পাবলোৰ জন্মদিন,মূল: সোনাই ঢালি,অনুবাদ-মামণি কলিতা
“বিনি, অই বিনি! উফ, ইমান খৰকৈ গৈছ কিয়? অই বিনি, ৰ’হ্ বুলিছো ৰ’হ্।”
“মোৰ এতিয়া ৰ’বলৈ সময় নাই। মোৰ পিছে পিছে আহি নাথাকিবি। কাম সামৰি মই ঠিক সময়তে আহি ঘৰ পামহি।”
“উফ, কি পাগলী ছোৱালী এইজনী”,
ঘন ঘনকৈ উশাহ লবলগীয়া হৈছিল মিতুৱে। তাইৰ পিছে পিছে খৰধৰকৈ আহি আহি এঠাইত ৰৈ গ’ল। বহু আগলৈ গৈ গৈ এটা সময়ত ৰাস্তাৰ সোঁফালে ঘূৰি নেদেখা হৈ গ’ল বিনিৰ নীলা ৰঙৰ ফ্ৰকটো।
“এতিয়া মই কি কৰিম? ঘৰলৈ গৈ যদি মাক বিনি ক’লৈ গৈছে নাজানো বুলি কওঁ, তেতিয়া ৰাতি মায়ে আকৌ বিনিক মাৰিব। ধেৎতেৰি, একেবাৰে ভাল নালাগে”….
বুলি নিজকে নিজে কৈ অলপ কান্দি ল’লে।বিনিৰ কথা ভাবি ভাবিয়েই মিতু ঘৰলৈ ঘূৰি গ’ল। সন্ধিয়া সময়ত যেতিয়া বিনি ঘৰলৈ আহিল, তাইক দেখাৰ লগে লগে মাক মিলি দেৱীয়ে চিঞৰি ক’লে……
“ক’ত গৈছিলি তই?”
“ডাক্তৰৰ ওচৰৰপৰা পাবলোৰ বাবে ঔষধ আনিবলৈ।”
“পইছা ক’ত পালি? দেউতাৰৰপৰা খুজিছ নেকি? তোৰ বাবে পইচা খৰচ কৰোঁতেই মই ভাগৰি পৰিছো, আকৌ তই তাকো গোটাই লৈছ!”
“অহনা বাইদেৱে দিছিল পইছা।”
“কিয় দিলে?”
“ছবি আঁকি দিছিলোঁ তেওঁক।”
“অ’, আজিকালি তই এইবোৰেই কৰি আছ। ঘৰৰপৰা পাবলোক উলিয়ায় দিম ৰ’হ। আমাৰ ঘৰৰ বাৰীৰ সীমাতো যাতে নেদেখো তাক। কৈ থ’লো কিন্তু তোক।”
বিনি আৰু পাবলো দুয়োটাই মিলি দেৱীৰ কথা শুনি কান্দিবলৈ ধৰিলে। সেইদিনা ৰাতি আৰু দুয়োটাকে একো খাবলৈ নিদিলে। মিতুৱে তাইৰ ভাগৰপৰা যাতে একো দিব নোৱাৰে, তাৰ কাৰণে মিলি দেৱীয়ে তাই খোৱা সময়খিনিত ওচৰত থিয় হৈ ৰৈ থাকিল। ৰাতি বিনিয়ে পাবলোৰ মূৰত হাত ফুৰাই মৰমেৰে ক’লে….
“খুব ভোক লাগিছে নেকি তোৰ?”
পাবলোয়ে ‘কুঁই কুঁই’ কৰি তাইৰ আৰু ওচৰলৈ আহি গাত গা লগাই বহিলেহি।
“চা তোক মই সুস্থ কৰি তুলিম দেই। এতিয়া মায়ে খং কৰিছে যদিও পিছত চাবি তোক আৰু মোক মায়ে ভাল পাবই।”
প্ৰাঞ্জল চাৰে বিনিৰ মাক ঢুকুৱাৰ পিছত আকৌ বিয়া পাতিবলৈ বিচৰা নাছিল। কিন্তু সমাজৰ লোকৰ হেঁচাত পৰি, লগতে বিনিক চম্ভালি অফিচ কৰিবলৈ যথেষ্ঠ অসুবিধাৰ সন্মুখীন হোৱা বাবে উপায়ন্তৰ হৈ বিয়াখন পাতিবলগীয়া হৈছিল। মিলি দেৱীৰ মাকেও বিয়াৰ ক্ষেত্ৰত বেছি জোৰ কৰিছিল। কিন্তু মিলি দেৱীয়ে বিনিক নিজৰ সন্তানৰ দৰে আৱৰি ৰাখিব পৰা নাছিল আৰু প্ৰাঞ্জল চাৰেও নিজৰ ট্ৰেন্সফাৰযুক্ত চাকৰিপৰা চাবলৈ সময় পোৱা নাছিল। গতিকে বিনি জংঘলৰ ফুলৰ দৰে নিজে নিজে ডাঙৰ হৈছে।
পাবলোক অকণমানিৰ পৰা ডাঙৰ কৰিছে বিনিয়ে। বিনিৰ মাকে পাবলোৰ মাকক চখ কৰিয়েই পুহিবলৈ আনিছিল। তাইৰ নাম আছিল লুচি। বিনিৰ মাক নোহোৱা হোৱাৰ পিছত লুচিৰ যত্ন ল’বলৈ কোনো নোহোৱা হ’ল। পাবলোৰ জন্মৰ সময়ত লুচি অসুস্থ হৈ মৃত্যু মুখত পৰে। সেই সময়ৰ পৰাই বিনিয়ে পাবলোক কোলাত লৈ ডাঙৰ-দীঘল কৰিছে আৰু এতিয়ালৈকে একেলগে আছে। তাইৰ দুখৰ সময়ত পাবলো আহি চুপ-চাপ তাইৰ কোলাত উঠি বহি থাকে।
“ছাৰ সোমাব পাৰোঁনে?”
“আহা আহা বিনি, মই তোমাৰ বাবেই অপেক্ষা কৰি আছিলোঁ, বহা।”
“ছাৰ মই বেছি সময় বহিব নোৱাৰিম। সোনকালেই ঘৰলৈ উভতিব লাগিব।”
“ঘৰলৈ যাবা বাৰু। এটা বিশেষ কাৰণতহে মই তোমাক মাতি পঠিয়াইছিলোঁ। তুমি ৰাস্তাৰ ওপৰত ৰং তুলিকাৰে যে তিলোত্তমাৰ ছবি আঁকিছিলা, সেয়া আঁকিবলৈ ক’ত শিকিছিলা?”
“ক’তো শিকা নাই। নিজে নিজে আকোঁ।”
তোমাক তেনেকৈ এখন ছবি দিলে, তেনেকুৱা এখন ডাঙৰ বগা কাগজত তুমি সেই ছবিখন আঁকিব পাৰিবা?
“নিজৰ ষ্টুডিঅ’ত থোৱা পোট্ৰেট এখন দেখুৱাই হেমলক বাবুৱে বিনিক সুধিলে।
মুৰটো জোঁকাৰি পাৰিব বুলি বিনিয়ে জনালে।
তিলোত্তমাৰ বাবে হোৱা আন্দোলনলৈ যাওঁতে হেমলক বাবুৰ চকুত পৰিছিল বিনি। তেওঁ দেখিছিল কি অৱলীলাক্ৰমে ছোৱালীজনীয়ে ষ্ট্ৰীট ছবি অংকন কৰি গৈছিল। তেওঁৰ ছাত্ৰী অহনাৰপৰা তেওঁ বিনিৰ বিষয়ে গম পাইছিল।
বিনিৰ বিষয়ে অহনাক সোধোতে কৈছিল…..
“ছাৰ বৰ গুণী ছোৱালীজনী। মোৰ কামৰ প্ৰেচাৰ বেছি হ’লে তাইক কিছুমান ছবি চাই চাই আঁকিবলৈ দিওঁ আৰু তাই আঁকি সহায় কৰি দিয়ে। আচলতে তাইৰ এটা পোহনীয়া কুকুৰ আছে। সি অসুস্থ। মাজে মাজে তাৰ চিকিৎসাৰ বাবে অলপ পইছা দিওঁ; কিন্তু তাই নলয়।”
তাই কয়………
“ছবি আঁকি দিওঁ যে তাৰ বাবেই পইছা দিবা।”
অলপ ট্ৰেনিং পালেই তাই অসাধাৰণ হৈ উঠিব বুলি হেমলক বাবুক ক’লে। তাৰ পিছত বিনিক নিজৰ ওচৰলৈ মাতি ক’লে……….
“বিনি তুমি পাবলোৰ চিকিৎসা কৰিব বিচৰা নেকি?”
“অ’ ।”
“মই তোমাক ছবি আঁকিবলৈ শিকাম আৰু ভালকৈ কেনেকৈ আঁকিব পাৰি সেয়াও শিকাম তোমাক।”
বিনিৰ চকুত মনৰ আনন্দ জিলিকি উঠিল।
“অলপতে এটা কম্পিটিচন হ’ব। তোমাৰ জইনিং ফিজটো মই দি দিম। তুমি সেই কম্পিটিচনত জিকিব লাগিব। সেই কম্পিটিচনত জয়ী হোৱা জনক পুৰস্কাৰ হিচাপে টকা প্ৰদান কৰিব। তুমি তেতিয়া সেই পইছাৰে পাবলোক চিকিৎসা কৰিব পাৰিবা।”
সেই দিনাৰপৰা সদায় বিনিয়ে মনোযোগেৰে ষ্টুডিঅ’ত ছবি অঁকাৰ ট্ৰেনিং ল’বলৈ ধৰিলে। এমাহৰ পিছত হোৱা ছবি অংকন প্ৰতিযোগিতাত তাই দ্বিতীয় স্থান লাভ কৰিলে। মিলি দেৱীয়ে প্ৰথমে তাইক এইক্ষেত্ৰত আগুৱাই যোৱাত কিছু বাধা দিবলৈ চেষ্টা কৰিছিল যদিও ছোৱালীজনীৰ সজ গুণত মুগ্ধ হৈ পৰিছিল। তেওঁ বুজিছিল যে এই ছোৱালী জনী ভগৱানেই পঠিয়াইছে।
পুৰস্কাৰত পোৱা পইছাৰে বিনিয়ে পাবলোক চিকিৎসা কৰি সুস্থ কৰি তুলিছিল।পাবলোৰ দুবছৰীয়া জন্ম দিনত পাবলো আৰু তাইৰ এখন ছবি অংকন কৰি পাবলোক দেখুৱাই সুধিছিল……
“পাবলো তুমি সুখী হৈছানে?”
বহুত বেছিকৈ পাবলোৱে আনন্দ প্ৰকাশ কৰিলে….
” ভৌ ভৌ ….”
*******

7:09 PM
ভাল লাগিল পঢ়ি ।-
10:16 PM
ভাল লাগিল পঢ়ি।অমাত জীৱয়ে বহুত মৰম লগায় , আনন্দ দিয়ে মনত।
4:04 AM
E aí, pessoal! Entrar no cassino usando Pix no cassinopixbet.org é super fácil e rápido. O login é tranquilo e a interface é bem intuitiva. Já fiz uns depósitos por lá e não tive problema nenhum. Se liga: cassino pix login
11:31 AM
Храните все договора, сейчас за левый вывоз мусора штрафуют жестко.
https://git.lamby.gay/rodneycastaned
7:31 PM
Основой любого долговечного частного жилья является качественный фундамент, для создания которого оптимально подходят заводские винтовые и железобетонные сваи.
Современный подход к загородной недвижимости включает в себя не только профессиональный монтаж новых оснований, но и услуги по сохранению уже готовых строений,
в том числе их технологичный
перенос на другое место. Использование проверенных материалов и передовых строительных решений позволяет сохранить комфорт домашнего очага и обеспечить максимальную устойчивость любой постройки.
https://defterde.com.tr/read-blog/1107_vse-dlya-doma.html
1:23 AM
Внимательный подход к деталям, отличный перевод
документов.
https://videoasis.com.br/@arliemcelhaney?page=about
12:58 PM
Canlı kazino bölməsi superdir.
https://1xbetyukleapk.com
9:41 PM
Полезная техническая выжимка,
сохранил себе в закладки браузера.
https://qpxy.cn/richellenavarr
6:03 PM
I’m focusing my search on properties in Crete for the visa.
https://www.mercado-uno.com/author/florencia32/
3:01 PM
Заказывали кровать Фрия, отличная
мебель от производителя в Санкт-Петербурге, привезли быстро.
Here is my page … https://gitea.alaindee.net/andrewtedesco2