বৃত্ত-নীলাক্ষী ভট্টাচাৰ্য্য
ফাগুণ মাহ, ইফালে বৰষুণ নাই বাবে চাৰিওফালে ধূলি। গছবোৰো লঠঙা হ’ল। সঁচাকৈ বৰষুণ এজাকৰ বৰ প্ৰয়োজন হৈছে।
বাহিৰৰ হেলনীয়া চকীখনত বহি তৰালী অধিকাৰীয়ে সন্মুখৰ পদূলিটোলৈ লক্ষ্য কৰি আছে। আবেলি সময়ত তৰালী অধিকাৰী এনেকৈ বহি থকাটো দৈনন্দিন কৰ্মৰাজিৰ ভিতৰতে পৰে বুলি ক’ব পাৰি। ভিতৰত ভৱদেৱ অধিকাৰী শুই আছে নিজৰ কোঠাত। গা ভাল নহয় তেখেতৰ। গা ভাল নহয় বুলিও ক’ব নোৱাৰি যিহেতু তেওঁৰ মনৰ হে বেমাৰ। মানুহজন দুদিন হ’ল এনেকৈ কোঠাটোত সোমাই থকা। তৰালী অধিকাৰীয়ে বহুত চেষ্টা কৰিছিল মানুহজনক বুজাবলৈ কিন্তু নাই তেখেতে নিজৰ ভুলৰ শাস্তি পোৱা বুলি নিজকে দোষাৰোপ কৰি আছে; যাৰ বাবে আজি এই দিন তেওঁ দেখিব লগা হৈছে।
তৰালী অধিকাৰীয়ে বাৰে বাৰে বিশেষ নম্বৰ দুটাত ফোন লগাই আছে কিন্তু সেইফালে ৰিং হৈ কাট খাই যায়গৈ। এয়া পিছে আজিৰ কথা নহয় এনেকৈ চলি আছে কিছু বছৰ। কেতিয়াবা যদিও ভুলবশতঃ ৰিচিভ কৰে তেন্তে ব্যস্ততা দেখুৱাই ফোনটো কাট খুৱাই দিয়ে। অলপ পিছতে কলবেক কৰিম বুলি কয় কিন্তু সেই ফোনটো কেতিয়াও নাহে।
হঠাতে ভৱদেৱ অধিকাৰী বিচনাৰ পৰা উঠি আহি অন্য সাজপাৰ পিন্ধি ক’ৰবালৈ যাবলৈ ওলোৱাত তৰালী অধিকাৰী আচৰিত হৈ সুধিলে- ক’ত যায়গৈ আপুনি?
মোৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ যাওঁ যিটো ভুলে মোক শান্তিত মৰিব নিদিব।
আপুনি কি ক’ব বিচাৰিছে?
মই মোৰ গাওঁখনলৈ যাওঁ। যাবলৈ বিচৰা যদি ওলাই আহা। মই গাড়ীতে অপেক্ষা কৰিম।
মই নাযাওঁ। আমি ওলাই যোৱাৰ পিছতে যদি সিহঁত আহে।- লাহেকৈ ক’লে তৰালী অধিকাৰীয়ে।
তুমি অপেক্ষা কৰি থাকা যিদৰে মোৰ মা দেউতাই অপেক্ষা কৰি আছিলে মোক আৰু মই- এহ বাদ দিয়া। মই আহোঁ।
ভৱদেৱ অধিকাৰীয়ে এবাৰো পিছফালে ঘূৰি নোচোৱাকৈ গাড়ীখন লৈ ওলাই গ’ল।
কোঠাকেইটাত সোমাই অস্বস্তিকৰ অনুভৱ হোৱাত আকৌ বাহিৰলৈ আহি তৰালী অধিকাৰীয়ে হেলনীয়া চকীখনত দুচকু জপাই আঁউজি আৰামকৈ বহি ৰ’ল। কিমান সময় এনেকৈ বহি আছিল সময়ৰ হিচাপ কৰা নাছিল। কিন্তু হঠাতে মা বুলি মাতোঁতে তৰালী অধিকাৰীয়ে দুচকু মেলি ডাঙৰ ল’ৰা ৰণক দেখি কৈ উঠিল- ৰণ তই আহিছ? মোৰ মনে কৈছিল তহঁত এদিন হ’লেও আমাৰ ওচৰলৈ আহিবি। মোৰ সংস্কাৰ আছে তহঁতৰ দেহত। কেনেকৈ পাহৰি যাবি? সেয়া কেতিয়াও হ’ব নোৱাৰে। তহঁতলৈ অপেক্ষা কৰি শেষত দেউতাৰা গাঁৱৰ ঘৰলৈ গ’লগৈ। কিন্তু মই জানো তহঁত আহিবি সেয়ে মই নগ’লো। সোণ মোক এৰি নাযাবি দেই। পিছে নাতি দুটা আৰু বোৱাৰী ক’ত?
বাইদেউ, বাইদেউ মোক এৰি দিয়ক। মই ৰণ দাদা নহয় গজেন হে।
কি? তৰালী অধিকাৰী এইবাৰ নিজকে চম্ভালি লৈ ক’লে- চাহ আনিলি নেকি?
হয় বাইদেউ বহুত সময় হ’ল আপুনি ভিতৰলৈ নোযোৱা দেখি ময়ে লৈ আহিলোঁ।
ভালে কৰিছ। পিছে আজি ছাৰলৈ নিব নালাগে, ছাৰ নাই।
জানো বাইদেউ ছাৰে যোৱাৰ আগতে মোক কৈ গৈছে।
সন্ধিয়া সাতমান বাজি গৈছে চাগে। তৰালী অধিকাৰীৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোত কোনোবা শিশুৱে কান্দিছে। কিয় জানো অজানিতে তৰালীৰ আজি বুকুখন উথলি উঠিছে। হাহাকাৰ কৰিছে নিজৰ নাতি কেইটাক এবাৰ চুই চাবলৈ। কিন্তু আজিলৈ সিহঁতক চুই চাবলৈ হে সৌভাগ্যকণ হোৱা নাই। দুয়ো পুত্ৰ সংসাৰ আৰু নিজৰ বৃত্তিত ইমানেই ব্যস্ত যে আহিবলৈ সময়কণ থকাটো দূৰৰে কথা ফোন এটিও কৰিবলৈ সময় নাই। ব্যস্ততাৰ দীঘল লিষ্টখন ইমানে দীঘল হৈছে যে সিহঁতৰ মনত মাক দেউতাক জীয়াই আছে নে নাই সেয়াও সন্দেহ।
কিয় জানো তৰালী অধিকাৰীৰ আজি দুয়ো পুত্ৰলৈ বহুত অভিমান হ’ল। কিছুদিন আগতে সিহঁত দুয়োৱে দেউতাকক জনাইছে অসমলৈ সিহঁত আহিব নিবিচাৰে। যদি ইচ্ছা কৰে মাক-দেউতাক তাত গৈ কিছুদিন থাকি আহিলে সিহঁতৰ আপত্তি নাই। লগতে কৈছে তালৈ গৈ মাক দেউতাকৰ কষ্ট হে হ’ব, সেই পৰিৱেশত মিলিব নোৱাৰিব। সেয়ে মাজে মাজে ভিডিঅ’ ক’লতে কথা পাতিলে হ’ল।
কিমান আশা, কিমান সপোন আছিল দুয়ো পুত্ৰ তৰালী আৰু ভৱদেৱ অধিকাৰীৰ জীৱনলৈ আহোঁতে। মাক দেউতাকৰ মতে সিহঁত বাহিৰত থাকি পঢ়িব, বাহিৰতে চাকৰি কৰিব। সময়ত বিয়া কৰাই দি দুয়ো পুত্ৰ-বোৱাৰীৰ লগত শাহু-শহুৰে সমিলমিলেৰে হাঁহি ধেমালিৰে জীৱনটো পাৰ কৰিব।
সৰুৰে পৰা তৰালী অধিকাৰী আৰু ভৱদেৱ অধিকাৰীয়ে দুয়ো পুত্ৰ ৰণ আৰু ৰৌশনক লৈয়ে এখন নিজাকৈ পৃথিৱী সজাই লৈছিল। ভৱদেৱ অধিকাৰীয়ে চহৰত চাকৰি কৰি থাকোঁতে তৰালীৰ প্ৰেমত পৰি বিয়া কৰাইছিল। তৰালীয়ে এবাৰ ভৱদেৱ অধিকাৰীৰ গাঁৱলৈ গৈছিল যদিও গাঁৱৰ পৰিৱেশত এদিনো নিজকে খাপ খুৱাব নোৱাৰি দুনাই আৰু তালৈ যাব নোৱাৰিম বুলি ভৱদেৱ অধিকাৰীক স্পষ্টকৈ জনাই দিছিল। সময়ত ৰণ আৰু ৰৌশন তেওঁলোকৰ জীৱনলৈ আহিল। এবাৰে ভৱদেৱ অধিকাৰীৰ মাক দেউতাক আহিছিল নাতিক চাবলৈ। দুদিন থাকি তেওঁলোক আৰু কেতিয়াও নাহিল পুত্ৰ-বোৱাৰীৰ ওচৰলৈ।
পিছে ইয়াৰ আঁৰৰ ঘটনা এটি আছিল যি আজিও ভৱদেৱ অধিকাৰী জ্ঞাত নহয়। কিয় জানো ইমান বছৰে অনুশোচনা নোহোৱা তৰালী অধিকাৰীৰ আজি প্ৰথমবাৰলৈ নিজলৈ ঘৃণা ওপজিল।
নাতিৰ প্ৰতি মৰম কি ককা-আইতাকৰ মনত নিজে এই সম্পৰ্কত আহি হে অনুধাৱন কৰিছে তৰালী অধিকাৰীয়ে। সেই সময়ত ৰণ আৰু ৰৌশনৰ ককাক আইতাকক তাই তাইৰ ঘৰখনৰ পৰা একপ্ৰকাৰ অপমান কৰিয়ে পঠাইছিল। ইয়াৰ সলনি বন্ধত তৰালী অধিকাৰীয়ে নিজৰ মাক দেউতাকৰ ওচৰলৈ ৰণ আৰু ৰৌশনক লৈ গৈছিল।
এবাৰ আহিছিল ৰণহঁতৰ ককাক আইতাক। অহাৰ পিছতে তেওঁলোকে নাতিক যাতে মৰম কৰাৰ আগত নিজৰ সাজপাৰ সলনি কৰি তাই দিয়া সাজ পিন্ধিয়ে সিহঁত দুটাৰ ওচৰলৈ যায় সঁকিয়াই দিছিল। পৰালৈকে দুয়োকে ককাক-আইতাকৰ পৰা দূৰতে ৰাখিছিল। কেতিয়াবা বহিলেও তেওঁলোকৰ ওচৰত তৰালী অধিকাৰীয়ে বাহানা বনাই লৈ আহিছিল তাইৰ ওচৰলৈ। এদিন দুপৰীয়া সময়ত দুয়ো পুত্ৰৰ লগত শুই আছিল তৰালী অধিকাৰী। দুচকু জপাই থাকোতে কেতিয়া টোপনি আহিল গমকে নাপালে। হঠাতে সাৰ পাই দেখিলে ৰণ আৰু ৰৌশন নাই। লগে লগে তাই দৌৰ দিলে ককাক-আইতাক থকা কোঠালৈ। কোঠাত সিহঁত দুয়োয়ে কিবা খাই আছে। কি খাইছে দেখুৱাব দিয়াত এটা প্লাষ্টিকৰ বটলত নাৰিকল দিয়া পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু দেখি সিহঁতৰ হাতৰ পৰা থাপ মাৰি টেমাটো কাঢ়ি আনি কিয় খাইছে এইবোৰ লেতেৰাকৈ বনাইছে বুলি ধমকি দিলে। মাকৰ ধমকিত সিহঁতে উচুপি উচুপি মাকৰ কোঠালৈ দৌৰ দিলে।
বোৱাৰী নাতি দুটালৈ হেঁপাহত আনিছিলোঁ পিঠা-লাৰুকেইটা।
কিয় আনিছিল? আপোনালোকৰ পিঠা-লাৰুকেইটা খুৱাবলৈ কিহে পাইছিল। আহিছে ইয়ালৈ থাকক ভালকৈ। মোৰ সন্তানৰ লগত মিতিৰালি কৰি যি পাই তাকে খুৱাব নালাগে।
হ’ব বোৱাৰী আমাৰ ভুল হ’ল। চিন্তা নকৰিবা কাইলৈকে আমি গাঁৱলৈ উভতি যাম। নাতি দুটাক চাবলৈ আহিছিলোঁ এবাৰ।
যোৱাৰ আগত পুতেকক কথাবোৰ লগাই দি পুত্ৰ-বোৱাৰীৰ সংসাৰখন আউল লগাই যাব নাপাহৰিব।
ভৱদেৱ অধিকাৰীৰ মাক দেউতাক যি গ’ল আৰু পুত্ৰ-বোৱাৰীৰ ওচৰলৈ নাহিল আৰু সিহঁতেও বিচাৰি নগ’ল। নিজৰ দুই পুত্ৰৰ লগতে জীৱনটো উপভোগ কৰিলে।
ইমান সময়ে অতীতৰ কথাবোৰে আউল লগাই থাকোঁতে তৰালী অধিকাৰীৰ ফোনটো ৰিং হ’ল। ভৱদেৱ অধিকাৰী বুলি ফোনটো ৰিচিভ কৰিব খুজি ৰৈ গ’ল এয়া দেখোন ৰণৰ নম্বৰ। ফোনটো তৎক্ষণাত ৰিচিভ কৰি ক’লে- বাবা মই অথনিৰে পৰা ফোন কৰি আছিলোঁ। এবাৰলৈ সময় নাই নে মা’ৰৰ ফোনটো ৰিচিভ কৰিবলৈ? আজি তই মোৰ সপোনত আহিছিলি। (হাঁহি হাঁহি) তই বুলি ভবেনকে….
মা এইখিনি কথা জনাবলৈ তুমি ইমানবাৰ ফোন কৰিব লাগে নে? ইয়াত আৰাম কৰি বহি থকা নাই মা। বহুত কামৰ প্ৰেচাৰ তাতে আকৌ সময়-অসময় নাই ফোন কৰি দিগদাৰ দি থাকা।
বাবা তই মা’ৰকো এনেকৈ ক’বলৈ বেয়া নালাগিল?
মা ইয়াত আকৌ বেয়া পাব লগা কি আছে? সঁচা কথা কৈছোঁ। তুমি নিজে এবাৰ ভাবাচোন আগতে তোমাৰ আৰু দেউতাৰ ঘৰলৈ ককা-আইতা, খুৰাহঁত আহিলে তুমিয়ে নিজে কোৱা নাছিলা জানো সময়-অসময় নাই আহি ওলায় বুলি? তেনেক্ষেত্ৰত তুমি আজি কিয় নুবুজা আমিও ব্যস্ত থাকোঁ। তোমালোকেও বুজি পাব লাগিব ন আমাৰ কথা।
বাবা তই?
মা কথাবোৰ শুনাত যদিও বেয়া তথাপিও কওঁ যিদৰে ককা-আইতা তোমালোক দুয়ো নোহোৱাকৈ চলিব পাৰিছিল তোমালোকেও শিকি লোৱা আমাৰ অবিহনে চলিবলৈ। কথাখিনি কোৱা বাবে বেয়া নাপাবা। মোৰ মিটিং এখন আছে। ফোনটো ৰাখোঁ এতিয়া।
ৰণৰ কথাবোৰে তৰালী অধিকাৰীক আকৌ এবাৰ বুজাই দিলে তই যি কৰ্ম কৰিবি সেয়াই ফল পাবি।
হাতত ফোনটো লৈ ভৱদেৱ অধিকাৰীক ফোন লগাই ক’লে- কাইলৈ ময়ো গৈ আছোঁ একেলগে দুয়ো তাত থাকিবলৈ।
ভৱদেৱ অধিকাৰীয়ে ফোনটো কাটি নিদি ক’লে কাৰোবাক- কাইলৈ ইয়ালৈ ডাঙৰ আইতা আহিব।
ইয়াহু কিযে মজা লাগিব, আমাৰ খেলৰ লগৰী আৰু বাঢ়িব।
ফোনৰ সিটোপাৰৰ সৰু ল’ৰা-ছোৱালীৰ হাঁহিৰ খলকনি শুনি তৰালী অধিকাৰীৰ দুচকুৰে চকুপানী বৈ আহিল। ৰাতিপুৱালৈ যেন বহুত বাকী এতিয়া।
*******

9:56 PM
বৰ ভাল লাগিল
11:28 AM
ধন্যবাদ জনালোঁ।