পাঁচ দুগুনে সাত (৫×২=৭)-সংগীতা পাচনি

তৰুলতাই ৰাতিপুৱা ছয় বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে টোপনিৰ পৰা সাৰ পালে।অলপ সময় বিছনাতে পৰি থাকিল। ঈশ্বৰক চিন্তা কৰি দিনটোৰ কাৰ্যক্ৰমণিকা বোৰ মনতে এবাৰ ফঁহিয়াই ল’লে।আজি সহায়কাৰী মালতী নাহে, নাতিনীয়েকৰ নোৱাই তুলনি বিয়া। কথাষাৰ মনত পৰাৰ লগে লগে তৰুলতাই ততাতৈয়াকৈ বিছনা ত্যাগ কৰি পোনতেই বাহি ঘৰটো সাৰি ললে।বাঢ়নী টাৰেৰে বাহি চোতালত পৰি থকা পাতবোৰ সাৰিও ল’লে। একেবাৰে গাটো ধুই পেলালে।আজি মালতীবাই নাহে যেতিয়া গোটেই ঘৰৰ কামবোৰ অকলে কৰিব লাগিব বুলি ভাবি এপাকত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ফোন কৰি অলপ দেৰি হ’ব পাৰে বুলিও অৱগত কৰিলে।

তৰলতাই ২নং বকুলগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে,আজি প্ৰায় ২৩ বছৰে বিদ্যালয়খনত নিষ্ঠাৰে শিক্ষাদান কৰি আছে,তৰুলতাৰ স্বামী সদানন্দ স্থানীয় কলেজখনৰ গ্ৰন্থাগাৰিক, আৰু তেওঁলোকৰ একমাত্ৰ সন্তান কাজলৰ বিশ বছৰ হৈছে।সি স্থানীয় কলেজখনৰ প্ৰথম ষান্মাভিকৰ ছাত্ৰ, অৰ্থনীতি বিষয়ত অনাৰ্ছসহ স্নাতক পঢ়িছে।পঢ়াত বৰ বিশেষ বেয়া নহয় যদিও অতিপাত চোকাও নহয়,এই লৈ তৰুলতাহঁতৰ মনত দুখ নাই, মাত্ৰ কাজল স্বভাৱতে অলপ ভোদা, আৰু অজলা প্ৰকৃতিৰ,হোজা।সতকাই মানুহে ঠগি থৈ যায়।

তৰুলতা আৰু সদানন্দয়ে চাকৰি কৰা ঠাইতে ঋন লৈ দুকঠা মাটিত ঘৰটো যেনে তেনে সাজিলে।বাকী খালী হৈ থকা মাটিত বতৰ উপযোগী দুই চাৰিটা শাক-পাচলি খাবৰ জোখাৰে কৰি লৈছে।অমিতা এজোপা, জলকীয়া বেঙেনা দুজোপামান, ফলমূল দুই চাৰি জোপামান।তৰুলতাই ঢৌতে খঁৰটো মাৰি হাঁহ, কুকুৰা কেইটা মেলি দিলে গঁড়ালৰপৰা। দুজনী হাঁহে দুটা কনী পাৰিছে।দেখি সন্তুষ্ট হ’ল তৰুলতা। যোৱা তিনি চাৰি দিনৰ কণীও জমা হৈ আছে আলিবলিকৈ খাব পৰাকে।গিৰিহঁত সদানন্দই বৰকৈ কণী আৰু মাংস নাখায়। মাছকণ হ’লে তৃপ্তিৰে ভাতকেইটা খায়। বজাৰত পাক এটা মাৰি মাছ অকণ অনাটো তেখেতৰ পুৰণি অভ্যাস।কাজলে আকৌ শাক-পাচলি খাই বৰ এটা ভাল নাপায়।কথাবোৰ ভাবি ভাবি যিমান পাৰে খৰখেদাকৈ তৰুলতাই ৰাতিপুৱাৰ ভাগৰ কামবোৰ নিয়াৰিকৈ কৰি যাবলৈ ধৰিলে। কাইলৈ পৰহি মানে মালতী আহিলে তাইকো চাৰিটামান হাঁহ কুকুৰাৰ কণী নাতিয়েকহঁতলৈ দি পঠাম বুলি মনতে ভাবি থ’লে। প্ৰায় সকলোবোৰ কাম সময়মতে হৈ উঠিল তৰুলতাৰ। তিনিওজন পুৱাৰ আহাৰ কৰিবলৈ বুলি টেবুলত বহিল। পুতেক কাজলে খাবলৈ কণী আৰু আৰু পিটিকা অকণ কৰি কাঁহীৰ কাষতে সজাই দিলে।কাজলেও বৰ এটা হেহু নেহু নকৰি পাচলি ভাজিখিনি অলপ অচৰপ খাই বাকী ভাতকেইটা ভালকৈ খাই মাক দেউতাক দুয়োজনকে মাত লগাই তাৰ হিৰ’ ৰেঞ্জাৰ চাইকেলখন লৈ কলেজলৈ বুলি ওলাই গ’ল। সদানন্দইও যথা সময়ত কলেজলৈ ওলাই গ’ল,খৰখেদাকৈ তৰুলতাই বাচন বোৰ ধুই অঁতাই তাইও নিজৰ  কৰ্মস্থলীলৈ বুলি ওলাই আহিল।

তৰুলতাৰ ঘৰৰপৰা বিদ্যালয়লৈ দূৰত্ব প্ৰায় আঠ কিলোমিটাৰ, অহা-যোৱা মিলি ষোল্ল কিলোমিটাৰ। প্ৰায় অট’ৰিক্সাতে তৰুলতাই অহা-যোৱা কৰে। কেতিয়াবা স্কুটিৰে সদানন্দই তাইক বিদ্যালয়ত অৱশ্যে নমাই থৈ যায় কিন্তু কাৎচিত হে হয় এনে।কাজলে বাৰু এতিয়াও ল’ৰা  হৈ থকাৰ বাবে এইবোৰ নচলায়।তৰুলতাই ভাবি আচৰিত হয় যে তাৰ বয়সৰ আন ল’ৰাৰ দৰে তাৰ এইবোৰত বৰ এটা ৰাপ নাই। অট’ৰিক্সাখনত মানুহ অলপ হোৱালৈ বাট চাই চাই কথাবোৰ তৰুলতাৰ মনলৈ আহি থাকিল।পুৱাৰেপৰা এতিয়া হে যেন তাই অলপ বহিবলৈ সময় পাইছে।

নিৰ্দিষ্ট সময়ত তাইৰ বিদ্যালয়ৰ সন্মুখত অট’খন  ৰ’ল, আৰু তাইও ভাড়াটো দি বিদ্যালয় অভিমুখে ৰাওনা হ’ল। ইতিমধ্যে পুৱাৰ প্ৰাত: সভাৰ সময় হৈছিল। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰেনে বেল বজাই দিলত সকলোবোৰ ল’ৰা ছোৱালী একগোট হৈ শাৰী পাতি যথাস্থানত থিয় দিলে। পঞ্চম শ্ৰেণীত পঢ়ি থকা পংকজ,কল্লোল,বিপাক্ষ্য,তনমন, দিয়া,কাশ্যপিহঁতে প্ৰাৰ্থনাৰ আঁত ধৰি আগুৱাই নিলে।তৰুলতাইও বেগটো শিক্ষক কমনৰূমত থৈ সহকৰ্মী টেট শিক্ষক হিচাপে যোগদান কৰা দ্বীপেন ৰয়ৰ ওচৰত থিয় দিলে। ছয়জন শিক্ষক-শিক্ষয়িত্ৰীৰে ভৰা বিদ্যালয়ৰ সকলোৱে এপাক তৰুলতালৈ ঘূৰি চাই হাঁহি মুখে অভিবাদন জনালে।তৰুলতাই বুজি উঠিল,তাই প্ৰধান শিক্ষকলৈ ফোন কৰা কথাটো ইতিমধ্যে সকলোৱে গম পাইছে। দৰাচলতে তৰুলতাৰ বিদ্যালয়লৈ আহোঁতে বৰ এটা পলম কেতিয়াও নহয়,আজিও বৰ বিশেষ দেৰি নহ’ল যেনিবা। কিন্তু এই ক্ষেত্ৰত বাকী টেট শিক্ষক সকলে প্ৰধান শিক্ষকৰপৰা বাৰুকৈ কথা শুনিব লগা হয়। সুদীৰ্ঘ চাকৰি জীৱনত নিয়মানুৱৰ্তিতাৰে, নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে তৰলতাই আৰু তাই সকলোৰে প্ৰিয়ও। প্ৰাৰ্থনা শেষ হৈ পুনৰ জাতীয় সংগীতটি সকলোৱে সুমধুৰ কৈ গালে।শৃংখলা বজাই ছাত্ৰ ছাত্ৰী সকলে নিজ নিজ শ্ৰেণীলৈ গ’ল।প্ৰথম মানৰ ছাত্ৰ ছাত্ৰী সকলক এগৰাকী শিক্ষকে শৃংখলা বজাই শ্ৰেণী কোঠালৈ লৈ গ’ল।

প্ৰণামিকাই এইবাৰ তৰুলতাৰ ওচৰলৈ আহি পেঘেনিয়াই সুধিলে, 

“বাইদেউ আজি আপোনাক নাহিব বুলি ভাবিছিলো,কিয় দেৰি হ’ল, আপোনাৰ দেখোন দেৰি নহয়েই।”

তৰুলতাইও বৰ বিশেষ কথাৰ পাতনি নেমেলি মালতি বাই আহিব নোৱাৰা কথাটো কৈ হাতত ছাত্ৰ ছাত্ৰী সকলৰ হাজিৰা বহীখন লৈ চতুৰ্থ  শ্ৰেণীত সোমাল। চতুৰ্থ শ্ৰেণীৰ শিক্ষয়িত্ৰী তৰুলতা….।

ৰোলনং…এক….ৰেজিয়া চুলতানা.. উপস্থিত বাইদেউ, দুই …কবীৰ দে… উপস্থিত….তিনি…বাসবী বৰা, উপস্থিত….চাৰি হৰ্ষিত কলিতা উপস্থিত……।

সকলো ল’ৰা ছোৱালীয়েই আজিও বিদ্যালয়ত উপস্থিত। সন্তুষ্ট মনেৰে তৰুলতাই পাঠদান কৰিবলৈ সাজু হ’ল।

নৱকান্ত বৰুৱা দেৱৰ ‘একোকে নেখাও আজি ভোক মোৰ নাই’ কবিতাটিৰ ভাবাৰ্থ আৰু টান অৰ্থসমূহ ছাত্ৰ ছাত্ৰী সকলে বুজি পোৱাকৈ সহজ সৰলভাৱে বুজাই গ’ল।তাৰ পিছত বহী উলিয়াই কবিতাটিৰ আঠশাৰী গোট গোট আখৰেৰে চাফ চিকুনকৈ ছাত্ৰ-ছাত্ৰী সকলক লিখিবলৈ দিলে।

তৰুলতাই পুৰণি শিক্ষয়িত্ৰী হিচাপে সকলোবোৰ শ্ৰেণী কোঠাত এপাক চকু ফুৰালে।এই দায়িত্ব প্ৰধান শিক্ষকে বহু বছৰ আগতেই তৰুলতাক অৰ্পণ কৰিছিল, আৰু তাইও পালন কৰি আহিছে।প্ৰথম শ্ৰেণীত দিব্যজ্যোতি বৰুৱাই ল’ৰা-ছোৱালীহঁতৰ মাজত বেচ হাস্যৰসৰ সৃষ্টি কৰি ল’ৰা ছোৱালীহঁতক পঢ়াই আছে।

“হাতী হেৰৌ হাতী,হলি নে তই কাটি,পচলাৰ আঞ্জা খালি কেইবাটি……। এনেকৈ পঢ়াই হাতীৰ ‘হ’ টো ব’ৰ্ডত লিখি দেখুৱাই পুনৰ এজন ছাত্ৰক ‘হ ‘লিখিবলৈ দিছে।সাত বাৰৰ নাম শিকাইছে, ৰবিবাৰ মানে দেওবাৰ, দেওবাৰে আমাৰ বিদ্যালয় বন্ধ থাকে।

তৃতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰী ঝৰ্নাই পৰিবেশৰ বিষয়ে পঢ়াইছে । তৃণ,লতা,গুল্ম,বৃক্ষ গছৰ উদাহৰণসহকাৰে।এক ব্যস্ততাপূৰ্ণ পৰিবেশ চৌদিশে। ৰান্ধনী কেইজনীয়ে অতি তৎপৰতাৰে মধ্যাহ্ন ভোজনৰ আয়োজন কৰি আছে। আজি সম্ভৱ মটৰ ছয়াবিন ৰঙালাউ ভাজিছে,বতাহত এক গোন্ধ বিয়পি পৰিছে।

ইতিমধ্যে দুটা পিৰিয়দ শেষ। তিনি নম্বৰ পিৰিয়দ আৰম্ভ হৈছে। পঞ্চম শ্ৰেণীত তৰুলতাই ইংৰাজী কবিতা পঢ়াই তাৰ Rhyming words বোৰ ল’ৰা ছোৱালীহঁতক লিখাই আছে….. চতুৰ্থ শ্ৰেণীত প্ৰণামিকাই পূৰণৰ নেওতাখন ছাত্ৰ-ছাত্ৰীসকলক এফালৰপৰা মুখস্থ লৈছে, কিছুমানে পাৰিছে, কিছুমান ছাত্ৰই পৰা নাই। কাণত ধৰি থিয় কৰাইছে। ভাস্কৰৰ পাল পৰিল… ভাস্কৰ চতুৰ্থ শ্ৰেণীত এইবাৰ দুই নম্বৰ বাৰৰ বাবে পঢ়িছে,পঢ়াত বেছ অগ্ৰগতি কৰিব নোৱাৰা বাবে ৰখাই দিলে।সি স্বৰ বৰ্ণৰ বৰ্ণসমূহো ভালকৈ নোৱাৰে। নেওতাখনো মুখস্থ নাই।এনেই খেল ধেমালি আদিত ল’ৰাটো ভাল। প্ৰণামিকাৰ উচ্চস্বৰ তৰুলতাই ভালকৈ শুনিবলৈ পালে। দুই ঘৰৰ নেওতাভাগ ভালকৈ মাতিলে,পাঁচ ঘৰৰ মুখস্থ নাই, আজি এসপ্তাহ দিন সি পাঁচ ঘৰতে আছে, আগবাঢ়িব পৰা নাই। প্ৰণামিকাৰ খংটো চৰি গ’ল…এছাৰিডালেৰে দুকোব হাতত দিলে,পাঁচ দুগুনে কিমান…সি পুনৰ উত্তৰ দিলে সাত…। মাৰ খাই চকুপানী ওলাল। এইবাৰ প্ৰণামিকাই তাক তৰুলতাৰ ওচৰলৈ লৈ আহিল।

“বাইদেউ,ইয়াক কি কৰোঁ? ই উত্তৰ দিছে শুনক…..পাঁচ দুগুনে?….সাত….. তললৈ মূৰ কৰিয়ে ভাস্কৰৰ উত্তৰ।এনেতে তৰুলতাৰ মনত পৰিল, কেইদিনমানৰ আগতে তাই মুখে মুখে মৌখিক সুধিছিল, তোমাৰ হাতত পাঁচটা ফুল আছে,যদুৱে আৰু দুপাহ দিলে, কিমান হ’ব? সি উত্তৰ দিব পৰা নাছিল। তাই শিলগুটিৰ সহায়ত দেখুৱাইছিল যে এই পাঁচটা বগৰী আছে, মই আৰু দুটা তোমাক দিলোঁ, এতিয়া হিচাপ কৰা। সি উত্তৰ দিছিল সাত…। তৰুলতাই ভাল ল’ৰা বুলি শলাগিছিল। মানে পাঁচে দুয়ে সাত..তৰুলতাই কথাটো তং কৰিলে।তৰুলতাৰ কাজললৈ মনত পৰি ভাস্কৰৰ প্ৰতি মনটো কুমলিল। তাই প্ৰণামিকাক কৈ উঠিল, 

“হ’ব দিয়া সি পিছত নিজে বুজি পাবগৈ।”

এনেতে ভাতৰ বেল বাজি উঠিল। সকলো ল’ৰা ছোৱালীয়ে হৈ-হাল্লা কৰি মধ্যাহ্ন ভোজন কৰিবলৈ তৰুলতাহঁতক আওকাণ কৰি লৰ দিলে।এক অবুজ ভাৱেৰে ভাস্কৰে তৰুলতালৈ চালে। তাই যাবলৈ ইংগিত দিলে। ইমান তৃপ্তিৰে ল’ৰা ছোৱালীবোৰে দুপৰীয়াৰ ভাতসাঁজ খাই, দেখিলে তৰুলতাৰ বৰ ভাল লাগে।অথচ ইয়াতকৈ ভালৰো ভাল খোৱা বস্তু সিহঁতৰ ল’ৰা ছোৱালীহঁতে নাখায়। বিদ্যালয়খনৰ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়েই দৰিদ্ৰ দুখীয়া পৰিয়ালৰ।বাগানৰ ল’ৰা ছোৱালীও আছে , এসাঁজ খাই , আন সাঁজলৈ চিন্তা……. বিদ্যালয়লৈ আহিলে পৰম তৃপ্তিৰে ভাতকেইটা পেট ভৰাই খায়। সপ্তাহত এদিন কণী দিয়ে। কি যে আনন্দ মনেৰে কণীটো সাঁচি সাঁচি খাই… ভাস্কৰে লাহে লাহে খোৱা ঠাইলৈ আগবাঢ়িছে…তৰুলতাৰ কানত বাজি থাকিল পাঁচ দুগুনে সাত…….৫×২=৭……

*******

4 Comments

  • Kumkum Sarmabaruah

    বৰ সুন্দৰ গল্প লিখিলা।

    Reply
    • Anonymous

      ধন্যবাদ জনালোঁ বাইদেউ, সচৰাচৰ আমাৰ হৈ থকা কথাকে কাহিনীৰ ৰূপ দিলোঁ।

      Reply
  • Kumkum Sarmabaruah

    ভাল পালোঁ গল্পটো।

    Reply
  • গীতা মণি দত্ত ।

    বৰ ভাল লাগিল গল্পটো পঢ়ি ।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *