আইতাৰ দুখ-ৰাজু কুমাৰ নাথ

অ’ আইতা,

জেঠৰ প্ৰখৰতা

শৰতত যে দেখিলো!

আইতা,

এইবাৰ কাতিমহীয়া শুকুৱাম দেই কলাখাৰ।

 

বোপাই,

আমাৰেই মূঢ়তা,

প্ৰকৃতিয়ে কৰিছে শত্ৰুতা,

ছিৰালফাট দিছে চাগৈ

আহিনৰ গাভিনী পথাৰ।

 

সোণটোৱে ক’লে,

সুমেৰু হেনো গলিছে,

কুমেৰুও গলিছে,

চৌপাশে দুঠেঙীয়াই

জ্বলাইছে জুই।

 

বেচিদিন আৰু নাই

বেপেৰুৱা নহ’বি ভাই,

নহৱ যদি তহঁত সচেতন,

ইয়াৰ ঔষধো পাবলৈ নাই

নাথাকিবি দেই শুই।

 

এডাল কাটিলে

দহডাল ৰুবি

পিতায়েৰাই আদৰ্শ দেখুৱাই থৈ গ’ল।

 

পিতায়েৰাও মৰিল

তহঁতৰ বচনো লৰিল,

সকলো ভৰপূৰ বাৰী কৰি তহিলং

মৰুভূমি হেন হ’ল।

 

আপোন দোষতে

তহঁতবোৰ মৰিবি,

অভিশাপো মাতি আনিছ নিজে।

 

আলৈ আহুকালে 

চৌদিশ আগুৰি ধৰিব

প্ৰকৃতি আইক হিংসা কৰিলে।

 

আইতা,

মোৰ পিচে ইয়াত

একো দোষ নাই,

নোদোষিবা হ’লে মোক।

 

বোলো,

চাপৰি দিলেই মেঘ নাতঁৰে

কেতিয়ালৈ বুজিবি তহঁতে!

এই আচৰণে দিয়ে

বৰ দুখ।।

*******

One comment

Leave a Reply to Raju Kumar Nath Cancel reply

Your email address will not be published. Required fields are marked *