যাত্ৰা-চিৰঞ্জীত বড়া

“We are in the same boat brother

We are in the same boat brother,

If you tip one end you gonna

To rock the other, 

We are  in the same boat brother.”

আমেৰিকাৰ কৃষ্ণাংগ শিল্পী পল ৰবচনৰ বিখ্যাত গীতটিৰ সান্নিধ্যতে আমাৰ ভূপেন হাজৰিকাদেৱে গাইছে “আমি একেখন নাৱৰে যাত্ৰী” গীতটো। গীতটো মোৰ বৰ প্ৰিয়। সেয়ে কেতিয়াবা অকলে থাকিলে এই গীতটিকে গুণগুণাই থাকোঁ। মই বৰ্তমান স্নাতকোত্তৰৰ শেষ পৰীক্ষাটো দিলোঁ। পৰীক্ষাবোৰ ভালেই গৈছে। জুলাই মাহৰ আৰম্ভণিতে গৰম অলপ বেছিয়েই। সেয়েহে কেইদিনমানৰ বাবে ঘৰলৈ যোৱাটো ঠিক কৰিলোঁ। বহুদিন হোষ্টেলৰ পৰা ঘৰলৈ যোৱাই নাছিলোঁ। সেয়ে ঘৰলৈ যোৱাতো ভাল হʼব বুলি ভাবিয়েই  কথাষাৰ ঘৰত আগেয়ে জনাই থলোঁ। সঁচাই হোষ্টেলৰ পৰা ঘৰলৈ যোৱাৰ মজাই সুকীয়া। বহু দিনৰ মূৰত আয়ে দিয়া ভাতসাঁজত এক সুকীয়া জুতি আছে। সেয়ে  আয়ে সজাই দিয়া ভাতৰ কাঁহীখনৰ কথা ভাৱিলেই জিভাৰ পানী সৰকি অহাৰ দৰে হয়। 

পুৱাই সাত বজাৰ ট্ৰেইনখনত উঠিলোঁ। ট্ৰেইনখন যাবৰ সময় হʼল। ট্ৰেইনৰ খিড়িকীয়েদি বাহিৰলৈ চাওঁতে প্লেটফৰ্মত এদল মানুহ বহি থকা দেখা পালোঁ। দলটোত তিনিজন পুৰুষ আৰু কেইজনীমান মহিলা আৰু কেইটামান লʼৰা-ছোৱালী। সেই দলটোৰ ভিতৰত বহি থকা আঠ বছৰীয়ামান এজনী  ছোৱালীলৈ মোৰ চকু পৰিল। ছোৱালীজনীৰ চকুহাল ফুলি আছে। চুলিবোৰ জপৰা। হয়তো বহুদিন পানীৰ স্পৰ্শ পোৱা নাই। তাইৰ লেতেৰা ফ্ৰকৰ চিলাইবোৰ যেন কিবাকৈহে লাগি আছে। তাই টলটলকৈ প্লেটফৰ্মত অগণন মানুহৰ অহা যোৱা নিৰীক্ষণ কৰি আছে। হয়তো সিহঁত নতুনকৈ আহিছে।  ন’হলে তাইৰ দৰে লʼৰা ছোৱালী বহুতেই পইচা খুজি ফুৰা দেখা পাওঁ। কিছু দিনৰ পিছত হয়তো তায়ো বিভিন্নজন মানুহৰ সন্মুখত হাত পাতি  পইচা বিচাৰিব। কোনোবাই পুতৌ কৰি কিবা এটা দিব আৰু কোনোবাই ডাবি-ধমকি দি তাৰ পৰা খেদি পঠিয়াব। কাষতে থুপুক-থাপাককৈ কোনোমতে খোজ কাঢ়িবলৈ শিকা লʼৰাটো দেখিলোঁ। তাক দেখি এনেকুৱা অনুভৱ হʼল যেন সি মাকৰ স্তনপান কৰিবলৈ পোৱা নাই। সেইবাবেই হয়তো কোনোবাই পেলাই দিয়া খালী পানীৰ বটলটোকে সি দাঁতৰ আলুৰে কামুৰি চোবাই চোবাই শেষ কৰি পেলোৱাৰ উপক্ৰম কৰিছে। তাতো সি বিফল। তাৰ কণমানি দুৰ্বল আঙুলি কেইটাৰে বটলটো বেছি পৰ ধৰি থাকিব নোৱাৰিলে। তেনেতে ট্ৰেইনখনে ডাঙৰকৈ এটা উকি মাৰিলে। হয়তো এতিয়া ট্ৰেইনখন চলিব। সেই সময়তে হঠাৎ মোৰ কাষতে এজন আদহীয়া লোক আহি বহিলহি। হয়তো সেইটো তেওঁৰে চিট। মোক দেখি মানুহজনে হাঁহি এটা মাৰিলে। ময়ো সন্মানসূচক ভাবে হাঁহি এটা মাৰিলোঁ। ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিলে। মই মানুহজনলৈ মন কৰিলোঁ। মানুহজনে মুখৰ দাঢ়ি-গোঁফ হয়তো ক’লা ৰং কৰিছে। গুৰিটো পকা। পিন্ধনত ভদ্র সাজ। মূৰৰ আগফালৰ চুলি সৰি তালুখন দেখা গৈছে। মই মানুহজনৰ সৈতে চিনাকি হ’লোঁ।  তেওঁ মোৰ পৰা মোৰ কিছু কথাৰ বুজ লʼলে, যেনে – কʼত থাকোঁ? কি কৰোঁ? কʼত যাম?…….. ইত্যাদি ইত্যাদি । ময়ো তেওঁৰ নামটো সুধিলোঁ। তেওঁৰ নামটো ৰত্নকান্ত বৰুৱা। ঘৰ গুৱাহাটীৰ আমবাৰীত। শিৱসাগৰত তেখেতৰ জীয়েকৰ ঘৰ। তালৈকে হেনো মানুহজন যাব। কথা-বতৰাত মানুহজন বেচ চৌখিন। অলপ সময়তে মানুহজনৰ সৈতে মোৰ আচৰিতভাৱে চিনাকি এটা গঢ় লৈ উঠিল।  মইয়ো ট্ৰেইনৰ দীঘলীয়া যাত্ৰাত এনে এজন মানুহেই বিচাৰি আছিলোঁ। নিশ্চিতভাৱে কোনোবা ঠাইত সময় পাৰ হʼবলৈ মোৰ নিজ স্বাৰ্থ জড়িত থাকিলেও মানুহজন মোৰ বহুদিনৰ চিনাকি দৰেই লাগিল। বহুসময়ত আমি বিভিন্ন প্ৰসংগত কথা-বতৰা পাতিলোঁ। তাৰ মাজতে মানুহজনে কৈ গʼল মহানগৰৰ মহানগৰবাসীৰ যান্ত্ৰিক জীৱনৰ কথা। মহানগৰৰ এচাম মানুহে কৰি যোৱা জীৱন সংগ্ৰাম, পেটৰ ক্ষুধা দূৰ কৰাৰ বাবে হাড়ক মাটি কৰি কৰা অপ্ৰাণ প্ৰচেষ্টাৰ কথা। কথাবোৰৰ লগত ময়ো অলপ চিনাকি যদিও বিতংকৈ জনাৰ সময় পোৱা নাছিলোঁ। 

মোৰ মানুহজনৰ পৰা ইয়াৰ কাৰণটো জানিবলৈ মন গʼল। তেওঁক “ইয়াৰ কাৰণ আপুনি জানে নেকি?” বুলি মই প্ৰশ্ন কৰিলোঁ। তেওঁ কলে, “আমাৰ গুৱাহাটীত চাউল , শাক-পাচলিৰ দাম শুনি মানুহে ভয়তে হাত ভৰি লুকাবৰ হʼল। সেই দিনা গল্পকাৰ শইকীয়া ডাঙৰীয়াইও কৈছে, বজাৰৰ মাজেৰে খোজেৰে গলে হেনো জুঁইৰ ওপৰেদি যোৱা যেন লাগে। এনে অৱস্থাত মাহেকীয়া টকাকেইটাৰে, শাক-পাচলি কিনিব? নে ঔষধৰ খৰচেই উলিয়াব? ইয়াৰ উপৰিও লʼৰা- ছোৱালী পঢ়োৱা খৰচ, কাৰেন্টৰ বিল ইত্যাদিবোৰ আছেই”। 

মই কথাষাৰত হয়ভৰ দিলোঁ। হয়, পৰহি নিউজ পেপাৰখনত দেখা মূল্যবৃদ্ধিৰ বিষয়ে মনত পৰিল। বহুকেইটা দল-সংগঠনেও ইয়াৰ ওপৰত প্ৰতিবাদ চলাইছে। ইয়াৰ জানো প্ৰতিকাৰ হʼব, আজিৰ দিনত কোনে কাৰ কথা শুনাৰ ধৈৰ্য্য আছে। এইসকলোবোৰ ভোগ কৰিব লগা হয় বেছিভাগ মধ্যবিত্ত সমাজে। 

মানুহজনক মই পুনৰ প্ৰসংগক্ৰমে মহানগৰৰ মানুহবোৰৰ ব্যস্ত জীৱনৰ কথা জানিবলৈ মন যোৱাত “ইয়াৰ মানুহবোৰৰ ব্যস্ততাৰ ওপৰত আপুনি কি কʼব?” বুলি সুধিলোঁ।

মানুহ জনে হাঁহি এটা মাৰি কʼলে, “ভাইটি আমি এবাৰ দুৰ্গাপূজা পাতিবলৈ চান্দা বিচাৰি এটা ফ্লেটলৈ গʼলোঁ। ফ্লেটৰ আটাইবোৰ মানুহৰ পৰাই চান্দা লৈ একেবাৰে ওপৰৰ ফ্ল’ৰটোত থকা দুঘৰ মানুহলৈ চান্দা বিচাৰি যাওঁতে এঘৰত মানুহ নাই হয়তো কিবা কামত বাহিৰলৈ গৈছে, ইঘৰৰ সমুখত ৰৈ কলিং বেল টিপিলত মানুহ এগৰাকী ওলাই  আহিল, আমি চান্দাৰ কথা কোৱাত মানুহগৰাকীয়ে নিজ ইচ্ছা মতে টকা কেইটা আমাৰ হাতত তুলি দিলে। মানুহগৰাকীক আমাৰ চান্দা বিচাৰি যোৱা বন্ধু এজনে কাষৰ মানুহঘৰৰ কথা সোধাত মানুহগৰাকীয়ে কালি গিৰিয়েকৰ লগত কথা পাতি থকাৰ কথা আমাক জনালে।  বন্ধুজন আচৰিত হৈ উঠিল আমি আচলতে তেতিয়ালৈকে একো তলকিবই পৰা নাছিলোঁ। পিছত বন্ধুজনে কোৱা কথাষাৰতহে আমি আচৰিত নহৈ নোৱাৰিলোঁ”। 

মই কিবা এটা কʼবলৈ নৌপাওঁতেই পুনৰ তেওঁ কʼবলৈ ধৰিলে, “আচলতে আমি আচৰিত হোৱাৰ কাৰণটো হʼল বন্ধুজন সেই মানুহঘৰৰ কোনোবা সম্বন্ধীয় লোক। সেয়েহে তেওঁ মানুহঘৰৰ বিষয়ে জানে। কাষৰ ঘৰৰ মানুহগৰাকীয়ে কোৱা, মানুহজনীৰ লগত কথা পাতি থকা গিৰিয়েকজন হেনো পাঁচ বছৰ আগতেই ঢুকাইছে, সম্ভৱ কথা পতা মানুহজন কোনোবা বেলেগহে”। 

মই আচৰিত হʼলো একেটা ফ্লেটৰ এঘৰ মানুহে আন ঘৰ মানুহৰ খবৰ নাৰাখে। কি ব্যস্ততা! মানুহজনে এটা ফ্লেটৰ কথাহে কʼলে তেনেকুৱা হয়টো কিমান ফ্লেটত….? কিমান মানুহ ভৰি আছে কোনে জানে। ইয়াৰ ফলতেই হয়তো সকলোৰে অজ্ঞাতে হত্যা, ধৰ্ষণ ইত্যাদিৰ দৰে অমানৱীয় কাণ্ডবোৰ হৈ যায়। অথচ কাৰো কাণসাৰ নাই। যেতিয়া বিভিন্ন নিউজ চেনেলবোৰত সেই বাতৰিবোৰে হেডলাইন দখল কৰিব তেতিয়া মানুহবোৰ সাৰ পাব। কাৰোবাৰ হয়তো ফেচবুক, হোৱাটচাপৰ ষ্টেটাছ, ষ্টৰী আদিয়ে ভৰি পৰিব, হত্যা হোৱাজনৰ বাবে লিখিব ‍“RIP” আৰু ধৰ্ষিতা গৰাকীৰ বাবে “দোষীয়ে শাস্তি পাওক”। কোনোবাজন নদাই-ভদায়ে এগালমান হকে-বিহকে চৰকাৰৰ বিপক্ষে গালি পৰাটো আছেই, এইখিনিতে সদায় মানুহৰ কৰিবলগীয়াখিনি শেষ হৈ যায়। পুনৰ আকৌ একে ঘটনা। 

সময়ে আহ্বান কৰে নিজৰ লক্ষ্য স্থিৰ আৰু নিৰ্দ্ধাৰণ কৰাৰ, কথাষাৰ মই আখৰে আখৰে পালন কৰোঁ। এতিয়াও সেই সময়েই ষ্টেচনৰূপী হৈ মোৰ কাষত ৰʼলহি, মানুহজনক মই পুনৰ লগ পোৱাৰ আশাৰে বিদায় দিলোঁ। ট্ৰেইনৰ পৰা নামিয়েই মোক ষ্টেচনৰ পৰা নিবলৈ অহা গোলাপ দাদাই মোক দেখা পাই – “ঐ ৰিন্টু” বুলি চিঞৰিলে।

“আৰে গোলাপ দাদা দেখোন! কিমান সময় হʼল ঘৰৰ পৰা অহা?” মই সুধিলোঁ।

আধা ঘন্টাৰ আগতেই ষ্টেচনলৈ আহি ৰৈ আছিল বুলি মোক জনালে লগতে খোৱা-বোৱা কৰিলোঁ নে নাই, ট্ৰেইনত কি খালোঁ সুধিলে, মই অৱশ্যে ট্ৰেইনত মানুহজনৰ সৈতে চিঙৰা, বাদাম ইত্যাদিবোৰ খাই আহিছিলোঁ। সেয়ে গোলাপ দাদাক খোৱা বুলিয়ে ক’লোঁ। গোলাপ দাদাৰ আধাঘন্টা সময় মোৰ বাবে ৰোৱা কথাষাৰ শুনিয়েই মনটো ভাল লগি গʼল। পিছে বেচেৰাৰ বহুত কাম। ব্যৱসায় কৰে। মোৰ বাবেই  তাৰ অলপ সময় অবাবত খৰচ হʼল। কিন্তু তাৰ মটৰ চাইকেলখনৰ পিছফালে উঠি  ঘৰ পোৱালৈকে মোৰ মনলৈ এটা কথায়ে বাৰে বাৰে ভুমুকি মাৰি থাকিল, গোলাপ দাদা আমাৰ ঘৰৰ ওচৰৰে চুবুৰীয়া কালিৰাম বৰদেউতাৰ লʼৰা , তাৰো সময় বৰ তাকৰ, ব্যৱসায় কৰে। দিনটো কামতে ব্যস্ত…..।

*******

4 Comments

  • সুন্দৰ

    Reply
  • Kumkum Sarmabaruah

    বৰ ভাল লাগিল।

    Reply
  • Anonymous

    বৰ ভাল পালোঁ পঢ়ি।ট্ৰেইন যাত্ৰাত বহুত বস্তু কিনিব লৈ পায়,হৰেক ৰকমৰ খোৱা বস্তু ও ওলাই।

    Reply
  • বৰষা ডেকা

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply to বৰষা ডেকা Cancel reply

Your email address will not be published. Required fields are marked *