‎সম্পাদকীয়-‎কংকনা গোস্বামী

'‎শব্দচিত্ৰ জীৱন জিজ্ঞাসা' ই-আলোচনীৰ সম্পাদকীয় লিখনিৰ নঙলামুখতে শব্দচিত্ৰ গোটৰ প্ৰশাসকবৃন্দৰ লগতে সমূহ সদস্য-সদস্যাক ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই ই-আলোচনীখনৰ সম্পাদিকা হিচাপে সেৱা আগবঢ়াবলৈ পাই মই নিজকে ধন্য মানিছোঁ। লগতে মোৰ দৰে এগৰাকী অভাজনক সম্পাদিকাৰ দৰে এটি গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ বাবে শব্দচিত্ৰ গোটৰ মুখ্য প্ৰশাসক অৰবিন্দ গোস্বামী দাদা প্ৰমুখ্যে গোটৰ সকলো সদস্য-সদস্যাকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 

‎“সাহিত্য হৈছে এটা জাতিৰ দাপোণস্বৰূপ”। এইশাৰী উক্তি জনগণৰ মুখত উচ্চাৰিত হ'লেই সাহিত্য সৃষ্টি নহয়। সাহিত্য সৃষ্টি কৰিবলৈ হ'লে অধ্যয়ন কৰাটো অপৰিহাৰ্য। লেখকৰ মন-মগজু আৰু হৃদয়ৰ অপূৰ্ব সংমিশ্রণত সাহিত্যৰ সৃষ্টি হয়। জীৱনৰ বিভিন্ন অৱস্থা তথা অভিব্যক্তি সাহিত্যৰ মাজেৰে প্ৰতিফলিত হয়। সাহিত্যৰ অবিহনে কোনো এটা জাতি তথা এখন দেশৰ কৃষ্টি-সংস্কৃতি-সভ্যতা গঢ়ি উঠিব নোৱাৰে। 

‎কিন্তু বৰ্তমান সময়ত প্ৰায়ে ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলে সাহিত্য চৰ্চাৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ যুগত নৱ প্ৰজন্মৰ চিন্তাৰ পৰিধি কোনফালে গতি কৰিছে সেয়া সুধী সমাজৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বিবেক দংশনত ভোগা নৱ প্ৰজন্ম ক্ৰমাৎ বিদ্ৰোহী হৈ পৰিছে। বৌদ্ধিক তথা মানসিক চিন্তাৰ উৎকৰ্ষ সাধন কৰিবলৈ হ'লে যুৱক-যুৱতীসকলে সাহিত্য চৰ্চাৰ জৰিয়তে নিজকে ব্যস্ত ৰাখিব পাৰে। সাহিত্যক উন্নতিৰ পথত আগুৱাই নিবলৈ হ'লে বিভিন্ন ধৰণৰ বৌদ্ধিক প্ৰতিযোগিতা আয়োজনৰ দ্বাৰা সাহিত্যৰ অনুশীলন কৰিলে যুৱ প্ৰজন্মৰ মানসিক তথা বৌদ্ধিক দিশৰ বিকাশ সাধন কৰিব পাৰি। 

‎কেৱল ছপা মাধ্যমৰ জৰিয়তেহে যে সাহিত্য সৃষ্টি হয়, এনে নহয়। বৰ্তমান সময়ত এক নব্য মাধ্যমৰ জৰিয়তেও সাহিত্যৰ সৃষ্টি তথা চৰ্চা হোৱা পৰিলক্ষিত হৈছে। এই নব্য মাধ্যমৰ ভিতৰত উল্লেখযোগ্য হৈছে বৈদ্যুতিন তথা অনলাইন মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা সাহিত্য। বৰ্তমান সময় বিজ্ঞানৰ যুগ, কৃত্ৰিম বুদ্ধিমত্তাৰ জয়জয়কাৰৰ যুগ। এই যুগৰ লগত মিলিবলৈ হ'লে নতুন নতুন চিন্তা-চৰ্চাৰে কাৰ্যপন্থা হাতত ল'ব লাগিব। বৈদ্যুতিন তথা অনলাইন মাধ্যমত প্ৰচাৰিত সাহিত্যৰ দ্বাৰা মানুহে ছপা মাধ্যমত অনুপলব্ধ বিভিন্ন তথ্য কম সময়তে লাভ কৰিব পাৰে। ফেচবুকৰ দৰে বহুল জনপ্ৰিয় সামাজিক মাধ্যমটিৰ জৰিয়তেও আজিকালি বিভিন্ন ব্যক্তিয়ে ব্যস্ততাৰে ভৰা সময়ৰ পৰা আহৰি উলিয়াই সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছে। কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীসকলেও মোবাইল ফোন, কম্পিউটাৰ এইবোৰৰ লগতে কেৱল ব্যস্ত হৈ নাথাকি ছপা মাধ্যমৰ জৰিয়তে নহ'লেও অনলাইন মাধ্যমৰ দ্বাৰাও সাহিত্য চৰ্চা কৰিব পাৰে। 

‎বৰ্তমান সময়ৰ আন এক সমস্যা হৈছে মাতৃভাষাৰ প্ৰতি অশ্ৰদ্ধা। আজিকালি বহুতো ব্যক্তিয়ে নিজৰ মাতৃভাষাত কথা ক'লে যেন হীনমন্যতাত ভোগে। অভিভাৱকসকলেও নিজৰ সন্তানে মাতৃভাষা অসমীয়া নাজানে বুলি কৈ গৌৰৱহে কৰা দেখা যায়। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা বুলি গৌৰৱ কৰি ফুৰা সমাজৰ কিছুসংখ্যক ব্যক্তিয়ে নিজৰ সন্তানক মাতৃভাষা শিকোৱাৰ পৰিৱৰ্তে ইংৰাজী, হিন্দী আদি ভাষাসমূহ শিকিবলৈ বা ক'বলৈহে উদ্বুদ্ধ কৰে। বৰ্তমান সময়ৰ প্ৰেক্ষাপটত দৃষ্টিগোচৰ হয় যে কণ কণ শিশুসকলে ইংৰাজী বা হিন্দী ভাষা সলসলীয়াকৈ ক'ব পাৰে; কিন্তু অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে। ইয়াত প্ৰকৃততে শিশুসকলৰ দোষ নাই; দোষ অভিভাৱকৰ। এইসকল লোকৰ মাতৃভাষাৰ প্ৰতি থকা শ্ৰদ্ধা কিমান সেয়া বিচাৰ্যৰ বিষয়। 

‎নিজ মাতৃভাষা ৰক্ষাৰ হকে পূৰ্বতে আন্দোলনত নামি প্ৰাণ আহুতি দিয়া লোকসকলৰ ত্যাগক বৰ্তমান সময়ত যেন কিছুসংখ্যক লোকে ভৰিৰে মোহাৰি মাতৃভাষাৰ শ্ৰাদ্ধ পাতিছে। হিন্দী, ইংৰাজী ভাষাসমূহৰ আগ্ৰাসনৰ ফলত মাতৃভাষা অসমীয়া ক্ৰমাৎ অস্তিত্বৰ সংকটত পৰিছে। অসমৰ ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গজি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহেও যেন অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ অশনি সংকেত কঢ়িয়াই আনিছে। 

‎নিজৰ নিজৰ মাতৃভাষাসমূহ জীয়াই ৰাখিবলৈ আমি সকলোৱে যত্নপৰ হোৱা উচিত। কেৱল মাতৃভাষা দিৱসৰ দিনা মাতৃভাষা ৰক্ষাৰ হকে বক্তৃতা দিলেই দায়িত্ব শেষ হৈ নাযায়। তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে নিজে মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ লগতে নিজৰ সন্তানকো মাতৃভাষা শিকাৰ প্ৰতি উৎসাহ যোগাব লাগিব। তেতিয়াহে উত্তৰ প্ৰজন্মই নিজকে অসমীয়া বুলি বুকু ফিন্দাই পৰিচয় দি গৌৰৱ কৰিব পাৰিব। আমি সকলোৱে মাতৃভাষাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰাৰ লগতে মাতৃভাষাৰ জৰিয়তে সাহিত্য চৰ্চা কৰি নিজৰ ভাষাটো চহকী কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। তেহে অসমীয়া ভাষা-সাহিত্যই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। 

‎সদৌশেষত জ্ঞাত-অজ্ঞাত ভুল-ত্ৰুটিৰ মাৰ্জনা বিচাৰি সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই মোৰ সম্পাদকীয় লিখনিৰ ইমানতে মোখনি মাৰিলোঁ। 

‎ধন্যবাদেৰে

‎সম্পাদিকা, শব্দচিত্ৰ জীৱন জিজ্ঞাসা

(চতুৰ্থ বৰ্ষ,তৃতীয় সংখ্যা)

6 Comments

  • দেবজিত শৰ্মা

    সম্পাদকীয় পঢ়ি ভাল লাগিল

    Reply
  • বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি।

    Reply
  • বৰষা ডেকা

    ভাল লাগিল পঢ়ি

    Reply
  • Kumkum Sarmabaruah

    সম্পাদকীয় পঢ়ি ভাল পালোঁ।

    Reply
  • গীতা মণি দত্ত ।

    সম্পদকীয় পঢ়ি বৰ ভাল লাগিল । মনটো চুই গ’ল ।

    Reply
  • weed softgels online natural relief

    Reply

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *