অনৈতিকতা -নমী ফুকন বৰা
‘কি কৰি আছা নো,ইমান যে নিশ্চুপ……!
……….
“নোকোৱা একো ?”
……….
“অভিমান নে কিবা !”
………
সন্ধিয়াৰ নিত্যকৰ্মৰ পিছতেই চাহ কাপ খাই আজৰি হৈ মোবাইলটো চোৱা অভ্যাস।বিভাগীয় কৰ্তৃপক্ষই পঠোৱা কিছুমান বাৰ্তাৰপৰা পিছদিনাৰ কাৰ্যসূচীৰ বাবে সাজু হ’বলৈ সুবিধা হয়। Whats App টো অন কৰা লগে লগে এটি বিশেষ নাম্বাৰৰ পৰা অহা বাৰ্তাকেইটা চাই উত্তৰ নিদিয়াকৈ বহি আছে ৰাগিনী।বিৰক্তিত ক’বলৈ থকাখিনিও লিখিবলৈ মন যোৱা নাই ।
“জানা নদী পাৰৰ তোমাৰ প্ৰিয় ঠাইকণত আজি বহু সময় কটালো।ধূলিয়ৰী আবেলি,কি যে মায়াময় পৰিবেশ।সেউজীয়া বিৰিখজোপা এতিয়া তেনেই লঠঙা। সৰাপাতৰ কৰুণ বিননি বুকুভগা বিষাদ যদিও নিজৰ ঠাইত সদায় অলৰ-অচৰ।বুকুৰ বিষ বুকুতে বিলীন কৰি নিজস্বতাক নেহেৰুৱাই প্ৰস্তুত নতুনক আদৰিবলৈ।জানা, বিৰিখজোপাতে এহাল বনৰীয়া শিল কপৌয়ে বাঁহ সাজিছে।তুমি বাৰু আজিও শিলকপৌ ভাল পোৱানে?”
পুনৰ এটি দীঘলীয়া বাৰ্তা ।
“কাৰোবাৰ কান্ধত মূৰ থৈ বেলেগৰ প্ৰতিচ্ছবি বুকুত কঢ়িয়াই ফুৰাটো হেনো এটি অক্ষমনীয় অপৰাধ,কাৰণ এয়া কাৰোবাৰ বাবে কৰা আৰাধানা আৰু অন্যজনৰ বাবে জানি শুনি কৰা প্ৰতাৰণা ,অন্যায়।”…….
উক্ত নাম্বাৰটোলৈ বাৰ্তাটো পঠিয়াই নাম্বাৰটো ব্লক কৰি এটি গীতৰ কলি গুণগুণাই উঠিল।
*******

10:32 PM
Just tried out bonos777vip and gotta say, the bonuses are pretty sweet! Definitely worth checking out if you’re looking for a good deal. Find more at bonos777vip
10:33 PM
Anyone use Taihm88 before? I’m curious to know the experience like and their win rate. Let us know what you think! See what the hype is all about: taihm88
10:33 PM
Bizzo Casino from Brazil showing some real heat in here. Who’s tried Bizzo? I noticed they’ve had some excellent rewards programs. Check ’em out and good luck out there: bizzo