ওপজা মাটিৰ গোন্ধ-পঙ্কজ সভাপণ্ডিত 

পৈতৃক সম্পত্তি বুলি ৫ বিঘা ৰোৱতী মাটি অনন্তই পাইছিল।দেউতাকে মৃত্যুৰ পূৰ্বে খাজানাৰ ৰচিদৰ লগতে মাটিৰ পট্টা  তাৰ হাতত তুলি দিছিল।আজি দেউতাক ঢুকুৱা দহ বছৰেই হ’ল।গাঁৱৰপৰা অনন্তৰ বহু আত্মীয় কুটুম,চহৰ অভিমুখী হ’ল।নিজৰ জন্মৰ ভেটিৰ মোহ এৰিব নোৱাৰি অনন্ত তাৰ আপোন গাঁৱতে থাকি গ’ল, পিতৃ পুৰুষৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ।কিন্তু এটা সময়ত সিহঁতৰ ৰোৱতী মাটিত জিলাখনৰ মেডিকেল কলেজ নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰিলে।চৰকাৰৰপৰা পোৱা কেইবালাখো টকা আজি অনন্তৰ বেংক একাউন্টত ভৰ্তি হৈ আছে কিন্তু নিজৰ জন্মৰ ভেটি,পথাৰৰ কেঁচা মাটিৰ গোন্ধ,আঘোণৰ পথাৰৰ সোণগুটি বুটলাৰ মাদকতাৰ পৰা অনন্ত এতিয়া বঞ্চিত হ’ব।অনন্তৰ দু:চিন্তা বৃদ্ধি পাইছে, আধুনিক চহৰৰ ধামখুমীয়াৰ লগত তাৰ পৰিয়ালটো কেনেকৈ মিলিব! গাওঁত পোৱা এখন সমাজ সি জানোঁ চহৰত পাব?  ওপজা গাঁৱৰ ৰাইজৰপৰা পোৱা অপত্য চেনেহৰপৰা চিৰদিনৰ বাবে বঞ্চিত হোৱাৰ দুখে তাৰ হৃদয় ব্যথিত কৰি তুলিলে।আজি যেন অনন্ত বৰ ভাগৰুৱা, চহৰ অভিমুখী যাত্ৰাৰ বাবে তাৰ শৰীৰ আৰু মনত এক নতুন শক্তি প্ৰয়োজন হৈছে।

*******

One comment

Leave a Reply to bombing fishing Cancel reply

Your email address will not be published. Required fields are marked *