ঋণাত্মক চিন্তা উন্নতিৰ অন্তৰায়-দ্বিজেন্দ্ৰ নাথ শৰ্মা

কোনো বিষয় সংক্ৰান্তত আমি যি ভাবোঁ সেয়াই হৈছে দৃষ্টিভংগী।এই দৃষ্টিভংগী সাধাৰণতে দুই ধৰণৰ… ধনাত্মক দৃষ্টিভংগী আৰু ঋণাত্মক দৃষ্টিভংগী।ধনাত্মক দৃষ্টিভংগী বা ধনাত্মক চিন্তাই মনলৈ কঢ়িয়াই আনে আশাৰ বতৰা।আশাই আমাৰ মনক দিয়ে উৎসাহ উদ্দীপনা আৰু বৃদ্ধি কৰে কৰ্মদক্ষতা।আনহাতে ঋণাত্মক চিন্তাই মনলৈ আনে নিৰাশা ভাব।এই নিৰাশাই আমাৰ কৰ্মোদ্যম হ্ৰাস কৰে।কৰ্মোদ্যম হ্ৰাসেই নাশ কৰে কৰ্ম কৌশলতা।ফলত ই হৈ পৰে উন্নতিৰ অন্তৰায়।আমাৰ মনবোৰ  যেতিয়া দ্বিধাগ্ৰস্ত হয়, তেতিয়াই ঋণাত্মক ভাববোৰে সুবিধা লয়, মনটো ঋণাত্মক চিন্তাৰে আৱৰি ৰাখিবলৈ।এই ঋণাত্মক ভাববোৰ মনলৈ অহাত সহায় কৰে এচাম নেতিবাচক চিন্তাৰ বন্ধু-বান্ধৱ নাইবা আত্মীয় স্বজনে।ঋণাত্মক চিন্তা মনলৈ অহাৰ পিছত আমি নিজকে বিশ্বাস কৰিবলৈ এৰি দিওঁ, যাৰ ফলত আমাৰ মনবোৰ ভৰি পৰে কিছুমান নেতিবাচক চিন্তাৰ। এনেবোৰ ঋণাত্মক চিন্তাই আমাৰ জীৱনৰ অগ্ৰগতিত বাধা প্ৰদান কৰে।কেতিয়াবা কিছুমান লোকে আত্মহণন কৰা দেখা যায়।আমি সদায় সুস্থ মস্তিস্কৰে চিন্তা কৰা উচিত যে আমি কি কৰা উচিত আৰু কি কৰা অনুচিত।

প্ৰকৃততে জীৱনটোক আমি যিদৰে গঢ় দিবলৈ বিচাৰোঁ তেনেদৰেই গঢ় লয়। সেয়া আপোনাৰ বা মোৰ চিন্তাধাৰা আৰু তাৰ প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰে। বন্দুক আৱিস্কাৰ কৰা বৈজ্ঞানিকজনক আপুনি বা মই ঋণাত্মক চিন্তাধাৰাৰ ব্যক্তি বুলি যিদৰে একাষাৰে ক’ব নোৱাৰোঁ, সেইদৰে পইচাৰ সৃষ্টিকৰ্তাজনকো আমি কেৱল যোগাত্মক চিন্তাধাৰাৰ ব্যক্তি বুলি স্বীকৃতি দিব নোৱাৰোঁ।  আকৌ ইচ্ছা কৰিলে আমি দুয়োজনকে বেয়া বুলিও ক’ব পাৰোঁ অথবা একপ্ৰকাৰে ভাবি চালে তেওঁলোকতকৈ ভাল ব্যক্তি পৃথিৱীতেই নাই বুলিও ক’ব পাৰোঁ।মুঠতে আমাৰ চিন্তাধাৰা ধনাত্মক হ’বনে ঋণাত্মক হ’ব সেয়া পৰিস্থিতি সাপেক্ষ আৰু আপেক্ষিক।দৃষ্টিভংগী বোলা প্ৰসংগটি জীৱনৰ মহৌষধৰ দৰে কিম্বা বৰবিহৰ দৰে। আপুনি কাৰ প্ৰতি, কিহৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখিছে, তাৰ ওপৰতেই সমগ্ৰ পৰিৱেশটোৰ ভাল-বেয়া দিশ নিৰ্ণিত হ’ব। স্বাভাৱিকতেই সুস্থ বা যোগাত্মক দৃষ্টিভংগীয়ে জীৱনক সফলকাম কৰি তোলে কিন্তু সেই দৃষ্টিভংগীক আপোনাৰ বা মোৰ চিৰলগৰীস্বৰূপ কৰিবলৈ ইচ্ছাশক্তি তথা কঠোৰ অভ্যাসৰ প্ৰয়োজন যাক সহজতে লাভ কৰিব নোৱাৰি। কাৰণ ঋণাত্মক চিন্তা নামৰ দৈত্যটোৱে আমাক অনবৰতে হেঁচা মাৰি থাকে।আমাক উঠিবলৈকে নিদিয়ে।পাকে-প্ৰকাৰে উঠিব পাৰিলেও বেছিপৰ টিকিব নোৱাৰে। তাৰবাবে প্ৰয়োজন হয় আপোনাৰ বৌদ্ধিক যুদ্ধৰ,উপযুক্তভাৱে যুঁজিব পৰা মানসিকতাৰ।

সমাজৰ বেছিভাগ ৰাজহুৱা ঠাই আজিকালি ঋণাত্মক চিন্তাৰ ভঁড়াল হৈ পৰা দেখা গৈছে।কি নামঘৰ, কি মঠ-মন্দিৰ, কি গীৰ্জা, কি বিহুতলী, কি পূজাথলী সকলোতে সেই দানৱৰ তাণ্ডৱৰ পয়োভৰ।ভাল কাম কৰাৰ মানসিকতাৰে আমি যেতিয়া সমাজত আগবাঢ়োঁ তেতিয়াই আমাক মেৰিয়াই ধৰেহি ঋণাত্মক চিন্তাৰ এচাম মগজুৱে।তেনেকুৱা মগজুৰপৰা ওলোৱা বুদ্ধিমত্তাৰ অভাৱ হ’লে ইয়ে আমাক বাধা দিয়ে ভাল কাম কৰাত৷ গতিকে সফল বা উন্নতি হ’ব কেনেকৈ? পাৰ্থিৱ সফলতাত যোগাত্মক চিন্তা নিহিত থাকিব পাৰে কিন্তু ঋণাত্মক চিন্তা থকাটোও ধুৰূপ। গতিকে কথাবোৰ বৰ ল’জিকেল। জীৱনৰ উন্নতি সকলোৱে বিচাৰে তথা সকলোৰে কাম্য। গতিকে উপৰ্যুক্ত “দৈত্য”ক হেঁচা মাৰি ধৰি ৰখাৰ পৰা জয়ী হোৱা যুঁজখনৰ আপুনি সফল যু্ঁজাৰু হ’বনে বিফল ভৃত্য হৈ থাকিব সেয়া আপোনাৰ বা মোৰ একান্ত দৃষ্টিভংগীৰ ওপৰতেই নিৰ্ভৰ কৰিব।কাৰণ ঋণাত্মক চিন্তাই কেতিয়াও আমাক উন্নতিৰ জখলাত বগাবলৈ নিদিয়ে।সেইবাবেই আমি ঋণাত্মক চিন্তাক এলাগী কৰি সকলো সময়তে ধনাত্মক চিন্তাক গুৰুত্ব দিব লাগিব ৷ নহ’লে ঋণাত্মক চিন্তাই আমাৰ উন্নতিত অন্তৰায় হৈ থিয় দিবই।

*******

2 Comments

  • গীতা মণি দত্ত ।

    সুন্দৰ চিন্তা ধাৰা । মনটো ভাল লাগিল ।

    Reply
  • Been hearing tons about b7k. Finally checked it out and I see what all the fuss is about. Great selection and decent odds. b7k

    Reply

Leave a Reply to গীতা মণি দত্ত । Cancel reply

Your email address will not be published. Required fields are marked *