বাৰাণ্ডা-নন্দিতা ভাণ্ডাৰ কায়স্থ 

দীঘলে প্ৰায় বিশ ফুট আৰু বহলে আঠ ফুটৰ এখন ডাঙৰ বাৰাণ্ডা। মোজাইক কৰা আহল-বহল বাৰাণ্ডাখন জ্যোতি আৰু ৰেখাৰ গোটেই ঘৰটোৰ ভিতৰতে এখন প্ৰিয় ঠাই বুলি ক’লেও ভুল কোৱা নহ’ব। কি কি নকৰে দুয়ো বাৰাণ্ডাখনত। শাক-পাচলি কুটা, কাপোৰত ফুল তোলা, আলোচনীৰ পৃষ্ঠাত ডুবি থকা মুঠতে দিনটোৰ চৌবিশ ঘন্টাৰ পাঁচ-ছয় ঘণ্টা দুয়ো বাৰাণ্ডাখনতে সময় অতিবাহিত কৰে। 

জ্যোতিৰ হাতৰ পৰশত যেনেদৰে ছিজন ফুলবোৰে জকমকাই ফুলি উঠে, তেনেদৰে ৰেখাৰ কৰ্মঠ হাতৰ আদৰত বাৰাণ্ডাৰ মজিয়া জিলিকি উঠে। জহকালি দুয়ো বিচনী লৈ বাৰাণ্ডাতে মনৰ কথা পাতে। চোতালৰ দুয়ো কাষে থকা কদম, কঁঠাল গছৰ বতাহে দেহ জুৰ পেলাই যায়। জাৰকালি বাৰাণ্ডা পাৰ হৈয়ে ভঁড়াল ঘৰৰ কাষতে টিনৰ তলত জুই ধৰে শাহুৱেকে। দুয়োজনীয়ে কামৰ ফাঁকে ফাঁকে জুই পুঁৱাই আৰু বাৰাণ্ডাৰ আৰামী চকীত বহি কথাৰ মহলাও মাৰে।

জ্যোতি আৰু ৰেখা সম্পৰ্কত জা-জোৱালী হ’লেও দুয়োৰে মাজত মনৰ খুউব মিল। জা নহয় যেন দুয়ো বাই-ভনী হে। জ্যোতিৰ পিতৃ-মাতৃৰ সৰুতে বিয়োগ ঘটে। সম্পৰ্কীয় পেহীয়েক এজনীয়ে তাইক তুলি-তালি ডাঙৰ-দীঘল কৰে। ৰেখাৰ মাক-দেউতাক আহিলে সেয়েহে ৰেখাতকৈ জ্যোতিৰ উথপথপ বেছি লাগে। খাদ্যৰ তালিকাত ভেদাইলতা, নৰসিংহ, কচু থোৰ, কৰ্দৈৰ মিঠা চাটনি নানা ব্যঞ্জনৰ সমাহাৰ ঘটে। উদৰ পূৰাই খায় ষাঠি ঊৰ্ধৰ মানুহহালে। জ্যোতিৰ হাতৰ গুণ বখানে দুয়ো। তাইৰ হিয়া শাঁত পৰে। শুবলৈ বিছনা ঠিক কৰি দিয়ে। মুঠতে ৰেখাৰ মাক-দেউতাকক তাই নিজৰ বুলিয়ে গণ্য কৰে।

জ্যোতিৰ পেহীয়েকো মাজে সময়ে আহে। নিজৰ হ’লেও পেহীয়েকৰ কথাবোৰে তাইৰ অন্তৰত আঘাত হে দিয়ে। সুযোগ পালেই তাইৰ মন বিচলিত কৰিব বিচাৰে, “জ্যোতি কিমান আৰু এনেকৈ পৰিয়ালৰ আটাইৰে লেদেনা উকটি থাক? নিজৰ বুলিবলৈ এখন ঘৰ কৰ আকৌ? জোঁৱাইৰ চাকৰিও ভাল। তহঁতে বেলেগকৈ চৰু নধৰ কিয়?”  “এইবোৰ মনলৈ নানিবা পেহী। আমি বেলেগ হ’ব নোৱাৰোঁ। মোৰ মন সলনি কৰিবলৈ চেষ্টা নকৰিবা। মোৰ কাপোৰ চপাবলৈ আছে, মই যাওঁ।” পেহীয়েকৰ ওচৰৰ পৰা উচাট্ মাৰি আহে জ্যোতি।

পেহীয়েকৰ এই স্বভাৱ জ্যোতিৰ অকণো ভাল নালাগে। যৌথ পৰিয়ালত থাকি তাই একো অশান্তি পোৱা নাই। তেনেস্থলত তেওঁৰ ইমান কিহৰ মূৰ কামোৰণি তাই বুজি নাপায়। বাৰীত গৈ জলকীয়া পুলি কেইডালৰ কাষে কাষে বাঁহৰ কামি লগাবলৈ ধৰে। মনটো লাহে লাহে শান্ত হয় তাইৰ।

দুদিন থাকিয়েই পেহীয়েক যায়গৈ। যাওঁতে “আকৌ আহিম দে” বুলি ক’বলৈ নাপাহৰে। জ্যোতিয়ে “অ’ আহিবা” বুলি কয় যদিও ৰাতি থকাকৈ নাহিলেই ভাল পোৱা হ’ল। আপোন হ’লেও সংসাৰ ভাঙিবলৈ অহা মানুহ তাই পছন্দ নকৰে।

পেহীয়েক থকা কেইদিন ৰেখাক তেওঁ জ্যোতিৰ লগ হ’বলৈ সুবিধাই নিদিয়ে। কৃত্ৰিমতাৰ আৱৰণ পিন্ধি লেনিয়াই মাতে ৰেখাক, “তুমি যে ইমান ধুনীয়া পিঠা বনোৱা। খাবলৈ বৰ মন গৈছে অ’। আকৌ বা কেতিয়া আহোঁ?”  “ইচ্ পেহী কি যে কয়? মই এতিয়াই বনাই আনোঁ ৰ’ব।” ৰেখা আতঁৰি গলেই পেহীয়েকে জ্যোতিৰ মন সলাবলৈ লাগি যায়। সফল হ’ব নোৱাৰিলে তেওঁ ঘৰলৈ যাবলৈ খৰখেদা লগায়।

পেহীয়েক যোৱাৰ পিছতেই দুয়ো আকৌ হেঁপাহৰ বাৰাণ্ডাখনতে ঘৰুৱা কামৰ দিহাবোৰ লগায়। আজৰি হ’লে ৰেডিঅ’ ত নাটক শুনে। ল’ৰা-পোৱালি দুটাক লৈ বাৰাণ্ডাখনতে লুডু বা কেৰম খেলে। আহাৰ-শাওণমহীয়া বৰষুণত বাৰাণ্ডাখন পানীৰে চপচপীয়া হৈ পৰে। দুয়োৰে মন ৰিঙা ৰিঙা লাগে। ডাৱৰ আঁতৰি ৰ’দকণ ওলালেই শুকান কাপোৰ লৈ বাৰাণ্ডাখন চিকুণ কৰি দিয়ে। এবেলা সময় পালেও বহুত দুয়োৰে বাবে। চাহৰ পিয়লা হাতত লৈ বহে, কথা পাতে, হিয়া দুখন জুৰ পৰি যায়।

তিনিমাহৰ মূৰত জ্যোতিৰ পেহীয়েক আহিল। নাতিহঁতৰ বাবে বিস্কুট, চকলেট আনে। আন সদস্যসকলৰ বাবে ফল-মূল আনে। পেহীয়েকৰ প্ৰিয় ব্যঞ্জন তৈয়াৰ কৰে জ্যোতি আৰু ৰেখাই। এইবাৰ তেওঁ জ্যোতিৰ লগত আগৰ দৰে বৰকৈ ভাব বিনিময় কৰা নাই। তাৰ পৰিৱৰ্তে জোঁৱায়েকৰ সৈতে হে কথাৰ মহলা মাৰে, “বাবা, তোমাৰ চাকৰি ভাল। দৰমহাও ভালেই পাই আছা। পিছে ভায়েৰাই হে তোমাৰ লেখীয়া ধন ঘটিব পৰা নাই। আৰু নোৱাৰিবও দিয়াচোন। তোমাৰ পইচাৰে ঘৰখন চলি আছে। ভালেই বাৰু। ইয়াত মোৰ মূৰ ঘূমাব লগীয়া একো নাই। কিন্তু এনেদৰেই যদি চলি থাকে ভৱিষ্যতে তোমাৰ হাতত টকা-সিকা নাথাকিবগৈ চোন। সেয়েহে সময় থাকোতেই নিজাকৈ ঘৰ এখন কৰি ল’লে তোমালোকৰে ভাল হ’ব দিয়াচোন। মোৰ নো কি আৰু? আজি আছোঁ কাইলৈ বা পৰহিলৈ সিপুৰীৰ পৰা আমন্ত্ৰণ আহিলে যাবগৈ লাগিব। বাৰু তুমি বহাচোন। মই এবাগৰ দি আহোঁ ৰ’বা।” পেহী শাহুৱেকৰ কথাবোৰে জ্যোতিৰ মানুহজনৰ গা চেবায়। চাবলৈ গ’লে তেওঁ কোৱা কথাবোৰ অসত্য নহয়। তেঁৱে যদি নিতৌ ঘৰৰ খৰচ বহন কৰিব লাগে পিছলৈ সাঁচতীয়া ধন নাথাকিবগৈয়েচোন। নাই নাই,সএনেকৈ আৰু নহ’ব। কিবা এটা কৰিব লাগিব। মানুহজন গহীন হ’বলৈ ধৰে। ভায়েকৰ লগত কথা কমাই দিলে। মাকৰ সৈতেও বিশেষ কথা নাথাকিলে মাত বোল নকৰা হ’ল। জ্যোতি  মানুহজনৰ ব্যৱহাৰত ভিতৰি দুঃচিন্তাত ভোগে। কি বা হ’ল মানুহ জনৰ? এনেকুৱাতো নাছিল! উত্তৰ বিচাৰি হাবাথুৰি খায় জ্যোতি।

বুকুৰ ভিতৰৰ অশান্ত ধুমুহাজাক হঠাতে এদিন তাপ মাৰে। বাৰাণ্ডাখনত বহি চাহ খাই থকা আটাইৰে সন্মুখত জ্যোতিৰ জীৱন সংগীয়ে মুখ খোলে, “মা, ভাইটি মই আজি সকলোৰে আগত প্ৰস্তাৱ এটা ৰাখিব বিচাৰোঁ। মনে মনে মই একপ্ৰকাৰ সিদ্ধান্ত লৈয়ে পেলাইছোঁ।” কথাখিনি কৈ মানুহজনে সামান্য সেপ ঢুকিলে। জ্যোতিৰ লগতে শাহুৱেকৰ বুকুখন ঢিপ্ ঢিপ্ কৰিবলৈ ধৰে।

“মই পিতায়ে কৰি যোৱা সম্পত্তিৰ ভাগ- বটোৱাৰা হোৱাটো বিচাৰোঁ। এদিন নহয় এদিনতো আমি বেলেগ হ’বই লাগিব। গতিকে কামফেৰা মা সুস্থ-সবল হৈ থাকোতে কৰাই ভাল। নে কি কোৱা মা?” মাকলৈ প্ৰশ্ন টোঁৱাই বৰ পুত্ৰই।

মাকে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সপোনতো ভবা নাছিল। কিছুসময় মৌনতাৰে পাৰ হ’ল। বাৰাণ্ডাত থকা ঘড়ীটোৱে মাথোঁ টিক্ টিক্ কৰি থাকিল। মুখখন চাদৰৰ আঁচলৰে মচি  দুখ বেদনা সামৰি মাকৰ কন্ঠৰে শব্দ কেইটামান বাহিৰ ওলাল, “ডাঙৰ অ’ তই যিহেতু সিদ্ধান্ত লৈয়ে পেলাইছ মই আৰু তোক হকা-বাধা নকৰোঁ। তহঁত দুয়োৰে নামত মই মাটি-বাৰী সমানে ভাগ কৰি দিম। অতি সোনকালেই মণ্ডলৰ লগত কথা পাতি কামটো সমাধান কৰ।” বিশেষ দীঘলীয়া নকৰি ক’বলগীয়াখিনি কৈ‌য়ে মাক নিজৰ কোঠালৈ গৈ দুৱাৰ মাৰি শুই থাকে। ভায়েকে কিবা সুধিব খুজিছিল যদিও দাদাকৰ উদাসীন মনোভাৱ দেখি মনৰ কথা মনতে দমাই ৰাখে।‌ জা দুজনীয়ে অসহায় ভাবে ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰয়। বাৰাণ্ডাৰ চকী দুখনতে দুয়ো মনে মনে বহি থাকে।

যথাসময়ত মণ্ডল অফিচৰ মানুহ আহি মাটিৰ ভাগ কৰি দিয়ে। সেই মতে খেতিৰ মাটিৰ চল্লিশ বিঘা সমানে দুই ককাই-ভাইৰ নামত লিখি দিয়া হ’ল। ইয়াৰ উপৰিও থকা ঘৰটোৰ সৈতে ভঁৰাল ঘৰ, গোহালি ঘৰ সকলোৰে ভাগ হ’ল। বাৰাণ্ডাখনৰো ভাগ হৈ গ’ল। সেইমতে বাৰাণ্ডাসহ সন্মুখৰ মাটি বৰ পুত্ৰৰ ভাগত পৰিল। মূল ঘৰৰ বাকীছোৱা অংশ সৰু পুত্ৰৰ নামত লিখি দিয়া হ’ল। সৰু পুত্ৰক অহা যোৱা কৰিবৰ বাবে ৰাস্তা অকণ দিয়া হ’ল।

বৰ পুত্ৰই নিজৰ মাটিখিনিত নিজাকৈ ঘৰ এটা সাজিবলৈ মনস্থ কৰিলে। মন কৰিলেই ছন। বেংকৰ পৰা ঋণ লৈ ঘৰৰ কাম আৰম্ভ কৰা হ’ল। বাৰাণ্ডাখন ভাঙি নতুন ঘৰৰ খুঁটা পোতা হ’ল। শিল বালি ইটাৰ মিশ্ৰণত যিমানেই ঘৰৰ কামৰ অগ্ৰগতি বাঢ়িল সিমানেই জা দুজনীৰ বুকুত অজান বেথাই ভিৰ কৰেহি। সৰু পুত্ৰই পিছ ফালৰ কেঁচা বাৰাণ্ডাখনত ইটা পাৰি পকা কৰি দিলে। ৰেখাৰ নতুন বাৰাণ্ডা তৈয়াৰ হৈ উঠে। ইয়াৰ সমানে সমানে জ্যোতিৰ নতুন ঘৰো সম্পূৰ্ণ হৈ উঠে। নতুন কোঠা, নতুন স্নানাগাৰ, নতুন বাৰাণ্ডা, সকলোবোৰ নতুন। কিন্তু এই নতুনক আদৰি ল’বলৈ জ্যোতিয়ে নিজকে সম্পূৰ্ণভাৱে সাজু কৰিব নোৱাৰিলে। ক’ৰবাত যেন তাই পৰাজিত সৈনিক হৈ পৰিল। সকলো আছে তাইৰ, তথাপিও কিবা এক শূন্যতাই তাইৰ অন্তৰত বিৰাজ কৰে।

এতিয়া দুয়োজনী জাৰে দুখন ঘৰ। মাটিডৰাৰ দুয়ো দিশে দুখনকৈ বাৰাণ্ডা। পিছে আগৰ দৰে বাৰাণ্ডাত বহা মানুহৰ হে অভাৱ হ’ল। দুয়ো ভাইৰ সন্তানহঁতো ডাঙৰ হৈ আহিল। পঢ়াৰ বোজা বাঢ়ি আহে। খেলাৰ সলনি কিতাপত মনোযোগ বাঢ়িবলৈ ধৰে। শাহুৱেকৰো লগৰী এতিয়া মাথোঁ বিছনাখনেই। কোনোমতে ৰেখা বা সৰুৰ হাতত ধৰি প্ৰকৃতিৰ আহ্বানত উঠি প্ৰসাৱ-পায়খানা কৰে। জ্যোতিয়ে নিতৌ আহি কিছুসময় শাহুৱেকৰ ওচৰত বহে। নিজ হাতে আহাৰ খুৱাই দিয়ে। তেখেতৰ পৰিচৰ্যা কৰি তাই যেন স্বামীৰ দ্বাৰা হোৱা ভুলৰ শুধৰণি হে কৰে। ৰেখাৰ লগতো এখন্তেক বহি সুখ-দুখৰ কথা পাতে। শাহুমাকে কথা নকয়ে, বেছিভাগ সময় তেখেতে ওপৰৰ পিনে চাই হৰিৰ নামে গুণগুণাই থাকে। 

আধুনিকতাৰ বতাহত জ্যোতিৰ ঘৰখনো জীপাল হৈ উঠে। টকাৰ জোৰতে পুৰণি সামগ্ৰী আঁতৰাই নতুন সামগ্ৰীৰে ঘৰ ভৰাই দিয়ে স্বামীয়ে। জ্যোতিৰ আপত্তি নৰজে। ইটালিয়ান ডিজাইনৰ টাইলচ লগাই সমস্ত ঘৰখনেলৈ নতুনত্ব আনে। ইয়াৰ প্ৰভাৱ বাৰাণ্ডাখনতো পৰে। বেতৰ আৰামী ঝুলনা লগাই তাতে বহিয়ে জ্যোতিৰ মানুহজনে বহু সিদ্ধান্ত লয়। জ্যোতিয়ে পিছে আগৰ দৰে বহি সময় পাৰ নকৰা হ’ল। ফুলৰ যতনো ল’বলৈ আগ্ৰহ নকৰে। ঘৰখনৰ বিভাজনে আনি দিয়া পৰিৱৰ্তনত অকল জ্যোতিয়ে নহয়, পিছফালৰ ঘৰত থকা তাইৰ ভগ্নী সদৃশ জাজনীৰ অন্তৰো ক্ষত-বিক্ষত হৈ পৰে। পুৰণি স্মৃতিয়ে দুয়োকে বিচলিত কৰে । সেই যে দুয়ো হাঁহি হাঁহি ৰেডিঅ’ ত নাটক শুনিছিল, কাপোৰত ফুল তুলিছিল; মাথোঁ স্মৃতি হৈ ৰৈ যায়।

*******

2 Comments

Leave a Reply to বৰষা ডেকা Cancel reply

Your email address will not be published. Required fields are marked *