পৰীৰ দেশৰ সপোনকোঁৱৰ (Peter Pan,ইংলেণ্ডৰ সাধু)-কুমকুম শৰ্মাবৰুৱা

সপোনকোঁৱৰ থাকে আকাশৰ সিপাৰৰ পৰীৰ দেশৰ এটা দ্বীপত।সেই দেশখনত মানুহবিলাক একেটা বয়সতে ৰৈ থাকে ; ডাঙৰো নহয়,বুঢ়াও নহয়। সপোনকোঁৱৰো কাহানিও ডাঙৰ নোহোৱা এটি সৰু ল’ৰা। সি পৰীৰ দেশখনৰ পৰা ৰাতি ৰাতি পৃথিৱীলৈ আহে । দিনৰ পোহৰত আহিলে সি ডাঙৰ হৈ যোৱাৰ ভয় থাকে।ডাঙৰ হোৱাটো সি কেতিয়াও বিচৰা নাছিল। সপোনকোঁৱৰৰ এটা আচৰিত গুণ হ’ল–সি উৰিব পাৰে।

গুৱাহাটীৰ এটা ডাঙৰ ঘৰত শ্ৰীযুত আৰু শ্ৰীমতী বৰুৱা নামেৰে এযোৰা সুখী দম্পতীয়ে বাস কৰিছিল। তেওঁলোকৰ জুৰণি নামেৰে এজনী ছোৱালী আৰু পোহৰ আৰু অমৰ নামেৰে দুটা ল’ৰা আছিল। তেওঁলোকৰ ভলু নামৰ এটা ডাঙৰ কুকুৰো আছিল । এই কুকুৰটো বেছিখিনি সময় ল’ৰা-ছোৱালী কেইটাৰ  লগতে থাকিছিল।

সপোনকোঁৱৰ এই ঘৰটোলৈকে মাজে-সময়ে ৰাতি ৰাতি আহিছিল। কেতিয়াবা তাৰ অকলশৰীয়া যেন লাগিলে  সি একেকোবে উৰি আহি এই ল’ৰা-ছোৱালী তিনিটা থকা কোঠাটোৰ খিৰিকীয়েদি ভিতৰ সোমাইছিল।পৃথিৱীৰ মানুহৰ পৰিয়ালবোৰত থকা মাকৰ মৰম-চেনেহ অনুভৱ কৰিবলৈ সি কেতিয়াবা বৰ ব্যাকুল হৈ পৰিছিল।

যদিহে ল’ৰা-ছোৱালী কেইটা থকা কোঠাটোৰ খিৰিকীখন খোলা থাকে আৰু ভলু নামৰ কুকুৰটো তাত নেথাকে ,সপোনকোঁৱৰ তেতিয়া তালৈ চিধাই সোমাই আহে।জুৰণিয়ে চয়াময়াকৈ এই আচৰিত ল’ৰাটো প্ৰায়েই দেখা পায়,কিন্তু তাইৰ কিবা সপোন দেখা যেনহে লাগে।

এদিন ৰাতি ল’ৰা-ছোৱালী কেইটা শোৱাৰ পিছত শ্ৰীমতী বৰুৱানী কিবাকিবি চিলাবলৈ বুলি বহিল। সেই সময়তে সপোনকোঁৱৰ খিৰিকীৰে সোমাই আহিল।সেই কোঠাটোতযে ভলু আছিল সি সেইটো মনেই নকৰিলে।ভলুৱে তৎক্ষণাত ভৌ ভৌ কৈ তাৰ ওপৰত জঁপিয়াই পৰিল।যেতিয়া সপোনকোঁৱৰে পলাবলৈ যত্ন কৰিলে ,তেতিয়া তাৰ গাৰ ছাঁটো খিৰিকীত লাগি ধৰিলে আৰু সি ছাঁটো এৰি থৈ যাবলৈ বাধ্য হ’ল। শ্ৰীমতী বৰুৱানীয়ে ছাঁটো ধৰি ড্ৰয়াৰত ভালকৈ ভৰাই থ’লে।

পিছদিনা ৰাতি শ্ৰীযুতা বৰুৱানী যেতিয়া শুই আছিল , তেতিয়া এটা সৰু উজ্জ্বল পোহৰ খিৰিকীৰে সোমাই আহি কোঠাটোত বিয়পি পৰিল।পোহৰটোৰ উৎস আছিল কুঁহি নামৰ এজনী নিচেই অকণমানি পৰী।এই পৰীজনী সপোনকোঁৱৰৰ লগত সদায় সকলো ঠাইতে ঘূৰি ফুৰিছিল।

তাই সোমায়েই সপোনকোঁৱৰৰ ছাঁটো বিচৰাত লাগি গ’ল। কোঠাটোৰ সকলো বস্তুৰ ভিতৰতে, আনকি পানী থোৱা পাত্ৰটোলৈকে সকলো ঠাইতে তাই সপোনকোঁৱৰৰ ছাঁটো বিচাৰিবলৈ ধৰিলে । শেষত তাই আচল ঠাইখিনি বিচাৰি পালে। ঠিক তেতিয়াই সপোনকোঁৱৰো আহি খিৰিকীখনেদি ভিতৰ সোমাইছিলহি।সি থাপমাৰি ছাঁটো ধৰিলে আৰু ড্ৰয়াৰটো টানকৈ মাৰি দিলে।ইফালে বেচেৰী কুঁহিজনী ভিতৰতে সোমাই থাকিল ।সপোনকোঁৱৰে  ছাঁটো তাৰ পিঠিত লগাই ল’বলৈ আঠাৰ নিচিনা কিবা পায়নেকি বিচাৰিবলৈ ধৰিলে ।এই হুলস্থুলবোৰত জুৰণিয়ে সাৰ পালে ।তাই সকলো কথা বুজি পালে।তাই তৎক্ষণাত তাইৰ দৰকাৰী সঁজুলি থোৱা বাকচটোৰ পৰা বেজি সূতা উলিয়াই ছাঁটো সপোনকোঁৱৰৰ পিঠিত চিলাই দিলে।

জুৰণিয়ে মৰমেৰে সপোনকোঁৱৰক এটা চুমা খাব খুজিলে ,কিন্তু সপোনকোঁৱৰে বুজি নাপাই কিবা উপহাৰ দিব বুলি তাৰ হাতখন আগবঢ়াই দিলে।সেই কাৰণে জুৰণিয়ে কাপোৰ চিলাওঁতে আঙুলিত পিন্ধি লোৱা ৰূপৰ আঙঠিটোকে সপোনকোঁৱৰক দি দিলে।সপোনকোঁৱৰেও তাইক ওক গছৰ গুটিটোৰ নিচিনা বুতাম এটা দিলে।বুতামটো তাই আলফুলকৈ তাইৰ ডিঙিত পিন্ধি থকা চেইনদালতে লগাই ল’লে।

তাৰপাছত সপোনকোঁৱৰে জুৰণিহঁতৰ খেলা কোঠাটোত বহি জুৰণিক পৰীৰ দেশখনৰ বিষয়ে ক’বলৈ ধৰিলে। সি ক’লে,–তাত সি হেৰোৱা ল’ৰা আৰু পৰীবিলাকৰ লগত থাকে।যেতিয়াই পৃথিৱীত এটি শিশুৱে কয় , ” মই পৰী বিশ্বাস নকৰোঁ”, তেতিয়াই পৰীৰ দেশত একোজনী পৰীৰ মৃত্যু হয়। 

সপোনকোঁৱৰৰ হঠাতে মনত পৰিল যে কুঁহি ড্ৰয়াৰতে বন্ধ হৈ আছে ।সি তাইক উলিয়াই দিলে যদিও তাই খঙত ক’ব নোৱাৰা হ’ল। তাই জুৰণিৰ চাৰিওফালে উৰি উৰি তাইৰ চুলিবোৰ টানিবলৈ চেষ্টা কৰিলে।বোধহয় তাই সপোনকোঁৱৰৰ নতুন বান্ধৱীক সহ্য কৰিবপৰা নাছিল।

এই হুলস্থুলতে পোহৰ আৰু অমৰেও সাৰ পালে । সিহঁতে আগৰেপৰা সপোনকোঁৱৰে জুৰণিক কোৱা ভয়ংকৰ যুদ্ধখনৰ কথা শুনি আছিল । সেইখন যুদ্ধ পৰীৰ দেশত সদায় জলদস্যুবিলাকৰ লগত লাগি আছিল। গতিকে সিহঁত দুটাই তালৈ যাবলৈকে ঠিক কৰিলে।সিহঁতে প্ৰথমতে ভালকৈ উৰিবলৈ শিকি সপোনকোঁৱৰৰ লগত সেই ৰাতিয়েই তালৈ যোৱাৰ কথা ভাবিলে ।

কম সময়ৰ ভিতৰতে সিহঁতে বৰ যত্নৰে উৰিবলৈ শিকি যাবলৈ সাজু হ’ল। বৰুৱা-বৰুৱানী দুয়ো সেই সময়তে সিহঁতক চাবলৈ আহিছিল। কিন্তু সিহঁত ইতিমধ্যে এটা এটাকৈ উৰি উৰি সিহঁতৰ কোঠাৰ খিৰিকীয়েদি ওলাই গুচি গ’ল।

অতি কম সময়ৰ ভিতৰতে সিহঁত আকাশৰ বহু ওপৰ পালেগৈ।গুৱাহাটী নগৰখন বহু তলতে থাকি আহিল।

সপোনকোঁৱৰে সিহঁতক লৈ উৰি গৈ থাকোঁতে তৰা এটালৈ আঙুলিয়াই ক’লে, “সেইযে দেখিছা সোঁফালৰ দুই নম্বৰ তৰাটো ,সেইটো ৰাতিপুৱাহে জ্বলে।” তৰাবোৰৰ কাষে কাষে উৰি উৰি বেলি ওলোৱাৰ আগে আগে সিহঁত পৰীৰ দেশখন পালেগৈ।সিহঁত নমা ঠাইতে জলদস্যুৰ জাহাজৰ লংগৰ পেলোৱা আছিল।তাতে দস্যুনেতা জ’লি ৰ’গাৰ আৰু কেপ্তেইন হুকো আছিল। 

জলদস্যুৰ প্ৰধানজনে সপোনকোঁৱৰক দেখিবই নোৱাৰিছিল।এবাৰ সপোনকোঁৱৰে তাৰ হাত এখন কাটি ঘঁৰিয়াল এটাক খাবলৈ দিছিল আৰু এতিয়া ঘঁৰিয়ালটোৱে নিশ্চয় বাকীখিনি খাবলৈ আশা পালি আছে বুলি সি ভাবি লৈছিল।পিছে ঘঁৰিয়ালটোৱে এবাৰ এটা টেবুলঘড়ী গিলি দিছিল।সেয়ে সি য’লৈকে যায় ঘড়ীটোৰ টিক্ টিক্ শব্দটোৰ কাৰণে সি আহিছে বুলি সকলোৱে গম পাই যায়।

যেতিয়া সপোনকোঁৱৰহঁত দ্বীপটোৰ ওপৰেৰে উৰি গৈ আছিল ,তেতিয়া জুৰণি আৰু ল’ৰাকেইটাই দেখিছিল যে সেই ঠাই জুৰি আছে ৰে’ড ইণ্ডিয়ানৰ সৰু সৰু  জুপুৰিবিলাকেৰে।ৰে’ড ইণ্ডিয়ানসকলৰ জলদস্যুবিলাকৰ লগত বৰ ভাল নাছিল।তেওঁলোকৰ মাজত প্ৰায়ে যুদ্ধ লাগি আছিল।

হঠাতে সপোনকোঁৱৰহঁতে এটা ডাঙৰ শব্দ শুনিবলৈ পালে। জলদস্যুৰ জাহাজখনত গুলী-বাৰুদ থকা কোঠাতে কেনেবাকৈ জুই লাগিল। তাৰ ফলত ল’ৰা-ছোৱালীবিলাক ছিটিকি পৰিল।কুঁহিয়েতো জুৰণিক দেখিবই নোৱাৰিছিল।সেয়ে তাই জুৰণিক ৰক্ষা কৰক চাৰি তাইক বিপদত পেলাবলৈহে যত্ন কৰিলে।তলৰ দ্বীপটোৰ পৰা সপোনকোঁৱৰৰ লগৰীয়াবোৰে আকাশত সিহঁতক দেখি আছিল।সিহঁতে জুৰণিক এজনী চৰাই বুলি ভাবিছিল।কথা নাই বতৰা নাই হঠাতে কুঁহিয়ে  “সপোনকোঁৱৰে জুৰণিক মাৰিব খুজিছে ” বুলি চিঞৰিবলৈ ধৰিলে। তাকে শুনি সপোনকোঁৱৰৰ লগৰীয়া আটাইতকৈ ডাঙৰ ল’ৰাটোৱে জুৰণিৰ বুকুলৈ কাঁড় এডাল মাৰি পঠিয়ালে ।জুৰণি তলৰ মাটিলৈ পৰি গ’ল।ভাগ্যে কাঁড়ডাল সপোনকোঁৱৰে তাইক দিয়া ধুনীয়া বুতামটোতহে লাগিছিল। সেয়ে তাইৰ বিশেষ একো অনিষ্ট নহ’ল।এই কথাটোত সপোনকোঁৱৰৰ বৰ খঙ উঠিল। সি কুঁহিক এসপ্তাহৰ কাৰণে নিৰ্বাসন দিলে ।তাই জুৰণিক সকলো সময়তে অশান্তি দি থকাতো সি সহ্য কৰিব নোৱাৰা হৈছিল।

বৰ আগ্ৰহেৰে জুৰণিক ল’ৰাবোৰে সিহঁতৰ মাটিৰ তলত থকা গোপন ঘৰটোলৈ লৈ গ’ল।তালৈ সিহঁতে গছ কিছুমানৰ গাত থকা ধোন্দেদি চুঁচৰি চুঁচৰিহে যাব পাৰিছিল।

জুৰণি,পোহৰ আৰু অমৰ তাত হেৰোৱা ল’ৰাখিনিৰ সৈতে এসপ্তাহমান থাকিল।জুৰণিয়ে তাত কাপোৰ ধুই দিছিল,ৰন্ধা-বঢ়া কৰিছিল আৰু সাধু কৈ সকলোকে আনন্দ দিছিল। এগৰাকী মাতৃৰ দৰেই মৰমেৰে তাই সকলোকে আবৰি ধৰিছিল।তাই যেতিয়া ধুনীয়াকৈ সাধু কোৱাৰ দৰে ঘৰৰ আৰু মাকৰ কথাবোৰ ক’বলৈ ধৰে ,তেতিয়া পোহৰ আৰু অমৰৰ ঘৰলৈ মনত পৰে।সিহঁতে সপোনকোঁৱৰ আৰু লগৰীয়াবোৰক ঘৰলৈ যাবলৈ সিহঁতক এৰি দিবলৈ অনুৰোধ কৰিলে।

এই কথাটোৱে সপোনকোঁৱৰৰ মনত বৰ আঘাত দিলে।সি পৰীৰ দেশখনৰ পৰা ক’লৈকো যাব নোখোজে। কাৰণ অন্য ঠাইত সি ডাঙৰ হৈ যাব। সেয়ে সপোনকোঁৱৰে কুঁহিয়েই সাগৰৰ ওপৰেৰে ৰাস্তা দেখুৱাই সিহঁতক আগবঢ়াই দিব বুলি ক’লে। তাৰ পাছত বৰ দুখমনেৰে সি জুৰণিৰ হাতত ধৰি বিদায় ল’ব খুজিলে।

” প্ৰতিজ্ঞা কৰা, মই যোৱাৰ পাছত তুমি সদায় ৰাতি ঔষধখিনি নিয়মমতে খাবা”, বৰ কষ্টৰেহে জুৰণিৰ মুখৰপৰা এই কথাখিনি ওলাল। সেই সময়তে সিহঁতে বাহিৰত কিছুমান ভয়লগা চিঞৰ-বাখৰ হোৱা শুনিবলৈ পালে।জলদস্যুবিলাকে তেতিয়া সপোনকোঁৱৰহঁতৰ ঘৰৰ ওপৰৰ হাবিখনত ৰে’ড ইণ্ডিয়ানসকলক আক্ৰমণ কৰিছিল। কেইবাঘণ্টাৰো তয়াময়া যুদ্ধৰ পাছত বৰ কষ্টেৰে জলদস্যুবিলাক জয়ী হৈছিল।কিন্তু সপোনকোঁৱৰহঁতে ভাবিলে যে সিহঁতৰ বন্ধু ৰে’ড ইণ্ডিয়ানসকলহে জিকিছে।সেইকাৰণে সিহঁত এটা এটাকৈ গুহাটোৰ ওপৰলৈ উঠি আহিল।বদমাছ জলদস্যুবিলাকে তাকেই কামনা কৰি আছিল। সিহঁতে ল’ৰাবোৰ ধৰি বান্ধি পেলালে।তাৰপিছত সিহঁতে ল’ৰাবোৰক সাঙুৰি একেলগে জলদস্যুৰ চৰ্দাৰ জ’লি ৰ’গাৰৰ ওচৰলৈ লৈ গ’ল।

কিন্তু কেপ্তেইন হুক পিছত ৰৈ গ’ল।সি সপোনকোঁৱৰকহে মাৰিবলৈ বিচাৰিছিল।সি শুই থকা সপোনকোঁৱৰক নেদেখালৈকে গছবিলাকৰ মাজেদি তললৈ  জুমি জুমি চাবলৈ ধৰিলে।সি গছ এজোপাৰ সুৰুঙাইদি হাতটো ভৰাই কেইটোপালমান বিহ জুৰণিয়ে থৈ যোৱা সপোনকোঁৱৰৰ ঔষধৰ গিলাছটোত বাকী দিলে।

সেই ৰাতিয়েই সপোনকোঁৱৰে সাৰ পালত কুঁহিয়ে জুৰণিহঁতক জলদস্যুৱে ধৰাৰ খবৰটো দিলে।তৎক্ষণাত সপোনকোঁৱৰ বিছনাত জাপ মাৰি বহিল আৰু ঔষধখিনি খাবলৈ ল’লে। কুঁহিয়ে সেইখিনিত বিহ দি থোৱাৰ কথা জানিছিল, কাৰণ তাই হাবিৰ মাজত কেপ্তেইন হুকৰ কাণ্ড-কাৰখানাবোৰ দেখি আছিল। বৰ সাহসেৰে উৰি আহি তাই গিলাছৰ ঔষধখিনি একেসোহাই খাই পেলালে।লগে লগে তাই তললৈ পৰি গ’ল আৰু তাইৰ গাৰ উজ্জ্বল পোহৰটোও নাইকিয়া হৈ গ’ল।তাই অজ্ঞান আৰু মৃতপ্ৰায় হ’ল।

সপোনকোঁৱৰে কথাবোৰ বুজি পালে আৰু তৎক্ষণাত থিয় হৈ তাৰ ডাঙৰ মাতটোৰে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, ” যদি তোমালোকে পৰীৰ কথা বিশ্বাস কৰা , তেনেহ’লে হাত-চাপৰি বজোৱা।” পৃথিৱীৰ সকলো ঠাইৰ ল’ৰা-ছোৱালীৰ হাত-চাপৰিৰে আকাশ-বতাহ মুখৰিত হৈ পৰিল।কুঁহিয়ে পুনৰ জীৱন পাই উঠি বহিল।

জলদস্যুৰ চৰ্দাৰ হুকে জুৰণিক জাহাজৰ মাস্তুলতে টানকৈ বান্ধি থ’লে আৰু বাকী ল’ৰাবিলাকক তক্তাৰ ওপৰেৰে খোজ কঢ়াই নিবলৈ ধৰিলে। হঠাতে হুকে শব্দ এটা শুনি ৰৈ গ’ল।ভয়ত বিতত হৈ সি ডেকত লুকাই পৰিল। সি ভাবিলে, -টিকটিককৈ সেইটো নিশ্চয় ঘঁৰিয়ালটোৱেই  আহিছে।

আচলতে সপোনকোঁৱৰেহে ঘড়ীৰ শব্দটো মুখেৰে কৰিছিল।যেতিয়া হুক ভয়তে লুকাই পৰিল,তেতিয়া সপোনকোঁৱৰে চুঁচৰি চুঁচৰি আহি সকলোকে মুকলি কৰি দিলে ।

তাৰপিছত সপোনকোঁৱৰহঁতৰ হুকৰ লগত তয়াময়া যুদ্ধ আৰম্ভ হ’ল। সিহঁতে তৰোৱালৰ ঝনঝননিৰে জাহাজৰ মাস্তুল কঁপাই তুলিলে।এসময়ত কেপ্তেইন হুক সাগৰত পৰি গ’ল।তাত ঘঁৰিয়ালটোৱেতো তালৈ বাট চাই আছিলেই।

ঘৰলৈ ঘূৰি আহিবলৈ পায় জুৰণি, পোহৰ আৰু অমৰৰ মনত বৰ আনন্দ লাগিল।সিহঁতৰ মাক-দেউতাকেও সিহঁত নিৰাপদে ঘূৰি অহাত বৰ আনন্দ পালে।

শ্ৰীমতী বৰুৱাই পাছত সেই অনাথ ল’ৰাবিলাকক বৰ মৰমেৰে তোলনীয়া সন্তান হিচাবে তুলি লৈছিল আৰু মাকৰ নিচিনাকৈ মৰম কৰিছিল।জুৰণিয়েও প্ৰতিবছৰ সপোনকোঁৱৰক চাবলৈ সেই পৰীৰ দেশখনলৈ কমেও এবাৰ গৈ থাকিল। আশাকৰোঁ তোমালোকেও এদিন সেই মনোমোহা পৰীৰ দেশখন চাবলৈ পাবা।

(উৎস: লণ্ডনৰ Grandreams Limited  -ৰ দ্বাৰা প্ৰকাশিত A Treasury of Favourite Tales নামৰ কিতাপখনৰ  “Peter Pan” নামৰ কাহিনীটো।)

*******

5 Comments

  • Anonymous

    ভাল পালোঁ পঢ়ি। খুব সুন্দৰ সাধু।

    Reply
  • winbetvip popped up on my radar. Had a look around. Seems alright, nothing groundbreaking. Worth checking out if you’re looking for something new. Give winbetvip a look!

    Reply
  • Heard some whispers about gana777. Is it worth checking out? What’s the vibe? Spill the tea! More can be found here: gana777

    Reply
  • Ki888casino eh? Heard some buzz about this one. Gonna give it a try tonight! Hope it’s not another fly-by-night operation, fingers crossed! Check it out ki888casino.

    Reply
  • Alright, Laro777bet, let’s see what you got! Always on the hunt for a new spot to try my luck. Hopefully some good odds! Let’s check it out laro777bet.

    Reply

Leave a Reply to winbetvip Cancel reply

Your email address will not be published. Required fields are marked *