ফাঁকি,মূল গল্পঃ অভীক দত্ত,অনুবাদ – মামনি কলিতা
সোমেশ্বৰঃ
ফোনটো মোৰ লগতেই থওঁ। তথাপিও পত্নী যেতিয়া ওচৰত থাকে তেতিয়া অলপ আঁতৰাই ৰাখোঁ। যেতিয়াই তেতিয়াই শাওনীয়ে ফোন কৰিলে যাতে বিপদত নপৰোঁ, অলপ লুকুৱাই থোৱাই ভাল বুলি ভাবোঁ। শাওনীৰ নম্বৰটো ম’বাইলত দীপক নামেৰে চেভ কৰিছোঁ। দীপক মোৰ ল’ৰালি কালৰ বন্ধু। মাজে মাজে মোৰ পত্নীয়ে মোৰ ফোনটো লৈ কিবাকিবি চায়। মোক কিবা সন্দেহ কৰে যদিও নাজানো। মোক সুডোকু খেলিবলৈ লাগে বুলি কয়। সুডোকু খেলি কি ভাল পায় নাজানো। মই দুই তিনিবাৰ খেলি চাইছিলোঁ, একেবাৰে বাজে খেল। ওপৰ-তল, দীঘে-পথালিয়ে, কোণা-কোণিকৈ ইমান নম্বৰৰ কথা মনতে নাথাকে মোৰ। ইয়াতকৈ শাওনীক কল্পনা কৰিবলৈয়ে সহজ। আচলতে ক’বলৈ গ’লে শাওনী এটা দুৰ্দান্ত পেকেজ। কিতাপৰ ভাষাত ক’বলৈ হ’লে সুন্দৰ ছপা বন্ধা, অতি সুন্দৰ প্ৰচ্ছদসজ্জা, পৃষ্ঠাবোৰো অত্যন্ত দামী কাগজৰ বুলি ক’ব পাৰি। তাৰ তুলনাত মোৰ পত্নী তিতিৰ বাত বিষৰ কথা লিখা পুৰণি বিজ্ঞাপনৰ কাগজৰ দৰে। যি অলপ ভাল আছিল, ছোৱালীজনী জন্মৰ পিছৰ পৰা অৱস্থা নাইকিয়া হৈ মোৰ জীৱনটো একেবাৰে কাজি নেমুৰ দৰে কৰি পেলাইছে। কেতিয়াবা ক’ব, মূৰৰ বিষত তত পোৱা নাই; কেতিয়াবা ক’ব অত্যন্ত কঁকালৰ বিষ হৈছে। ভাগ্য ভাল শাওনী আছিল বুলিহে। মাজে মাজে অফিচৰ কামৰ নাম লৈ শাওনীৰ লগত কোনো এখন ভাল হোটেলত কটাই আহোঁগৈ। মজাকৈ এটা ৰুম লৈ থাকি, খাই বৈ অলপ ফূৰ্তি কৰি আহোঁ। আজিকালি শাওনীয়ে প্ৰমোচন লাগে লাগে বুলি নেৰানেপেৰাকৈ লাগি আছে। কিন্তু কেনেকৈ বুজাওঁ যে অফিচৰ বছৰ লগত সপ্তাহত দুবাৰ শুলেই প্ৰমোচন নহয়। পিছে তাৰ কথা শুনিবই নিবিচাৰে নহয়! যোৱাবাৰ এই কথা লৈ বহুত ঝামেলাও হৈছে। চিকেন তণ্ডুৰি আৰু দুটা লাৰ্জ হুইস্কি অৰ্ডাৰ দি শাওনীৰ কঁকালত ধৰিছিলোঁহে, তাই উচাৎ মাৰি উঠি ক’লে, “শৰ্বানিয়ে এই মাহত এটা ইনক্ৰিমেণ্ট কিয় বেছি পালে?” কি হ’ব আৰু! সেই দিনটো মোৰ বৰ বেয়াকৈ পাৰ হ’ল। উপায় নাপাই শেষত হেড অফিচত তাইৰ কাৰণে স্পেচিয়েল ইনক্ৰিমেণ্ট বিচাৰি আবেদন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াতহে ৰক্ষা পালোঁ।
আচলতে অফিচলৈ অহাৰ পিছত সঁচা কথা ক’বলৈ হ’লে শাওনীৰ কথাটো মনত নাথাকে। নিজৰ কামৰ অত্যধিক প্ৰেচাৰ আছেই, তাতে অফিচৰ বেছিভাগ মানুহেই শাওনীৰ কাম-কাজ ভাল নাপায়। তাইৰ অফিচলৈ অহা-যোৱাৰ সময়ৰো কোনো ঠিক নাই। এতিয়াই তাইক এক্সট্ৰা সুবিধা দিলে সমস্যাত পৰিম। গতিকে বৰ্তমান ডিফেন্সিভত খেলিবলগীয়া হৈছে। পিছত সুযোগ বুজি তাইক ইনক্ৰিমেণ্টটো দিব লাগিব।
ঘৰৰ ড্ৰইং ৰুমত আমাৰ বিয়াৰ ফটোবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। কি তিতিৰজনী কেনেকুৱা হৈ গ’ল। ঘৰলৈ প্ৰায়েই বন্ধু-বান্ধৱ আহিয়েই থাকে। সূৰ্যই সদায় তাইক চাবলৈয়ে আহিছিল সেইসময়ত। মই কথাটো জানিছিলোঁ আৰু সেই সময়বোৰ উপভোগ কৰিছিলোঁ।
আৰু এতিয়া সোনাৰ জন্মৰ পিছত তিতিৰ চেহেৰাটো দেখিলে দুখেই লাগে। কিবা স্থূলকায় টাইপৰ চেহেৰা হ’ল। ভানুৰ কথা মনলৈ আহে – একেলগে ৰিক্সাত উঠি গ’লে আনকি ৰিক্সাৱালায়ো কয়, “বাবু, আপুনি মাইজীৰ কোলাতে বহি লওক!”
চেক্সৰ ক্ষেত্ৰত মই জন্মগত ভিক্ষাৰী আছিলোঁ। সপ্তম শ্ৰেণীত পঢ়াৰ সময়ত মোক ঘৰত পঢ়ুৱাবলৈ সুলগ্না নামৰ এগৰাকী শিক্ষয়িত্ৰী আহিছিল। ঢৌ খেলোৱা চেহেৰা আৰু সমুদ্ৰৰ দৰে গভীৰ চকুৰ গৰাকী আছিল। পঢ়াৰ সময়ত প্ৰায়েই বাইদেউৰ শৰীৰৰ প্ৰতিহে বেছি চকু গৈছিল। বাইদেৱে বুজি পাইছিল কথাবোৰ। এদিন ঘৰত কোনো নাছিল। পঢ়ুৱাবলৈ বহি বাইদেৱে হঠাতে সুধিলে, “তই কি চাই থাক পঢ়াৰ সময়ত? সদায় মোৰ বুকুৰ ফালে কি চাই থাক?” মই ভবাই নাছিলোঁ বাইদেৱে মোক এনেকুৱা প্ৰশ্ন সুধিব বুলি। উত্তৰ দিলোঁ, “ভাল লাগে চাই।”
বাইদেৱে মোৰ ফালে অলপ চাই ৰ’ল, ক’লে, “ডাঙৰ হ আগতে, এনেকুৱা ভাল লগা ঢেৰ পাবি তেতিয়া।”
সেইদিনা আৰু বেছি নপঢ়ালে বাইদেৱে। তাৰপিছত বাইদেৱে মোক পঢ়াবলৈ অহাটো একেবাৰে বাদ দিলে। সেই সময়ত ঘৰুৱা শিক্ষয়িত্ৰীগৰাকী, চুবুৰীৰে বা এজনী, মাহী সমন্ধীয় ভণ্টি এজনীকে ধৰি অনেক ছোৱালীৰ কথা ভাবি প্ৰচুৰ সময় নষ্ট কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ বিয়ালৈকে মই ভাৰ্জিনেই আছিলোঁ।
মোৰ বিয়া ঘৰৰ পৰা ঠিক কৰি দিছিল, গতিকে ফুলশয্যাৰ দিনা তিতিৰক দেখি মনলৈ অহা কথাটো আছিল যে এই গোটেই ছোৱালীজনী আজিৰ পৰা মোৰ। কি দিন আছিল সেইবোৰ!
বিয়াৰ চাৰি বছৰৰ পিছতেই যে তিতিৰ এনেকুৱা আগ-গুৰি নোহোৱা হ’ব কোনে জানিছিল। অৱশ্যে সোনা জন্ম হোৱাৰ আগতেই শাওনীক ৰেডি ৰাখিছিলোঁ। এতিয়া এই বুজা-পৰা থাৰ্ড গিয়েৰত চলি আছে। চলিছে যেতিয়া চলি থাকক আৰু!
শাওনীক লাগে চাকৰিত পদোন্নতি আৰু ইনক্ৰিমেণ্ট, আনহাতে মোক লাগে শাওনীৰ নৰম শৰীৰ। দৰকাৰীবোৰ এনেদৰে পাইছোঁ যেতিয়া ক্ষতি কি!
শাওনীঃ
অলপ দীঘলীয়াকৈ ছুটী ল’ব লাগিব। সোমক এই কথা ক’বলৈয়ে দিগদাৰ। সি এটা চেক্সভোগী গাম্বাট। নিজৰ পত্নীয়ে সুখ দিব নোৱাৰে বুলি মোক ইউজ কৰে। মোক সি কি বুলি ভাবে কোনে জানে। একো নুবুজোঁ নেকি মই? একাউণ্টচ ব্ৰান্সৰ শৰ্বানি বাইদেৱে আগৰ মাহত এটা স্পেচিয়েল ইনক্ৰিমেণ্ট পালে। তাপসী দাসৰো এটা প্ৰমোচন হ’ল। তাৰ তুলনাত তোৰ লগত শুই মই কি পালোঁ? কাঠ পেঞ্চিল!!
পিয়ালে বহুদিনৰ পৰাই কৈ আছে, তাৰ ছুটী জমা হৈ আছে। মাৰ্চত কাশ্মীৰ ফুৰিবলৈ যায়। ময়ো তাৰ লগত ফুৰিবলৈ যোৱাৰ কথা ভাবিছোঁ। গোটেই জীৱন আৰু সোমৰ লগত শুলেই নহ’ব নহয়, মোৰো নিজৰ লাইফ আছে। হু দা হেল ইজ সোম, যাৰ কাৰণে তাই নিজকে স্পয়েল কৰিব? দুবছৰৰ ভিতৰত মই বিয়া কৰাব লাগিব। যদি তেতিয়া দেখো যে তাৰ লগত শুই মোৰ লাভ হৈছে, দেন অকে। নহ’লে আই হেভ টু থিংক টুৱাইচ। পিয়ালৰ লগত মই সম্পৰ্কটো বজাই ৰাখিবই লাগিব। কাৰণ পিয়ালৰ ব্ৰাইট ফিউচাৰ আছে। সি এটা মাল্টিনেচনেল কোম্পানীত ভাল পোষ্টত চাকৰি কৰে। আৰু তিনি চাৰি বছৰৰ ভিতৰত সি নিজৰ ষ্টেটলৈ ঘূৰি আহিব। গতিকে তাৰ লগত আঠাৰ দৰে লাগি থাকিব লাগিব।
মাজে মাজে তাইক সি বিয়া কৰোৱাৰ কথা কৈ থাকে, তাই কিন্তু অলপো নিজৰ স্থিতি ঢিলা কৰি কৈ নিদিয়ে। অলপ হাৰমনিয়াম টিপা দি টুকুৰিয়াই চায় সি সঁচাই কৈছেনে এনেই কৈছে। এতিয়ালৈকে অৱশ্যে সকলো ঠিকেই আছে। এবাৰ অৱশ্যে অপদস্থ হৈছিল তাই। এদিন ৰাতি প্ৰায় আঠটা মান বজাত কিড ষ্ট্ৰীটৰ এখন হোটেলৰ পৰা তাই সোমৰ লগত ওলাই আহি সোমৰ গাড়ীত উঠিবলৈ লওঁতেই দেখে যে পিয়ালে এখন বাচত উঠি তাইক চাই চাই গৈছে।
তাৰ আগতে ফোন কৰি তাক কৈছিলোঁ যে আজি মোৰ অফিচত এখন মিটিং আছে। মোক এনেদৰে বাহিৰত দেখি সি ফোন কৰিলেই লগে লগে।
এখন ইম্পৰটেন্ট চেমিনাৰ এটেণ্ড কৰিবলৈ আহিছিলোঁ বুলি যেনে তেনে বুজাইছিলোঁ যদিও বহুদিনলৈকে তাৰ সন্দেহ দূৰ হোৱা নাছিল। বেলেগ বেলেগ সময়ত ফোন কৰি জানিব বিচাৰিছিল ক’ত আছোঁ বুলি। তাৰপিছত কেইদিনমান মই সোমৰ লগত ওলাই যোৱা নাছিলোঁ। সোমক অলপ এভয়দ কৰি চলিছিলোঁ। কাৰণ মোৰ বাবে সোম আছিল ফটকাবাজিৰ শ্বেয়াৰ মাৰ্কেট আৰু পিয়াল হ’ল গোটেই জীৱনৰ এটা মোটা অংকৰ ফিক্স ডিপ’জিট। গতিকে সি হাতৰ পৰা এৰাই গ’লে নতুন এটা বিচাৰি উলিয়াবলৈ বহুত দিন লাগিব।
সম্পূৰ্ণা, জিনিয়েৰাই প্ৰায়েই সোমৰ লগত ইমান হলি-গলি দেখি ঢেৰ কিবাকিবি কয় যদিও মই কথাবোৰ শুনিও নুশুনা ভাও জুৰোঁ, গাত পাতি নলওঁ কথাবোৰ। সোমৰ বচ নায়াৰ যেতিয়া কলিকতালৈ আহিছিল, তেতিয়া দুই ৰাতি হোটেললৈ কোন কোন গৈছিল মই সকলো জানোৱেই। সোমে মোক তালৈ যোৱাৰ পৰা আঁতৰাই ৰাখিছিল বাবে যাবলগীয়া নহৈছিল। বেছি ক’বলৈ আহিলে উভতি ধৰোঁ, তেতিয়া অলপ দিন চুপ-চাপ থাকে। মোৰতো ভাবিবলৈয়ে ঘিণ লাগে, ছিঃ ছিঃ সেই বুঢ়াটোৰ লগত কেনেকৈ একেলগে বিচনালৈ যাম। সেইটোতকৈ সোম বহুত ভাল। আনকি পিয়ালতকৈও সোম ভাল। শুনামতে সোমৰ শকত পত্নীয়ে তাৰ লগত শুবলৈ নিবিচাৰে। মদৰ নিচাত মোৰ বুকুৰ ওপৰত পৰি প্ৰায়ে সোমে অলপ অলপকৈ কান্দি কান্দি কয় এই কথাবোৰ। মোৰ সেই সময়ত ঘৰলৈ যোৱাৰ বাবে লৰালৰি হয়। কোনোমতে তুলি লৈ মুখত পানী ছটিয়াই ৰেডি কৰি উলিয়াই আনিব লাগে। সেই সময়তো সোমে চিঞৰি চিঞৰি কৈ যায় “হেল হেল হুৱাট দা হেল ইজ মাই লাইফ”! চোৱা তিতিৰ – মই শাওনীক পাইছোঁ, মোৰ জীৱনৰ ডেচটিনেচন হ’ল শাওনী বুজিছা!” ইত্যাদি ইত্যাদি। সেই সময়খিনিত মই বৰ অস্বস্তিত ভুগো, কিয় নাজানো।
তিতিৰঃ
সোনাৰ ফেব্ৰুৱাৰীত দুবছৰ হ’ব। আমাৰ বিয়াৰ দুবছৰৰ মূৰত সোনাৰ জন্ম হৈছিল। কনচিভ কৰাৰ পিছত প্ৰথমে কাক ক’ম ভাবিবলগীয়া হৈছিল। কোনে খবৰটো পালে বেছি সুখী হ’ব সোম নে সুকুমাৰ।
সুকুমাৰে খবৰটো পাই সুখী হ’ব নে? বিয়াৰ পিছত দেউতাৰ ঘৰলৈ গ’লে, মই সুকুমাৰৰ ঘৰলৈ যদি নাযাওঁ শান্তিত থাকিব নোৱাৰোঁ। সোমে অফিচলৈ যাওঁতে যেতিয়া মোক ঘৰত নমাই থৈ যায়, তেতিয়া মোৰ ভৰি দুটা যেন অট’মেটিক সুকুমাৰৰ ঘৰলৈ গুচি যায়। শৈশৱৰ পৰাই সিহঁতৰ ঘৰলৈ আমাৰ অবাধ অহা-যোৱা আছে। তিনি মহলাৰ ছাদত কিমান দিন আমি ৰ’দ ল’বলৈ গৈছোঁ, বাসবী বাৰ লগত এক্কা দুক্কা খেলিছোঁ। বাসবী বা আৰু মোৰ বিয়া এমাহ অগা-পিছাকৈ হৈছিল। সেই সময়ত সুকুমাৰ বেকাৰ আছিল। তথাপিও দুৰ্বল কন্ঠেৰে মই তাক কৈছিলোঁ, “বলা আমি পলাই যাওঁ।”
সেয়া সম্ভৱ নহয় বুলি দুয়ো জানো। বিয়াৰ পিছত মোক সুকুমাৰে অবাক চকুৰে চায়। মূৰত সেন্দূৰ; হাতত শাখা খাৰু। সোম সফল চাকৰিয়াল। হাতত দামী ঘড়ী পিন্ধে। শহুৰৰ ঘৰলৈ আহিও লেপটপ মেলি বহিছেহি। জোঁৱাই চাবলৈ সুকুমাৰহঁত আহি দেখে যে জোঁৱায়ে ৱৰ্ক ফ্ৰম হ’ম কৰি আছে। সুকুমাৰৰ হতাশ চাৱনিয়ে মোক দুখ দিয়ে।
চহৰৰ সফল চাকৰিয়াল প্ৰতিদ্বন্দ্বী দেখি সুকুমাৰ অলপদিনলৈকে চুপ-চাপে থাকিছিল। মই ঘৰলৈ আহিলে সি সেইসময়ত ঘৰত নাথাকে। ক’ৰবালৈ ওলাই যায়। মই মনে মনে গৈ তাৰ ঘৰ পৰিষ্কাৰ কৰি থৈ আহোঁ। তাৰ ৰুমত শৈশৱতে লোৱা ষ্টেনগান এটা এতিয়াও ওলোমাই থোৱা আছে, যিটো লৈ সদায় মোৰ লগত খেদা-খেদি কৰিছিল। বেডমিণ্টন ৰেকেটবোৰো পেকেটত ওলমি আছে। মই পৰম যতনেৰে গাৰুৰ কভাৰ আৰু বিচনাচাদৰ পৰিষ্কাৰ কৰি থৈ আহোঁ। দুবছৰৰ আগতে এবাৰ ভৰ দুপৰীয়াৰ সময়তো গৈছিলোঁ তালৈ। সি ঘৰত নাই বুলি গম পাই গুচি আহিছিলোঁ। আঁঠুৱাখন লৰি থকা দেখি কি ভাবি আকৌ এবাৰ আহি সেইখন আঁতৰাবলৈ লওঁতেই দেখো সুকুমাৰ সোমাই আহিছে ৰুমলৈ। সেইদিনা কি কি হৈছিল মোৰ মনত নাই। খালি এইটো কথাই মনত আছে মোৰ ওঁঠত চুমা খাই খাই বাৰে বাৰে কৈছিল, “ৰুমকি তই মোৰ! তই আৰু কাৰো হ’ব নোৱাৰ।”
সেইদিনাৰ পিছত মই একো ক’ব নোৱাৰা হৈছিলোঁ। আনকি অৰাল কন্ট্ৰাচেপটিভ পিল পৰ্যন্ত খাবলৈ পাহৰি যোৱা কথাটো দুদিনৰ পিছতহে মনত পৰিল।
তাৰপিছত আৰু সোমৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ নোৱাৰা হ’লোঁ। কথাটো যে কাৰোবাক ক’ম, সেয়াও ঠিক কৰিব পৰা নাছিলোঁ।
কেতিয়াবা ৰাতি সোমে মদ খাই টং হৈ আহি মোক গবা মাৰি ধৰি যেতিয়া কয়, “শাওনী তোমাক এৰি মই জীয়াই থাকিব নোৱাৰোঁ। প্লিজ তুমি তিতিৰ হৈ যোৱানা।” সেইদিনা মোৰ অপৰাধবোধ অলপ হ’লেও চাগে কম হৈ যায়। সিমানেই কমে, কিমান কমে নাজানো।
*******

1:49 PM
বেলেগধৰণৰ গল্প।
2:36 PM
ৱাহ! এটা সাধাৰণতে আমাৰ সমাজত নঘটা কাহিনীৰ গল্প। ভাল লাগিল।