‎সংখ্যাটোৰ আঁৰৰ কথা

জুন মাহৰ ১ তাৰিখ। শব্দচিত্ৰ গোটৰ মুখ্য প্ৰশাসক অৰবিন্দ গোস্বামী দাদাৰ পৰা Message এটা আহিছিল এনেদৰে – “ফোন এটা কৰিবাচোন, কিবা এটা জৰুৰী কথা আছিল”। Message টো পাই দাদাক ফোন কৰোঁতে তেওঁ ক’লে যে “তোমাক দায়িত্ব এটা দিম বুলি ভাবিছোঁ”। মোৰ মনত আলোচনীৰ সম্পাদনাৰ কথা বুলি ভাবৰ উদয় হৈছিল যদিও গোটৰ কিবা বেলেগ কথাও হ’ব পাৰে বুলি ভাবি অনুসন্ধিৎসু মনেৰে দাদাক কি দায়িত্ব বুলি সোধাত দাদাই এইবাৰ শব্দচিত্ৰ জীৱন জিজ্ঞাসা ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব দিছোঁ বুলি ক’লে। যিহেতু ইয়াৰ আগতে মোৰ ই-আলোচনী সম্পাদনাৰ অভিজ্ঞতা নাই সেয়ে দাদাক ক’লোঁ যে মই চেষ্টাহে কৰিম, বাকীবোৰ আপুনি চাই দিব লাগিব। সেইমতে দাদাই নিজে সম্পূৰ্ণ সহযোগ কৰাৰ দায়িত্ব লৈ মোক আগবাঢ়িব দিলে। সেইমৰ্মে পিছদিনা গোটত লেখা বিচাৰি সকলোকে অনুৰোধ কৰা হয় আৰু লাহে লাহে দুই-এটা লেখা আহিবলৈ ধৰে। মইও ব্যক্তিগতভাৱে লিখা-মেলাৰ সৈতে জড়িত মোৰ অগ্ৰজ-অনুজ, সতীৰ্থ কেইজনমানক লেখা দিবলৈ কওঁ আৰু তেওঁলোকেও তাৎক্ষণিকভাৱে সঁহাৰি জনাই লেখা প্ৰেৰণ কৰে। এইছেগতে শব্দচিত্ৰ আলোচনীখনৰ আঁৰত থকা মুখ্য ব্যক্তি অৰবিন্দ দাদাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ সহায়-সহযোগ তথা উৎসাহৰ অবিহনে আলোচনীখন প্ৰকাশ কৰাটো মোৰ বাবে অতি দুৰূহ কাম।

ই-আলোচনীখন প্ৰকাশৰ ক্ষেত্রত নীৰৱে সকলোখিনি দায়িত্ব পালন কৰা আন এজন ব্যক্তি হৈছে দেৱজিত শৰ্মা দাদা। তেখেতে কাৰিকৰী দিশখিনি সম্পন্ন নকৰাহ’লে আলোচনীখনে আজি প্ৰকাশৰ মুখ নেদেখিলেহেঁতেন। তেখেতলৈও এইছেগতে জনাইছোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা।

‎আলোচনীখনত প্ৰকাশ পোৱা লেখাসমূহ বৰ্ণাশুদ্ধি কৰি দিয়া শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউ, মাতু কুকুৰাছোৱা বাইদেউ, ববিতা শৰ্মা বাইদেউ, ৰাজশ্ৰী শৰ্মা বা, ছাহিন জাফ্ৰি বা, বৰষা ডেকা বা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

‎ই-আলোচনীখনৰ বেটুপাতটো আকৰ্ষণীয়ভাৱে সজাই তোলা প্ৰাঞ্জল বৰা দাদাকো জনাইছোঁ অশেষ ধন্যবাদ।

‎শব্দচিত্ৰ ই-আলোচনীখনৰ বাবে সাক্ষাৎকাৰ প্ৰদান কৰা বিশিষ্ট সাহিত্যিক তথা ঔপন্যাসিক জয়ন্ত মাধৱ বৰাদেৱক শ্ৰদ্ধা জনাইছোঁ। লগতে সাক্ষাৎকাৰটিৰ ব্যৱস্থা কৰি কৃতার্থ কৰাৰ বাবে ববিতা শৰ্মা বাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ।

‎ই-আলোচনী প্ৰকাশৰ ক্ষেত্রত অনভিজ্ঞ যদিও যথেষ্ট আগ্ৰহী আছিলোঁ। এই ক্ষেত্রত অৰবিন্দ গোস্বামী দাদা প্ৰমুখ্যে শব্দচিত্ৰ গোটৰ সমূহ প্ৰশাসক আৰু সদস্যবৃন্দই আৰম্ভণিৰে পৰা জনাই অহা যথেষ্ট অনুপ্ৰেৰণা, উৎসাহ-উদ্দীপনা তথা সহযোগিতা আৰু মোৰ প্ৰতি থকা বিশ্বাসে মোক অভিজ্ঞতাহীনতাৰ অনুভৱ কৰিব নিদিলে। তেওঁলোকৰ আশীর্বাদ আৰু শুভাশীষ শিৰত লৈয়েই সম্পাদকৰ দৰে এটি গুৰু দায়িত্ব পালন কৰিবলৈ সাহস লাভ কৰিছোঁ। এইছেগতে তেওঁলোক সকলোকে অন্তৰৰ নিভৃততম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতাৰ শৰাই নিবেদন কৰিছোঁ।

‎যিসকল সদাশয় লোকৰ সুন্দৰ লিখনীৰে ই-আলোচনীখন সোণত সুৱগা চৰিছে সেইসকল লেখক-লেখিকা সকলোকে হৃদয়ৰ গভীৰ কুণ্ডৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতাৰ আঁজলি নিবেদিছোঁ।

‎ই-আলোচনীখন প্ৰকাশৰ দিহা কৰাৰ ক্ষেত্রত সীমিত পৰিসৰ তথা কৰ্মব্যস্ততাৰ মাজতো আলোচনীখনৰ আঁৰত জড়িত লোকসকলে কৰা কষ্ট তথা চেষ্টাক সঁচাই শলাগ ল’ব লাগিব।

‎মানুহ মাত্ৰেই ভুল হয়। সীমিত জ্ঞান আৰু অপৰিপক্কতাৰ বাবে এই আলোচনীখন প্ৰকাশৰ ক্ষেত্রতো আমাৰ হয়তো কিবা অবাঞ্ছিত ভুল হ’ব পাৰে। গতিকে, অনাকাংক্ষিত ভুল-ত্ৰুটিৰ বাবে সকলোৰে ওচৰত মই কৰযোৰে মাৰ্জনা বিচাৰিছোঁ।

‎আজিৰ পৰা ই-আলোচনীখন আপোনালোক সকলোৰে। গতিকে, ই-আলোচনীখন পঢ়ি ভুলবোৰ আঙুলিয়াই দিব বুলি আমি পৰম আশাবাদী; যাতে অনাগত দিনত ভুলবোৰ শুধৰাব পাৰোঁ। সদৌশেষত, শব্দচিত্ৰ গোটৰ জয়যাত্ৰা যাতে আগন্তুক দিনতো অক্ষুণ্ণ থাকে তাকে কামনা কৰিছোঁ।

‎জয়তু শব্দচিত্ৰ – জীৱনৰ ক’লাজ

‎ধন্যবাদ সহকাৰে

‎কংকনা গোস্বামী

‎সম্পাদিকা, শব্দচিত্ৰ জীৱন জিজ্ঞাসা

‎*******

4 Comments

  • বৰ ভাল লাগিল কথাখিনি জানিব।

    Reply
  • If you’re a slots guy then bet213slots definitely scratches the itch. Loads to choose from. I’d recommend checking daily for promotions. You might bag a bargain: bet213slots

    Reply
  • Premierbetapp’s my go-to for placing bets now. The app runs smooth, and they usually have sweet odds. Been pretty lucky with my football picks lately. You should give it a shot premierbetapp

    Reply
  • Alright, listen up! Leaguebet’s got a decent range of sports to bet on. The site ain’t the fanciest, but it gets the job done. Plus, their customer support is actually helpful when ya need ’em. Check ’em out leaguebet

    Reply

Leave a Reply to premierbetapp Cancel reply

Your email address will not be published. Required fields are marked *