলত বহি লেখা-পঢ়া কৰোঁ পখিলাজনীয়ে শ্বেডটোৰ ওপৰত শান্তভাৱে বহি থাকে। আশাৰ মৃত্যুৰ কিছুদিন পাছৰপৰাই পখিলাজনী মোৰ সন্ধিয়াৰ সঙ্গী হৈছে।
বন্ধু সোমেশ্বৰ আহি কোঠাত প্ৰৱেশ কৰিছে। আজিকালি প্ৰায়ে আহে। তাক দেখিলে মোৰ ভয় লগা হৈছে। তাৰ ভনীয়েক বেলাৰ প্ৰতি আজিকালি মোৰ দুৰ্বলতা যে অনুভৱ হৈছে সেয়া সি ধৰিব পাৰিছে। নিৰুপায়ত পৰিছোঁ। সোমেশ্বৰে আহিয়েই কথা আৰম্ভ কৰি দিলে….
“বেলা সম্বন্ধে কি ঠিক কৰিলা?”
মনে মনে ৰ’লোঁ।
“যিয়েই নহওঁক কিবা এটা ঠিক কৰি পেলোৱা ভাই।”
তাৰপাছত অলপ ৰৈ ক’লে,
“বিয়াতো কৰিবায়েই, সকলোৱে কৰে, বেলাক যদি বিয়া কৰোৱা মই নিশ্চিন্ত হওঁ। বেলায়ো তোমাকেই ভাল পায়।”
সকলো ঠিক। তথাপিও মনে মনে ৰ’লোঁ। আশা যেতিয়া বাচি আছিল তেতিয়া তাইক কৈছিলোঁ যে আৰু কেতিয়াও বিয়া নকৰাওঁ। এতিয়া বুজি পাইছোঁ বিয়া পাতিব লাগিব। বেলাকেই পাতিব লাগিব। কিন্তু দ্বিধা আঁতৰাই পেলাব পৰা নাই একোতেই।
“মনে মনে আছা কিয়? সঁচাকৈয়ে যদি তোমাৰ মত নাই মই জোৰ কৰিবলৈ নিবিচাৰোঁ। খোলাখুলিকৈ কোৱা। তেনেহলে দ্বিজেনৰ লগত চেষ্টা কৰোঁ। তুমি সন্মত হ’লে মই অৱশ্যে আৰু কাৰো ওচৰলৈ নাযাওঁ। দ্বিজেনৰ ভাৱভঙ্গীৰ পৰা ভাৱ হয় সি আপত্তি নকৰিব, অৱশ্যে…
সেই দাড়িয়া দ্বিজেনে বেলাক বিয়া কৰাব!
তাৰ সেইটো মতলব আছে নেকি?
ক’লোঁ, “দ্বিজেনৰ ওচৰলৈ যোৱাৰ দৰকাৰ নাই। ময়েই বিয়া কৰাম। কিন্তু অলপদিন সময় দিয়া ভাই।”
“তুমি কথা দিলে অপেক্ষা কৰিব পাৰোঁ।”
মনে মনে ৰ’লোঁ।
“কথা দিছাতো?”
“দিছোঁ।”
“বঢ়িয়া। বেলাক সুখবৰটো দি আহোঁ তেনেহলে।”
সোমেশ্বৰ গুচি গ’ল।
ইয়াৰ পাছত যি ঘটিল সেয়া অবিশ্বাস্য।
হঠাৎ আশাৰ কণ্ঠস্বৰেৰে কোনে জানো কৈ উঠিল, “তেনেহ’লে মোৰ দায়িত্বও শেষ হ’ল, ময়ো গ’লোঁ।”
পখিলাটো উৰি খিড়িকীৰে বাহিৰলৈ ওলাই গুচি গ’ল।
*******

10:03 PM
সুন্দৰ
10:31 PM
সুন্দৰ গল্প পঢ়িলো।