এজন লেখকৰ মৃত্যু , এটা কলমৰ মৃত্যু-ৰুনাল্ডো টাইদ 

(বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ছাৰৰ প্ৰতি )

“Dead people Receive more flowers than the living one, because Regret is more stronger than gratitude “-  Anne Frank 

যুগস্ৰষ্টা নায়কজন গ’লগৈ, কোনেও মানিব নোখোজে এই কথা

এজন বুদ্ধৰ মৃত্যু হৈছে, কোনেও শুনিব নোখোজে এই কথা

শোকত ম্ৰিয়মান চাৰিকড়ীয়া নৈ খন

ম’হঘুলি চাপৰিৰ আজাৰবোৰে উচুপিছে 

ম’হ গুৱালে শোকত কাবান জুৰিছে।

বুকুখন শিল হ’ল 

ভাৱনাবোৰ  ধোঁৱা হৈ উৰি গ’ল

বিনা মেঘে ব্ৰজপাতত মানুহবোৰ বোবা হ’ল !

এজন লেখকৰ মৃত্যু, এখন নদীৰ মৃত্যু

এজন লেখকৰ মৃত্যু, এখন অৰণ্যৰ মৃত্যু 

এজন লেখকৰ মৃত্যু, এখন উপন্যাসৰ মৃত্যু

এজন লেখকৰ মৃত্যু, এটা সপোনৰ মৃত্যু 

জন্ম-মৃত্যু একেটা মুদ্ৰাৰ দুয়োটা পিঠি

মৃত্যু জন্মতকৈ হাজাৰ গুণে শক্তিশালী

জন্মৰ পৰা মৃত্যুলৈ বহু যোজন বাট 

সংসাৰ দুদিনীয়া, মায়াময় হাট 

জন্মত পৃথিৱী আগমন, মৃত্যুত পৃথিৱী বিদায়

জন্মত হাঁহি, মৃত্যুত কান্দোন।

চাৰিকড়ীয়া নৈৰ বালিত খোজ থৈ নীৰৱে গুচি গল প্ৰজ্ঞাৰ সাধক

শূন্য ম’হঘূলি  চাপৰিৰ ফাট বিহুতলী

শূন্য  পাঠকৰ টোকাবহীৰ শুকুলা পৃষ্ঠা

এজন লেখকৰ মৃত্যু, এটা কলমৰ মৃত্যু 

এজন লেখকৰ মৃত্যু, এটা তৰাৰ মৃত্যু

(মিচিং ভাবাৰ্থ: কাবান: শোক সংগীত)

*******

4 Comments

Leave a Reply to 666betapp666 Cancel reply

Your email address will not be published. Required fields are marked *