কাৰ্দম কাৰ্বি আংলং, খুবলেই খাচীয়া মামা-ৰাম নিৱাস পাণ্ডে

অসম মেঘালয়ৰ সীমান্তত অৱস্থিত তাৰালাংছ। হামৰেণৰপৰা অলপ যাব লাগে। সেই ঠাইতে  অৰণ্যৰ মাজত নিৰ্মাণ কৰা হৈছিল এটা আটকধুনীয়া আৱৰ্ত ভৱন। বন্ধু আৰু সেই সময়ৰ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী  সদস্য (EM PWD,Karbi Anglong Autonomous Council) ৰবি কুমাৰ ফাঞ্চোৱে দহ  দিন মানৰ আগতে খবৰ দিলে যে তেওঁৰ বিভাগৰদ্বাৰা নতুনকৈ নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনৰ উদ্ঘাটনৰ দিনা মই তাত উপস্থিত থাকিব লাগে।সেই সময়ত কাৰ্বি আংলং জিলাখনত সাংবাদিকৰ সংখ্যা নিচেই তাকৰ, এজন বা দুজন মানুহহে আছিল।তেওঁলোকো ডিফুত হে থাকিছিল। হামৰেণ মহকুমাত এজনো  সাংবাদিক নাছিল। কাৰ্বি আংলঙৰ বাহিৰৰপৰা কেৱল  মইহে ঘূৰি- পকি বাতৰি সংগ্ৰহ কৰি মোৰ বাতৰি-কাকত The North East Times আৰু হিন্দী বাতৰিকাকত পূৰ্বাঞ্চল প্ৰহৰীলৈ পঠাইছিলোঁ। মই সংগ্ৰহ কৰা বাতৰিসমূহ  মোৰ শিক্ষা জীৱন আৰু সাংবাদিকতাৰ গুৰু শ্ৰদ্ধাৰ তোষেশ্বৰ তামুলীফুকন চাৰকো  দিছিলোঁ। তেখেত আছিল ‘আজিৰ অসম’ কাকত আৰু ‘দৈনিক জনমভূমি’ কাকতৰ সাংবাদিক।খবৰ পালোঁ যে অতি ঘন অৰণ্যৰ মাজত স্থাপিত এই আৱৰ্ত ভৱনটো  সাংসদ আৰু CEM, KAAC ডঃ জয়ন্ত ৰংপিয়ে কৰিব। পুৱা পাঁচ মান বজাত এখন বগা ৰঙৰ  জিপছি গাড়ী আহি মোৰ ঘৰৰ সন্মুখত ৰ’লহি।নতুন ঠাইৰ নতুন অভিজ্ঞতা ল’ব লাগে।সেয়েহে মোৰ মনত বহুত উৎসাহ। আগ দিনাৰপৰা মোৰ টোপনি অহা নাছিল। মই পুৱা তিনি মান বজাতে  গা পা ধুই ৰেডি।যিহেতু মই বাহিৰত নাখাওঁ শ্ৰীমতীয়ে দুপৰীয়াৰ আহাৰৰ কাৰণে পৰঠা  পেক কৰি দিছিল। মোৰ লগত মোৰ ভাতৃসম মদন বৰ্মন ওলাল। মদন সদায় মোৰ লগত কাৰ্বি আংলং, ডিমা হাছাও বা মেঘালয়লৈ  গৈছিল। আমি গাড়ীত উঠি এটা নতুন যাত্ৰাৰ বাবে ওলালোঁ । খেৰনিৰপৰাও এজন কাৰ্বি ল’ৰা মোৰ গাড়ীত উঠিল। ৰাস্তা খুব বেয়া। জেংখা, দাংকামকাম হৈ বৈঠালাংছ পালোঁ। তাতে হোটেল এখনত সকলোৱে একাপ একাপ চাহ খাই আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। গৈ থাকোঁতে বাটত কাৰ্বি লংপি বিদ্যুৎ প্ৰকল্পৰ আধৰুৱা কামবোৰ  দেখিলোঁ। ৰাস্তা জনশূন্য । ভঙা চিঙা ৰাস্তাৰে কোনোমতে  উলুকুঞ্চিৰ  পিনে আমাৰ গাড়ীখন আগবাঢ়িছে। পাহাৰীয়া ঠেক ৰাস্তা আৰু সময় সাত মান বাজিছিল। হঠাৎ দূৰৈৰপৰাই ৰাস্তাৰ কাষতে মানুহৰ ভিৰ দেখা গ’ল। ওচৰ পাই দেখিলোঁ সেইখন সাপ্তাহিক বজাৰ। পাহাৰৰ দাঁতিতে বহা বজাৰখনত আনুমানিক দুশজন মান মানুহ হ’ব।পাহাৰীয়া বজাৰখন অলপ ব্যতিক্ৰম দেখি আমি ৰৈ গ’লোঁ।বজাৰৰ লোকসকল  জনজাতীয় কাৰ্বি আৰু তিৱা।তেওঁলোকৰ লগত কথা পাতি গম পালোঁ  বস্তু বিক্ৰী কৰিবলৈ  অহা লোকসকল জাগীৰোড আৰু নেলী অঞ্চলৰ জনজাতীয় লোক । জাগীৰোডৰ পৰা বিশ কিলোমিটাৰ মান দূৰত্বত বিশ/বাইশ টা মান সৰু সৰু জুপুৰিঘৰ আছে। তাৰে  প্ৰায়বোৰ দোকানত শুকান মাছৰ লগতে কাপোৰ, বাচন-বৰ্তন  ৰাখিছিল। কিন্তু ইয়াত প্ৰথমবাৰ দেখিলোঁ যে বজাৰত লুঙি আৰু বিছনা চাদৰ পাৰি তাত বিভিন্ন ধৰনৰ ৰেডিঅ’ আৰু টেপ ৰেকৰ্ডাৰ বিক্ৰী হৈছে। সকলো জনজাতীয় লোকে নিজৰ নিজৰ  জাতীয় সাজ পৰিধান কৰিছিল। তেওঁলোকক দেখি এনে লাগিছিল তেওঁলোকে পুৱা বিচনাৰ পৰা উঠিয়েই বজাৰলৈ আহিছিল । বজাৰত গাহৰি মাংস আৰু মদ বিক্ৰী হোৱা  দেখি মই অলপ অশান্তি পাইছিলোঁ । কিন্তু এই ব্যতিক্ৰমী  জুপুৰি ঘৰৰ বজাৰ চোৱাৰ হেঁপাহ ৰখাব নোৱাৰি গোটেই বজাৰখন এপাক ঘূৰিলোঁ । বিশ/বাইশ খনমান আঠ/ দহ হাত দীঘল বহল  দোকান য’ত কোনো বেৰ নাছিল। মানুহবোৰ বহুত সহজ সৰল। নিজৰ কৃষি আৰু ঝুম খেতিৰ বস্তু বিক্ৰী কৰিবলৈ অহা লোকসকলে  বাহিৰৰপৰা অহা বেপাৰীৰপৰা নিজৰ প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিছিল । হঠাৎ  দেখিলোঁ বজাৰৰ লোকসকলে খুব খৰখেদা কৰিছে বজাৰখন সোনকালে শেষ কৰিবলৈ । কাৰণটো এজনক সুধি গম পালোঁ  ন মান বজাত এই বজাৰখন উঠি যাব। কাৰণ  ট্ৰাকত উঠি  অহা এই বেপাৰীসকলে ন বজাত অহা ট্ৰাকত উঠি আকৌ বেলেগ ঠাইত গৈ বজাৰ লগাব। মোৰ প্ৰথমবাৰ একেলগে ইমান তিৱা জনগোষ্ঠীৰ লোকক দেখি ভাল লগিল । তেখেত সকলৰ লগত কথা পাতিবলৈ খুব মন আছিল যদিও  সময়ৰ নাটনি বাবে সেয়া হৈ নুঠিল। তাতে  দহ  বজাত আমি তাৰালাংশো পাব লাগে। চাৰে দহ বজাত উদ্ঘাটনৰ সময় । আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। একা বেঁকা পাহাৰীয়া ৰাস্তা , জঙ্গল আৰু গছৰ বাহিৰে একো দেখা নাছিলোঁ । ৰাস্তাত কোনো লোক নাছিল। অলপ ভয়ো লাগিছিল  যদি আমাৰ গাড়ীৰ কিবা যান্ত্ৰিক বিজুতি হৈ যায় তেনে অৱস্থাত কি হব। একা বেঁকা পাহাৰীয়া ৰাস্তা হোৱা কাৰণে অনুমান কৰিব পৰা নাছিলোঁ,  কিমান দূৰ আহিছোঁ আৰু কিমান দূৰ আৰু যাব লাগিব। অলপ পিছত দূৰৰ পাহাৰত এটা ডাঙৰ গিৰ্জা ঘৰ দেখিলোঁ। লাহে লাহে আমাৰ গাড়ী সেই গিৰ্জাৰ কাষ চাপিবলৈ ধৰিলে। তেতিয়াহে দুই এটা অলপ দূৰত ঘৰ দেখা পোৱা গ’ল। অনুমান কৰিলোঁ আমি অসম মেঘালয়ৰ সীমা পালোঁ। তাতে কেইঘৰমান নেপালী সম্প্ৰদায়ৰ লোক দেখিলোঁ। হিন্দীত কথা পাতি গম পালোঁ যে তেওঁলোক শ্বিলঙৰ পৰা আহিছে আৰু কয়লাৰ ব্যৱসায় কৰে। দুজন মান খাচীয়া ব্যক্তিক লগ পাই অলপ খাচীয়া ভাষাতো বহুত দিনৰ মূৰত কথা পতাৰ সুযোগ পাই বৰ ভাল লাগিল। ৰাস্তাৰ দুয়ো কাষে কয়লাবোৰ  দম কৰি ৰখা হৈছিল আৰু য’ত ত’ত ট্ৰাকত ল’ড কৰা হৈছিল। আমি খান্দুলি নামৰ ঠাই পাৰ হৈ মেঘালয়ত সোমাই অলপ দূৰ যোৱাৰ পিছত আকৌ অসমৰ ফালে আহিলোঁ। তাৰালাংছলৈ  আহিবলৈ তেতিয়া  অসমৰ পৰা পোনে পোনে যোৱা ৰাস্তা নাছিল ,সেয়ে মেঘালয়ত সোমাই আকৌ অসমৰ পিনে  আহিব লাগে। দহ বজাৰ পৰিৱৰ্তে আমি এঘাৰ বজাতহে আহি আমাৰ গন্তব্যস্থান পালোঁ । আমি পোৱাৰ অলপ পিছতে সাংসদ জয়ন্ত ৰংপী আহি পালে।  বন্ধু ৰবি কুমাৰ ফাঞ্চোৱে মোৰ খোৱা বোৱাৰ নিয়ম জানিছিল সেয়ে তেওঁ মোলৈ ফল আৰু মিঠাই লৈ আনি আগ্ৰহেৰে মোক খাবলৈ দিলে। নতুনকৈ নিৰ্মাণ হোৱা আৱৰ্তভৱনৰ দ্বাৰ উদ্ঘাটন হ’ল। মই ফটো আৰু বাতৰি সংগ্ৰহ কৰি তাৰ পৰা বিদায় ললোঁ । আনুমানিক দুই মান বজাত সেই বজাৰ থকা ঠাইখিনি আহি পালোঁ। ঠাইখিনিত তেতিয়া কোনো মানুহ বা বজাৰ একো নাছিল । কেৱল  খালী জুপুৰীকেইটাহে আছিল। এইবাৰ আমাৰ গাড়ী  জাগীৰোডৰ এখন হোটেলৰ সন্মুখত ৰ’ল, তাতে গোটেই কেইজনে একাপ একাপ চাহ খাই অলপ ফ্ৰেচ হৈ ললোঁ। পাহাৰীয়া একা বেঁকা, জঙ্গলৰ ভাল লগা বেয়া লগা দুয়োটা অভিজ্ঞতা লৈ ৰাতি আনুমানিক আঠমান বজাত আহি লংকাৰ ঘৰ পালোঁ। সময়বোৰ পাৰ হৈ গ’ল কিন্তু পাহাৰীয়া অঞ্চলৰ সেই অনুভৱ আৰু স্মৃতিবোৰ বুকুৰ মাজত আজিও সজীৱ হৈ থাকিল।অসম মেঘালয়ৰ সীমাৰ কাজিয়া ,গুলীয়াগুলীৰ কথা শুনিলেই মোৰ এই ভ্ৰমণ স্মৃতি মনত পৰে ।”কাৰ্দম কাৰ্বি আংলং, খুবলেই খাচীয়া মামা।”

*******

2 Comments

Leave a Reply to বৰষা ডেকা Cancel reply

Your email address will not be published. Required fields are marked *