সংঘাতেও জীৱনক তৰংগায়িত কৰে-বিৰিঞ্চি মহন্ত
মানুহৰ জীৱনত সংঘাত, হতাশা, নিৰাশা এই অনুভূতিসমূহ জীৱনৰ সুখ-দুখৰ দৰে একে মুদ্ৰাৰে গঢ়া। এনে কোনো মানুহ নাই, যি জীৱনত কোনো সংঘাতৰ সন্মুখীন হোৱা নাই অথবা সংঘাতৰ হেঁচাত হতাশাগ্ৰস্ত হোৱা নাই। আচলতে নোহোৱাটোহে অস্বাভাৱিক। এই কাৰণেই অস্বাভাৱিক বুলি কৈছোঁ – আমি তেজ-মঙহেৰে গঠিত, আৱেগ-অনুভূতিৰে সংপৃক্ত আৰু ভাল-বেয়াক উপলব্ধি কৰিব পৰা জীৱ। আমাৰ জীৱনলৈ অহা বিভিন্ন পৰিস্থিতিয়ে অথবা বাস্তৱৰ কঠিনতাৰ মেৰপেচে কঢ়িয়াই অনা সংঘাতে আমাক বহুসময়ত হতাশ কৰে আৰু নিৰাশাত ভোগায়। হতাশ হ’লে মানুহ ভাগি পৰে, আনকি সংঘাত আৰু হতাশাই মানুহক নিজৰ জীৱনটোৰ প্ৰতিও অনীহা আনে। বহুসময়ত হতাশাগ্ৰস্ত মানুহে জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলায়। কিন্তু ভালকৈ চালে বা ইতিহাস খুঁচৰিলে দেখা যায় যে এই পৃথিৱীত সংঘাতমুক্ত মানুহ অতীততো নাছিল, বৰ্তমানতো নাই আৰু ভৱিষ্যতেও হয়তো নোলাব। কাৰণ আমি মানু্হ।
বৈচিত্ৰময়তাৰে ভৰা মানুহৰ জীৱনত ঘটা সংঘাতবোৰৰ স্বৰূপো বিচিত্ৰ। পৰিৱৰ্তনশীল সময় আৰু পৰিস্থিতিয়ে মানুহৰ মন আৰু মনস্কতাৰ পৰিবৰ্তন ঘটায় আৰু এই পৰিৱৰ্তনশীলতায়েই সংঘাতৰ স্বৰূপ আৰু প্ৰকৃতি সলনি কৰে। মানুহৰ জীৱনলৈ সংঘাত ভিন ভিন কাৰণত আহে। সংঘাত বহিৰংগ বা অন্তৰংগ ভাৱেও আহিব পাৰে। বহিৰংগ সংঘাতৰ তুলনাত মানুহক অন্তৰংগ সংঘাতে অধিক হতাশাত ভোগায়। আমি যিমানেই আমাৰ পৰিয়াল, আত্মীয়-কুটুমৰ সৈতে একাত্ম বা আত্মীয় বান্ধোনেৰে বান্ধ খাই নাথাকোঁ লাগে তথাপি আমি প্ৰতিজন মানুহেই একক আৰু প্ৰতিজনেই স্বতন্ত্ৰ একো একোটা সত্তা। আমাৰ জীৱনলৈও সংঘাত অহা ইয়ো এটা কাৰণ। সংঘাত মানুহৰ নিজৰ মনৰ মাজতো হ’ব পাৰে। যদি নহ’লহেঁতেন, মানুহে আত্মদ্বন্দ্বত ভুগিব লগাও নহ’লহেঁতেন। গভীৰভাৱে বিশ্লেষণ কৰি চালে, এই আত্মদ্বন্দ্ব বা অৰ্ন্তদ্বন্দ্ব ব্যক্তিভেদে বেলেগ বেলেগ। আমাৰ জীৱন কালত আমি লগ পোৱা অথবা আমাৰ জীৱনৰ সৈতে সাঙোৰ খাই থকা কোনো মানুহৰে মনৰ কথা নাজানো বা নুবুজোঁ। কাৰণ প্ৰতিজন মানুহৰে অন্তৰৰ মাজত এডোখৰ গভীৰতম ঠাই আছে, য’ত আনে প্ৰৱেশ কৰাৰ অধিকাৰ নাথাকে। সেয়ে কাৰ মনত কেনেধৰণৰ সংঘাতে আস্ফালন কৰি থাকে সেয়া জনাটো অসম্ভৱ। আত্মসংঘাতৰ সৃষ্টি স্থলখনেই হৈছে নিজৰ মনোজগতখন। বহুসময়ত মানুহে নিজৰ কৰ্মৰ বাবেও অৰ্ন্তদ্বন্দ্বত ভুগে। নিজৰ মনৰ জগতখনকে সূক্ষ্মভাৱে বিশ্লেষণ কৰি চালে বুজিব পাৰি যে আমাৰ অৰ্ন্তজগতখনতে পৰিৱেশ, পৰিস্থিতিৰ সাপেক্ষে এক বিপৰীতমুখী সংঘাত চলি থাকে। হিংসা-অহিংসা, সৎ-অসৎ, প্ৰেম-ঘৃণা আদি বিপৰীতমুখী প্ৰবৃত্তিয়ে অহৰহ অৰ্ন্তসংঘাতৰ সৃষ্টি কৰে। কেতিয়াবা কোনো এটা প্ৰবৃত্তি প্ৰবল হয় আৰু কেতিয়াবা আনটোৱে বাধা দিয়ে। কোনো সময়ত এই প্ৰবৃত্তিসমূহৰ এটা জয়ী হয় আৰু আনটোৰ পৰাজয় ঘটে। এই জয়-পৰাজয়ৰ খেলখন জীৱন কালত প্ৰতিজন মানুহৰ অন্তৰতেই ঘটে।
মানুহৰ জীৱনটোৱেই সংঘাতপূৰ্ণ। সংঘাতৰ উৎস বাহিৰৰ হওক বা নিজৰ মনৰ ভিতৰতেই উদ্ভৱ হওক মানুহে জীয়াই থকা সময়ছোৱাত সংঘাত থাকিবই। আৱহমান গতিৰে ধাৱিত হোৱা সময়ে যেনেকৈ সৃষ্টিৰ দিনৰে পৰা দিন-ৰাতি, আন্ধাৰ-পোহৰ অতিক্ৰম কৰি আহিছে, তেনেকৈয়ে মানুহৰ জীৱনেও সংঘাতহীনতাই কঢ়িয়াই অনা সুখ আৰু সংঘাতময় সময়ে অনা দুখৰ মাজতেই জীৱন অতিবাহিত কৰিব লাগিব। মানুহৰ জীৱনলৈ সংঘাত অহাৰ কোনো নিৰ্দিষ্ট পথ নাথাকে। অভাৱনীয়, ধাৰণা নকৰা বা একান্ত অচিন পথেৰেও সংঘাতে মানুহৰ জীৱনলৈ সোমাৱাৰ বাট কাটি লয়। কেতিয়াবা ভাবিব নোৱাৰা অকল্পনীয় ভাৱেও আমাৰ জীৱনলৈ সংঘাত নামি আহে। সংঘাতৰ যন্ত্ৰণা তেতিয়াই তীব্ৰ হয়, যেতিয়া অতি আপোন বুলি ভবা কোনোৱে বিশ্বাসঘাতকতা কৰে। শত্ৰুতা শলা মানুহৰ পৰা অহা সংঘাত স্বাভাৱিক। স্বাভাৱিক কথা বা সেই কথাই দিয়া সংঘাত সহ্য কৰিব পাৰি; কিন্তু অস্বাভাৱিক হ’লেহে সি সহ্যাতীত হৈ পৰে। বিশ্বাসভংগতাৰ যি মানসিক সংঘাত, সেই সংঘাতে মানুহৰ প্ৰতি আস্থা, বিশ্বাস হেৰুৱাই মানুহৰ মনলৈ হতাশা আৰু নিৰাশা কঢ়িয়াই আনে। এই নিৰাশাই মানুহৰ মনত ঘৃণাৰ সৃষ্টি কৰে। বাস্তৱ জীৱনত এয়াও এক নিৰ্মোঘ সত্য। এই সত্যতাই কোনো সময়ত মানুহক হতাশাগ্ৰস্ত কৰি জীৱনটোকে নেতিবাচক দৃষ্টিৰে চাবলৈ বাধ্য কৰোৱায়। কাৰণ আমাৰ জীৱনলৈ অহা প্ৰতিটো কথাকে সমভাবত ল’বলৈ হ’লে আমি স্থিতপ্ৰজ্ঞ শিখৰলৈ যাব লাগিব। স্থিতপ্ৰজ্ঞজনৰ বাবেহে জন্ম-মৃত্যু, সুখ-দুখ, মান-অপমান সকলো একে দৃষ্টিৰে চোৱা সম্ভৱ। এনে শিখৰলৈ যোৱাটো ভাল কিন্তু যাবলৈহে কঠিন।
জীৱন থাকে মানে মানুহৰ জীৱনলৈ সংঘাত, সংঘাতে অনা হতাশা, হতাশাই অনা নিৰাশাৰ মাজতেই মানুহে জীৱন অতিবাহিত কৰিব লাগিব। ইয়াৰ গত্যন্তৰ নাই। কিন্তু সেইবুলি মানুহ জীৱনবিমুখ হোৱা উচিত নহয়। প্ৰতিজন মানুহৰ জীৱনৰ চৰম সত্য মৃত্যু। এই মৃত্যুও এক বিভীষিকা। মৃত্যু অৱশ্যম্ভাৱী বুলি জানিও জানো মানুহে সুখৰ সন্ধানতেই আকুল হৈ নাথাকে? জীৱনৰ শেষ পৰিক্ৰমা মৃত্যুৰ দৰেই সংঘাতো জীৱনৰ অনিবাৰ্য সত্য। এই সত্যৰ সন্মুখীন হ’বলৈকে আমি নিজক মানসিকভাৱে প্ৰস্তুত কৰি, সত্যৰ সৈতে আপোচবিহীন হৈ থাকিব পৰাকৈ নিজক গঢ়িব লাগিব। সংঘাতক সহজভাৱে গ্ৰহণ কৰিব পৰা ক্ষমতা প্ৰস্তুত কৰিব পাৰিলে, সংঘাতেও মানুহক পুনৰ উজ্জীৱিত কৰিৰ পাৰে। কাৰণ কণ্টকময় পথে মানুহক যিমান সবল কৰে, সুচল পথে সেই সবলতা আনিব নোৱাৰে।
সংঘাতেও জীৱনলৈ নতুন তৰংগ আনিব পাৰে। সংঘাতে জীৱন জৰ্জৰিত কৰা জীৱনলৈ সঞ্জীৱনী শক্তিৰে শক্তিশালী কৰাৰ ক্ষমতা মানুহৰ নিজৰ লগতেই থাকে। এই ক্ষমতা প্ৰদান কৰে আমাৰ বিবেকে। বিবেকেই মানুহক উচিত-অনুচিত, ভাল-বেয়া বিচাৰ কৰি, হতাশা-নিৰাশাৰ পৰা উদ্ধাৰ কৰিব পাৰে। মানুহৰ আশা আৰু আকাংক্ষাক উজ্জীৱিত কৰিব পাৰে। বিবেকে মানুহক ধৈৰ্যৰ পাঠ শিকায় আৰু সংঘাতৰ সময়ৰ বিপৰ্যয়তো শান্তচিত্তে থকাৰ পথ দৰ্শায়। ভালদৰে চালে বুজিব পাৰি যে মানুহৰ প্ৰকৃত সুখ আৰু আনন্দৰ আধাৰেই হৈছে আমাৰ বিবেক। সংঘাত লাগিলে যিমানেই ভয়াবহ নহওক, যদি সংঘাতৰ সময়ত মানুহে ধৈৰ্যৰে সংঘাতৰ সন্মুখীন হয়, সেই ভয়াবহ সংঘাতেও মানুহৰ জীৱনক বিপন্ন কৰিব নোৱাৰে। ধৈৰ্যই দুৰ্বলীকো সবল কৰি তোলে আৰু অধৈৰ্যই সবল সময়তো মানুহক দুৰ্বল কৰি পেলায়।
কিন্তু এয়াও সত্য যে জীৱনলৈ অহা কঠিন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা জটিলতাই কেতিয়াবা মানুহৰ বিবেক শূন্য কৰি পেলায়। মানুহৰ জীৱনলৈ কেতিয়াবা এনে অনাহুত পৰিস্থিতি আহে, এনে কিছুমান সংঘাতে জীৱনক আগুৰি ধৰে যে সেই সময়ত মানুহৰ বিচাৰ-বুদ্ধি অসাৰ হোৱা যেন অনুভৱ হয়। মানুহে দিকবিদিক হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়। সেই সময়ত বিবেক শূন্য হৈ পৰাটো স্বাভাৱিক কথা। কিন্তু তেনে পৰিস্থিতিতো যদি শান্ত হৈ সংঘাতৰ উৎস উলিয়াব পৰাকৈ আমি নিজক মানসিকভাৱে সবল কৰি তোলাৰ প্ৰয়াস কৰোঁ, তেতিয়া সেই সংঘাতেই ভগ্ন কৰি তোলা আমাৰ জীৱনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিব। কাৰণ আশা থকালৈকে জীৱনৰ মাদকতা থাকে। আশাহীন জীৱন মৃতসদৃশ।
তদুপৰি সমস্যা যিমানেই ডাঙৰ নহওক, সংঘাত যিমানেই ভয়াবহ নহওক, প্ৰতিটো সমস্যাৰ লগতে সমাধানৰ পথটোও হাতত হাত ধৰিয়েই আহে। আমাৰ জীৱনলৈ অহা সংঘাতে, আমাক কোনো সময়ত হতাশাত ডুবাই পেলাব পাৰে। আমাক বিচাৰ-বুদ্ধি, যুক্তি, ধৈৰ্যয়ো কেতিয়াবা লগ এৰা দিব পাৰে; তথাপি আমি নিজৰ ওপৰত বা অদৃষ্টৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। অদৃষ্টক বিশ্বাস কৰা মানেই বাস্তৱবিমুখী বা বিজ্ঞানবিমুখ হোৱা নুবুজায় অথবা অন্ধবিশ্বাসী হোৱাও নুবুজায়। কোনো সময়ত এই বিশ্বাসেই মানুহৰ সাহস হৈ আত্মশক্তি বঢ়াই তোলে। কাৰণ সমস্যাৰে আগুৰি ধৰাৰ সময়ত মানুহ প্ৰায়েই অকলশৰীয়া হৈ পৰে। বিপদত মানুহ নিজেই নিজৰ সাৰথি হ’ব লগা হয়। এয়াও জীৱনৰ এক অপ্ৰিয় সত্য। তদুপৰি বিশ্বাসে কাৰো অনিষ্টও নকৰে। সংঘাত, হতাশাৰ পৰা নিজক মুক্ত কৰাৰ পথটো মানুহে নিজেই বিচাৰি ল’ব লাগিব। নিজৰ জীৱনলৈ অহা সমস্যা সমাধান আৰু নিজক সংঘাতমুক্ত কৰা পথৰ সন্ধান মানুহক আনে দিব নোৱাৰে। সকলোতকৈ ডাঙৰ আৰু ভাল লগা কথা মানুহৰ নিজৰ মাজতেই সেই পথৰ সন্ধান কৰিব পৰা ক্ষমতা অৰ্ন্তনিহিত হৈ থাকে।
*******

10:22 AM
Just wondering if anyone else is having trouble with the okbet.com sign up process? Keep getting an error. Want to jump in and try my luck! Maybe it’s just me. Good luck to everyone! More info on okbet.com sign up.
10:22 AM
If you’re into streaming, check out xôiac. Heard some good things about its reliability. Worth a look! xôiac
10:23 AM
Anyone have any lucky numbers for ‘nesine.com at yarışı’? I could really use a win! Check it out here: nesine.com at yarışı
5:02 PM
If you need a good place to find xo so 666, check xsmbxoso666. They always have what I need and are constantly updating. So easy to use after the fist tiem! Give it a go right here xo so 666.
5:02 PM
Hey guys, check out Nesine for live streams. Been watching games there myself. Super convenient! Click here to nesine canlı izle and see for yourself.
5:02 PM
Looking to win bet big? It’s all about strategy, guys! Remember: responsible gambling is key. Don’t bet more than you can afford to lose. Let’s learn more by checking win bet information.