মৰম হেনো এনেকুৱাই -জয়ন্ত গগৈ

জপনাখন খুলি পদূলিটো পাৰ হৈ ঘৰৰ ভিতৰত সোমাইছোঁহে, বাইদেউৱে গলগলীয়া মাতেৰে ক’লে, “তোৰ চিঠি এখন আহিছে। পিয়নে দেউতাৰ হাতত দি গৈছে। কোনোবা ছোৱালী এজনীৰ চিঠি।” ঘৰলৈ সোমাই আহোঁতে যি ফৰকাল মন এটি লৈ গুণগুণাই আহিছিলোঁ, বাইদেউৰ কথাবিলাক শুনাৰ পিছত মনটো কাঁহ পৰি জীণ যোৱাৰ দৰে গোমা হৈ পৰিল। ছোৱালীৰ চিঠি! বিৰাট এটা লাজৰ আৱৰণে শৰীৰৰ শিৰাই শিৰাই বিয়পি যোৱা যেন লাগিল। লাজ লাজ ভাৱেৰেই টি টেবুলৰ ওপৰত থকা চিঠিখন লৈ পঢ়া ৰুমটোলৈ খৰধৰকৈ সোমাই গ’লোঁ। লাজৰ অনুকম্পাত থৰকাচুটি হেৰোৱা ভৰি দুখনৰ সোঁ ভৰিৰ বুঢ়া আঙুলিটো ৰুমৰ দৰ্জাৰ উধানত কেতিয়ানো উজুটি মাৰিলোঁ ক’বই নোৱাৰিলোঁ। মনত উৎকণ্ঠা, বুঢ়া আঙুলিত অসহ্যকৰ বিষ লৈয়ে চিঠিখন চোৱাৰ হেঁপাহ কৰিলোঁ। আজিলৈকে কোনো ছোৱালীৰ লগতেই ভালকৈ মাতবোলেই নাই! একে ক্লাছত পঢ়া কেইজনীৰ লগতো এদিনো কথাবোৰ মুকলিকৈ পাতিয়েই নাপালোঁ। লগৰ ছোৱালী কেইজনীৰ লগত কথা হ’লে কেতিয়ানো জিভাখনেই উলটি গৈ কথাবোৰ খোকোজা লাগে ধৰিবলৈ অসুবিধাত পৰোঁ। ক’বলৈ গ’লে মই বহুতেই লাজকুৰীয়া স্বভাৱৰ। তেনেধৰণৰ এজন ডেকালৈ ছোৱালীৰ চিঠি আহিছে। এনভেলপৰ পিছৰ ফালে লিপিবদ্ধ “ৰূপতি” নামৰ কোনো ছোৱালীৰে চিনাকি নাই। কথাবোৰ ভাবি থাকিবলৈ ধৈৰ্যৰ সময় নাই। উৎকণ্ঠাত সযতনে এনভেলপৰ দাঁতিকেইটা ফালি চিঠিৰ কথাবোৰ পঢ়াত লাগিলোঁ। কথাবোৰ ছোৱালী গৰাকীয়ে স্পষ্টকৈ লিখিছে। মোৰ লগত যদিওবা কোনো চিনাকি নহয়, তথাপিও কিবা এটা ভাল লগাৰ অনুভূতিয়ে বাৰে বাৰে হেঁচুকি থকাৰ বাবেই অদম্য হেঁপাহত তাই চিঠিখন লিখিছে। চিঠিতে চিনাকি হোৱাৰ ইচ্ছা কৰিলে। কটনত পঢ়ি থকা মোৰ বন্ধু প্ৰভাত-ৰৌচন যিদৰে অন্তৰঙ্গ ঠিক সেইদৰে মোকো খুউব আপোন বন্ধু যেন লাগে বুলি জনাইছে। মই মোৰ বন্ধু প্ৰভাত আৰু ৰৌচনহঁতলৈ লিখা প্ৰতিখন চিঠিয়েই তাই বাৰে বাৰে পঢ়িছে। পঢ়ি হেঁপাহ নপলোৱাৰ কথাও জনাইছে। কবিতা কবিতা লগা মোৰ চিঠিৰ শব্দবোৰৰ মাজেৰে তাই মনটো আহ্লাদিত হৈ পৰে। তাইৰ প্ৰশ্ন এজন ল’ৰাই আন এজন ল’ৰালৈ ইমানেই ধুনীয়াকৈ সুৰীয়া সাৱলীল শব্দৰে চিঠি লিখিব পাৰে নে? শব্দবোৰ ইমান আকুলতাৰে ভৰা! পঢ়ি থাকিলেও আমনি নলগা। শব্দবোৰে তাইৰ হৃদয়ৰ নিভৃত কোণত বাৰে বাৰে স্পৰ্শ কৰে। তেনে এক মন আকলুৱা অনুভূতিৰে সমৃদ্ধ চিঠি সাধাৰণতে কোনো প্ৰেমিকে প্ৰেমৰ চিঠিৰ মাজতহে ব্যক্ত কৰে। মই প্ৰভাত-ৰৌচনহঁতলৈ লিখা গোটেইকেইখন চিঠিয়ে তাই পঢ়িছে। কিবা এটি ভাল লগা অনুভৱত চিঠিবোৰ কিতাপৰ ভাঁজত সযতনে সাঁচি ৰাখিছে। সেয়ে অচিনাকি হৈয়ো তাই মোলৈ চিঠিখন লিখিছে মনৰ ভিতৰত উকমুকাই থকা দুৰন্ত কিবা এটি ভাল লগা হেঁপাহৰ তাগিদাত।

প্ৰভাত, ৰৌচন দুয়োটা মোৰ কলেজীয়া বন্ধু। সিহঁত দুয়োটাই ডিগ্ৰী পাছ কৰাৰ পিছত কটনত চিট পালে। ৰূপতি সিহঁতৰে সহপাঠী। প্ৰয়োজনীয় শতকৰা নম্বৰ নথকাৰ বাবেই মোৰ চিট পোৱা ন’হল। সিহঁত দুয়োটাই মোৰ বাবে গুৱাহাটী বি বৰুৱা কলেজত নতুনকৈ সংযুক্ত পৰিৱেশ বিজ্ঞানৰ দূৰসংযোগ মাধ্যমৰ এটি ক’ৰ্চৰ স’তে যোগাযোগ কৰাই দিছিল। গতিকে সিহঁত দুটাৰ লগত যোগাযোগ ৰাখিবলৈকে মই সঘনাই চিঠিৰ সহায় লৈছিলোঁ। সিহঁতৰ ফালৰ পৰাও খবৰ-খাতিবোৰ জনাই আহিছিল। সিহঁতৰ পৰাই জানিব পাৰিছিলোঁ মোৰ চিঠি পোৱা মাত্ৰকে সিহঁততকৈ আগতে লগৰ ছোৱালী কেইজনীৰহে পঢ়িবলৈ উৎপাত হয়। ভালো লাগে কথাবোৰ জানি। সেই তাৰ মাজৰে ৰূপতিৰ কথাবোৰ কিছু সুকীয়া। শব্দৰ ভাঁজত তাই যেন বিচাৰি ফুৰে কিছুমান হেঁপাহৰ বৰ্ণ, পোহৰৰ উৎস।

সিদিনাখন তাই লিখিছে – “কেতিয়াবা জীৱনলৈ এনেকুৱা এজন ব্যক্তি আহে খুউব কম সময়ৰ বাবে আৰু সেই কম সময়ৰ ভিতৰতে সেইজন খুবেই আপোন আপোন হৈ পৰে। সদায়ে ওচৰতে থকা বা লগ পোৱা কোনোবা ভাল লগাজনেও হয়তো ইমান দিনে কোনো Special Feelings এটা দিব পৰা নাই, অথচ সেই অতি কম সময়ৰ ব্যক্তি এজনেই অন্তৰত বিশেষ কিছুমান অনুভূতি জগাই তোলে। বুকুৰ মাজত অনুকম্পাৰ অজান শিহৰণ তুলিব পাৰে। আচলতে প্ৰত্যেকটো সম্পৰ্কত কেৱল সময় সকলো নহয়। আমাৰ সন্মুখৰ ব্যক্তিজনৰ ব্যক্তিত্ব আৰু ব্যৱহাৰে আচল। মই ভাবোঁ Love is all about things care and making him something special.” কথাবোৰ কেইবাবাৰো পঢ়িলোঁ। এনে হৃদয়স্পৰ্শী শব্দই  হৃদস্পন্দন স্বাভাৱিকতে বঢ়ায়। কথাবোৰ বুকুৰ মাজেৰে এক তড়িৎ বিদ্যুৎ বৰ্তনীৰ সঞ্চাৰৰ দৰে বৈ গ’ল মোৰ তেজৰ প্ৰতিটো কণাতে। এই ভাল লগাবোৰেই চাগে ভালপোৱা নেকি বাৰু?

জীৱনে যিটো গতিত গতি লৈ গৈ আছে, সেইটো গতিতে গৈ আছোঁ। জীৱনটো আহি এনেকুৱা এডোখৰ ঠাই পাইছেহি য’ত নেকি নিজৰ দুখবোৰ সহ্য কৰিবও নোৱাৰোঁ আৰু আনৰ আগত প্ৰকাশ কৰিবও নোৱাৰোঁ। দেউতাই অৱসৰৰ টকাৰে মাৰ শৰীৰত থিতাপি লোৱা দূৰাৰোগ্য বেমাৰৰ চিকিৎসা কৰাই আছে। একমাত্ৰ বাইদেউৱে  ব্যক্তিগত খণ্ডৰ স্কুল এখনত শিক্ষয়িত্ৰী কৰি সামান্য দৰমহাৰে নিজৰ খৰচ  উলিয়াইছে। ঘৰখনে যেন মোৰ ওপৰতে আশা পালি ৰৈ আছে। বিজ্ঞানৰ স্নাতক যেতিয়া এদিন নহয় এদিন গত এটা লাগিব। ঘৰুৱা শিক্ষকৰ বৃত্তি কৰি নিজৰ পঢ়াৰ খৰচো উলিয়াব লগা হৈছে। প্ৰভাত আৰু ৰৌচনে মোৰ অৱস্থাটো ভালকৈ জানে আৰু সিহঁত দুয়োটাই অনবৰতে মোৰ পিছত লাগি থকাৰ বাবেহে দূৰ সংযোগ মাধ্যমৰ জৰিয়তে উচ্চ শিক্ষাত মনোনিৱেশ কৰিব পাৰিছোঁ। সেয়ে সিহঁতৰ লগত মোৰ সঘন যোগাযোগ। সেই চিঠিৰ যোগাযোগতেই জীৱন বাটত হঠাতে এনে কিছুমান ব্যক্তি লগ পোৱা যায়, যি আপোনাক বহুত  Priority দিয়ে, আপুনি কাৰোবাৰ বাবে Something Special হৈ পৰে। সকলোৱেইতো Special হ’ব নোৱাৰে। সেই এজন ব্যক্তিয়েহে সেই বিশেষ স্থানটো ল’ব পাৰে। সকলোৱে যদি সেই বিশেষ স্থানটো লয় তেন্তে বুজিব লাগিব নিশ্চয়েই তেওঁৰ মাজত কিবা সমস্যা আছে। সেয়ে ভাল লগাবোৰ ভাল লগা হৈয়ে থাকিবলৈ দিলোঁ। আনৰ সুখৰ বাবে যিমান সলনি কৰিব লাগে তাৰবাবে নিজকে প্ৰস্তুত কৰিলোঁ। এতিয়া মোৰ জীৱনত স্থান কেৱল তেওঁৰ বাবে হে – যি মোক কেতিয়াও বেয়া হোৱাটো ভাবিবই নোৱাৰে। মোক মই হিচাবে আঁকোৱালি লয়। যেতিয়া ভাল লগা অনুভুতিবোৰ অন্তৰৰ কোণত বৈ পৰে তেতিয়া এজনে অন্তৰত আনজনৰ প্ৰতি বিশ্বাসৰ ঘৰ সাজে।

মই গুৱাহাটীৰ ফালে গ’লেই তাই লগ কৰাৰ কথা দিছিল। তাই স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়াৰ পিছতো ঘৰলৈ যোৱাগৈ নাই। দাদায়েকৰ ঘৰত থাকি লৈ কম্পিউটাৰৰ ক্লাছ এটা লৈছে লগতে দদায়েকৰ ল’ৰা-ছোৱালী হালক লিখা-পঢ়াত সহায় কৰি দিছে। ময়ো কথা দিছিলোঁ লগ হোৱাৰ। অথচ কোনেও কাকো নেদেখাকৈয়ে এটা ভাল লগা সম্বন্ধ গঢ়ি তুলিছোঁ। প্ৰেম বুলিতো ক’ব নোৱাৰি। বিশ্বাস আৰু চিঠিৰ ভাঁজত লহপহকৈ গঢ় লৈ উঠা এক বুজাব নোৱাৰা সম্পৰ্ক। সম্পৰ্কবোৰ তেতিয়া গভীৰ হয়, যেতিয়া সম্পৰ্কৰ মাজত বন্ধুত্ব থাকে। বন্ধুত্বই সম্পৰ্ক এটাক জীয়াই ৰাখিব পাৰে। বন্ধুত্বই ইজনে সিজনক বুজাত সহায় কৰে। বন্ধুত্বই বুজিব পাৰে, বুজাব পাৰে। সম্পৰ্ক এটা গঢ়িবলৈ বন্ধুত্ব খুবেই প্ৰয়োজন। সম্পৰ্কৰ কোনো নাম নিদিয়াকৈয়ে যে সম্পৰ্কটোৰ দায়িত্ব পালন কৰিব লাগে সেয়ে ল’জৰ তললৈ নামি আহি পি চি অ’ ৰ পৰা ফোন এটা লগালোঁ। নম্বৰটো তাইয়ে চিঠিত দিছিল। দূৰ সংযোগ মাধ্যমৰ ডিগ্ৰীৰ চুড়ান্ত পৰীক্ষাত বহিবলৈ আহিছোঁ। দহ দিনৰ বাবে ৰুম এটা বুক কৰি লৈছোঁ। গুৱাহাটীত আছোঁ বাবেই কথাটো তাইক জনালোঁ। লগ হ’বলৈ পাওঁ নেপাওঁ সেয়া পিছৰ কথা। তাইৰ এটা আগ্ৰহ আছিল বাবেই ফোনৰ নম্বৰটো দি ৰাখিছিল। গাটো ধুই ৰুমত ধূপ এডাল জ্বলাই বহিবলৈ লওঁতেই ক’লিং বেলটো বাজি উঠিল। দুৱাৰ খুলিয়ে ল’জৰ ৱেটাৰ ল’ৰাজনৰ মাত শুনিলোঁ, “দাদা, আপোনাৰ গেষ্ট আহিছে।” দুৱাৰ মুখত ছোৱালী এগৰাকী; মানে বুজিবলৈ বাকী নাথাকিল, কোন হয় ? মুখত মিচিকিয়া হাঁহি এটি লৈ ৰূপতি সোমাই আহিল। সম্ভাষণ জনাই তাইক চকীখন আগবঢ়াই দিলোঁ। ৰৈ থকা ৱেটাৰ ল’ৰাটোক দুকাপ কফি অৰ্ডাৰ কৰিলোঁ। আমি দুয়ো ইজনে সিজনক লগ পোৱা নাই যদিও দুয়ো যেন বহুদিনীয়া চিনাকি দৰেই লাগিল। এনেয়ে মোৰ অলপ লাজকুৰীয়া স্বভাৱ এটি আছিলে, তথাপি মোৰ আলহী, তাতে মোক লগ কৰাৰ উদ্দেশ্যেই ৰূপতি আহিছে। আজি ক’ৰ পৰানো অলপ সাহসী হ’লোঁ নিজকে বিশ্বাস কৰিবলৈ টান হৈছিল। তাইৰ চকুত চকু থৈ কথাবোৰ সলসলীয়াকৈ পাতি গ’লোঁ। কথা প্ৰসংগৰ মাজেৰে দেখিলোঁ তাইৰ চকুৱে মুখে আনন্দৰ হাঁহি। ইপ্সিত আশাবোৰ পূৰণ হোৱাৰ বন্যা। মিচিকিয়াই হাঁহিলে তাইৰ সুকোমল দুগালত বৈ পৰা ডিম্পলকেইটাই তাইক অতি মোহনীয় কৰি তুলিছে। গৰম গৰম ভাপ উৰি থকা কফি কাপত চুমুক মাৰি আমি দুয়ো কিমান সময় অনৰ্গলভাৱে কথা হ’লোঁ ধৰিবই নোৱাৰিলোঁ। তাই কথাৰ মাজে মাজে মোক প্ৰশংসা কৰিবলৈও নাপাহৰিলে – চিঠিৰ কবিতা কবিতা লগা শব্দবোৰৰ বাবে। কথাৰ ধৰণ-কৰণবোৰক লৈও তাই উৎসাহিত, আকৰ্ষিত। কথা প্ৰসংগতে তাই কৈয়ে পেলালে – মোৰ চিঠিৰ কথাবোৰ যিদৰে ধুনীয়া ঠিক সেইদৰে মই মানুহটো দেখিবলৈও সমানেই ধুনীয়া আৰু মৰমলগা হেনো। এগৰাকী পূৰ্ণযৌৱনা গাভৰুৰ মুখত এনেদৰে তাকো সন্মুখতে শুনিব লগা হ’লে কাৰনো বাৰু হৃদয় নগলিব? লাজৰে ওৰণি ফালি হাঁহি এটি মাৰি ক’লোঁ, “তোমাৰ লগত কথা পাতি থাকিবলৈ বহুতেই মন যায় কিন্তু আকৌ ভাবিছোঁ, নিজৰ সুখৰ বাবে কাৰোবাক আমনি কৰাটো জানো ভাল কথা?” ৰূপতিয়ে হাতত লৈ অহা ফুলৰ থোপা, গ্ৰীটিংছ কাৰ্ড আৰু কলমটো আগবঢ়াই পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰি‌ যাবলৈ ওলাল। ফুলৰ থোপা আৰু কলমটো টেবুলত ৰাখি হাতত তাই মৰমেৰে দিয়া গ্ৰীটিংছ কাৰ্ডখন লৈয়ে তাইক ল’জৰ প্ৰৱেশদ্বাৰৰ ওচৰলৈকে আগবঢ়াই থ’বলৈ আহিলোঁ। দুগালত ডিম্পল আঁকি হাঁহিটো লৈয়ে তাই পুনৰ পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰি ভালকৈ পৰীক্ষা দিবা বুলি কৈ লাহি-পাহি সোঁহাতেৰে বাই বাই দি ঘৰমুৱা হ’ল। মোৰ পৰা ক্ৰমান্বয়ে আঁতৰি যোৱা ৰূপতিয়ে কেইবাবাৰো মোলৈ ঘূৰি ঘূৰি চাই এসময়ত গলিটোৰ পথচাৰীৰ মাজত মিলি গ’ল। হাতত থকা কাৰ্ডখন খুলি চালোঁ। তাইৰ ধুনীয়া গোট গোট হাতৰ আখৰৰ বাক্যশাৰী চকুৰ আগত জিলিকি উঠিল – “ভাল লগাবোৰে ভালপোৱা চাগে। মাথোঁ বুজিবলৈহে সময় লাগে। এদিন তুমি একেবাৰে অচিনাকি আছিলা মোৰ বাবে। আৰু এতিয়া। এতিয়া তুমি মোৰ হৃদয়ৰ একেবাৰে আশে পাশে প্ৰতি পলে। নাজানো কিমান দূৰ বাট তোমাৰ স’তে। পোৱা নোপোৱা এইবোৰ ভাগ্যৰ কথা কিন্তু মৰম ভালপোৱাবোৰ নিজৰ। ভাগ্যত তুমি আছানে নাই নাজানো কিন্তু মোৰ ভালপোৱাবোৰত তুমি সদায় আছা আৰু থাকিবা।”

(বি. দ্ৰ. – গল্পৰ পটভূমিৰ সময় নব্বৈৰ দশকৰ, পাঠকসকলে যেন পঢ়োঁতে সেই সময়ৰ পটভূমিৰ কল্পনা কৰে।)

*******

4 Comments

  • সুন্দৰ গল্প।

    Reply
    • জয়ন্ত গগৈ

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনলৈ অহা কথাবিলাক লিখি গলো। গল্পৰ দৰে হৈ পৰিল।

      Reply
  • Kumkum Sarmabaruah

    এটি সুন্দৰ গল্প পঢ়িলোঁ।

    Reply
  • গীতা মণি দত্ত ।

    সুন্দৰ গল্প ।

    Reply

Leave a Reply to জয়ন্ত গগৈ Cancel reply

Your email address will not be published. Required fields are marked *