নৱৰাত্ৰি আৰু মা দুৰ্গাৰ নৱৰূপ-বৰষা ডেকা

দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ।শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামেৰে জনা যায়। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে।সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত।এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়।পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়।আৰু পূৰ্ণিমাৰ দিনটো লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়।হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ। 

হিন্দু ধৰ্মত নৱ দুৰ্গা হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ।সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়।প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়। দেৱী দুৰ্গা বা পাৰ্বতীৰ এই নটা ভিন্ন ৰূপ হৈছে: 

১) শৈলপুত্ৰী:- শৈলপুত্ৰী হৈছে হিন্দু দেৱী দুৰ্গাৰে এক ৰূপ। শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী। তেওঁ হৈছে নৱদুৰ্গাৰ প্ৰথমগৰাকী আৰু নৱৰাত্ৰিৰ প্ৰথমদিনাই তেওঁৰ উপাসনা কৰা হয়। তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মৈনিকা বা মেনাৱতীৰ জীয়ৰী। শিৱ পুৰাণ আৰু কালিকা পুৰাণৰ মতে দেহৰ শ্যামবৰণৰ বাবে জন্মতে শৈলপুত্ৰীৰ নাম ৰখা হৈছিল কালী।তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়। তেওঁক প্ৰকৃতিৰ পৰম স্বৰূপ হিচাপে গণ্য কৰা হয়। দেৱী শৈলপুত্ৰীক দ্বিভূজা ৰূপত কপালত এক অৰ্ধচন্দ্ৰৰে সৈতে অংকন কৰা হয়। তেওঁ সোঁ‌হাতে ত্ৰিশূল আৰু বাওঁ‌হাতে এপাহ পদুম ফুল ধাৰণ কৰে। শৈলপুত্ৰীৰ বাহন হৈছে বৃষভ।​শৈলপুত্ৰী হৈছে আদি পৰাশক্তি যি হিমালয়ৰ ৰজা হিমৱানৰ ঘৰত জন্মলাভ কৰে। ‘শৈল’ অৰ্থাৎ পৰ্বত আৰু ‘পুত্ৰী’ অৰ্থাৎ জীয়ৰীয়ে তেওঁ পৰ্বতৰাজৰ কন্যা হোৱাৰ কথাকে সূচায়।

ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ শক্তিৰ বিমূৰ্ত ৰূপ শৈলপুত্ৰী পূৰ্বতে আছিল প্ৰজাপতি দক্ষৰ দুহিতা সতী।দক্ষৰ যজ্ঞত শিৱক অপমান কৰাত ক্ষুণ্ণ হৈ সতীয়ে দেহত্যাগ কৰে।পিছৰ জন্মত তেওঁ হিমালয়ৰ কন্যা পাৰ্বতীৰ ৰূপত জন্ম হয় আৰু শিৱৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।উপনিষদৰ মতে তেওঁ দেৱৰাজ ইন্দ্ৰ আদি দেৱতাৰ দৰ্পচূৰ্ণ কৰে।শিৱ মহা পুৰাণৰ মতে, চন্দ্ৰঘণ্টা হৈছে চন্দ্ৰশেখৰৰ ৰূপত ভগৱান শিৱৰ শক্তি। শিৱৰ প্ৰতিটো ৰূপ শক্তিৰ সৈতে জড়িত। সেয়েহে তেওঁলোক হৈছে অৰ্ধনাৰীশ্বৰ।

ইয়াতে লজ্জানত হৈ দেৱতাসকলে কয় যে তেওঁলোকে শক্তি বা শৈলপুত্ৰীৰ পৰাই শক্তি লাভ কৰে।শৈলপুত্ৰী হৈছে শৰীৰৰ মূলাধাৰ চক্ৰৰ দেৱী।জাগ্ৰত হোৱাৰ পিছত বৃষভত বহি তেওঁ উৰ্ধদিশেৰে যাত্ৰা কৰে। সেয়ে নৱৰাত্ৰিৰ আৰম্ভণিৰ দিনা যোগীসকলে নিজৰ ধ্যান মূলাধাৰ চক্ৰত নিৱদ্ধ ৰাখে।এয়া হৈছে তেওঁলোকৰ স্ব-নিয়মানুৱৰ্তিতাৰ আধাৰ।বিশ্বাস কৰা হয় যে সমস্ত জগতে পূৰ্ণ প্ৰকৃতিৰূপী শৈলপুত্ৰীৰ পৰাই শক্তি লাভ কৰে।

২) ব্ৰহ্মচাৰিণী:- ব্ৰহ্মচাৰিণী নামৰ অৰ্থ হৈছে এগৰাকী নিষ্ঠাৱান নাৰী শিষ্যা যি তেওঁৰ গুৰুৰ সৈতে আন শিক্ষাৰ্থীৰ লগত আশ্ৰমত বাস কৰে। ই দেৱী দুৰ্গাৰ (পাৰ্বতী) দ্বিতীয় ৰূপ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা (নৱদুৰ্গাৰ প্ৰতি উৎসৰ্গিত নটা নিশা) দেৱীক পূজা কৰা হয়।ব্ৰহ্মচাৰিণী দেৱীয়ে শুকুলা বস্ত্ৰ পৰিধাণ কৰে।তেওঁ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু ধাৰণ ধৰে।

ব্ৰহ্মা ইয়াৰ অৰ্থ হৈছে “এক আত্ম-অস্তিত্ববান আত্মা, পৰম বাস্তৱতা, সাৰ্বজনীন আত্মা, ব্যক্তিগত ঈশ্বৰ, পবিত্ৰ জ্ঞান।” চাৰিণী হৈছে এজন চাৰ্য আৰু এই শব্দৰ স্ত্ৰী সংস্কৰণ, যাৰ অৰ্থ হৈছে “জীৱিকা, আকৰ্ষণীয় প্ৰক্ৰিয়া, আচৰণ, অনুসৰণ কৰা, ভিতৰলৈ যোৱা, পিছে পিছে যোৱা।” 

বৈদিক গ্ৰন্থত ব্ৰহ্মচাৰিণী শব্দটোৰ অৰ্থ হৈছে এগৰাকী মহিলা যি পবিত্ৰ ধৰ্মীয় জ্ঞান অনুসৰণ কৰে। 

দেৱীৰ কাহিনীৰ বিভিন্ন সংস্কৰণ অনুসৰি, প্ৰথমে পাৰ্বতীয়ে শিৱক বিয়া কৰাবলৈ সংকল্প লয়।এই কথা পাৰ্বতীৰ মাক-দেউতাকে গম পাই আৰু তেওঁক নিৰুৎসাহিত কৰি এই বিবাহ কাৰ্যত বাধা আৰোপ কৰে, কিন্তু দেৱীয়ে যি বিচাৰে তাকেই অনুসৰণ কৰে সেয়ে তেওঁ প্ৰায় ৫০০০ বছৰ ধৰি তপস্যাত বহে। ইয়াৰ মাজতে ঈশ্বৰে কামদেৱৰ কাষ চাপি দেৱী পাৰ্বতীৰ প্ৰতি শিৱৰ মনত আকাংক্ষা, কামোদ্দীপক প্ৰেম, আকৰ্ষণ সৃষ্টি কৰিবলৈ কৈছিল। সমগ্ৰ দেৱগণে এই পৰিকল্পনা কৰিছিল তাৰকাসুৰ নামৰ এজন অসুৰক বধ কৰাৰ উদ্দেশ্যে, কিয়নো তাৰকাসুৰে বৰ লাভ কৰিছিল যে তেওঁক কেৱল শিৱৰ সন্তানে হে হত্যা কৰিব পাৰিব।কামদেৱ শিৱৰ ওচৰ চাপে আৰু তপস্যাত লিপ্ত শিৱলৈ ইচ্ছাবান নিক্ষেপ কৰে।এই কাৰ্যত ক্ৰোধান্বিত হৈ শিৱই তেওঁৰ কঁপালৰ তৃতীয় চকু মেলি কামদেৱক পুৰি ছাই কৰি পেলায়।পাৰ্বতীয়ে শিৱৰ ওপৰত জয় লাভ কৰাৰ আশা বা সংকল্প পূৰণৰ বাবে তেওঁ শিৱৰ দৰে পৰ্বতত বাস কৰিবলৈ আৰম্ভ কৰে, শিৱৰ দৰে একে কাৰ্যকলাপত লিপ্ত হয়, যি হৈছে তপস্যা, যোগীন আৰু তপসৰ এটা স্বৰূপ – পাৰ্বতীৰ এই স্বৰূপটোক দেৱী ব্ৰহ্মচাৰিণী বুলি গণ্য কৰা হয়। তেওঁৰ তপস্বী অনুসৰণে শিৱৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তেওঁৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰে। শিৱই দেৱীৰ ওচৰত ছদ্মবেশৰে উপস্থিত হৈ তেওঁক নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰে, ছদ্মবেশত শিৱই নিজৰ দুৰ্বলতা আৰু ব্যক্তিত্বৰ সমস্যাবোৰ দেৱীৰ ওচৰত ব্যক্ত কৰে। পাৰ্বতীয়ে এই কথা শুনিবলৈ অস্বীকাৰ কৰে আৰু নিজৰ সংকল্পত অটল থাকে।এই সময়ছোৱাতে প্ৰচণ্ডসুৰ নামৰ এটা অসুৰে তেওঁৰ অযুত সংখ্যক অসুৰ সেনাক লগত লৈ পাৰ্বতীক আক্ৰমণ কৰে। সেইসময়ত পাৰ্বতী আছিল তেওঁ তপস্যাৰ অন্তিম ক্ষণত।সেয়েহে, তেওঁ এই তপস্যা ভংগ হ’বলৈ দিব নোৱাৰে, কিন্তু ৰাক্ষসটোৱে দেৱীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত পাৰ্বতীক সহায়ৰ বাবে দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতী উক্ত স্থানত উপস্থিত হৈ অসুৰৰ সৈতে যুঁজ দিয়ে কিন্তু অসুৰৰ সংখ্যা অসংখ্য হোৱা বাবে দুয়োগৰাকী দেৱী বিফল হয়।সেই সময়তে দেৱী পাৰ্বতীৰ কমণ্ডলু মাটিত পৰি যায় আৰু ইয়াৰ পানীয়ে সেই অসুৰবোৰৰ বিনাশ সাধে। অৱশেষত প্ৰচণ্ডসুৰক বধৰ বাবে অত্যন্ত ক্ৰোধত দেৱীয়ে তেওঁৰ চকু মেলে আৰু ক্ৰোধৰ অগ্নিত প্ৰচণ্ডসুৰ জ্বলি ছাই হৈ যায়।দেৱী পাৰ্বতীৰ এই তপস্যাৰ দ্বাৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড প্ৰভাৱিত হয়।শিৱই অৱশেষত দেৱীক গ্ৰহণ কৰে আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হয়।দেৱী ব্ৰহ্মচাৰিণীৰ অৱস্থান স্বধিষ্ঠান চক্ৰত।ব্ৰহ্মচাৰিণীয়ে কৌমাৰ্য আৰু তেওঁৰ অংগবস্ত্ৰৰ বগা ৰঙে বিশুদ্ধতাক সূচায়।

৩) চন্দ্ৰঘণ্টা:- চন্দ্ৰঘণ্টা হৈছে দেৱী পাৰ্বতীৰ (দুৰ্গা) তৃতীয় ৰূপ।চন্দ্ৰঘণ্টাৰ অৰ্থ হৈছে “যাৰ অৰ্ধ চন্দ্রাকৃতিৰ ঘণ্টা আছে।” দেৱীৰ তৃতীয় নয়ন সদায় মুক্ত অৱস্থাত থাকে আৰু তেওঁ সদায় ৰাক্ষসৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু থাকে।তেওঁক চন্দ্ৰখণ্ড, চণ্ডিকা বা ৰণচণ্ডী বুলিও জনা যায়।তেওঁৰ উপাসনা নৱৰাত্ৰিৰ তৃতীয় দিনা অনুষ্ঠিত হয়।তেওঁ ভক্তসকলক নিজৰ অনুগ্ৰহ, সাহসেৰে পুৰস্কৃত কৰে বুলি বিশ্বাস কৰা হয়।তেওঁ অনুগ্ৰহ লাভৰ দ্বাৰা ভক্তসকলৰ সকলো পাপ, দুখ, শাৰীৰিক কষ্ট, মানসিক ক্লেশ আৰু ভৌতিক বাধাসমূহ নিৰ্মূল হয়।ই দেৱীৰ বিবাহিত ৰূপটোকো প্ৰতিনিধিত্ব কৰে।

শিৱ মহা পুৰাণৰ মতে, চন্দ্ৰঘণ্টা হৈছে চন্দ্ৰশেখৰৰ ৰূপত ভগৱান শিৱৰ শক্তি। শিৱৰ প্ৰতিটো ৰূপ শক্তিৰ সৈতে জড়িত। সেয়েহে তেওঁলোক হৈছে অৰ্ধনাৰীশ্বৰ।চন্দ্ৰঘণ্টাক দশভূজা ৰূপত চিত্ৰায়িত কৰা হয়।তেওঁ হাতত ত্ৰিশূল, গদা, ধনু-কাঁ‌ড়, খড়্গ (তৰোৱাল),পদুম ফুল, ঘণ্টা আৰু কমণ্ডলু ধাৰণ কৰে।তেওঁৰ এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গী বা অভয়মুদ্ৰাত থাকে।তেওঁ বাঘ বা সিংহৰ ওপৰত আৰোহণ কৰে।তেওঁৰ বাহনে সাহসিকতাক প্ৰতিনিধিত্ব কৰে।তেওঁ কপালত ঘণ্টাৰ ৰূপত অৰ্ধচন্দ্ৰ পৰিধান কৰে আৰু তেওঁ ত্ৰিনেত্ৰ ধাৰণ কৰে।

দুৰ্গাৰ এই ৰূপটো আগৰ ৰূপবোৰতকৈ সম্পূৰ্ণ ভিন্ন নহয়।দেৱীৰ এই ৰূপটোৱে সূচায় যে প্ৰৰোচিত কৰিলে তেওঁ উন্মত্ত বা অশুভ হৈ উঠিব পাৰে।তেওঁৰ অশুভ ৰূপটোক চণ্ডী বা চামুণ্ডা দেৱী বুলি কোৱা হয়। অন্য সময়ত তেওঁ শান্তিৰ প্ৰতিমূৰ্তি।চন্দ্ৰঘণ্টাক আদৰ আৰু উপাসনা কৰা ভক্তসকলে সহজে জীৱনত সফলতা অৰ্জন কৰে বুলি বিশ্বাস কৰা হয়।চন্দ্ৰঘণ্টা দুষ্টক নাশ কৰিবলৈ সদায়েই সাজু, কিন্তু তেওঁৰ ভক্তসকলৰ বাবে তেওঁ এগৰাকী দয়ালু আৰু সহানুভূতিশীল মাতৃ যি শান্তি আৰু সমৃদ্ধি বৰ্ষণ কৰে।ৰাক্ষসৰ সৈতে হোৱা যুদ্ধৰ সময়ত দেৱীৰ ঘণ্টাৰ পৰা উৎপন্ন হোৱা ভয়ংকৰ শব্দই হাজাৰ হাজাৰ দুষ্ট ৰাক্ষসক মৃত্যুলোকলৈ প্ৰেৰণ কৰিছিল। তেওঁ কেতিয়াবা যুদ্ধংদেহি ৰূপত ভক্তসকলৰ শত্ৰুক নাশ কৰিবলৈ উদ্যত হৈ থাকে যাতে তেওঁলোকে শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকিব পাৰে।তেওঁৰ অনুগ্ৰহত ভক্তই দৈৱদৃষ্টি লাভ কৰে।যদি এজন ভক্তই দৈৱিক সুগন্ধি লাভ কৰে আৰু বিভিন্ন ধ্বনি শুনিবলৈ পায় তেন্তে তেওঁক দেৱী মাতৃয়ে আশীৰ্বাদ কৰে বুলি কোৱা হয়।

৪) কুষ্মাণ্ডা:- কুষ্মাণ্ডা হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ মিচিকিয়া হাঁ‌হিৰপৰাই জগতৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়।কালীকুল প্ৰথাৰ অনুগামীসকলে তেওঁক দুৰ্গাৰ চতুৰ্থ ৰূপ হিচাপে গণ্য কৰে। ‘কু’, ‘উষ্ম’ আৰু ‘অণ্ড’ – এই তিনিটা শব্দৰে তেওঁৰ নামটো গঠিত হৈছে যাৰ অৰ্থ হ’ল যথাক্ৰমে সামান্য উষ্ম অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড।নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত কুষ্মাণ্ডাৰ আৰাধনা কৰা হয়।তেওঁ স্বাস্থ্য, সম্পত্তি আৰু শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস আছে। আঠখন হাত থকাৰ বাবে দেৱী কুষ্মাণ্ডা অষ্টভূজা দেৱী বুলিও আখ্যা দিয়া হয়।তেওঁৰ জপমালাত সকলো সিদ্ধি আৰু নিধি প্ৰদানৰ শক্তি আছে বুলি কোৱা হয়।​অষ্টভূজা কুষ্মাণ্ডাৰ হাতত যথাক্ৰমে ত্ৰিশূল, চক্ৰ, তৰোৱাল, শূল, গদা, ধনু-কাঁ‌ড় অমৃত আৰু তেজৰ দুটা কলহ থাকে।তেওঁৰ এখন হাত অভয় মুদ্ৰাত থকা দেখা যায় আৰু তেওঁৰ বাহন হৈছে বাঘ।

আখ্যানমতে যেতিয়া বিশ্বব্ৰহ্মাণ্ড আন্ধাৰেৰে আৱৰা এক মহাশূন্য আছিল তেতিয়াই এক জ্যোতিৰ কিৰণ কেউদিশে বিয়পি পৰিছিল।আদিতে এই জ্যোতি আছিল নিৰাকাৰ।লাহে লাহে ই এক দিব্য নাৰীৰ ৰূপ লয়।তেওঁকে দেৱী কুষ্মাণ্ডা ৰূপে জনা যায়।তেওঁৰ মিচিকিয়া হাঁ‌হিৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়।গ্ৰহ-নক্ষত্ৰ আৰু তাৰকাৰাজ্যৰো এনেদৰেই উৎপত্তি হয়। জগতত জীৱন বৰ্তাই ৰাখিবলৈ তেওঁ নিজেই সূৰ্যৰ মধ্যবিন্দুত অৱস্থান কৰে আৰু এনেদৰেই জগতক শক্তি আৰু পোহৰৰ যোগান ধৰে।সেয়ে দেৱী কুষ্মাণ্ডাক সূৰ্যদেৱতাৰ শক্তিৰ উৎস বুলি কোৱা হয়। সূৰ্য তেওঁৰ অবিহনে নিস্তেজ আৰু শক্তিহীন বুলি বিশ্বাস কৰা হয়।

অন্য এক আখ্যানৰ মতে, পৰম শক্তিৰ দেৱীৰূপ আদি পৰাশক্তি শিৱৰ দেহৰ বাওঁ‌ অংশৰ পৰা সিদ্ধিদাত্ৰী ৰূপে নিৰ্গত হয়।ইয়াৰ পিছতেই দেৱীয়ে সূৰ্যৰ অভ্যন্তৰত অৱস্থান কৰে আৰু কুষ্মাণ্ডা দেৱী নামেৰে পৰিচিত হয়।

৫) স্কন্দমাতা:- স্কন্দমাতা হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ।তেওঁৰ নামটো ‘স্কন্দ’ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ।নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। 

স্কন্দমাতাৰ হাত চাৰিখন, তিনিচকুৰ গৰাকী দেৱীৰ বাহন সিংহ।তেওঁৰ এখন হাত অভয়মুদ্ৰা ভংগিমাৰে দেখুওৱা হয় আৰু আন এখন হাত নৱজাত পুত্ৰ স্কন্দক কোলাত ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰে। দেৱীৰ বাকী দুখন হাতত সাধাৰণতে পদুমফুল থাকে। দেৱীৰ দেহ পাতল বৰণৰ। দেৱীক প্ৰায়ে পদুমৰ ওপৰত বহি থকা দেখুওৱা হয় বাবে তেওঁক কেতিয়াবা পদ্মাসনী বুলিও কোৱা হয়।

ভক্ত সকলে বিশ্বাস কৰে যে তেওঁ ভক্তসকলক বিপদৰ পৰা পৰিত্ৰাণ কৰে, শক্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য প্ৰদান কৰে।দেৱীয়ে নিৰক্ষৰ লোকক জ্ঞান প্ৰদান কৰিব পাৰে।নিস্বাৰ্থভাৱে দেৱীৰ প্ৰতি সমৰ্পিত ভক্তই তেওঁৰ জীৱনত সকলো সফলতা আৰু ভাণ্ডাৰ প্ৰাপ্ত কৰে।দেৱীক উপাসনা কৰোঁতে, ভক্তৰ নিজ ইন্দ্ৰিয় আৰু মনৰ ওপৰত পৰম নিয়ন্ত্ৰণ থাকিব লাগে। তেওঁৰ উপাসনা দ্বি আশীৰ্বাদ যুক্ত।যেতিয়া ভক্তই দেৱীক উপাসনা কৰে, দেৱীৰ কোলাত থকা পুত্ৰ স্কন্দ স্বয়ংক্ৰিয়ভাৱে পূজিত হয়।

৬) কাত্যায়নী:- কাত্যায়নী হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ।তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ।কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায়।দেৱী কাত্যায়নীক চতুৰ্ভূজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্ৰায়িত কৰা হয়। কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ অৰ্থে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল।

শক্তি পন্থাৰ মতে, কাত্যায়নী শক্তি বা দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্ৰকালী আৰু চণ্ডিকাৰ সৈতে জড়িত।খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত পতঞ্জলীয়ে ৰচনা কৰা মহাভাষ্যত ৰঙা ৰঙৰ সৈতে কাত্যায়নীৰ সম্পৰ্কৰ কথা উল্লেখ আছে।

যৰ্জুবেদত কাত্যায়নীৰ পোন প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়।স্কন্দ পুৰাণৰ মতে দেৱতাসকলৰ অবিৰত কোপৰ পৰা তেওঁৰ জন্ম হয় আৰু পৰৱৰ্ত্তী কালত সিংহৰ পিঠিত উঠি মহিষাসুৰ বধৰ পৰ্যায় পায়গৈ।ইয়াকে দুৰ্গা পূজা হিচাপে সমগ্ৰ ভাৰততে উদযাপন কৰা হয়।

দেৱী ভাগৱত পুৰাণ আৰু ৪০০-৫০০ চনত মাৰ্কণ্ডেয় মুনিয়ে ৰচনা কৰা মাৰ্কণ্ডেয় পুৰাণৰ অংশ দেৱী মাহাত্ম্যমত তেওঁৰ আখ্যানসমূহ বৰ্ণনা কৰা হৈছে।বৌদ্ধ, জৈন আৰু তান্ত্ৰিক পুথিসমূহতো কাত্যায়নীৰ বৰ্ণনা পোৱা যায়। দশম শতিকাৰ কালিকা পুৰাণৰ মতে উড়িয়ানা বা উদ্ৰদেশত (উড়িষ্যা) দেৱী কাত্যায়নী আৰু জগন্নাথৰ বসতি।

​বামন পুৰাণৰ মতে মহিষাসুৰৰ প্ৰতি দেৱতাসকলৰ ক্ৰোধৰ ফলত তেওঁলোকৰ শক্তিয়ে সন্মিলিত জ্যোতিকণাৰ ৰূপ লয়।এই জ্যোতিকণাসমূহ কাত্যায়ন ঋষিৰ আশ্ৰমত পুঞ্জীভূত হোৱাত ঋষিয়ে ইয়াক প্ৰকৃত ৰূপ প্ৰদান কৰে।সেয়ে কাত্যায়নীক কাত্যায়ন ঋষিৰ নামেৰেই তেওঁৰ জীয়ৰী হিচাপে জনা যায়।কালিকা পুৰাণত থকা বৰ্ণনা অনুসৰি ঋষি কাত্যায়নে তেওঁক সৰ্বপ্ৰথমে উপাসনা কৰাৰ বাবে তেওঁ কাত্যায়নী নাম পায়।দুয়ো ক্ষেত্ৰতে তেওঁক দুৰ্গাৰ ৰূপ হিচাপে নৱৰাত্ৰিৰ ষষ্ঠ দিনা উপাসনা কৰা হয়।

আখ্যান অনুসৰি কলহাসুৰৰ সংগী ৰক্তবীজ নামৰ এক অসুৰৰ এনে এক শক্তি আছিল যাৰ ফলত তেওঁৰ শৰীৰৰ পৰা নিৰ্গত প্ৰতিটোপাল তেজ মাটিত পৰাৰ লগে লগে একোটা অসুৰৰ জন্ম হয়।সেয়ে ভৈৰৱৰ বাবে ৰক্তবীজক বধ কৰাটো অসম্ভৱ হৈ পৰে।কাত্যায়নীয়ে ৰক্তবীজৰ এটোপালো তেজ মাটিত পৰিবলৈ নিদিয়াকৈ পান কৰে।তেওঁ আনকি ভৈৰৱৰ সৈন্যবাহিনীক পুনৰ্জীৱন দিবৰ বাবে এক অমৃত কুণ্ডৰো সৃষ্টি কৰে।

তন্ত্ৰৰ মতে কাত্যায়নী শিৱৰ ছখন মুখৰ এখনৰ (উত্তৰমুখী) যোগেদি আত্মপ্ৰকাশ কৰে।ইয়াত তেওঁৰ মুখমণ্ডল নীলৰঙী আৰু ত্ৰিনয়নযুক্ত।এই মুখেৰে তেওঁ দক্ষিণকালিকা, মহাকালী, শ্মশানকালী, উগ্ৰতাৰা, চিন্নমস্তা, ধূমাৱতী আদি দেৱীসকলৰ ধৰ্মীয় আচাৰ আৰু মন্ত্ৰকো প্ৰকাশ কৰে।

৭) কালৰাত্ৰি:- কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ।দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়।তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়।

মহাভাৰতত উল্লেখ থকা মতে খ্ৰীষ্টপূৰ্ব ৩১৩৭-৩০৬৭-ৰ সময়ছোৱাত ৰচিত হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ সৌপ্তিকা পৰ্বত দেৱী কালৰাত্ৰিৰ উল্লেখ পোৱা যায়।এই আখ্যানমতে পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধত দ্ৰোণাচাৰ্যক ছল কৰি বধ কৰা হয়।তেওঁৰ পুত্ৰ অশ্বত্থামাই ইয়াৰ পোতক তুলিবৰ বাবে যুদ্ধৰ নীতি ভংগ কৰি কুৰু শিবিৰত নিদ্ৰিত হৈ থকা বিজয়ী পাণ্ডৱসকল বুলি ভুল কৰি তেওঁলোকৰ পুত্ৰ পাঁ‌চোজনৰ শিৰচ্ছেদ কৰে।এই হত্যাকাণ্ডৰ ঠাইতে এডোখৰ ৰক্তবৰ্ণৰ বস্ত্ৰ পৰিধান কৰি ৰঙা পৰা চকুৰে খড়্গহস্ত বিকট ৰূপত কালৰাত্ৰিৰ আৱিৰ্ভাৱ হয়।কালৰাত্ৰিৰ এই বৰ্ণনাই যুদ্ধৰ  বিভীষিকাময় নগ্ন স্বৰূপটোকে মূৰ্তমান ৰূপত প্ৰতিফলিত কৰে বুলি কোৱা হয়।

মাৰ্কণ্ডেয় পুৰাণৰ মতে দুৰ্গা সপ্তসতীৰ প্ৰথম অধ্যায়ৰ ৭৫ সংখ্যক শ্লোকত সকলো পুৰাণতে বৰ্ণিত কালৰাত্ৰিৰ সংহাৰী ৰূপৰ উল্লেখ পোৱা যায়।

স্কন্দ পুৰাণৰ আখ্যান অনুসৰি মহাদেৱে পাৰ্বতীক দুৰ্গমাসুৰক বধ কৰি দেৱতাসকলক পৰিত্ৰাণ দিবলৈ অনুৰোধ কৰে।এই কথাত সন্মতি জনাই পাৰ্বতীয়ে এই কাৰ্যৰ বাবে কালৰাত্ৰিক প্ৰেৰণ কৰে। 

ভাগৱত পুৰাণৰ মতে, দেৱী পাৰ্বতীৰ দেহৰপৰা দেৱী অম্বিকা (কৌশিকি বা চণ্ডিকা) নিৰ্গত হোৱাৰ পিছত পাৰ্বতীৰ দেহ ক’লা মেঘৰ দৰে কৃষ্ণবৰ্ণ হৈ পৰে। সেয়ে পাৰ্বতীয়ে কালিকা আৰু কালৰাত্ৰি নাম পায়। তেওঁক দ্বিভূজা ৰূপত এখন হাতেৰে খড়্গ আৰু আনহাতে লাওখোলাৰ পাত্ৰ ধাৰণ কৰা অৱস্থাত বৰ্ণনা কৰা হয়। 

বৰাহ পুৰাণৰ মতে, বৰাহ পুৰাণত দেৱী কালৰাত্ৰিক বুজাবলৈ ৰৌদ্ৰী নামটো ব্যৱহাৰ কৰা হৈছে। ৯০-৯৬ সংখ্যক অধ্যায়ত ৰৌদ্ৰী অৰ্থাৎ কালৰাত্ৰিয়ে ৰূৰু নামৰ অসুৰ বধ কৰাৰ বৰ্ণনা পোৱা যায়।

৮) মহাগৌৰী:- মহাগৌৰী হৈছে পাৰ্বতীৰ অষ্টম অৱতাৰ আৰু নৱদুৰ্গাসকলৰ অন্যতম।নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ পূজা কৰা হয়।হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে।যিজনে দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায়।মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয়।দেৱীৰ এখন সোঁহাত অভয় মুদ্ৰাত থাকে আৰু আনখনত তেওঁ ত্ৰিশূল ধাৰণ কৰে।তেওঁৰ এখন বাওঁহাতত এটা ডম্বৰু থাকে আৰু আনখন বৰদা মুদ্ৰাত থাকে।

মহাগৌৰী নামৰ অৰ্থ হৈছে অত্যন্ত উজ্জ্বল, পৰিষ্কাৰ বৰণৰ বা চন্দ্ৰৰ দৰে উজ্জ্বল (মহা = মহান; গৌৰী = উজ্জ্বল, পৰিষ্কাৰ)।মহাগৌৰীক সাধাৰণতে চতুৰ্ভূজ ৰূপত চিত্ৰায়িত কৰা হয়।তেওঁ চাৰিও হাতত ত্ৰিশূল, পদুম ফুল আৰু ডম্বৰু ধাৰণ কৰে।এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গীত থাকে।পদুম ফুলৰ সলনি কেতিয়াবা জপমালাও ধাৰণ কৰা দেখা যায়। ইয়াৰ সলনি কোনো সময়ত তেওঁক অভয় মুদ্ৰাতো দেখা যায়।তেওঁ শুকুলা বৃষভৰ পিঠিত আৰোহণ কৰে।তেওঁ সাধাৰণতে শুকুলা বস্ত্ৰ পৰিধান কৰে। 

৯) সিদ্ধিদাত্ৰী:- হিন্দু মাতৃ দেৱী মহাদেৱীৰ নৱদুৰ্গাৰ মাজত সিদ্ধিধাত্ৰী বা সিদ্ধিদাত্ৰী নৱম আৰু চূড়ান্ত। সিদ্ধি মানে অতিপ্ৰাকৃতিক শক্তি বা ধ্যান ক্ষমতাসম্পন্ন ক্ষমতা, আৰু ধ্ৰায়ক মানে দানকাৰী বা দান কৰা। 

নৱৰাত্ৰি (নৱদুৰ্গাৰ ৯টা নিশা)ৰ নৱম দিনা সিদ্ধিদাত্ৰীক পূজা কৰা হয়; তেওঁ সকলো ঐশ্বৰিক আকাংক্ষা পূৰণ কৰে।শিৱৰ মৃতদেহৰ এটা ফাল সিদ্ধিদাত্ৰীৰ বুলি বিশ্বাস কৰা হয়। সেয়ে তেওঁক অৰ্ধনাৰীশ্বৰ নামেৰেও জনা যায়। 

বৈদিক শাস্ত্ৰ অনুসৰি শিৱই এই দেৱীক পূজা কৰি সকলো সিদ্ধি লাভ কৰিছিল।দেৱীক চাৰিখন হাতত চক্ৰ (আলোচনা), শংক (কঞ্চ শ্বেল), মেচ, আৰু লোটাছ ধৰি চিত্ৰিত কৰা হৈছে।তেওঁ হয় সম্পূৰ্ণ ফুলি থকা পদ্ম বা তাইৰ মাউণ্ট হিচাপে সিংহৰ ওপৰত বহি থাকে।কিছুমান চিত্ৰকল্পৰ চিত্ৰণত তেওঁৰ মাজত গন্ধৰ্ব, যাক্ষ, সিদ্ধ, অসুৰ আৰু দেৱীক প্ৰণাম জনোৱা বুলি চিত্ৰিত কৰা হৈছে।

ন দিনীয়া এই নৱৰাত্ৰিৰ উৎসৱ মা দুৰ্গাৰ প্ৰতি উৎসৰ্গিত।নৱৰাত্ৰিত ন দিন ব্ৰত পালন কৰি দেৱীৰ নটা ৰূপক পূজা কৰি মাতৃ দুৰ্গাই সন্তুষ্ট হৈ সাধকক আশীৰ্বাদ প্ৰদান কৰে।নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰে।এয়াই হ’ল শক্তিৰ অধিষ্ঠাত্ৰী, দুৰ্গতিনাশিনী দেৱীদুৰ্গাৰ নৱৰাত্ৰিত উপাসিত নৱৰূপ।

*******

One comment

  • গীতা মণি দত্ত ।

    পঢ়ি নজনা কথা জানিব পাৰি ভাল লাগিল ।

    Reply

Leave a Reply to গীতা মণি দত্ত । Cancel reply

Your email address will not be published. Required fields are marked *