বিশ্বৰ ধৰ্মীয় উদাৰতাৰ উৎকৃষ্ট  উদাহৰণ অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱ আৰু পোৱা মক্কা-বিজয়া শৰ্মা

ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট উদাহৰণ হৈছে অসমৰ  হাজো।হাজো  সম্বন্ধে অনন্ত কন্দলীয়ে ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণনা কৰিছে……..

     ‘ হাজো হেন নাম     পবিত্র উত্তম

           স্থান কামৰূপৰ মাঝে।

      মণিকূট গিৰি         শিখৰত আছা

            হয়গ্রীৱ দেৱৰাজে।

       কাষতে লৌহিত্য            বহন্ত পবিত্র

            কুণ্ড আছে সেহি স্থানে।

        অপূৰ্ণ ভৱ                নাহি পুনৰ্বাৰ

            যাহাতে কৰিলে স্নান।।

হাজো তীৰ্থ ভূমিয়েই  বৈষ্ণৱ কবি অনন্ত কন্দলীৰ জন্মস্থান বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছে।ঐক্য, সম্প্রীতি আৰু বিভিন্ন ভাষা-ভাষী আৰু জাতি জনগোষ্ঠীৰ মিলন ভূমি আমাৰ অসম।অসমৰ ইতিহাসেই হৈছে শান্তি, সম্প্ৰীতি,ভাতৃত্ববোধ আৰু সমন্বয়ৰ ইতিহাস

যেতিয়া ভাৰতৰ বিভিন্ন অংশত অপশক্তিয়ে শান্তি, সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে ,সেই সময়ত কিন্তু অসম ইয়াৰ ব্যতিক্ৰম।বৰগীতসমূহৰ দৰে আজান ফকীৰৰ ‘জিকিৰ’ অসমীয়া ভাষাৰ অমূল্য সম্পদ।

অসমত ঐক্য, শান্তি,সম্প্রীতি আৰু সংহতিৰ উৎকৃষ্ট উদাহৰণ হৈছে হাজো।হাজো নামৰ ঠাইখনে পৃথিৱীৰ বুৰঞ্জীত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। হয়গ্ৰীৱ মাধৱ আৰু পোৱা মক্কাই সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে।হাজোৰ আকাশত ভাঁহি অহা মন্ত্ৰধ্বনি আৰু আজানৰ  যি এক অপূৰ্ব  সংমিশ্ৰণ, সেইয়া পৃথিৱীৰ ক’তো পোৱা নাযায়।বিশ্বৰ অন্যতম বিৰল ধৰ্মীয় উদাৰতাৰ উৎকৃষ্ট নিদৰ্শন হাজো।

ঐতিহাসিক তথ্যমতে ত্ৰয়োদশ শতিকাৰ দ্বিতীয় দশকৰ কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ ৰাজত্বকালত সুদূৰ ইৰাণৰপৰা অহা সিদ্ধপুৰুষ শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়াই হাজোত এটা মছজিদ নিৰ্মাণ কৰি পোনপ্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজ পঢ়াৰ প্ৰথা কামৰূপত প্ৰচলন কৰে।সেই মছজিদতেই আউলিয়া চাহাবে  আৰৱ দেশৰ মক্কাৰপৰা এপোৱা মাটি আনি থাপিছিল।তাৰ পৰাই উক্ত ঠাই পোৱা মক্কা বুলি জনাজাত হয়।

হয়গ্ৰীৱ মাধৱৰ ইতিহাস বৰ আকৰ্ষণীয়।হয়গ্ৰীৱ বা ঘোঁৰাৰ মূৰৰ ৰূপত থকা ভগৱান বিষ্ণুৰ পুৰণি মন্দিৰ সমূহৰ ভিতৰত হাজোৰ হয়গ্রীৱ মাধৱ অন্যতম।মধু আৰু কৈতভ অসুৰে চুৰ কৰি নিয়া বেদ উদ্ধাৰ কৰিবৰ কাৰনে বিষ্ণুৱে এই মূর্তি ধাৰণ কৰিছিল।বৌদ্ধ ধৰ্মীসকলৰ বাবেও এই  স্থান অতি পবিত্ৰ।কোচ ৰজা ৰঘুদেৱৰ ৰাজত্ব কালৰ ভিতৰত ১৫৮৩ খৃঃত হয়গ্রীৱ মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰ তথ্য বুৰঞ্জীত পোৱা যায়।মহাভাৰত , ৰামায়ণত বৰ্ণিত আখ্যানৰ লগত সংগতি ৰাখি খোদিত কৰা শৈল ভাস্কৰ্য্য আৰু দশাৱতাৰৰ মূর্তি সমূহ হয়গ্রীয় মাধৱ মন্দিৰৰ অন্যতম বিশেষত্ব।

বৌদ্ধ, মুছলমান আদি কেইবাটাও ধৰ্মৰ পীঠ স্থান হিচাবে হাজোৱে সমন্বয় আৰু ভাতৃত্ববোধৰ স্বাক্ষৰ বহন কৰি আহিছে।হয়গ্ৰীৱ মাধৱ অকল মন্দিৰেই নহয়,লুপ্তপ্ৰায় কাছৰো বিচৰণস্থলী।হাজোৰ  ছাত্র সন্থাৰ উদ্যোগত  ১৯৯২ চনৰপৰা প্ৰতিবছৰে মাঘ মাহৰ এক তাৰিখে পালন কৰে মণিকূট উৎসৱ আৰু ইয়াৰ লগত সংগতি ৰাখি উলিয়াই এক বৃহৎ সমন্বয়ৰ শোভাযাত্ৰা।

পোৱা মক্কা দৰগাহ শ্বৰীফৰপৰা শোভাযাত্ৰা আৰম্ভ  হৈ  মাধৱ মন্দিৰৰ  দোমোঠা গুৰিত সামৰণি পৰে।

এই শোভাযাত্ৰাৰ আৰম্ভণিতে পোৱামক্কাৰ খাদিম আৰু হয়গ্ৰীৱ মাধৱৰ দলৈয়ে পতাকা অদল বদল কৰি দুয়ো আলিংগনেৰে শোভাযাত্ৰা আৰম্ভ কৰে।এই সমন্বয়  শোভাযাত্ৰাই  জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতিৰ অধিক মাত্ৰা প্ৰেৰণ কৰি আহিছে। সমন্বয় সম্প্ৰীতিৰ এনে ভাবাদৰ্শৰ কাৰণে হাজোবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰে।

আনহাতে পোৱা মক্কা দৰগাহত হোৱা উৰুচ মেলাত বিভিন্ন ধৰ্মৰ লোকৰ মানুহৰ মাজত মিলনৰ সেতু গঢ়ি উঠে।সেয়েহে আজান ফকীৰে তেখেতৰ কালজয়ী জিকিৰত এই বিষয়ে উল্লেখ কৰিছে…..

হাজোৰে মোকামত হয় চাহেব হয়

উৰুমী লাগিছে হয় চাহেব হয় 

হায় হায় ঐ

ছিগিল কা মায়নৰ জৰী

আল্লা ৰহমৰ গিৰিহঁত

তুমি আল্লা….

 

আকৌ গালে….

 

মোৰ মনত ভেদ ভাৱ নাই অ’ আল্লা

মোৰ মনত ভিন পৰ নাই অ’ আল্লা

হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান

মোৰ মনত একেইটি ভাৱ।

আহক,আমি সকলোৱে মহাপুৰুষ শংকৰ দেৱ আৰু আজান ফকীৰৰ মহান আদৰ্শৰে আগুৱাই জাতিটোৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ সংকল্প লওঁ।  

    

(গুগুল আৰু আলোচনীৰ সহায় লৈ লিখা হৈছে)

*******

4 Comments

Leave a Reply to bjbajiapp Cancel reply

Your email address will not be published. Required fields are marked *