লখিমী-পূৰ্ণিমা শইকীয়া গগৈ

: হেৰা শুনিছা, এইবাৰ কলীয়ে মোৰ আশা পূৰণ কৰিব। এইবাৰ তাইৰ লক্ষণ অলপ বেলেগ দেখিছোঁ।

কলীলৈ মানুহজনৰ বৰ মৰম। তাতে বুঢ়ী হৈয়ো আহিছে। বছৰি একোটাকৈ মুঠতে চৈধ্যটা পোৱালি দিলে তাই। কিন্তু প্ৰতিবাৰেই দমৰা পোৱালি হে জন্মে। যোৱা বছৰ কলীয়ে পোৱালি নিদিলে। দাইটিয়ে দুখেৰে বোলে ”সঁচটোহে  নাথাকিল’’। 

বৰ ঠাণ্ডা প্ৰকৃতিৰ কলী। এইখন ঘৰতে তাইৰ জন্ম। কিন্তু যোৱা চৈধ্য বছৰে তাই সঁচ এটা দিব নোৱাৰিলে। দমৰা পোৱালি পুহি ৰাখি লাভ নাই। সেইবাবে কোনোবাই পুহি হাল বাম বুলি ক’লে দাইটিয়ে কম মূল্যত পোৱালি বিক্ৰী কৰে। অচিনাকি লোকক পোৱালি নিদিয়ে। কিজানি সিহঁতে হালাল কৰি পেলায়।

ঘৰখনত মানুহ বুলিবলৈ দাইটি আৰু খুড়ী। তেওঁলোকৰ সংসাৰ তেওঁলোক দুজনৰ মাজতেই সীমাবদ্ধ। খুড়ীয়ে কেতিয়াবা দুখ কৰে। দাইটিয়ে খঙেৰে কয়, ”আমাৰ দৰে ল’ৰা-ছোৱালী নথকা মানুহ কিমান আছে। আজিকালি বহুতে ল’ৰা-ছোৱালী জন্ম দিও নিঃসন্তানৰ দৰে দিন পাৰ কৰিছে। যেতিয়া মাক দেউতাকৰ সিহঁতক প্ৰয়োজন হয় তেতিয়া সিহঁত বহু দূৰত নিজৰ পৰিয়াল আৰু চাকৰিত ব্যস্ত থাকে। তাতকৈ আমাৰেই ভাল, কোনো নাই’’। 

দাইটিয়ে নিজক সান্ত্বনা দিবলৈ কথা কেইষাৰ ক’লেও খুড়ীয়ে ভালকৈ জানে দাইটিৰ অন্তৰৰ কথা। দাইটিৰ দুখৰ কাৰণ খুড়ী। তেওঁৰ অক্ষমতাৰ বাবে দাইটি সন্তানৰ পৰা বঞ্চিত হ’ল। বহুতে কৈছিল আকৌ বিয়া কৰাবলৈ। দাইটিয়ে  প্ৰতিবাদ কৰিলে ”আকৌ এজনী আনিলেই যে ল’ৰা বা ছোৱালী হ’ব তাৰ কি গেৰাণ্টি’’। 

খুড়ীৰ কেতিয়াবা কলীলৈ হিংসাও লাগে। তেওঁৰ অক্ষমতাক যেন বাৰে বাৰে ইতিকিং কৰিছে তাই। দাইটিক কয়, ”এই মোৰ সতিনী’’। 

দিনটোৰ বেছি সময় দাইটি কলীক লৈ ব্যস্ত। তাতে গাভিনী। পেট ভৰাই খুৱাব লাগিব। তাতে বুঢ়ীও হৈছে। গধূলি সময়ত গোহালিত ধূপ-ধূনা দিয়াৰ উপৰিও শুবলৈ খেৰ পাৰি দিয়ে। সন্ধিয়াৰ পৰা শুবলৈ যোৱালৈকে দুবাৰমান গোহালি পৰিষ্কাৰ কৰে। মুঠতে দাইটিৰ কলীক লৈ ব্যস্ততাৰ অন্ত নাই।

খুড়ী বিচনাত থাকোঁতেই দাইটিয়ে খবৰটো দিলে। খুড়ীয়ে কামকেইটা কৰি খৰধৰকৈ গা ধুলে। কোন সময়ত দৌৰিব লাগে তাৰ ঠিক নাই। কিমান যে বস্তুৰ যোগান ধৰিব লাগিব। 

থাপনাৰ সন্মুখত চাকি জ্বলাই খুড়ীয়ে প্ৰাৰ্থনা কৰিলে এইবাৰ যেন মানুহজনৰ আশা পূৰণ হয়। আজি ইমান বছৰে তেওঁ মানুহজনক একো দিব নোৱাৰিলে।

পোৱালিৰ মাত শুনি খুড়ী খৰধৰকৈ বাহিৰ পালেগৈ। দাইটিয়ে আনন্দৰে ক’লে, ”মই তোমাক কৈছিলোঁ নহয়”। 

: হয় তোমাৰ কথা কলীয়ে ৰাখিলে। তাই আমাক তাইৰ বংশ ৰক্ষাৰ বাবে লখিমী দিলে। সেয়ে এইৰ নাম লক্ষিমী।

আজি কিন্তু খুড়ীৰ কলীলৈ ইৰ্ষা জন্মা নাই। মন আনন্দৰে ভৰি পৰিছে। ঘৰলৈ লখিমী আহিল।

*******

5 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *