ভূপেন হাজৰিকাৰ গীতত শৰৎ-ববিতা শৰ্মা 

গীত হ’ল কবিতা, চিত্ৰ আৰু সুৰৰ এক সংমিশ্ৰণ।  কবিতা ভাগৰ মূল উপাদান হ’ল কথা, ছন্দ আৰু অনুভূতি; চিত্ৰ ভাগৰ মূল উপাদান হ’ল ৰূপ, ৰং ধাৰণা আৰু সুৰ ভাগৰ মূল উপাদান হ’ল তাল, লয় আৰু স্বৰ-লহৰ। এই তিনিটা ভাগৰ প্ৰথম দুটা ভাগৰ দায়িত্ব গীতিকাৰৰ, তৃতীয় ভাগটোৰ দায়িত্ব সুৰকাৰ আৰু গায়কৰ। এই তিনিও ভাগৰ মাজত সু-সামঞ্জস্যইহে গীত এটা জনপ্ৰিয় কৰে। বহুমাত্ৰিক প্ৰতিভাৰ গৰাকী ড° ভূপেন হাজৰিকাই অকলে এই তিনিওভাগ দায়িত্ব সামৰি লৈ শ্ৰোতাক এটাৰ পাছত এটা কালজয়ী গীত উপহাৰ দি গ’ল। গতিকে ড° হাজৰিকা অসমীয়া সংগীত জগতৰ এক একক আৰু অনন্য নাম। হাতৰ লিখনী আৰু কণ্ঠত মা সৰস্বতীয়ে স্বয়ং আহি বাস কৰা স্বভাৱজাত শিল্পী গৰাকীৰ মনোজগতত অলেখ ভাৱৰ বুৰবুৰণি। কল্পনাত অলেখ চিত্ৰৰ সমদল। সেই ভাৱক সমল কৰি, উপযুক্ত চিত্ৰ নিৰ্বাচন কৰি বছা বছা শব্দৰ সাঁজ পিন্ধাই তেওঁ গীত ৰচিলে। সেই গীত সুৰেৰে সজালে আৰু শেষত তেওঁৰ যাদুকৰী কণ্ঠৰে প্ৰাণ ঢালি দিলে। তেওঁৰ গীতৰ কথা, সুৰ আৰু কণ্ঠই শ্ৰোতাৰ হৃদয়ে হৃদয়ে ঘৰ বান্ধিলে। ড° ভূপেন হাজৰিকা অসমীয়া মানুহৰ নয়নমণি, হিয়াৰ আমঠু হ’ল। অসমীয়া সংগীত জগতত ভোটাতৰা হৈ জিলিকি ৰ’ল।

ড° ভূপেন হাজৰিকাৰ সংগীত প্ৰতিভা ঈশ্বৰপ্ৰদত্ত। কাব্য প্ৰভিভা তেওঁৰ তেজত প্ৰৱাহিত হৈ আছে। গভীৰ অনুভূতিসম্পন্ন ড° হাজৰিকা শব্দত যিদৰে চহকী, সেইদৰে প্ৰয়োগতো দক্ষ। শব্দৰ তিনি শক্তি লক্ষণা, অভিধা আৰু ব্যঞ্জনাৰ প্ৰয়োগৰ কৌশল তেওঁৰ নখদৰ্পনত। তেওঁ গীতত ব্যৱহাৰ কৰা শব্দবোৰে শব্দৰ আক্ষৰিক অৰ্থতকৈ বহু উচ্চখাপৰ অভিধা বা ব্যঞ্জনা আনি দিব পাৰে। সেয়ে তেওঁৰ শব্দই শব্দাতীত অৰ্থ, ভাৱ আৰু অনুভূতিৰ বাহক ৰূপে কাম কৰে। অৱশ্যে তেওঁৰ শব্দৰ ব্যঞ্জনা দুৰ্বোধ্য নহয়। সকলোৰে বাবে বোধগম্য। এইবোৰ গুণৰ লগতে কথা, ছন্দ আৰু অনুভূতিৰে সমৃদ্ধ তেওঁৰ প্ৰতিভাগ কবিতাই যেন শব্দৰ একো একোখন নিখুঁত ছবি। গভীৰ অনুভূতি, প্ৰাঞ্জল বৰ্ণনা আৰু ছন্দৰ স্বাভাৱিক গতিৰে আগবঢ়া তেওঁৰ গীতসমূহক কিছুমান খণ্ডচিত্ৰই বিশেষভাৱে চহকী কৰিছে । এই চিত্ৰবোৰ কেতিয়াবা অৱয়বৰ, কেতিয়াবা অনুভূতিৰ। ইয়াৰ উপৰিও বন্ধন আৰু কম্পন কৌশলৰ প্ৰয়োগে তেওঁৰ গীতসমূহ শ্ৰুতিমধুৰ কৰি তুলিছে। এই সকলোখিনিৰ ওপৰত আছে তেওঁৰ যাদুকৰী কণ্ঠ আৰু নিজস্ব গায়কী। তেওঁৰ গীতৰ লগত ৰজিতা খাই পৰা সুৰ, সংগীত আৰু গায়কীয়ে গীতসমূহ শ্ৰোতাৰ হৃদয়ৰ লগত বান্ধি পেলায়। 

ড° ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই একক আৰু অনন্য। মানৱ প্ৰেম, সমাজ সংস্কাৰ, দেশ আৰু জাতি প্ৰেম, অসমীয়া লোক সংস্কৃতি, শিশু মনঃস্তত্ত্ব, প্ৰকৃতি আদি তেওঁৰ গীতৰ প্ৰধান বিষয়বস্তু। ড° হাজৰিকাৰ প্ৰিয় ঋতু শৰৎ। ঋতু পৰিৱৰ্তন সময়ৰ এক স্বাভাৱিক গতি। নিজস্ব গুণ-গৰিমা তথা বৈশিষ্ট্যৰে ধৰাৰ বুকুলৈ ঋতু আহে, ঋতু যায়। সোঁৱৰাই দিয়ে প্ৰকৃতিৰ নিয়মৰ কথা। শৰৎ ঋতুচক্ৰৰ তৃতীয় ঋতু। বৰ্ষাৰ পাছত আহিনৰ আঁচলত ধৰি শৰৎ আহে। ফৰকাল আকাশ, শুকুলা মেঘ, স্নিগ্ধ জোনাক, মৃদু মলয়া, নৈৰ পাৰৰ শুকুলা কঁহুৱা, ৰাতিটোৰ বাবে আয়ুস্মতী হোৱা শেৱালি, ঘাঁহ-বনত ওলমি থকা মুকুতা মণিসদৃশ নিয়ৰ, শ্যামলী সাঁজ পিন্ধা ধাননি আদিৰে শৰতে ধৰাৰ বুকুত সৌন্দৰ্যৰ পোহাৰ মেলে। শৰতৰ এই অৰ্বাচীন সৌন্দৰ্যৰ বাবেই শৰতক ঋতুৰাণী আখ্যা দিয়া হয়। আনহাতে শৰততে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দূৰ্গাৰ পূজা-অৰ্চনা কৰা হয়। ঢাক-ঢোল-শংখৰ ধ্বনিত আকাশ-বতাহ মুখৰিত হয়। শৰৎ উৎসৱৰ ঋতু। দূৰ্গা পূজাৰ উপৰিও কাতি বিহু, শ্ৰীশ্ৰীলক্ষ্মী পূজা, শ্ৰীশ্ৰী কালী পূজা আৰু দীপাৱলী, ষট্ পূজা আদি উৎসৱ শৰততে পালন কৰা হয়। 

শাৰদী ৰাণীৰ শান্ত-সৌম্য তথা বিনন্দীয়া ৰূপ আৰু উৎসৱমুখৰ পৰিৱেশ কবি-সাহিত্যিকৰ বাবে সৃষ্টিৰ প্ৰেৰণা। শাৰদী ৰাণীৰ অপৰূপ ৰূপৰ বন্দনা কৰি প্ৰেমিক কবিৰ আমনি নালাগে। ড° ভূপেন হাজৰিকাও শাৰদী ৰাণীৰ এজন গুণমুগ্ধ প্ৰেমিক। গতিকে প্ৰেমিকাৰ ৰূপ-গুণ বৰ্ণনাত তেওঁ কিয় পিছ পৰি ৰ’ব! শাৰদী ৰাণীৰ আন দহজন প্ৰেমিকৰ দৰে তেঁৱো তেওঁৰ গীতৰ মাজেৰে শৰতৰ সুন্দৰতাক তুলি ধৰিছে। শ্ৰোতাক উপহাৰ দিছে কেইবাটাও জনপ্ৰিয় গীত। ড° হাজৰিকাৰ প্ৰায় এক ডজন গীতত শৰতৰ উপস্থিতি প্ৰত্যক্ষ কৰা হয়। এই উপস্থিতি কেতিয়াবা প্ৰত্যক্ষ, কেতিয়াবা পৰোক্ষ। পৰোক্ষ গীতকেইটাত শৰৎ আছে শেৱালি, নিয়ৰ, কুঁৱলী, কঁহুৱা বন, আলসুৱা মেঘ আদিৰ ৰূপত। এই ৰূপ বহু সময়ত প্ৰতীকী ৰূপ ৰূপে দেখা দি গীতসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। 

         শৰতক বিষয়বস্তু  হিচাপে লৈ ড° হাজৰিকাই ১৯৫১ চনত প্ৰথমটো গীত ৰচনা কৰে  —

          “শৰতৰ শেৱালিৰ নতুন নিয়ৰে

           শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে

           শুকুলা ডাৱৰে পতাকা উৰুৱাই 

           মুকুতিৰ গীত গায় শৰালি জাকে।”

 শেৱালি শৰতৰ চিৰ লগৰী। তেওঁৰ কল্পনাত নিয়ৰসিক্ত শেৱালিৰ শুভ্ৰ পাপৰিত যেন নতুন দিনৰ ছবি অঁকা হৈ আছে। শুভ্ৰতা সত্য, শান্তি আৰু পোহৰৰ প্ৰতীক। পোহৰে কাটি দিয়ে মুকুতিৰ বাট। আকাশৰ শৰালিজাকে শুকুলা ডাৱৰৰ পতাকা উৰুৱাই যেন মুকুতিৰ গানহে গালে। শেৱালিৰ পাহিত লাগি থকা নিয়ৰৰ টোপালবোৰ তেওঁৰ বাবে জীৱন দাপোণ। এই দাপোণত প্ৰতিফলিত হয় আশাৰ সপোন। বিন্দুতে সিন্ধুৰ অৱস্থিতি। বিচাৰিব জানিলে শোকোতাতে মুকুতা বিচাৰি পায়। ধন আৰু ক্ষমতাত মতলীয়াসকল শৰতৰ সৰাপাত। এনে সৰাপাতৰ মূল্যই বা কিমান। শৰতৰ আকাশত মুক্ত পক্ষীয়ে মুক্ত মনেৰে বিচৰণ কৰি ফুৰাৰ দৰে সমাজৰ সকলো স্তৰৰ মানুহ মুক্ত মনেৰে থাকিব পৰাকৈ এখন সমাজ গঢ়িব লাগে। এই সমাজ গঢ়িবলৈ নিয়ৰকণাসদৃশ সৰু সৰু মানুহবোৰ একগোট হৈ শৰালিজাকৰ দৰে মুকুতিৰ গীত গাব লাগিব। গীতটিৰ মাজেৰে তেওঁ শৰতৰ এখন সুন্দৰ ছবি অঁকাৰ সমান্তৰালকৈ এখন শ্ৰেণীহীন সমাজ গঢ়াৰো আহ্বান জনাইছে। গীতটি সম্পৰ্কে ড° হাজৰিকাই নিজে এনেদৰে কৈছে –

“শৰৎ কাল মোৰ বৰ প্ৰিয়। অসমৰ শাৰদীয় বতৰৰ সৰুৰে পৰা দেখা আৰু শুনা কিছু মৰমী প্ৰতীকক বন্দী কৰাৰ মানসেৰে এই গীত – 

       “জোনাকৰে ৰাতি অসমীৰে মাটি।           

        জিলিকি জিলিকি পৰে

        মলয়াৰে ছাটি দুহাতে সাৱটি 

        ধুনীয়া মালতী সৰে।”

গীতটিৰ ৰচনাকাল ১৯৫৬ চন। এই সুন্দৰ গীতটি শৰতৰ মায়াময় ৰূপালী জোনাক নিশাৰ প্ৰশস্তি। ১৯৫৬ চনত ড° হাজৰিকাই নিজা কাহিনী আৰু চিত্ৰনাট্যৰে তেওঁৰ প্ৰথমখন কথাছবি ‘এৰা বাটৰ সুৰ’ নিৰ্মাণ কৰে। গীতটি এই কথাছবিখনৰ বাবেই ৰচনা কৰিছিল। গীতটিত নিজৰ সুৰীয়া কণ্ঠৰে প্ৰাণ ঢালিছিল কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে। জনপ্ৰিয় এই গীতটিত প্ৰস্ফুটিত হৈছে শাৰদী নিশাৰ মায়াময় সৌন্দৰ্য। লগতে অসমৰ গ্ৰাম্যাঞ্চলৰ সহজ-সৰল চহা লোকসকলৰ জীৱন আৰু হৃদয়ত উকমুকাই থকা আশা-আকাংক্ষা তথা সেই আশা-আকাংক্ষা সাকাৰ কৰাৰ সাধনা। 

         “কঁহুৱা বন মোৰ অশান্ত মন

          আলফুল হাতেৰে লোৱা সাৱটি

          অ’ এটি এটি ক্ষণ যেন মুকুতাৰে ধন

          এনেয়ে হেৰুৱালে নাহে উভতি।”

গীতটিৰ ৰচনাকাল ১৯৫৯ চন। শৰৎ আৰু কঁহুৱা অভিন্ন। নৈৰ পাৰৰ শুকুলা কঁহুৱাই হালিজালি শৰৎ অহাৰ বাতৰি দিয়ে। গীতটিত কঁহুৱা প্ৰকৃতিৰ প্ৰতীক। জীৱন বাটত বিভিন্ন ঘাত-প্ৰতিঘাতে মানুহৰ মন অশান্ত কৰে। ড° হাজৰিকায়ো তেওঁৰ অশান্ত হৈ পৰা মন কঁহুৱা বনৰ শীতল সংস্পৰ্শত শান্ত কৰাৰ হাবিয়াস কৰিছে। গীতটিত সময়ক মুকুতাৰ লগত তুলনা কৰি সময়ৰ মূল্য প্ৰতিপন্ন কৰাৰো প্ৰয়াস কৰা হৈছে।

    “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন সখী

     ৰাস ক্ৰীড়া কৰত গোপাল

     অখণ্ড মণ্ডল শশী দেখিলন্ত প্ৰাণ সখী

     তলমল যমুনাৰ জল।”

এই গীতটিৰ ৰচনাকাল ১৯৬৪ চন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগত ড° ভূপেন হাজৰিকাৰ এই গীতটিৰ মূল হ’ল গুৰুজনা বিৰচিত ‘ৰাসলীলা’ খণ্ড। গুৰুজনাই শ্ৰীমদ্ভাগৱত গ্ৰন্থ অনুবাদ কৰোঁতে দশম স্কন্ধৰ প্ৰথম পাঁচটা অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা বৰ্ণনা কৰিছে।‌ সেইদৰে গুৰুজনাই ‘কীৰ্তন’ পুথিতো ৰাসলীলাৰ কাহিনীৰে ওঠৰটা ঘোষা ৰচনা কৰিছিল —

        “শৰত কালৰ যত মহাগুণ। 

         সবেয়ো বিদিত হৈল।।

         গগণ নিৰ্মল স্বচ্ছ জল।

         দূৰ গেল মেঘগণ।।”

আইসকলৰ দ্বাৰা পৰিবেশিত নামৰ সুৰ প্ৰতিধ্বনিত হোৱা ড° হাজৰিকাৰ এই গীতটিত ভগৱান শ্ৰীকৃষ্ণক ‘ভকতৰ‌ দুখহাৰী’ ৰূপত অংকণ কৰা হৈছে। কৃষ্ণৰ প্ৰতি গোপীসকলৰ ভক্তি সকলো ভক্তিতকৈ শ্ৰেষ্ঠ বুলি কোৱা হয়। গীতটিত এই ভাবেই অনুৰণিত হৈছে।   

“অসম আমাৰ ৰূপহী 

                গুণৰো নাই শেষ,

     ভাৰতৰে পূব দিশৰ 

                সূৰ্য উঠা দেশ।”

গীতটিৰ ৰচনাকাল ১৯৬৯ চন। গীতটি হাজৰিকাদেৱৰ অসমী আইৰ প্ৰতি থকা গভীৰ প্ৰেমৰ এক অনন্য উদাহৰণ। গীতটি অসমী আইৰ গুণ-গৰিমাৰ প্ৰশস্তি। গীতটিত শৰতে মাত্ৰ ভুমুকিয়াই হে গৈছে —

      “শৰত নিশাই তৰাৰে 

         সজাই আইৰে কেশ…।”

বছৰৰ প্ৰতি ঋতুতে অসমী আইৰ ন ন ৰূপ আৰু আইৰ প্ৰতিটো ৰূপেই বিনন্দীয়া। গীতটিত সম্প্ৰীতিৰ সুৰ এটিও ধ্বনিত হৈ আছে। 

   “এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়

    মোৰো বনহংসই বাট হেৰুৱাই 

    মই আছোঁ শাৰদীয় খিৰিকী মুখত

             বুকুৱে বিচৰা জনলৈ বাট চাই।”

গীতটিৰ ৰচনাকাল ২০ মে ১৯৬৯ চন। শৰতৰ প্ৰেমিক হাজৰিকাদেৱে শৰতৰ এটি সন্ধিয়া নিজৰাপাৰৰ বাসগৃহত খিৰিকীমুখত বহি শৰতৰ নৈসৰ্গিক শোভা পানত বিভোৰ হৈ আছিল। হঠাতে তেওঁৰ চকু পৰিল বিজুলী তাঁৰত ওলমি থকা নিয়ৰৰ টোপালবোৰত। বিজুলীবাতিৰ পোহৰত তিৰবিৰাই থকা এই টোপালবোৰ তেওঁৰ কল্পনাত হৈ পৰিল একো একোখন দাপোণ। সেই দাপোণত প্ৰতিবিম্বিত হোৱা এখন বিশেষ মুখৰ প্ৰতিচ্ছবিয়ে তেওঁৰ মনত এক বিশেষ অনুৰাগ সৃষ্টি কৰিলে। মহানগৰীৰ কৃত্ৰিম মৰমত বন্দী হাজৰিকাদেৱৰ সঁচা হৃদয় সাৰ পাই উঠে। প্ৰাকৃতিক আৰু বিজ্ঞান-প্ৰযুক্তিৰ যুগলবন্দীয়ে অপূৰ্ব কৰি তোলা শৰতৰ সেই সন্ধিয়াটোৰ সৌন্দৰ্য আৰু তেওঁৰ মনৰ ভাৱৰাশি যুগমীয়া কৰি তেওঁ সৃষ্টি কৰে এই সুন্দৰ গীতটি।

        “নতুন নিমাতী নিয়ৰৰে নিশা

        জীৱন জিলিকা জোনাকৰে নিশা 

        আৰু তুমি নিচেই চিনাকি।”

গীতটিৰ ৰচনাকাল ১৯৬৪ চন। শৈল্পিক নিপুণতা আৰু সুৰ বিন্যাসেৰে ভাষাৰে ক’ব নোৱাৰা কথাও অতি সহজতে কৈ দিব পাৰি। সেই দক্ষতা ভূপেন হাজৰিকাৰ আছে আৰু তাৰে স্বাক্ষৰ এই গীতটি। নতুন নিয়ৰ সৰা নিমাত-নিতাল শাৰদী জোনাক নিশাত দুই প্ৰেমাস্পদ ইজন সিজনৰ কাষত। দুয়ো দুয়োকে যাঁচিলে স্নেহাসিক্ত অঞ্জলি। দুয়ো দুয়োৰে মৰমত আলিংগনাৱদ্ধ হ’ল। প্ৰিয়জনৰ সান্নিধ্যত প্ৰেমে পূৰ্ণতা পালে। দুয়োৰে জীৱন পূৰ্ণ হ’ল। কবি নৱকান্ত বৰুৱাই ‘মোহময়ী’ মন্ত্ৰ আখ্যা দিয়া এটা সুন্দৰ ৰোমাণ্টিক গীত। গীতটিৰ বিষয়ে ড° মহেন্দ্ৰ বৰাই ‘গীতাৱলী’ গ্ৰন্থৰ পাতনিত লিখিছে —

” ‘নতুন নিমাতী নিয়ৰৰে নিশা’ ড° হাজৰিকাৰ সৃষ্টি পৰিক্ৰমাৰ ত্ৰিবেণী সংগম। য’ত কথা আৰু কবিতা আৰু গীত তিনিওটা ৰচনাশৈলীৰ অপূৰ্ব মিলন ঘটিছে।”

 “তোমাৰ উশাহ কঁহুৱা কোমল 

       শেৱালি কোমল হাঁহি

       হাঁহিৰে হৃদয় ভৰিলে শুনাই 

          এটি কিবা মিঠা বাঁহী 

        শাৰদীয় চেনেহীৰে 

             কঁকাল ইমান লাহী।”

ড° হাজৰিকাৰ প্ৰিয় ঋতু শৰতৰ দৰে প্ৰিয় ফুল শেৱালি। সেয়েহে শেৱালি তেওঁৰ কেইবাটাও গীতৰ ব্যঞ্জনা। শৰতৰ প্ৰেমিক হাজৰিকাদেৱে শৰতৰ মাদকতা, কোমলতা, শীতলতা, শুভ্ৰতাত মুগ্ধ হৈ এই গীতটি ৰচনা কৰে। প্ৰেমিকৰ দৃষ্টিত প্ৰেমিকাৰ শাৰীৰিক আৰু মানসিক উভয়বিধ সৌন্দৰ্যই তুলনাবিহীন। শাৰদীয় চেনেহীৰে কঁকাল ইমান লাহী, কঁহুৱা কোমল উশাহ, শেৱালি কোমল হাঁহি আদি চিত্ৰকল্পই গীতটিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। শৰৎ, কঁহুৱা, শেৱালি, সৰাপাত, শৰালি, নিয়ৰ আদি শৰতৰ সম্ভাৰেৰে পৰিপূৰ্ণ গীতটি শৰতৰ এটি সুন্দৰ গীত।

    “শাৰদী ৰাণী 

     তোমাৰ হেনো নাম

      তুমি মোৰ নিচেই আপোন

      সদ্যস্নাতা ৰূপহী মোৰ 

       পুৱতি নিশাৰ সপোন।”

গীতটিৰ ৰচনাকাল ১৯৭৮ চন। শৰৎ ঋতুৰ ৰাণী — শাৰদী ৰাণী। শাৰদী ৰাণীৰ ৰূপ-গুণ বন্দনাত কবিসকল পঞ্চমুখ। ড° হাজৰিকা জানো ইয়াৰ ব্যতিক্ৰম হ’ব পাৰে! শাৰদী ৰাণীৰ সৌন্দৰ্যত মুগ্ধ প্ৰেমিক ভূপেন হাজৰিকাৰ বাবে শৰৎ এজনী সদ্যস্নাতা ৰূপহী। এই ৰূপহী তেওঁৰ কল্পনা নহয়, পুৱতি নিশাৰ সপোনৰ দৰে এক সত্য। শৰতৰ সকলো সৌন্দৰ্য্যৰ আঁৰত তেওঁৰ প্ৰেমিকা শাৰদী ৰাণী। গীতটি হাজৰিকা দেৱৰ শৰৎ প্ৰীতিৰ এক অনুপম নিদৰ্শন।

        “কুঁৱলী 

        কি ৰগৰ কৰিলি

        অতীতত কাৰোবাৰ 

        নূপুৰ শুনিলি।”

গীতটিৰ ৰচনাকাল ১৯৮৪ চন। ‘কুঁৱলী’ ক ৰূপান্তৰৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰি ৰচনা কৰা গীতটিত শৰতৰ উপস্থিতি পৰোক্ষ।‌ সময় গতিশীল। গতিশীল সময়ে সলায় সমাজৰ সাঁজ। পঁয়ালগা বৰ্তমানক যেন সোণালী অতীতে উপহাস কৰে। সমাজৰ বাবে ৰূপান্তৰ আৱশ্যকীয়। কাৰণ ৰূপান্তৰ অবিহনে শান্তি আৰু প্ৰগতি বিঘ্নিত হয়।

      “কঁহুৱা কোমল উশাহ মোৰ

      বন্ধ হ’ব খুজিছে 

      বন্ধ আকাশ গলি গলিহে

      বন্দিনী ৰূপ আহিছে।”

ৰচনাকাল ১৯৮৬ চন। শৰতৰ পৰোক্ষ উপস্থিতিৰ গীতটিত অনুভৱ হয় হিয়া-মন ৰোমাঞ্চিত কৰা প্ৰেমৰ কোমল অনুভূতি। প্ৰেমে পূৰ্ণতা পাবলৈ দুটি মন এক হ’ব লাগিব। কিন্তু প্ৰেমৰ বাট মসৃণ নহয়। গীতটি আশা-নিৰাশাৰ দোমোজাত ৰোৱা এটি সুন্দৰ ৰোমাণ্টিক গীত।

   “শেৱালি পাহিটিৰ বুকুৰে কথাটি

            ক’বলৈ ভাষাটি নাই নাই

   মোৰো যে ভাবটি বুজাব নোৱাৰোঁ 

         মনতে মৰহি যায়

         যায় কেঁচাসোণ

         মনতে মৰহি যায়।”

শেৱালি ফুল কেৱল ৰাতিটোৰ বাবেহে আয়ুষ্মতী। ৰাতি পাহি মেলি পুৱতি নিশা সৰি যায়। পুৱাৰ সূৰুযৰ পৰশ শেৱালিয়ে কোনো দিনে নাপায়। এয়ে শেৱালিৰ দুখ। তেনেদৰে বুকুৰ মাজত সযতনে সাঁচি ৰখা কাৰোবাৰ ছবিখন বাস্তৱ হৈ ধৰা নিদিলে প্ৰেমে পূৰ্ণতা নাপায়। এয়ে জীৱনৰ দুখ। শেৱালিক এনে প্ৰেমিক-প্ৰেমিকাৰ প্ৰতীক ৰূপে লৈ গীতটিত অপূৰ্ণ প্ৰেমৰ ছবি এখন অঁকা হৈছে।

আধুনিক অসমীয়া গীতি সাহিত্যৰ কাণ্ডাৰী ড° ভূপেন হাজৰিকাৰ সৃষ্টিত শৰৎ এক অপৰিহাৰ্য্য উপাদান। প্ৰিয় ঋতু শৰতৰ ৰূপ বন্দনা কৰি ভাগৰি নপৰা মহান শিল্পী জনাৰ গীতত শৰতৰ ৰূপ-গুণ এক বিশেষ মাত্ৰাত বন্দিত হৈছে। প্ৰস্ফুটিত হৈছে শৰতৰ শান্ত-সৌম্য ৰূপ। তেওঁৰ গীতত শৰতে কেতিয়াবা কঁহুৱা, কেতিয়াবা শেৱালি, কেতিয়াবা নিয়ৰ, কেতিয়াবা কুঁৱলী, কেতিয়াবা আলসুৱা মেঘৰ প্ৰতীকী ৰূপত ব্যৱহাৰ হৈ শ্ৰোতাক উপহাৰ দিছে কেইবাটাও জনপ্ৰিয় গীত।

*******

One comment

  • কমলা দাস

    বৰ ভাল লাগিল পঢ়ি

    Reply

Leave a Reply to কমলা দাস Cancel reply

Your email address will not be published. Required fields are marked *