ৰহস্যৰ সন্ধানত,মূল লেখিকা:আশাপূৰ্ণা দেৱী,অনুবাদ-চিত্ৰলেখা দেৱী

দেউতাকে নতুনকৈ কিনা এই পুৰণি ঘৰটোলৈ আহি বাসুৰ বৰ ফূৰ্তি লাগিছে। এই ঘৰটো সিহঁতে আগতে থকা ৰে’ল কোৱাৰ্টাৰটোৰ নিচিনা ঠেক-ঠুক, উঁৱলি যোৱা মুঠেও নহয়। যথেষ্ট আহল-বহল, ছাঁ-পোহৰে খেলা কৰি থকা ভাললগা এটা ঘৰ। ঠায়ে ঠায়ে কেনেকুৱাকৈ লুকা-লুকি খেলি থকাৰ দৰে হঠাতে একোটা খটখটি, তাৰ গাতে লগাকৈ একোটা সৰু কোঠা, চিৰিৰপৰা নামিয়েই হঠাতে পায় এখন বাৰান্দা! আৰু এই সকলোবোৰতকৈ ভাল লগাটো হৈছে ভালেমান বেৰত লাগি থকাকৈ থকা আলমাৰীবোৰ। সৰু-ডাঙৰ বিভিন্ন জোখৰ।

পুৰণা পুৰণা সেই আলমাৰীবোৰ খুলিলে কেনেকুৱা ধৰণৰ উহুমা-উহুম সেমেকা গোন্ধ এটা বিয়পি পৰে নহয় — সেইটো বাসুৰ বৰ ভাল লাগে। যেন ইয়াৰ ভিতৰত কিবা এটা ৰহস্য লুকাই আছিল, যিটো আগৰ ঘৰৰ গৰাকীয়ে উলিয়াই লৈ গৈছে — ভিতৰৰ বেৰবোৰে যেন সেয়ে ক্ষুণ্ণ হৈ মুখ ফুলাই বহি আছে।

এটা আলমাৰীৰ ভিতৰত ক’লা ক’লা লেতেৰা চেকা, লগতে কিবা ঔষধৰ গোন্ধ। তাৰমানে, ইয়াতে তেওঁলোকে সকলোবোৰ থৈছিল! বেৰৰ আলমাৰীবোৰত যে কিতাপ থোৱা হৈছিল সেয়া খলপাবোৰৰ দাগবোৰতেই গম পোৱা যায়। গুদাম ঘৰৰ বেৰৰ খলপাত নিশ্চয় কোনোবা ভগৱানৰ মূৰ্ত্তি আছিল — নহ’লে খলপাৰ ওপৰত ধূপৰ ধোঁৱাৰ দাগ দেখা যাব কিয়?

বাসুৱে ঘৰটো ঘূৰি-পকি চাই চাই এইবোৰ কৈ আছে — শুনি শুনি তাৰ বায়েকে হাঁহি থাকে। মাজতে মাকক মাতি কয়, “তোমাৰ এই পুত্ৰ আগলৈ নিশ্চয় ডিটেক্টিভ হ’ব— যিহে নিৰীক্ষণ কৰিছে, আৰু তাৰ যিমানহে অনুমান শক্তি!”

বাসু অৱশ্যে দমি নাযায় — তাক দমাব পৰাটোৱেই যেন বায়েকৰ জীৱনৰ একমাত্ৰ লক্ষ্য। সেই কাৰণে বায়েকৰ কথাত কাণ নিদি সি অভিযান চলাই যায়। এনেয়ে পুৰণি ঘৰ, দুফালে বেৰ থকা চিৰি, তাতে চিৰিৰ তলখন ঘিটমিটিয়া অন্ধকাৰ । মাকে ক’লে, “আগৰ দিনত এইটো কোঠাক ‘গোপন কক্ষ’ বুলি কলেহেঁতেন।”

বাসুৱে কলে, “আগতে যদি কয়, এতিয়া কোৱাতনো বাধা কি?”

মাকে হাঁহি হাঁহি কলে, “ৰোহ ঘৰ, গোপন কক্ষ— এইবোৰ যেন বৰ আগৰ দিনৰ কথা। মোৰ আইতা, জেঠাইহঁতে কৈছিলে।”

বাসু গম্ভীৰ হল, “তোমাৰ আইতা, আইতাৰ আইতাক, তেওঁৰ আইতাকেতো ভাতক ‘ভাত’ বুলিয়ে কৈছিল, তুমিও কৈছা কিয়?”

একো হাঁহি উঠা কথা কোৱা নাই বাসুৱে; তথাপিও গোটেই ঘৰৰ মানুহৰ হাঁহিৰ যি হে ধুম! “হে ভগৱান, ল’ৰাৰ কি যে লজিকৰ জ্ঞান! ই উকিলহে হ’বগৈ যেন পাইছো।”

থাকক কথা — বাসুৱে আনৰ কথালৈ কেয়াৰ নকৰে। তাক বাংলাৰ চাৰে কৈছে নহয়,  আনৰ সমালোচনাত ভয় পাই পিছুৱাই যোৱাটো ভীৰুতাৰ লক্ষণ বুলি। আনৰ কথাত ভয় কৰিলে কেতিয়াও মহৎ কাম কৰিবই নোৱাৰিব।

সেয়ে বাসুৱে ঠাট্টা-মস্কৰাক আওকাণ কৰি ঘৰটোৰ ৰহস্য ভেদ কৰিবলৈ যেন ব্ৰত কৰি উঠি-পৰি লাগিল। বাসুৱে “ছোটদের গোয়েন্দা গকুল সেন” কিতাপখন পঢ়িছে। এটা বহুত পুৰণি জমিদাৰৰ ঘৰ ভাঙোতে দেখা গ’ল কাঠৰ বাতামৰ খাজে খাজে ভগা কলহ আৰু তাৰ মাজত জাপে জাপে সোণ।

এইটো ঘৰৰ কাঠৰ বাতামবোৰো যেন গধুৰ গধুৰ আৰু কিহবাৰ ভৰত ওলমি থকা ধৰণৰ। কোনে জানে— তাৰ ভিতৰতো কিজানি ধনৰ কলহ আছেই! বাউসী পোনাই বেঙা মেলি মেলি বাসুৱে তন্ন তন্নকৈ চাবলৈ ধৰে — সন্দেহজনক কিবা দেখা পোৱা যায়েই বা! কিন্তু, দেখা পালেনো কি হব, বাসুৱেতো আৰু জখলাত উঠি গৈ ওপৰত পৰীক্ষা কৰিব নোৱাৰিব! আৰু ডাঙৰক ক’লে? তেওঁলোকে চোন হাঁহিৰ কোবত বাসুক উৰুৱায়ে দিব!

কিন্তু, এতিয়া?

এতিয়া কি হ’ল?

এতিয়া সকলোৰে মুখ মেল খাই, চকু লালমোহনটোৰ নিচিনা আৰু নাক লস্কৰাটোৰ নিচিনা হৈ নগ’ল নে? ‘গোপন কক্ষ’ ৰ বেৰত এটা গোপন আলমাৰী বাসুৱে আৱিস্কাৰ নকৰিলেনে? ইয়াত যে আগৰ মানুহঘৰে কয়লা ঢালি থৈছিলে তাৰ চিন জলজল পটপটকৈ ওলাই আছে, আনকি কয়লাৰ ছাইও অলপ অলপ দেখা গৈ আছে। কিন্তু বাসুৰ নিচিনাকৈ অৱজাৰভেশ্বন শক্তি নথকা মানুহে কিবা এইটো কথা আৱিষ্কাৰ কৰিব পাৰিব নেকি যে সেই কয়লাৰ দাগ থকা লেতেৰা আলমাৰীটোৰ তলত এটা  কাটি থোৱা খাজ আছে বুলি! আৰু তাৰ মাজত এটা পইচা থোৱা বাকচ বহুৱাই থোৱা আছে বুলি! কয়লা ঢালি থোৱা ঠাইত সহজে কাৰোৰে চকুত নপৰে; বাসুৱে কয়লাৰ ছাঁইবোৰ আঁতৰাই চাইছিল বুলিহে! হঠাতে বাকচটো দেখিয়েই বাসুৰ হাত-ভৰি চেঁচা পৰি গ’ল।

অথচ সি উল্লাসিত হৈও পৰিছে ।

সেয়ে কঁপি কঁপি সি সেইজনী বায়েককে চিঞৰি উঠিল যিজনীৰ জীৱনৰ লক্ষ্যই হৈছে বাসুক ডাউন কৰা। — কিন্তু তাৰ বাহিৰে উপায় নো আছে কি? বায়েকৰ বাহিৰে বাসুৰ সুখ-দুখৰ ভাগী হ’বলৈ কোন আহিব?

বাসুৱে ‘বা’ বুলি মৰা চিঞৰটো শুনিয়েই বায়েকে দুপদুপাই নামি আহি আহি ক’লে, “হ’ল কি? বিছাই কামুৰিলে চাগৈ। কামুৰিবইতো। খেলিবলৈ আৰু জেগা নাপালি?”

কিন্তু বায়েক আহি থমকি ৰ’ল। বাসু দেখ দেখকৈ থিয় দি আছে যদিও তাৰ চকু দুটা আলুগুটিৰ নিচিনা হৈ পৰিছে আৰু মুৰৰ চুলি কেঁটেলা পহুৰ কাঁইটৰ নিচিনা।

বায়েক অহাৰ লগে লগে বাসুৱে নীৰৱে কেৱল আঙুলিয়াই দেখুৱালে।

“কি নো?”

“চা চোন”

“বাকচ!”

“ওঁ”

“কিহৰ বাকচ?”

“ভগৱানে হে জানে।”

“এই ঠাইত বাকচ কেলেই?”

বায়েকে ভয় খোৱা মাতেৰে কলে, “টকা-পইচা লুকাই থকা নাইতো? যাৰ আছিলে যোৱাৰ সময়ত কিজানিবা পাহৰি গ’ল।”

বাসুৱে গম্ভীৰ ভাবেৰে কলে, “টকা-পইচা কোনোবাই পাহৰি যায় নেকি? হয়তো ঘৰত জুই লাগিছিলে, সেই কাৰণে লৰালৰিত —”

“ধুৰ- জুই লাগিলেচোন পাছত ঘূৰি আহিব। তাৰোপৰি, ক’ত জুই লাগিছিলে, ঘৰত চোন চিনেই নাই!”

“বা, তেতিয়াহলে কিজানি ভূমিকম্প!”

“একেবাৰেই নহয়, তেতিয়াও পাছত মানুহ ঘূৰি আহিব।”

“তেতিয়াহ’লে কিজানি ডকাইতি হৈছিল। তেওঁলোক ভয়ত পলাই গৈছিল। আৰু কেতিয়াও  ঘূৰি নাহিল।”

বায়েকে কলে, “অঁ, এইটো হ’ব পাৰে। কিন্তু, ডকাইতে কিবা তন্ন তন্নকৈ নোচোৱাকৈ থাকিব নে? শুনিছোঁ — সিহঁতি বোলে গাৰু ফালি তুলা উলিয়াইও চায়।”

“বা, ঠিক কৈছ। যিয়ে থৈছিল তেওঁ চাগৈ কাৰোবাক কোৱাৰ আগতেই হঠাতে মৰিল।”

বায়েকে মহা উল্লাসেৰে কলে, “একেবাৰে ঠিক কথা কৈছ, তোৰ বুদ্ধি আছে।” এইবাৰহে প্ৰথম বায়েকে তাক প্ৰশংসা কৰিলে।

কিন্তু, বাকচটো টানি উলিওৱা যায় কেনেকৈ? খাঁজৰ মাজত যেনেকৈহে খাপ খাই লাগি ধৰি আছে — বাসুৰ সাধ্যই নাই উলিয়াই আনিবলৈ।

“বা, তই পাৰিবি নে?”

 “উহুঁ, বাপ্ ৰে! মোৰ ভয় লাগে পায় — কিজানি পাছফালে সাপ চাপ কিবা আছেই!”

“তেতিয়াহলে বৃন্দাবনকে মাতি আনো নি — তাৰ গাত দেখোন বহুত বল!”

বায়েকে লাহে লাহে কলে, “ঐ, চুপ; চিঞৰ-বাখৰ নকৰিবি। যদি বহুত সোণ তোন থাকে বৃন্দাবনে সকলোকে মাতি দিব।”

“তেনেহ’লে মাক মাতো?”, বাসুৱে কলে।

বায়েকে হাঁহি হাঁহি কলে, “ই:, মাৰ গাত এনেহে জোৰ!”

“তেনেহলে সৰু দাৰ বাহিৰে আন গতি নাই।”

সৰু দা মানেইতো কিল খোৱা। তথাপি আন উপায় কি আছে? বাকচটো টানি উলিয়াবই লাগিবতো!

বন্ধৰ দিনৰ দুপৰীয়া বাবে দেউতাক টোপনিত লালকাল, খুড়াক কিতাপত মগ্ন। বাসুৱে গৈয়ে কলেগৈ, “সৰু দা আৱিস্কাৰ; আৱিস্কাৰেই হয় তো”।

সৰুদাই হাঁহি মাৰি কলে, “কি? চব ফটুৱামী।”

“ই:, কি ফটুৱামী বুলি কৈছ? ব’ল, গোপন কক্ষত থকা বাকচটো দেখুৱাওঁগৈ।”

“বাকচ? কাৰ বাকচ?”

“ঘৰটো আগতে যাৰ আছিলে তেওঁলোকৰেই নিশ্চয়।”

“কিহৰ বাকচ?”

” উ:, ব’লচোন আগতে”, ককায়েকৰ হাতত ধৰি বাসুৱে টানি নিয়ে। 

বাধ্য হৈ ককায়েক তাৰ লগত যাব লগা হ’ল।

গৈয়েই ককায়েকৰ মুখখন গম্ভীৰ হৈ পৰিল। “খবৰদাৰ, কোনেও হাতেৰে নুচুবি। দেউতাক মাত।” 

বায়েকে ভয় খাই দেউতাকক মাতিবলৈ দৌৰ মাৰে। কি বস্তু ঔ — ভৌতিক বাকচ নেকি? নে কিবা সাপ-সুপ আছে?

দেউতাক আহিল, মাক আহিল আৰু তেওঁলোকে আহি ফুচফুচাই যি কথা কোৱা-কুই কৰি থাকিলে তাৰ পৰা বাসুৱে বুজিলে যে এই বাকচটোত কোনেও হাত দিব নোৱাৰিব; পুলিচক খবৰ দিব লাগিব। তেওঁলোকে নি থানাত জমা দিব।

এইবোৰ শুনি বাসুৱে প্ৰায় ভেঁ কৈ মুখখন মেলিলেই। সি ইমান কষ্ট কৰিলে— পুলিচেহে লৈ গৈ থানাত জমা দিব নে? বাসুহঁতে নিজে ফূৰ্তি কৰি খুলি চাবলৈ আৰু নাপাব!

“কেলেই? আমি কিবা চোৰ নেকি?”

খুড়াকে কলে, “এতিয়ালৈকে চোৰ নহয়, কিন্তু পৰি থকা এই বাকচটোৰপৰা বস্তু উলিয়াই ল’লেই চোৰ হৈ যাম, আইন হৈছে এনেকুৱা — গুপ্তধন চুপ্তধন পালে সেইবোৰ পুলিচৰ ওচৰত জমা দিব লাগে।”

কি কৰিব পাৰি আৰু!

দেউতাকে থানালৈ ফোন কৰিলে। পুলিচ তিনিজনমান আহিল। তেওঁলোকে আন্ধাৰত একোকে নমনি টৰ্চ জ্বলাই চাই লয় আচলতে ঘটনাটো কি? তাৰ পাছত জেৰা কৰিবলৈ আৰম্ভ কৰে, “এই ঘৰটো কেতিয়া কিনা হৈছিল? কাৰ হাতৰ পৰা? তেওঁলোক এতিয়া ক’ত থাকে?” ইত্যাদি ইত্যাদি।

তেনেতে বাসুৱে ঘৰৰ পুৰণি গৰাকীজন মাদ্ৰাজলৈ গুচি গ’ল বুলি শুনি নাক কোঁচাই, মুখ কামুৰি জোৰ দি টান এটা মাৰি বাকচটো উলিয়াই আনি পোহৰ পৰা ঠাইত থলে। টানৰ কোবত বেৰৰ চিমেন্ট, বালিৰ লডা কিছুমান মজিয়াত খহি পৰিল। 

বায়েকে ফুচফুচাই কলে,”ঐ বাসু, দেউতাক কচোন — তেওঁলোকে লৈ যোৱাৰ আগতে আমাক অন্ততঃ এবাৰ হলেও দেখুৱাই যাওক।” 

বাসুৱে বেজাৰ মনেৰে কলে, “চালেনো কি হব! যি যি আছে গোটেইবোৰ চোন লৈ গুচিয়েই যাব! আচৰিত নহয়নে— সৰুদাৰ এই নিষ্ঠুৰতাৰ একোৰে লগত তুলনা কৰিব নোৱাৰি।” 

তাৰ পাছত অৱশ্যে বাসুৰ আৰু একো কোৱাৰেই প্ৰয়োজন নহ’ল; ইতিমধ্যে তেওঁলোকে বাকচটো খোলাৰ যো-জা কৰিছে। – – – সহজে খুলিব নোৱাৰি এজনে সুধিলে, “ইয়াৰ চাবি আছে নেকি?”

“চাবি? আমি আক’ চাবি ক’ত পাম?” সৰুদায়ে বেছ খঙেৰেই কলে, “বাকচটোৰ বুৰঞ্জী দেখোন আপোনালোকক ক’লোৱেই।” 

“হুঁ, তেনেহলে যি টি কিবা এডাল দিয়ক — খুন্দিয়াই তলাটো ভাঙিব পৰা।” 

শুনি সকলো উত্তেজিত হৈ উঠিল। তেতিয়ালৈকে যেন এটা গভীৰ ৰহস্যৰ আৰম্ভণিয়ে ভূমুকি মাৰিছেহি। সকলোৱে চঞ্চল হৈ ‘যি টি’ এডাল বিচাৰি লৰ ধৰিলে। 

মাকে বিচাৰি আনিলে এখন দীঘল খন্তী, সৰু দাই এটা অকনমান বটালি, বায়েকে এখন পেঞ্চিল কটা ছুৰী কটাৰী আৰু বাসুৱে এখন পুৰণি ব্লেড। 

পুলিচ ইন্সপেক্টৰজনে সেইবোৰলৈ অৱহেলাৰ দৃষ্টিৰে চাই ইফালে সিফালে দৃষ্টি দি নিজেই গোটাই আনে এটা কয়লা ভঙা হাতুৰী। তেওঁ ঢপ্ কৈ বাকচটোৰ ওপৰতে বহি দিলে। সকলো উচপ খাই উঠিল। 

মাকে কলে, “একেবাৰে খাটাং নহলেও তাত ভগৱানৰ মূৰ্ত্তি-চূৰ্তিও তো থাকিব পাৰে।” 

দেউতাকে কলে, “মগজ নাই নেকি, তেনেকুৱা ঠাইত কোনোবাই ভগৱানক ৰাখে? চোৰাং মাল বুলিহে সন্দেহ হৈছে। বোধকৰো ঘৰৰ কোনোবা চাকৰ-নাকৰে লুকুৱাই ৰাখিছিলে, তাৰ পাছত কিজানি উলিয়াই নিবলৈ সুবিধা নাপালে।”

বায়েকে কলে, “মোৰ মনে কৈছে — ইয়াত কোনো গুপ্তধনৰ মেপ-চেপ আছে। সেই যে কাহিনীটো মায়ে এদিন কৈছিলে, মনত আছে নে? এটা সৰু সাঁথৰৰ মাজত গুপ্তধনৰ ঠিকনা। অ’ মা, মনত নাই নেকি? সেই যে —

               ভৰিত ধৰে সাধা

               ৰা নিদিয়ে ৰাধা 

               শেষত দিলে ৰা

               পাগোল এৰ পা। 

তাৰ মানে ইয়াৰ মাজতে আছে। ধাৰাগোল! এয়াও চাগে তেনেকুৱা কিবা —”

আৰু ক’ব লগা নহ’ল, এইবাৰ হাঁতুৰীৰ ধাম ধাম কোব পৰিল – – – তাৰ লগতে উফৰি পৰিল বাকচৰ ঢাকনি। 

আৰু তাৰ পাছত? 

তাৰ পাছত পুলিছ চাহাব নিজেই জঁপিয়াই উফৰি পৰিল। – – – কাৰোবাৰ গাতে পৰিলগৈ হ’বলা! 

সকলোৰে মুখত একেটাই কথা, “সেই, সেই, কিনো এইবোৰ? আৰে, আৰে, কি সৰ্বনাশ হৈছে?”  সকলোৰে লম্ফ জম্ফ আৰম্ভ হৈ গ’ল। 

বাকচ খোল খোৱাৰ লগে লগে ডজন ডজন এন্দুৰ ওলাই আহি ইটোৰ ভৰিৰ ওপৰেদি, সিটোৰ ভৰিৰ ওপৰেদি জোঁটা-পুটি খাবলৈ ধৰিলে।

কোনে জানে — কিমান বছৰ ধৰি পুত্ৰ-পৌত্ৰাদিৰ সহিতে ৰাজ্য বিস্তাৰ কৰি ভোগ-দখল কৰি আহিছে! কিন্তু, খাইছিলে কি? নাখালে তো ইমান বছৰ জীয়াই থাকিব নোৱাৰে! নোখোৱাকৈ ইমান বংশবৃদ্ধিও কৰিব নোৱাৰে। তাৰোপৰি, জীয়াই থাকিবলৈ হ’লে বতাহো খাবলৈ পাব লাগিব। পিছে, দেখা গ’ল যে সেই ব্যৱস্থাও সিহঁতি নিজেই কৰি লৈছে। এন্দুৰ হ’লেও সিহঁত মানুহতকৈ কম বুদ্ধিমান নহয়। সিহঁতৰ মাজতো কাঠমিস্ত্ৰী আছে, ইঞ্জিনিয়াৰ আছে; বাকচৰ বেৰত একেবাৰে দুৱাৰ-খিৰিকী বনাই লৈছে। 

আৰু খোৱা-বোৱা? দেখা গ’ল যে বাকচৰ গৰাকীয়ে সিহঁতৰ সাত পুৰুষে খাই জীয়াই থাকিবলৈ খাদ্য গোটাই থৈ গৈছে। ইমান দিনে খাই বৈ যি বাকী আছে সেয়াও কোনো গুণে কম নহয়। দ’ম দ’ম কূটা কাগজৰ টুকুৰাবোৰ — কোনে জানে সেয়া কিবা উইল-টুইল বা দলিলো হব পাৰে, কোনো গুপ্তধনৰ ভাণ্ডাৰৰ নক্সাও হব পাৰে! পুলিচে সেইবোৰ নি যদি ফৰেনছিক লেবৰেটৰীত পৰীক্ষা কৰিবলৈ দিলেহেঁতেন তেনেহলে ৰহস্য ফাদিল হৈ পৰিলেহেঁতেন।- – – কিন্তু পুলিচ প্ৰভুসকল সেইমুৱা নহ’লেই। বিৰক্ত আৰু জ্বলন্ত দৃষ্টিৰে সকলোৰে মুখৰফালে চাই তেওঁলোক গপগপাই ওলাই গ’ল।

             

*******

9 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *