ডুবিবলৈ ধৰা বেলি-গীতামণি দত্ত

:বাইদেউ আমাৰ আবাক দেখিছিলে নেকি?

প্ৰাত:ভ্ৰমণ কৰিবলৈ অহা উৰ্মিলা বাইদেউক ৰুবীয়ে  বাটতে পাই সুধিলে।

: এই ছোৱালী জনীয়ে কাক বিচাৰিছে ! উৰ্মিলাৰ গিৰীয়েক অৰ্ণৱে উৰ্মিলাক সুধিলে।

:ৰুবী আমাৰ স্কুলৰ এজনী মেধাৱী ছাত্ৰী আছিল। আমাৰ স্কুলৰ সহকাৰী শিক্ষক নিজামুদ্দিন আহমেদ ছাৰৰ ছোৱালী।তেখেতে অৱসৰ লোৱা কেইবা বছৰো হ’ল। মই তেতিয়া স্কুলখনত সোমাইছোঁহে।একেবাৰে নতুন।সেই কেইদিনতে পোৱা ছাৰৰ  সান্নিধ্য আজিও মনত আছে।ছাৰ বৰ পৰিপাটি আৰু নিয়মানুবৰ্তিতা মানি চলা লোক আছিল।

ৰুবী ,আহমেদ ছাৰৰ একমাত্ৰ ছোৱালী।ৰুবী বৰ্তমান জাৰ্মানীৰ বিশ্ববিদ্যালয় এখনত অধ্যাপিকা হিচাপে কৰ্মৰত।

আহমেদ ছাৰৰ অসুখ বেছি হোৱা কাৰণে পৰিয়ালৰ লোকে খবৰ দিয়াত ৰুবী ঘৰলৈ মানে অসমলৈ আহিছে অলপ দিনৰ ছুটী লৈ।ৰুবীৰ মাক ঢুকোৱাৰ পাছত দেউতাক একেবাৰে অকলশৰীয়া হৈ পৰিল।তাতে ৰুবী বিদেশত থাকে।ঘনে-পতি আহি থাকিব নোৱাৰে।

মাক ঢুকোৱাৰ  পাছত প্ৰায় তিনিমাহমান নিজৰ আবাজনৰ লগত কটাই তেওঁৰ সুবিধা অসুবিধা সকলোবোৰৰ ওপৰত নিজেই চকু দিছিল।তেতিয়ালৈকে ছাৰ ঠিকেই আছিল বুলিব পাৰি।কিন্তু ৰুবীতো সদায় দেউতাকৰ লগত থাকিব নোৱাৰে,কৰ্ম ক্ষেত্ৰলৈ যাবই লাগিব।সেইবাবে ৰুবীয়ে ছাৰৰ সুবিধাৰ্থে এগৰাকী সহায়িকা ঠিক কৰিলে যাতে ৰুবী অবিহনে ছাৰে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে।

ৰুবীয়ে মন নকৰা নহয় তাইৰ আবাজানে যে কিছুমান কথা পাহৰি পেলাইছে।একেবোৰ কথাকে বাৰেপতি সুধি থাকে।লাহে লাহে যেন মানুহৰ নামবোৰ পাহৰি যাবলৈ ধৰিছে।প্ৰথমে ৰুবীয়ে এইবোৰ বয়সৰ দোষ বুলি সহজভাৱে লৈছিল।

ছাৰৰো যথেষ্ট বয়স হৈছে।পঁচাশী বছৰৰ কম নহ’ব। সংসাৰ পতাৰ বয়স পাৰ হৈ যোৱাৰ পাছতহে ছাৰে বিয়া কৰাইছিল হেনো!

আহমেদ ছাৰৰ পৰিবাৰ হঠাতে এদিন একো অসুখ  নোহোৱাকৈ এই পৃথিৱীৰ পৰা বিদায় ল’লে।

ৰুবীয়ে সহায়িকাৰ হাতত সকলো বুজাই বঢ়াই ছাৰৰ দায়িত্ব দি বিদেশলৈ গ’লগৈ।চাকৰিৰ কথা, নগ’লে নহ’ব যাবই লাগিব।

ৰুবী যোৱাৰ পাছত ছাৰে আৰু বেছি অকলশৰীয়া অনুভৱ কৰিবলৈ ল’লে।পৰিয়ালৰ দুই এজন কেতিয়াবা ছাৰৰ খবৰ ল’বলৈ আহে যদিও থকাকৈ কোনো নাহে। কাৰণ ছাৰে সকলো কথা ইতিমধ্যে পাহৰি গৈছে।কৰা কামকে বাৰেপতি কৰে।কেতিয়াবা ভাত খোৱাৰ পাছতো ভাত নিদিয়া বুলি কৈ সহায়িকাজনীক গালি-গালাজ কৰে।কেতিয়াবা আকৌ  ভাত নোখোৱাকৈ ভাত খোৱা বুলি ভাবি ভাতৰ থালখন মজিয়ালৈ দলিয়াই পেলায়। কেতিয়াবা শৌচ কৰি নিজ হাতেৰে মোহাৰি থাকে । কেতিয়াবা ঘৰত কাকো নোকোৱাকৈ ঘৰৰ পৰা আঁতৰি বহু  দূৰ পায়গৈ।বাটত চুবুৰীয়াই দেখিলে ধৰি আনি ঘৰত থৈ যায়হি।

মোটা অংকৰ দৰ্মহা দিয়াৰ পাছতো সহায়িকাগৰাকীয়ে ছাৰৰ লগত থাকিবলৈ আমনি পাই ৰুবীক ফোনযোগে মাতি পঠিয়ালে।ছাৰে কেতিয়াবা গাৰ কাপোৰ কানি খুলি নাঙঠ হৈ ঘৰত ঘূৰি ফুৰে।ছাৰৰ অদ্ভুত কামবোৰ দেখি তাই থাকিব খোজা নাছিল।

ৰুবীয়ে খবৰ পাই কেইদিনমানৰ পাছতেই অসম আহি পালেহি।

পুৱা শুই উঠি ৰুবীয়ে বিচনাত আবাজানক নেদেখি বাটলৈ ওলাই আহি দেউতাকক বিচাৰি থাকোঁতে উৰ্মিলাক লগ পালে।

লাহে লাহে ৰুবীয়ে আগবাঢ়ি গৈ দেখিলে তাইৰ মৰমৰ আবাজানে দোকান এখনৰ সন্মুখত মাটিতে শুই আছে।দেখি তাইৰ চকু পানী ওলাই আহিল।কেনেকুৱা মানুহ আছিল আৰু আজি কেনেকুৱা!

ইমান পৰিপাটি আৰু চাকচিককৈ থকা আবাজানৰ এই ৰূপ দেখি ৰুবীৰ অন্তৰাত্মাই কান্দি উঠিল।

ৰুবীয়ে হঠাতে সিদ্ধান্ত এটা লৈ পেলালে। তাই আৰু বিদেশলৈ উভতি নাযায়।

জ্যেষ্ঠ নাগৰিকসকলে কেনেকৈ ডিমেনছিয়া, হতাশগ্ৰস্ততা,আলজাইমাৰ আদিৰ ৰোগৰ পৰা  হাত সাৰি থাকিব পাৰে,তাৰ কাৰণে ৰুবীয়ে এটা ‘এন, জি , অ’ ‘ খুলিব।

আমাৰ দেশৰ নাগৰিকসকলৰ খুব কম সংখ্যক লোকহে স্বাস্থ্য সচেতন।ৰুবীয়ে এই এন , জি, অ’ৰ যোগেদি জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব পাৰি তাৰ বাবে ঠায়ে ঠায়ে কৰ্মশালা পাতিব  যাতে জীৱনৰ ভাটী বয়সত তেওঁলোকে সুন্দৰভাৱে কটাব পাৰে।

ৰুবীৰ মতে নিয়মিতৰূপে ধ্যান,যোগাসন, ব্যায়াম আদি কৰি এজন লোক বৃদ্ধ বয়সতো সুস্থ হৈ থাকি আনন্দৰে জীৱন কটাব পাৰে।কিতাপ পঢ়িও মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে।তাৰ বাবে বয়স বঢ়াৰ আগতেই সাৱধান হ’ব লাগিব।

*******

4 Comments

  • Rita Saikia

    ভাল লাগিল পঢ়ি। বৰ্তমান এই বিধ ৰোগে বহু লোকক আক্ৰান্ত কৰিছে।সমাজলৈ এটি বাৰ্তা বহন কৰিছে গল্পটোৰ মাজেৰে।

    Reply
  • Okay, downloading phwinapp now! Heard some good things about it. Will give it a go and see what all the fuss is about. Head over and download: phwinapp

    Reply
  • Got my eye on these Playtime Apps. Seems like an easy way to kill some time and maybe win a little something. Check out their app selection here: playtime apps

    Reply
  • Alguém conhece a VbetBR? Estou querendo saber se é confiável para apostar. Me indicaram esse site! Check VbetBR here: vbetbr

    Reply

Leave a Reply to Rita Saikia Cancel reply

Your email address will not be published. Required fields are marked *