অসমভূমিৰ মুকুটবিহীন সংগীত সম্ৰাট জুবিন গাৰ্গ-অৰবিন্দ গোস্বামী

মই…..মৰিম যিদিনা ঐ……
একেডাল বাঁহকে তিনিচেও কৰি লৈ ঐ…..
মাজৰ চেও খচালিৰ কামি…..
চাৰিজন মানুহে কান্ধত তুলি নিব
চাৰিজন মানুহে কান্ধত তুলি নিব
নৈৰ ঘাটলৈ বুলি…মোৰ মনাই ঐ
নৈৰ ঘাটলৈ বুলি……..
_____জুবিন গাৰ্গ____
অনাদি কালৰেপৰা পৃথিৱীত মানুহৰ জন্ম হৈছে আৰু এদিন মানুহে জীৱন নামৰ এই নাটখনিৰ যৱনিকা পেলাই পৃথিৱীৰপৰা মেলানি মাগিছে।এইদৰে পৃথিৱীলৈ সীমাহীন মানুহৰ সোঁত বৈ আছে আৰু আগলৈও বৈ থাকিব।এনে সীমাহীন মানুহৰ মাজত মুষ্টিমেয় কিছু সংখ্যকে জীৱন কালত এনে কিছুমান কাম কৰে,যাৰ বাবে তেওঁ এই ধৰাত অমৰ হৈ ৰয়।এনে মানুহে নিজৰ কৰ্মৰ চাপ এনেদৰে পৃথিৱীত ৰাখি থৈ যায় যে মানুহে অনন্ত কাললৈকে তেওঁক সুঁৱৰিবলৈ বাধ্য হয়।
মানুহৰ জীৱনৰ সঠিক মূল্যায়ন হয় মানুহৰ মৃত্যুৰ পাছত।হিন্দু ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ‘গীতা’ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তোমাৰ শেষ যাত্ৰাত যি তোমাৰ সৈতে থাকিব,তেওঁহে তোমাৰ প্ৰকৃত বান্ধৱ।
চলিত বৰ্ষৰ ১৯ ছেপ্তেম্বৰ তাৰিখে অসমৰ আকাশে-বতাহে এটা দুঃখবৰ বিয়পি পৰিছিল…….’জুবিন গাৰ্গ আৰু নাই’।অবাঞ্চিত খবৰটো পাই অসমৰ জনতা শোকত ভাগি পৰিছিল।সকলোৱে মোবাইল,টেলিভিশ্যনত খুচৰিছিল এই খবৰৰ সত্যতা।
অৱশেষত খবৰটো নিশ্চিত হৈছিল।ছেইণ্ট জ’নছ দ্বীপৰ সমীপত থকা ছিংগাপুৰ প্ৰণালী (Singapore Strait)ৰ বুকুত হোৱা এক শোকাৱহ দুৰ্ঘটনাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হয়।উক্ত স্থানত স্কুবা ডাইভিঙৰ সময়ত পানীৰ তলত উশাহ লোৱাত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল।এনে পৰিস্থিতিৰপৰা উদ্ধাৰ কৰি তেওঁক কাৰ্ডিয়’পালমনাৰী ৰিছাছিটেশ্যন(চি.পি.আৰ) দিয়াৰ পিচত ছিংগাপুৰ জেনেৰেল হস্পিতালৰ আই.চি.ইউত ভৰ্তি হোৱাৰ পাছত তেওঁক মৃত ঘোষণা কৰা হৈছিল।জুবিন গাৰ্গৰ এনে মৃত্যুক অসমৰ জনতাই সহজভাৱে ল’ব নোৱাৰিলে আৰু ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ ঘনীভূত হ’ল।সেয়ে এই দুৰ্ঘটনাৰ তদন্ত এতিয়াও চলি আছে।স্মৰ্তব্য যে জুবিন গাৰ্গৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা এবাৰ ছিংগাপুৰত কৰা হৈছিল যদিও জনতাৰ বিপুল দাবীত তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত কৰা হয়।
জুবিন গাৰ্গক প্ৰথম মানুহে চিনি পাইছিল ‘অনামিকা'(১৯৯২) এলবামৰ জৰিয়তে।১৯৭২ চনৰ ১৮ নবেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ প্ৰকৃত নাম আছিল জুবিন বৰঠাকুৰ।পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ নাম ইলি বৰঠাকুৰ।জুবিনৰ পিতৃয়ে দণ্ডাধীশৰ চাকৰিৰ প্ৰথম কালছোৱা বিভিম্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল।জুবিনৰ পিতৃৰ সাহিত্যৰ প্ৰতিও অনুৰাগ আছিল।কপিল বৰঠাকুৰ ছদ্মনামেৰে তেওঁ কবিতা,গল্প,গীত ইত্যাদি ৰচনা কৰিছিল।প্ৰথমে এগৰাকী গায়কৰূপে পৰিচিতি লাভ কৰা জুবিন গাৰ্গে সংগীতৰ আদিপাঠ লাভ কৰিছিল সুদক্ষ নৃত্যশিল্পী,সুগায়িকা তথা অভিনেত্ৰী মাতৃ ইলি বৰঠাকুৰৰপৰা।জুবিন গাৰ্গৰ নামটো প্ৰখ্যাত সংগীতজ্ঞ জুবিন মেহতাৰ সৈতে সাদৃশ্য ৰাখি জুবিন বৰঠাকুৰ ৰখা হৈছিল যদিও পাছলৈ তেওঁ গোত্ৰ অনুসৰি ‘গাৰ্গ’ উপাধি লিখিবলৈ লয়।
১৯৯২ চনত গায়ক হিচাপে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গৰ জীৱনৰ কৰ্মই তেওঁক কেৱল গায়কৰ গণ্ডীৰ মাজতেই সীমাবদ্ধ নাৰাখিলে।মৃত্যুৰ সময়লৈকে তেওঁৰ সত্তাই এক সুবিশাল বটবৃক্ষৰ ৰূপ ধাৰণ কৰিলে।এই বটবৃক্ষৰ উচ্চতা কিমান সঠিককৈ ক’ব নোৱাৰি যদিও এয়া ক’ব পাৰি যে ইয়াৰ শীৰ্ষবিন্দু স্পৰ্শ কৰা কাৰো পক্ষে অনাগত ভৱিষ্যতে সম্ভৱপৰ নহ’ব।
বহুবাৰ বিতৰ্কৰ মাজত সোমাই পৰা জুবিন গাৰ্গ সম্পৰ্কীয় এক বিতৰ্কৰ পাতনিৰে অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ বিশালতাৰ বিষয়ে কিঞ্চিত জনাৰ প্ৰয়াস কৰোঁ আহক।
“জুবিন এটা পাগল।জুবিন ঘেণ্টা। জুবিনক সমগ্ৰ অসমতে নিষিদ্ধ কৰিব লাগে। জুবিনৰপৰা নতুন প্ৰজন্মই শিকিবলগা একো নাই। জুবিন হ’ল চাধা খোৱা এজন গায়কহে। মঞ্চত গান গাবলৈ উঠি উদ্ভণ্ডালি কৰা গায়ক।
মই কেতিয়াও শিল্পী বুলি নকওঁ।তেওঁক অসমৰ প্ৰত্যেকখন বিহু মঞ্চৰপৰা বা প্ৰত্যেকটো সাংস্কৃতিক অনুষ্ঠানৰপৰা বৰ্জন কৰিব লাগে।নহ’লে অসমৰ উঠি অহা প্ৰজন্ম বিপথে পৰিচালিত হ’ব।”
এই ভাষ্য হৈছে আজিৰপৰা দুই তিনিবছৰ আগতে অসমত বিশিষ্ট ব্যক্তিৰ স্থান লাভ কৰিবলৈ লালায়িত কেইগৰাকীমান ব্যক্তিৰ।কিন্তু এই কথাখিনিৰ গ্ৰহণযোগ্যতা কিমান?কোনো কোনোৱে ক’ব খোজে….
‘আমাৰ জুবিনদা ঈশ্বৰৰ সন্তান’।আকৌ কোনোবাই কয়….’জুবিনদা নিজে ঈশ্বৰৰ অৱতাৰ’।কোনো কোনোৰ মতে জুবিনদা এক পুণ্যাত্মা।অৱশ্যে আমি জুবিনদাক এগৰাকী নাস্তিক হিচাপেহে জানো আৰু এয়া তেওঁ নিজে কোৱা কথা।তেন্তে নাস্তিক ব্যক্তি এগৰাকী কেনেকৈ ঈশ্বৰ বা ঈশ্বৰৰ সন্তান হ’ব পাৰে?হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুৰ বাতৰিটো শুনাৰ লগে লগে কোটি কোটি জুবিন অনুৰাগীয়ে বাকৰুদ্ধ তথা শোকস্তব্ধ হৈ স্বতঃস্ফূৰ্ত্তভাৱে অঘোষিত অসম বন্ধসদৃশ পৰিৱেশ সূচনাৰে বিনিদ্ৰ ৰজনী কটায়।জুবিন অনুৰাগীসকলে ভোক-পিয়াহ ৰ’দ-বৰষুণ নেওচি মহানায়ক জুবিনদাৰ নশ্বৰ দেহক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ হিয়া ধাকুৰি কান্দি পাৰাপাৰহীন জনসমুদ্ৰৰে বিশ্বৰেকৰ্ড গঢ়ি তেওঁৰ প্ৰতি যি অগাধ ভালপোৱাৰ পৰিচয় দিলে,সেয়া পৃথিৱীৰ ইতিহাসত বিৰল।জুবিনদাৰ মৃতদেহ অসম আহি পোৱাৰ পাছত অসমীয়াৰ আৱেগে পাৰ ভাঙিছিল।বিমান বন্দৰত তেওঁৰ মৃতদেহ নমোৱাৰ লগে লগে ‘জয় জুবিনদা’ ধ্বনিৰে অনুৰাগীসকলে আৰক্ষীৰ সুৰক্ষা বেষ্টনী ভেদ কৰি সোমাই গৈছিল।জুবিনদাৰ মৃত্যুৰ খবৰে অসমৰ জীয়ৰী-বোৱাৰী,ল’ৰা-ছোৱালী,বৃদ্ধ-বৃদ্ধা ইত্যাদি সকলো স্তৰৰ মানুহক কন্দুৱাইছিল।কৰ্ত্তব্যৰত পুৰুষ আৰু মহিলা পুলিছেও মুখত হাত থৈ বা চকু ঢাকি উচুপি উঠিছিল।এনে লাগিছিল যেন সেইদিনা অসমৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ কোনোবা এজন বিশেষ ব্যক্তি হেৰাই গৈছিল।সঘনাই বানৰ কবলত পৰা অসমত সেইদিনা চকুৰ পানীৰ বলিয়া বান আহিছিল,ভগ্নপ্ৰায় হৈছিল অসমৰ কৌটি কৌটি জনতাৰ হৃদয়।তেওঁৰ মৃত্যুত অসমৰ প্ৰতিখন নগৰ-চহৰ,গাঁৱত তেওঁৰ গীত,কথা,সুৰ গুঞ্জৰিত হৈ উঠিছিল।অসমভূমিৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক দেখা গৈছিল তেওঁৰ মৃতদেহৰ ওচৰত আঁঠু লৈ প্ৰণাম জনোৱা।মুখ্যমন্ত্ৰী গৰাকীয়ে একপ্ৰকাৰে দৌৰাদৌৰি কৰিছিল জুবিনদাৰ মৃতদেহটো নিজেই চমজি লোৱাৰ বাবে।অসমৰ লগতে সমগ্ৰ বিশ্ব সাক্ষী হৈ ৰৈছিল এই বিৰল দৃশ্যসমূহৰ।জানি আচৰিত হ’বলগীয়া কথা যে জুবিনদাৰ মৃত্যুত অসমে চাৰিটা নিশা উজাগৰে কটাইছিল।
জুবিনদাৰ মৃতদেহ গুৱাহাটী বিমান বন্দৰৰপৰা কাহিলীপাৰা পাবলৈ ছয় ঘণ্টা সময় লাগিছিল।তেওঁৰ মৃতদেহ কঢ়িয়াই অনা এম্বুলেণ্সখনৰ চালকজনেও কান্দি উঠিছিল।বহু অনুৰাগীয়ে এম্বুলেণ্সখনৰ সৈতে খোজকাঢ়ি আহিছিল আৰু ওৰেটো বাট তেওঁলোকৰ চকুপানী নিগৰিছিল।জুবিনদাৰ শেষ যাত্ৰাত লগ দিছিল তেওঁৰ এক কোটিতকৈও অধিক অনুৰাগীয়ে।পৃথিৱীৰ ১৯৫ খন দেশৰ ভিতৰত ১১৪ খন দেশৰ মানুহে জুবিনদাৰ বিষয়ে ইণ্টাৰনেটত বিচাৰি চাইছিল।ইতিমধ্যে Google এ জুবিনদাক ‘Humming king of the world’ বুলি স্বীকৃতি প্ৰদান কৰিছিল।
জুবিনদা এগৰাকী প্ৰকৃতিপ্ৰেমী আছিল।তেওঁ গছ বৰ ভাল পাইছিল।যোৰহাটত এৰি অহা ঘৰখনত থকা এজোপা ইউকেলিপ্তাছ গছক তেওঁ প্ৰায় সাবটি ধৰিছিল।গছৰ সৈতে হেনো তেওঁ কথা পাতিছিল।তেওঁ এবাৰ এটা ইণ্টাৰভিউত কৈছিল যে মানুহতকৈ হেনো তেওঁক গছেহে ভালদৰে বুজি পায়।এটা বগলী এবাৰ জুবিনদাৰ কান্ধত নিজে নিজে পৰিছিলহি।তদুপৰি এবাৰ তেওঁ আঘাতপ্ৰাপ্ত বগলী এটা ঘৰলৈ আনি চিকিৎসা কৰাই সুস্থ কৰি তুলিছিল।বগলীটোৰ নাম দিছিল উদাসিনী গাৰ্গ।এটা বান্দৰ এবাৰ জুবিনদাৰ ঘৰলৈ নিজে নিজে আহিছিল।জুবিনদাৰ বাবে কুকুৰ,বান্দৰ,ষাড়গৰু এইবোৰেও চকুপানী টুকাৰ দৃশ্য ছ’ছিয়েল মিডিয়াত সুলভ হৈ পৰিছিল।
জুবিনদাৰ মৃত্যুত সকলো ৰাজনৈতিক,অৰাজনৈতিক দল-সংগঠন একগোট হৈছিল।এনে ঘটনা সাধাৰণতে পৃথিৱীৰ ইতিহাসত দেখিবলৈ পোৱা নাযায় বা কাচিৎহে দেখিবলৈ পোৱা যায়।জুবিনদাৰ মৃতদেহ কঢ়িয়াই অনা কফিনটোত অসমীয়াৰ স্বাভিমান গামোচাই পাহাৰসদৃশ দ’ম সৃষ্টি কৰিছিল।ইয়াত অসমৰ প্ৰত্যেক জনগোষ্ঠীয় গামোচা আছিল।জুবিনদাৰ ‘মায়াবিনী ৰাতিৰ বুকুত….’গানটো সেইদিনা সমগ্ৰ অসমত বাজি উঠিছিল।জুবিনদাই এবাৰ কৈছিল…..’মই মৰিলে মায়াবিনী গোটাই অসমতে বাজিব’।জুবিনদাৰ এই ইচ্ছা পূৰণ হৈছিল।জুবিনদাৰ মৃত্যুৰ পিচত সেয়ে এই গানটো হৈ পৰিছিল এক আকুল প্ৰাৰ্থনা সংগীত।জুবিনদাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ভ্ৰাম্যমান থিয়াটাৰ আধাতে বন্ধ কৰি দিয়া হৈছিল।ৰে’লৱে ষ্টেশ্যনত সাধাৰণতে কেতিয়াও গান নাবাজে।।কিন্তু সেইকেইদিন অসমৰ ৰেল ষ্টেশ্যনবোৰত জুবিনদাৰ গান বাজিছিল।
জুবিনদাৰ আটাইতকৈ লেখত ল’বলগীয়া গুণটো আছিল পৰোপকাৰ,যি তেওঁক মানুহৰ শাৰীৰপৰা ঈশ্বৰৰ শাৰীলৈ উন্নীত কৰিছিল।তেওঁৰ ঘৰৰ সন্মুখত সদায় সহায় বিচৰা মানুহৰ ভিৰ থাকে আৰু তেওঁ কাকো নিৰাশ নকৰে।বিনিদ্ৰ ৰজনী কটাই সংগীতানুষ্ঠানত ঘটা ধন তেওঁ মুক্তহস্তে দুখীয়াক দান দিব পাৰিছিল।এই কাম জানো আপুনি মই কৰিব পাৰিছো?বহু সময়ত তেওঁ দুৰ্ঘটনাত পতিত হোৱা লোকক অৰ্থৰে সহায় কৰিছিল।বহু শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকক তেওঁ চিকিৎসাৰ বাবে ধন দিছিল।এইদৰে জুবিনদাই অসমৰ সাধাৰণ জনতাৰ হৃদয়ত স্থান লাভ কৰি মহৎ ব্যক্তিৰ শাৰীলৈ উন্নীত হৈছিল।জুবিনদাই নিজে বহুবাৰ কৈছিল যে এনে কামবোৰ কৰি তেওঁ পৰম আনন্দ লাভ কৰে।তেওঁ নিজে নাখাই হ’লেও আনক খুৱাই ভাল পাইছিল।তেওঁ সদায় বজ্ৰকণ্ঠে অন্যায়ৰ প্ৰতিবাদ কৰিছিল আৰু এনে প্ৰতিবাদে তেওঁৰ বদনাম আনিলেও তেওঁ তালৈ কেতিয়াও ভ্ৰুক্ষেপ কৰা নাছিল।
জুবিনদাৰ এটা গঠনমূলক মন আছিল।২০২০ চনৰ ২১ আগষ্ট তাৰিখে ‘আমাৰ অসম’ কাকতখনত ‘বহুদিনীয়া সপোনৰ পম খেদি’ শীৰ্ষক তেওঁৰ এটা মূল্যবান লেখা প্ৰকাশ পাইছিল।লেখাটোত তেওঁ লিখামতে ‘মিশ্যন চাইনা’ ছবিখনৰ শ্বুটিং চানডুবি অঞ্চলত চলি থকাৰ সময়ত তেওঁ আজৰি পালে তাৰ ল’ৰা-ছোৱালীৰ সৈতে ফুটবল খেলিছিল।ল’ৰা-ছোৱালীহঁতৰ ফুটবল খেলাৰ পাৰদৰ্শিতা আৰু উৎসাহ দেখি তেওঁ তেতিয়াই সৌন্দৰ্য্যৰে ভৰপূৰ চানডুবিত ফুটবল অঁকাডেমী এটা স্থাপন কৰাৰ সপোন দেখিছিল।
জুবিনদাৰপৰা শিকিবলগীয়া আন এটা কথা হৈছে তেওঁৰ অসম প্ৰেম।তেওঁ জানিছিল যে মুম্বাইত থকাহ’লে তেওঁ কিমান ধনৰ গৰাকী হ’ব পাৰিলেহেঁতেন।কিন্তু তেওঁক সেই প্ৰলোভনে স্পৰ্শ কৰিব নোৱাৰিলে।তেওঁৰ বাবে অসমৰ মাটি,পানী,আকাশ,বতাহ,জান-জুৰি,চৰাই-চিৰিকতি,জীৱ-জন্তু,মানুহ এই সকলো প্ৰাণৰো প্ৰাণ।সেয়ে বলিউদত কেইৱাটাও জনপ্ৰিয় গীত উপহাৰ দিয়াৰ পাছতো তেওঁ তাত থাকি ভাল নাপালে।তেওঁৰ মতে মুম্বাইত থাকিলে হেনো তেওঁৰ উশাহ ল’বলৈও কষ্ট হয়।বলিউদৰ জাক-জমকতা তেওঁৰ মতে জীৱনেই নহয়।সেয়ে তেওঁ পুনৰ মাতৃভূমিলৈ ঘূৰি আহিল।জুবিনদাই কৈছিল………..
‘মই ৰজা আৰু সেয়ে মই ইমান সংকীৰ্ণ জীৱন-যাপন কৰিব নোৱাৰোঁ।’
তেওঁ আমাক শিকাই গ’ল যে মাতৃভূমিতকৈ শ্ৰেষ্ঠ স্থান পৃথিৱীত ক’তো নাই আৰু মানুহে অৰ্জন কৰা ধন-সম্পদেৰে মাতৃভূমিৰ আৰ্তজনক সহায় কৰিব লাগে।অসমৰ প্ৰতিটো বিপদৰ সময়ত জুবিনদা অসমৰ জনতাৰ সৈতে আছিল।অসম চৰকাৰক জনতাৰ স্বাৰ্থত তীক্ষ্ণ সমালোচনা কৰিবলৈও তেওঁ ভয় কৰা নাছিল।এবাৰ এখন বিহু মঞ্চত আয়োজকসকলে তেওঁক হিন্দী গীত পৰিৱেশনত বাধা দি অসমীয়া গীত গাবলৈ জোৰ কৰাত তেওঁ বিহু মঞ্চ ত্যাগ কৰিছিল।জুবিনদাৰ মত অনুসৰি ভিন্ন ভাষাভাষীৰ,ভিন্ন জনগোষ্ঠীৰ,ভিন্ন ৰাষ্ট্ৰৰ সকলো মানুহকেই মানুহ জ্ঞান কৰিব লাগে।তেওঁৰ চিন্তা-চৰ্চা জাত-পাতৰ উৰ্দ্ধত আছিল,ধৰ্মৰ উৰ্দ্ধত আছিল।সেইবাবেই হয়তো শত্ৰু ৰাষ্ট্ৰ পাকিস্তানতো জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে,তেওঁক সুঁৱৰি পাকিস্তানী শিল্পীয়েও গীত পৰিৱেশন কৰিছিল।
‘মোৰ কোনো জাতি নাই,মোৰ কোনো ধৰ্ম নাই,মই মুক্ত,মই কাঞ্চনজংঘা।’—-এখন অসমীয়া বোলছবিত জুবিনদাই দিয়া এই সংলাপে তেওঁৰ প্ৰতিবাদী সত্তাটোক প্ৰতিনিধিত্ব কৰে।
জুবিনদাৰ এটি গীতৰ এটা শাৰীয়ে আমাক আজিও ভবাই তোলে যে তেওঁ নিজৰ মৃত্যুৰ কথা আগতেই জানিছিল নেকি? ‘সাগৰ তলিত শুবৰে মন’ বুলি কৈ তেওঁ সঁচাকৈয়ে সাগৰ তলিতে চিৰদিনৰ বাবে শুই পৰিছিল।এনে কিছুমান কথা লক্ষ্য কৰিলে বুজা যায় যে তেওঁ এগৰাকী ভৱিষ্যতদ্ৰষ্টা আছিল।তেওঁ কৈছিল যে তেওঁৰ পুনৰ জনম হ’ব।অসমৰ প্ৰত্যেকগৰাকী অসমীয়াই কল্পনা কৰে যে জুবিনদাৰ পুনৰ জনম হওক আৰু অসমতে হওক।জুবিন গাৰ্গে নিজৰ সৃষ্টিৰ মায়াজালেৰে প্ৰায় তিনি দশকৰো অধিক কাল মানুহক মোহাচ্ছন্ন কৰি ৰাখিলে।
‘অনামিকা’ শীৰ্ষক সংগীতৰ এলবামেৰে সংগীত জগতত পদাৰ্পন কৰা জুবিনদাই ৰোমাণ্টিক গীত,বনগীত,বৰগীত,লোকগীত,টোকাৰী গীত,বিহুগীত আৰু বহুতো লোক সংগীতৰ কেছেট আৰু চিডিত কণ্ঠদান কৰিছিল।
‘অনামিকা’ৰ পাছত ‘সপোনৰ সুৰ’, ‘উজান পীৰিতি’, ‘মায়া’, ‘চান্দনী ৰাত'(হিন্দী), ‘ৰং’, ‘জুবিনৰ গান’, ‘পাখি’,’জানমণি’, ‘মুক্তি’, ‘হিয়ামন’, ‘শব্দ’, ‘ৰুমাল’, ‘যন্ত্ৰ’, ‘অভিমানী মন’ আদি চুপাৰহিট শ্ৰাব্য এলবামৰ জৰিয়তে অসমীয়া সংগীত জগতখন শুৱনি কৰি থৈ গৈছে।
অসমীয়া,হিন্দী,বাঙালী,বড়ো,ৰাজবংশী,মিচিং,গোৱালপৰীয়া,কাৰ্বি,ৰাভা,বড়ো,ডিমাচা,ভোজপুৰী,মণিপুৰী,উড়িয়া,তামিল,তেলেগু,কানাড়া,মালায়ালম ইত্যাদি প্ৰায় ৪০ টা ভাষাত ৩৮,০০০ ৰো অধিক গীতত জুবিনদাই কণ্ঠদান কৰিছে।তেওঁৰ গীতৰ ভাষা আছিল অন্য গীতৰ ভাষাতকৈ পৃথক।গীতৰ কথাত তেওঁ সংযোগ কৰিছিল জটিল,গভীৰ অথচ হৃদয়স্পৰ্শী শব্দ।গীতৰ সুৰ নিজে দিছিল,নিজে গাইছিল আৰু তেওঁৰ গীতে সদায় আলোড়ন সৃষ্টি কৰিছিল।উল্লেখ কৰিবলগীয়া কথাটো হ’ল তেওঁৰ গীতৰ ভাষা,সুৰ আৰু আৱেগে সমাজৰ সকলো শ্ৰেণীৰ মানুহক স্পৰ্শ কৰিব পাৰিছিল।আশাবাদ,জীৱন বিমুখিতা,প্ৰেমানুভূতি,সমাজমুখী বাসনা,তীব্ৰ বিষাদ নিহিত তেওঁৰ প্ৰতিটো গীতেই যেন ভাৱোদ্দীপক এটি নিটোল কবিতা। তেওঁ কেৱল এগৰাকী গায়ক নাছিল।তেওঁ আছিল একেধাৰে গীতিকাৰ,কবি,গায়ক,সুৰকাৰ,অভিনেতা,বাদ্যযন্ত্ৰী,
সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক।যি সময়ত অসমীয়া মানুহে নতুনত্বৰ অভাৱত অসমীয়া গীত শুনিবলৈ বাদ দিছিল,অসমীয়া বোলছবিৰ প্ৰতি মোহভঙ্গ ঘটিছিল,সেই সময়তে জুবিনদাই অসমীয়া সংগীত জগতৰ লগতে অসমীয়া বোলছবিৰ জগতখনো ৰং-বিৰঙী কৰি সজাই তুলিছিল।তেওঁ বোলছবিৰ সংগীত পৰিচালক,বোলছবি পৰিচালক আদিৰ দৰে গধুৰ দায়িত্ববোৰ কান্ধপাতি লৈ ইয়াক আগবঢ়াই নিয়াৰ গুৰুদায়িত্ব বহন কৰিছিল।এগৰাকী শব্দযন্ত্ৰী হিচাপেও খ্যাতি লাভ কৰিছিল জুবিন গাৰ্গে।দুখন হিন্দী আৰু চাৰিখন বাংলা কথাছবিত তেওঁ সংগীত পৰিচালনা কৰাৰ লগতে ৩৬ খনৰো অধিক অসমীয়া বোলছবিত তেওঁ সংগীত পৰিচালনা কৰিছিল।তেওঁ সংগীত পৰিচালনা কৰা কেইখনমান অসমীয়া বোলছবিৰ নাম হৈছে….’হিয়া দিয়া নিয়া’, ‘তুমি মোৰ মাথো মোৰ’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’…..ইত্যাদি।তেওঁ বিভিন্ন চলচ্চিত্ৰত অভিনয়েৰেও পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল।তেওঁ অভিনয় কৰা কেইখনমান অসমীয়া বোলছবিৰ নাম হৈছে…..’তুমি মোৰ মাথো মোৰ’, ‘দীনবন্ধু’, ‘মন যায়’,’ৰামধেনু’, ‘গানে কি আনে’, ‘ ৰ’দৰ চিঠি’, ‘মিচন চাইনা’,’প্ৰিয়াৰ ৰং’,’দা আণ্ডাৰৱৰ্ল্ড’, ‘চিকাৰ’, ‘কাঞ্চনজংঘা’,’ৰাজনীতি’, ‘ড০ বেজবৰুৱা-২’…..ইত্যাদি।
খ্যাতি আৰু জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা জুবিন গাৰ্গে তেওঁৰ অৱদানৰ অনুপাতে সামান্য স্বীকৃতিহে পাইছিল।২০০৫ চনত বাংলা বোলছবি ‘শুধু তুমি’ৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল।হিন্দী জনপ্ৰিয় গীত ‘য়া আলী’ৰ বাবে ২০০৭ চনত ‘গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড’ (GIFA) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ (পুৰুষ) বঁটা লাভ কৰিছিল।
২০১৫ চনত তেওঁ লাভ কৰে ‘ৰেনেছাঁ অসম এৱাৰ্ড’।
জুবিনদা বৰ ৰসিক মানুহ আছিল।এবাৰ এটা ইণ্টাৰভিউত তেওঁ চাধা খোৱাৰ কাহিনী এটা বৰ ৰসিকতাৰে বৰ্ণনা কৰিছিল।বিদেশৰ কোনো এখন চহৰৰ এখন নামী-দামী হোটেলত জুবিনদাই সঙ্গীজনক চাধা বনাবলৈ কয়।বিদেশত যিহেতু মানুহে চাধা চিনিয়েই নাপাইছিল সেয়ে জুবিনদাৰ সঙ্গীজনে চাধা মোহৰা দেখি
দুয়োকে মানুহে আচৰিতধৰণে চাইছিল।সেই দেশখনত হেনো গাঞ্জা বা ভাং নিষিদ্ধ আছিল।সেয়ে চিকিউৰটি গাৰ্ডে দুয়োকে ৰখাই তালাচী চলাই চাধাৰ টেমাটো পাই কি বস্তু বুলি তন্ন তন্নকৈ পৰীক্ষা কৰিছিল।সেয়া ভাং নহয় বুলি নিশ্চিত হোৱাৰ পাছতহে দুয়োকে যাবলৈ দিয়া হৈছিল।তেওঁলোক গাৰ্ড দুজনৰ ওচৰৰপৰা আঁতৰি যোৱাৰ আগতে গাৰ্ড দুজনে সেই আচৰিত বস্তুটো(চাধা টেমাটো) কি জানিব বিচাৰিছিল।জুবিনদাই ইংৰাজীতে
গাৰ্ড দুজনক চাধাৰ বিষয়ে বুজাইছিল আৰু অলপ তেওঁলোককো ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল।ইণ্টাৰভিউৰ শেষত তেওঁ নিজৰ স্বভাৱসুলভ হাঁহিটো মাৰি কৈছিল……..
‘নাজানো আৰু সিহঁতে কি বুজি পালে।’
‘জুবিন গাৰ্গ’——-এই নাম অথবা বিষয়টোৱেই যেন আশ্বৰ্য্যজনক তথ্য আৰু ৰহস্যৰে ভৰপূৰ।সেয়ে এক আশ্বৰ্য্যজনক কাহিনীৰে লেখাটিৰ সামৰণি মাৰিব বিচাৰিছো।
জুবিন গাৰ্গক বহুতে আমেৰিকাৰ এগৰাকী সংগীতকাৰ,গীতিকাৰ,কবি জিম মৰিছনৰ পুনৰ্জন্ম বুলি ক’ব খোজে।আমেৰিকাৰ এই সংগীত শিল্পীজনৰ চেহেৰাৰ সৈতে জুবিন গাৰ্গৰ চেহেৰাৰ বহুখিনি মিল আছে।জুবিনদাৰ ৫২ বছৰ বয়সত অকাল মৃত্যু ঘটিছিল…..একেদৰে জিম মৰিছনৰো ২৭ বছৰ বয়সত অকাল মৃত্যু হৈছিল।দুয়োৰে চুলিৰ ষ্টাইল,চকুৰ আছিল আশ্বৰ্য্যজনক সাদৃশ্যতা।জিম মৰিছনক এটা বাথ টাবত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু জুবিনদা শুই পৰিছিল সাগৰ তলিত।অৰ্থাৎ দুয়োৰে মৃত্যুৰ কাৰণ একেই….পানী।জিম মৰিছনৰ মৃত্যুৰ ঠিক এক বছৰ পাছতে জুবিন গাৰ্গৰ জন্ম হৈছিল।জিম মৰিছনৰ মৃত্যুৰ তাৰিখ আছিল ৩ জুলাই ১৯৭১ আৰু জুবিনদাৰ জন্ম হৈছিল ১৮ নবেম্বৰ,১৯৭২ ত।জিম মৰিছনৰ জন্ম হৈছিল
৮ ডিচেম্বৰ, ১৯৪৩ চনত ফ্ল’ৰিডাৰ মেলবৰ্ণ চহৰত।তেওঁৰ দেউতাক জৰ্জ ষ্টিফেন মৰিছন এজন নৌ বাহিনীৰ এডমিৰেল আছিল।তেওঁৰ মাতৃৰ নাম আছিল ক্লাৰ্ক মৰিছন।সৰুতে জিম মৰিছনে ভিন্ন ভিন্ন চহৰত বাস কৰিবলগীয়া হৈছিল কাৰণ চাকৰিসূত্ৰে দেউতাক ভিন ভিন ঠাইলৈ বদলি হৈছিল।এই কথাৰ জুবিন গাৰ্গৰ শৈশৱৰ সৈতে সাদৃশ্যতা আছে।জিম মৰিছনো সাহিত্যৰ অনুৰাগী আছিল জুবিনদাৰ দৰেই।জুবিনদাৰ দৰেই মৰিছনৰো সৰুৰেপৰাই সাংগীতিক প্ৰতিভা বিকশিত হৈছিল। ‘THE DOORS’ নামৰ সেই সময়ৰ এক প্ৰখ্যাত ৰক্ বেণ্ডৰ তেওঁ মুখ্য গায়ক আৰু গীত লেখক হিচাপে জনাজাত হৈ পৰিছিল।জুবিনদাৰ দৰে তেওঁও সংগীত জগতৰ অন্যতম কিংবদন্তি।
এনে সৰু-বৰ বহুতো ৰহস্যজনক কথাৰে ভৰপূৰ জুবিনদাৰ জীৱন কাহিনী।সঁচা কথা ক’বলৈ গ’লে তেওঁৰ ব্যক্তিত্ব আৰু ৰহস্যৰ বিশালতাৰ তুলনাত এই ক্ষুদ্ৰতম লেখা হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে কথা।তেওঁৰ কথা লিখি শেষ কৰিব নোৱাৰি।
সম্প্ৰতি তেওঁৰ মৃত্যুক লৈ যি বিবাদ চলি আছে,তাৰ সুবিচাৰ হোৱাৰ আন্তৰিকতাৰে কামনা কৰিছো।যদি জুবিনদাৰ মৃত্যু এক ষড়যন্ত্ৰমূলক হত্যা,তেন্তে দোষীয়ে কঠোৰতম শাস্তি পাওক কিন্তু নিৰ্দোষীজন প্ৰতাৰিত নহওক।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এক অমৰ সত্তা,অসমভূমিৰ প্ৰকৃত মহানায়ক।জুবিনদাই অনন্ত কাললৈকে অসমবাসীৰ হৃদয়ত ‘অসম সম্ৰাট’ হিচাপে ৰাজত্ব কৰি থাকিব।আপোনালোক আৰু মই অতি সৌভাগ্যবান বাবেহে হয়তো জুবিনদাৰ যুগত জন্ম লৈছো।জুবিনদা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুকুটবিহীন সম্ৰাট।জুবিনদা অমৰ…..অবিসম্বাদী।
*******

9:35 PM
বৰ ভাল পালোঁ পঢ়ি।
7:37 AM
বহ গভীৰ লেখা দাদা। সুন্দৰ হৈছে ।
4:12 PM
বৰ ভাল লাগিল পঢ়ি ।
4:01 AM
Feeling lucky? JJWinvip feels like a place where wins happen. Give it a shot, could be your lucky day! Let fortune favor you at jjwinvip