অমৰ প্ৰেম গাঁথা-ইভা শইকীয়া গোহাঁই

পাহাৰৰ তলত এটা সুন্দৰ উপত্যকা। নদীৰ দুয়োফালে দুখন গাঁও।এখন কলংগাঁও, আনখন মধুৰীপুৰ। প্ৰতি বছৰে এই দুই গাঁৱৰ সীমান্তত অনুষ্ঠিত হয় বসন্ত উৎসৱ—ঢোল, পেপা, বাঁহীৰ সুৰে পাহাৰ-উপত্যকা গুঞ্জৰি উঠে। ডেকা গাভৰুৱে মিলি নাচ গান কৰে। এনে এটা দিনতেই প্ৰথমবাৰ লক্ষ্মী আৰু হিৰণৰ এজনৰ আনজনৰ ওপৰত চকু পৰিল।

লক্ষ্মী আছিল কলংগাঁৱৰ, লাহিপাহি গাভৰু ,গাঁৱৰ সকলো অনুষ্ঠানত ধুনীয়াকৈ কাপোৰ পিন্ধি নাচিবলৈ যায়। হিৰণ আছিল মধুৰীপুৰৰ যুৱক,যাৰ বাঁহীৰ সুৰে পাহাৰৰ সকলোৰে অন্তৰ জয় কৰিব পাৰিছিল ।তেওঁ এজন নিপুণ শিল্পী।

উৎসৱৰ দিনা সমূহীয়া নৃত্যত লক্ষ্মীক কমলা ৰঙৰ পাটৰ শাড়ীখনে অধিক আকৰ্ষণীয় কৰি তুলিছিল আৰু হিৰণৰ বাঁহীৰ সুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল—দুয়ো একেলগে যেন এক ৰঙীন যাদুহে সৃষ্টি কৰিলে এনে লাগিছিল।

নৃত্য শেষ হোৱাৰ পাছত হিৰণে মনে মনে এডাল ফুলৰ মালা দিছিল লক্ষ্মীক। তেওঁ কৈছিল—

“এই ফুলবোৰ মই উপত্যকাৰ  পৰা তুলিছোঁ, যিয়ে পাহাৰৰ ছাঁত সপোন সাজে। তোমাৰ নামটোৱেও সেই ফুলৰ দৰে সুবাস  বিলাই  থাকক।”

তেতিয়াৰে পৰা দুয়োৰ মাজত কথা আৰু মৰমৰ সোঁত বলিবলৈ ধৰিলে। পুৱাৰ চাহ কাপৰপৰা নিশাৰ তৰা ওলোৱা পৰ্যন্ত—সপোনবোৰ একেলগে মনেৰে বোৱা হৈছিল।

কিন্তু দুয়োখন গাঁৱৰ মাজত পুৰণি শত্ৰুতাও আছিল। গাঁৱৰ বয়সস্থ লোকে তেওঁলোকৰ প্ৰেমক অস্বীকাৰ কৰিলে। তথাপিও লক্ষ্মী আৰু হিৰণে আশা নেহেৰুৱালে, পাহাৰৰ পাইন  গছক সাবটি তেওঁলোকে কৈছিল—

“এই পাইন গছবোৰ আমাৰ প্ৰেমৰ সাক্ষী হ’ব, যেতিয়ালৈকে এই উপত্যকাত বসন্ত আহিব।”

উৎসৱৰ দিনৰ পৰা আৰম্ভ হোৱা লক্ষ্মী আৰু হিৰণৰ সপোনবোৰে লৈ আহিছিল ভালপোৱাৰ অগাধ বিশ্বাস।পাইন গছৰ ছাঁত,  উপত্যকাৰ কাষত তেওঁলোক প্ৰতিৰাতি লগ হয়। হিৰণৰ বাঁহীৰ সুৰে লক্ষ্মীক আহ্বান কৰে—

“তুমি মোৰ বসন্ত, মোৰ জীৱনৰ ৰং।”

লক্ষ্মীৰ চকুত তেতিয়া অযুত স্বপ্ন।

কিন্তু সেই সুখৰ জিলিকনি বেছি দিনলৈ নিটিকিল।গাঁও দুখনৰ মাজত নদীৰ পানীক লৈ বিতৰ্ক চলি আছিল। এইবাৰ সেই বিবাদ আৰু আগবাঢ়িল  আৰু দুয়োখন গাঁৱৰ  লোকৰ মাজত বিদ্বেষৰ জুই জ্বলি উঠিল।

লক্ষ্মীৰ পিতৃ আছিল কলংগাঁৱৰ গাঁওবুঢ়া, তেওঁ মানুহৰ মুখেৰে শুনিলে যে তেওঁৰ ছোৱালী মধুৰীপুৰৰ হিৰণৰ সৈতে দেখা কৰে, তেতিয়া তেওঁৰ তেজ খঙত উতলি উঠিল। তেওঁ  লক্ষ্মীক ক’লে,

“সেই গাঁৱৰ মানুহৰ সৈতে সম্পর্ক কৰা অসম্ভৱ।তুমি মোৰ সন্মান তললৈ নমাই আনিলা ! তোমাৰ বিবাহ মই বেলেগত ঠিক কৰিছো।”

লক্ষ্মী মান্তি নহ’ল।

তাই ক’লে —

“বাবা, গাঁও দুখনৰ  সীমাই ,মানুহৰ হৃদয়ৰ সীমা নহয়। হিৰণক মই ভাল পাওঁ, আৰু এই ভালপোৱাত কোনো পাপ নাই।”

হিৰণে তেতিয়া ঠিক কৰিলে যে তেওঁ গাঁওবিলাকৰ এই বিভেদ শেষ কৰিব। তেওঁ বাঁহীৰ সুৰেৰে দুয়ো গাঁৱৰ মাজত শান্তিৰ বাৰ্তা পঠাব বিচাৰিলে। উৎসৱৰ দিনৰ দৰে এবাৰ পুনৰ মিলনৰ অনুষ্ঠান আয়োজন কৰিলে।

কিন্তু ভাগ্য যেন নিষ্ঠুৰ আছিল। অনুষ্ঠানৰ আগ দিনা, হিৰণ নদী পাৰ হৈ কলংগাঁৱৰ ফালে আহিছিল। নদীখন সেই ৰাতি বৰষুণত ফেনে ফোটোকাৰে  বাঢ়ি আহিছিল। বাঁহীটো বুকুত সাবটি, হিৰণ লক্ষ্মীৰ ঘৰৰফালে নাৱেৰে গৈছিল—কিন্তু পাৰ চুবলৈ নাপালে। নদীজুৰি বিয়পি পৰা বজ্ৰপাতত এক মুহূৰ্তত সকলো স্তব্ধ হৈ পৰিল।

পিছদিনা নদীৰ কাষত কেৱল বাঁহীটোহে উদ্ধাৰ হ’ল।

লক্ষ্মীয়ে পাগলীৰ দৰে  বাঁহীটোকে বুকুত সাবটি ধৰি ক’লে, 

“তুমি গুচি গ’লা হিৰণ, কিন্তু তোমাৰ বাঁহীৰ সুৰ এই উপত্যকাত জীয়াই থাকিব।”

তেতিয়াৰে পৰা প্ৰতি বছৰ বসন্ত আহিলেই উপত্যকাৰ সেই ঠাইত অচিনাক্ত লোকৰ বাঁহীৰ সুৰ শুনা যায়। গাঁৱৰ মানুহে কয়—

“হিৰণৰ প্ৰেমৰ শক্তিৰ ওচৰত , প্ৰকৃতিও ম্ৰিয়মান। জয় এই অমৰ প্ৰেম গাঁথা”………..

*******

One comment

Leave a Reply to Iva saikia gohain Cancel reply

Your email address will not be published. Required fields are marked *