সখি-মৃদুস্মিতা ফুকন
এইকেইদিন ৰাতিপুৱাই বেলিটো দুপৰীয়াৰ দৰেই তমোময় ৰূপত ওলাইছে। দিনটো যিহে গৰম! সেয়ে পুৱা শুই উঠিয়েই জোনাকে ঘৰৰ দুৱাৰ-খিৰিকীবোৰ খুলি দি ঘৰৰ বেলকনিলৈ ওলাই আহিল।
কাষৰ নিমজোপাত সৌটো পালোৱান। জোনাকৰ সখি। নামটো জোনাকে দি লোৱা। সিহঁতৰ ঘৰৰ ওচৰত নিম, তামোল, নাৰিকল আদি সকলো গছতে সি নোদোকা চেহেৰাৰে অ’ৰ পৰা ত’লৈ জঁপিয়াই থাকে বাবে জোনাকে তাক এই নামটো দিছে। জোনাকে পালোৱানৰ সৈতে অকলে অকলেই কথা-বতৰা পাতি সখি পাতি লৈছে। পালোৱানেও যেন জোনাকৰ ভাৱনা-চিন্তাবোৰ বুজি পায়!
আজি পিছে জোনাকহঁতৰ কাষৰ এপাৰ্টমেণ্টটোৰ ছাদত পালোৱান অকলে নহয়। মাজে মাজে অহাৰ দৰে মাক-বাপেক, বংশ-পৰিয়ালৰে এজাক। গৰমত সিহঁতো ছাগৈ শান্তিৰে থাকিব পৰা নাই। সেয়ে কিজানি গোটেই জাকটো এনেকৈ ওলাই আহিছে।
জোনাকে পালোৱানহঁতৰ কাণ্ড-কাৰখানাবোৰ চাই বৰ ভাল পায়। চাৰিঠেঙীয়া যদিও সিহঁতৰ কাৰবাৰবোৰ মানুহৰ সৈতে একেবাৰে একে। জোনাকৰ মতেতো তাৰ লগত পালোৱানৰ মনৰ ভাৱনাৰো মিল আছে। সেয়ে পালোৱানেও যেন জোনাকৰ সৈতে হোৱা বন্ধুত্বৰ মোল বুজে। দুয়োটাই আনে নুবুজা, আনে নুশুনা নানান কথাৰ ভাগ-বাটোৱাৰা কৰে। জোনাকৰ প্ৰতি পালোৱানৰো যেন এক সুকীয়া আৱেগ, মৰম।
“জুৰি চা, চা” – সৌটোৱে কেনেকৈ আমটো খাইছে। ক’ৰ পৰা বা আনিলে!”
জুৰি জোনাকতকৈ ডেৰ বছৰ মানৰ ডাঙৰ যদিও সি তাইক নাম কাঢ়িয়েই মাতে। সি তাইৰ সৈতে প্ৰায়ে ভনীয়েকৰ দৰেহে ব্যৱহাৰ কৰে। অৱশ্যে তাৰ কিবা স্বাৰ্থ থাকিলে সি তাইক ‘জুৰি বাইদেউ’ বুলি লেনিয়াই মাতিবলৈ নাপাহৰে।
জোনাকৰ কথা শুনি জুৰিও সেইখিনিলৈ আগবাঢ়ি আহিল আৰু দুয়োটাই পালোৱানহঁতৰ কামবোৰ আনন্দেৰে উপভোগ কৰিবলৈ ধৰিলে। পালোৱান পিছে জাকটোৰ লগতে নাই। সি অলপ আঁতৰত আমন-জিমনকৈ ৰৈ আছে। সি আমটোৰ বাবে আনবোৰৰ দৰে কঢ়া-আঁজোৰাও কৰা নাই। জোনাকৰ ভাষাত – ‘সি আচলতে ভদ্ৰ’।
“জোনাক, চা, চা। সৌ পোৱালি বান্দৰটোৱে ক’ৰবাৰ পৰা দৈৰ পেকেট এটা আনিছে।”
“এটা নহয়, – চা, সৌ পিছৰ প্ৰকাণ্ডটোৰ হাততো এটা। দেখিছ?”
“ও, ও। এতিয়া পেকেটটো সিহঁতে কেনেকৈ খুলিব বাৰু?”
“পালোৱান নাই নেকি ইয়াত?”
“আছে, সৌটো। সি দূৰত ৰৈ আছে। তাক ছাগৈ দৈৰ ভাগ নালাগে।” – এইদৰে জুৰি আৰু জোনাকে বান্দৰকেইটাৰ কাণ্ডবোৰ উপভোগ কৰি থাকিল ………
“তঁহতৰ কোনটোৱে পানীৰ বটল উলিয়াই ফ্ৰীজৰ দুৱাৰখন নামাৰিলি?”- হঠাতে পাকঘৰৰ ভিতৰৰ পৰা মাকৰ মাত শুনি জুৰিহঁতে সেইফাললৈ চালে।
“মই ফ্ৰীজ খোলা নাই। পানীৰ বটলো উলিওৱা নাই।”- জুৰিয়ে উত্তৰ দিলে।
“ময়ো। আজিকালি মই ফ্ৰীজৰ পানী নাখাৱেই। মই মাত্ৰ অলপ দেৰিৰ আগতে পাকঘৰৰ খিৰিকীখনহে খুলি আহিছোঁ। যিহে গৰম হৈ আছিল পাকঘৰটো! ফ্ৰীজটো চোৱাই নাই৷”
“অ, সেইটোৱেই সুযোগ পালে। তোৰ পালোৱানে খিৰিকীৰে পাকঘৰত সোমাই ফ্ৰীজ খুলি দৈৰ পেকেট লৈ গ’ল। খাবি আজি লাচ্চি!”
আজি জোনাকহঁতে লাচ্চি খোৱাৰ কথা। ঘৰত নতুনকৈ লোৱা মিক্সিটোত জোনাকৰ মাকে লাচ্চি প্ৰস্তুত কৰিব। এই গৰমত দৈৰ এই চৰবতবিধ খাই ভাল লাগিব বুলিয়েই কালি জোনাকৰ দেউতাকে বজাৰৰ পৰা দৈ দুপেকেট আনি থৈছিল।
তাৰমানে ইমানপৰে বান্দৰৰ কাণ্ড-কাৰখানা চাই পোৱা আনন্দত জোনাকহঁতৰ লাচ্চি খোৱাৰ আনন্দ পানী হৈ গ’ল। জুৰি আৰু জোনাকৰ বৰ বেয়া লাগিল। আজি লাচ্চি খাব বুলি সিহঁতে কিমান যে আশা কৰি আছিল! জোনাকৰ আৰু দুখ লাগিল পালোৱানে এই কামটো কৰা বুলি মাকে কোৱাৰ বাবে। মাকহঁতে সুবিধা পালেই পালোৱানক বদনাম দিয়ে। আজিয়েই এতিয়া? এতিয়া পালোৱানতো আঁতৰতে আছে। অথচ বদনাম তাৰে হ’ল। খিৰিকীখনেৰে সি সোমাবও নোৱাৰে। সেইটো নিশ্চয় সিহঁতৰে কোনোবা অকণমানি এটাৰ কাম হ’ব। জোনাকৰ পালোৱানৰ ওপৰত বিশ্বাস আছে। সি সাধাৰণতে তেনেকুৱা কাম নকৰে। অৱশ্যে তাৰ দলটোৰে কোনোবা এটাইতো কৰিছে। জোনাকে খঙতে পালোৱানলৈ চাই আবোল-তাবোল ঢেৰ কিবাকিবি বকিলে। পালোৱানে দোষী দোষী ভাৱেৰে তলমুৱাকৈ অকলশৰে একে ঠাইতে ৰৈ থাকিল। সি যেন জোনাকৰ কথাবোৰ বুজিহে পাইছে!
তাৰ এসপ্তাহমানৰ পাছৰ ঘটনা।
স্কুলৰ গৰমৰ বন্ধ। জোনাকহঁত সেয়ে ঘৰতে আছে। জোনাকে তাৰ পঢ়া-কোঠাতে পঢ়ি আছিল। এবাৰ বাহিৰত কিবা শব্দ এটা শুনি সি পঢ়াৰ পৰা উঠি বেলকনি পালেগৈ। বাহিৰত পালোৱানহঁতৰ জাকটো। জোনাকে জাকটোত তাৰ সখি পালোৱানক বিচাৰিলে। জাকটোত দেখোন সি নাই। ক’লৈ গ’ল সি? জোনাকে তাক বিচাৰি ইফালে-সিফালে চালে। দেখিলে, ডাব এটা লৈ পালোৱান আহি আছে।
‘পালোৱানে ডাব নাৰিকলটো লৈ কি বা কৰিব? মাহঁতে দেখোন কথাই কথাই কয়- বান্দৰে কি নাৰিকলৰ মোল বুজিব?’- জোনাকে এনেকৈ কিবা-কিবি ভাবি থাকিল।
জোনাক এনেবোৰ ভাবত বুৰ গৈ থাকোঁতেই পালোৱাননো কেনি আহি কেনি গ’ল, সি ততকেই ধৰিব নোৱাৰিলে।
নাই, এইবোৰ চাই থাকিলে নহ’ব। তাৰ ঢেৰ অংক কৰিবলৈ আছে। তাকে ভাবি জোনাক ভিতৰলৈ আহিল। ভিতৰত যিহে গৰম! পঢ়িবলৈ বহিলে আৰুহে গৰম উঠে।
জোনাকৰ পঢ়া-মেজখনৰ ওপৰতে এটা সেউজীয়া ডাব। অথনি পালোৱানে লৈ অনাটোৰ দৰেই। ‘তাৰমানে পালোৱানে —৷’
কথাবোৰ ভাবি আৰু ডাব নাৰিকলটো দেখিয়েই জোনাকৰ লাচ্চি খাবলৈ নোপোৱাৰ দুখ সতেজ ডাবটোৰ পানী খোৱাৰ সুখত নিমিষতে নোহোৱা হৈ গ’ল। আৰু পালোৱান সখিলৈ উথলি উঠিল এবুকু মৰম-সাদৰ৷ তাৰ পালোৱানক সাৱটি ধৰি চুমাৰে ওপচাই দিবলৈ মন গ’ল৷ সখি পালোৱান!
*******

9:57 PM
সুন্দৰ
7:08 PM
সুন্দৰ হৈছে
7:23 PM
ভাল লাগিল — ৰসাল গল্প
6:31 PM
বৰ ভাল লাগিল।