বংশাৱলী-গীতামণি দত্ত

বৰুৱাৰ বাপেকে মৃত্যুৰ আগে আগে দি যোৱা অৰ্থাৎ মৃত্যুৰ ঠিক দুমাহ মানৰ আগতে তেওঁক নিজ হাতে লিখা বংশাৱলীখন হাতত দি কৈছিল “এইখন সযতনে থ’বি, কেতিয়াবা এইখন পঢ়িবি! পঢ়িলে নিজৰ বংশৰ উপৰি পুৰুষসকল নো কোন আছিল, তাক জানিব পাৰিবি!” বাপেকৰ কথা মানি তেওঁ বংশাৱলীখন সযতনে ৰাখিলে ঠিকেই কিন্তু সেইখন উলিয়াই কোনো দিনেই তেওঁৰ পঢ়ি চাবলৈ সময় নহ’ল। তেওঁৰ সেইখনৰ কথা হয়তো মনতেই নপৰিলেহেঁতেন! আজি গাৱঁৰ ঘৰৰপৰা ফোন এটা আহিলত তেওঁৰ বংশাৱলীখনলৈ মনত পৰিল।ডাঙৰ ককায়েকৰ ভতিজা ছোৱালীজনীৰ বিয়া। সেইবাবে আজু আইতাক-ককাকৰ নাম দুটা কি আছিল বুলি সোধাতহে তেওঁৰ বংশাৱলী খনলৈ মনত পৰিল।

ক’ত থৈছে কাগজখন তেওঁ মনত পেলাবলগীয়া হ’ল। বৰুৱাৰ দেউতাক মৰিও হাড়ত বন গজিল। গতিকে বংশাৱলীখন ক’ত থ’লে মনত নপৰাটো স্বভাৱিক। তেওঁৰো বয়স এতিয়া যথেষ্ট হৈছে। দুবছৰ মানৰ পাছত চাকৰিৰ পৰাই অৱসৰ ল’ব। পৰিবাৰ মানসীয়ে তেওঁক অকলশৰীয়া কৰি ক’ভিডৰ আলম লৈ এই পৃথিৱীৰপৰা বিদায় মাগিলে। মানসী থাকোঁতে কথাবোৰ অলপ সুকীয়া আছিল। তেওঁ পাহৰা কথাবোৰ, কামবোৰ সময়মতে মনত পেলাই দিয়ে। ল’ৰা-ছোৱালীহাল নিজক লৈয়ে ব্যস্ত, সিহঁতে কামৰ মাজতে দেউতাকৰ খবৰ নোলোৱাকৈ নাথাকে; কিন্তু মাক মানসীৰ গতে সিহঁতেও অনবৰতে দেউতাকৰ লগত লাগি থাকিব নোৱাৰে। নিজৰ বুলি সিহঁতৰো জীৱন এটা আছে। বৰুৱাই সকলো কথা বুজি পায়। এটা সময়ত তেৱোঁ একেই আছিল। মাক-দেউতাকৰ কাৰণে কিমান সময় দিব পাৰিছিল! গতিকে এটা পুৰুষৰপৰা আন এটা পুৰুষলৈ এনেকৈয়ে চলি থাকিব। সময়ৰ লগত মিলাই মিলি চলি যাব পাৰিলেই সকলো সমস্যাৰ সমাধান আছে বুলি বৰুৱাই ভাৱে।

তেওঁ লাহেকৈ মানসীয়ে যৌতুকত অনা চেগুন কাঠৰ আলমাৰীটো খুলি দেউতাকে দি যোৱা বংশাৱলীখন বিচাৰিবলৈ ধৰিলে। আলমাৰীটোত অতি সযতনে মানসীৰ কাপোৰবোৰ ঠাকে-ঠাকে সজাই থোৱা আছে। বহুত দিন হ’ল বৰুৱাই আলমাৰীটো খোলাই নাই। খোলাৰ লগে লগে মলঙা গোন্ধ এটা তেওঁৰ নাকত লাগিলহি। মনতে ভাবিলে মাজে মাজে আলমাৰিটো খুলি থ’ব লাগিব! নহলে তাৰ ভিতৰৰ কাপোৰকে ধৰি আন বস্তুবোৰো নষ্ট হৈ যাব। বৰুৱাই দেখিলে আলমাৰিৰ ড্ৰয়াৰ এটাত বংশাৱলীখন পলিথিন এটাৰে মেৰিয়াই থোৱা আছে। হয়তো কাগজখন ফাটি যোৱাৰ ভয়ত মানসীয়ে তেনেকৈ থৈ দিছিল। বংশাৱলীখন পাই তেওঁৰ মনটো ভাল লাগিল।

মেলি চাই বৰুৱাৰ পূৰ্বপুৰুষৰ নামবোৰ পঢ়ি তেওঁৰ নিজৰে হাঁহি উঠিল। নামবোৰ মুখৰ ভিতৰতে তেওঁ অলপ ডাঙৰকৈ মাতিলে – উগ্ৰ, ধনীৰাম, টেটেৰী, মোহিনী আদি। আজিৰ ল’ৰা-ছোৱালীৰ নামৰ লগত আকাশ-পাতাল পাৰ্থক্য। তেওঁৰ প্ৰথম সন্তান জন্ম হওঁতে কি নাম দিব ভাৱি থাকোঁতেই কোনোবাই আহি মাতিলেহি ‘বাবুল’ বুলি তেতিয়াৰ পৰা তাক সকলোৱে ‘বাবুল’ বুলিয়েই মতা হ’ল। তেওঁ দেখিছে আজিকালি নাম কি দিব ল’ৰা-ছোৱালী মাকৰ গৰ্ভত থাকোতেই ঠিক কৰে। ভাবি-চিন্তি দিয়া কাৰণে নামবোৰ যথেষ্ট অৰ্থপূৰ্ণ। কেতিয়াবা কিছুমান ল’ৰা-ছোৱালীৰ নাম মুখত আনিবলৈকে অসুবিধা হয়।

বৰুৱাই দেখিলে বংশাৱলী লিখা কাগজ খনৰ ৰঙটো অলপ মদৰুৱা পৰি গৈছে আৰু কাগজত বন্ধা গাঁঠিবোৰ ছিগি যোৱাৰ কাৰণে ভালকৈ বান্ধি দিলে।

বংশাৱলীখনত দেউতাকে পুত্ৰ-বোৱাৰীৰ লগতে নাতি-পুতিৰ নামবোৰো অকণো খোকোজা নলগাকৈ লিখি থৈ গৈছে। এটা সময়ত বৰুৱায়ো নিজৰ নাতি -পুতি হ’লে, নাতি-পুতিৰ নামো  দেউতাকে লিখা বংশাৱলী খনত লিখি থ’ব। বৰুৱাই মনে মনে সিদ্ধান্ত এটা লৈ পেলালে। দেউতাকে তেওঁক দিয়াৰ নিচিনাকৈ বংশাৱলীখন বৰুৱাই নিজৰ মৃত্যুৰ আগে আগে পুতেক বাবুলৰ হাতত গটাই থৈ যাব আৰু সযতনে থ’বলৈ ক’ব। বাবুলে বংশাৱলীখন সযতনে থ’ব বুলি বৰুৱাৰ এটা বিশ্বাস আছে।

*******

4 Comments

Leave a Reply to Kumkum Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *