‘মায়াবিনী’ গীতৰ কথা: এক অৱলোকন-চৈয়দ মুকিবুৰ ৰহমান

“মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

 ধৰা দিলা গোপনে আহি

 হিয়াৰ কোণত…”

এয়া এই কেইদিন (১৯ চেপ্তেম্বৰ, ২০২৫ ৰ পৰা) অসম তথা ভাৰতবৰ্ষ আনকি বিশ্বৰ বিভিন্ন কোণত বাজি থকা এটি বিশেষ গীত। লাখ-লাখ জুবিন অনুৰাগীয়ে WhatsApp, Facebook ইত্যাদি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটি বিশেষ গীত ‘মায়াবিনী ৰাতি’ৰ জৰিয়তে। জুবিন গাৰ্গৰ হাজাৰ হাজাৰ সুন্দৰ গীতৰ মাজৰপৰা এটি বিশেষ গীত ‘মায়াবিনী’ক স্থান দিয়া হৈছে প্ৰাৰ্থনা সভাবোৰত আনকি সিদিনা সোণাপুৰত বিদায় বেলাতো সকলোৱে সমস্বৰে একেলগে উচ্চাৰণ কৰিলে ‘মায়াবিনী ৰাতিৰ বুকুত…।’ হয়তো এতিয়া সৰগতো মায়াবিনী……. মাথোঁ মায়াবিনী ৰাতিৰ গুঞ্জন…

মায়াবিনী এতিয়া কেৱল এটি গীত হৈ থকা নাই। গীতটো শুনিলে শ্ৰোতাৰ মনত অন্য এক ধৰণৰ স্নিগ্ধতা আৰু শিহৰণ জাগে। ই এটি প্ৰাৰ্থনা। এতিয়া লাখ-লাখ অনুৰাগীৰ বাবে আৱেগ ‘মায়াবিনী’। এই আৱেগে চকুলো আনিছে জনতাৰ। আকৌ আনিছে দৃঢ়তাৰ এনাজৰী। শিকাইছে সততাৰে সাহসিকতাৰ গান।

কিন্তু কিয়?? কিয় কেৱল মায়াবিনী?? ইয়াৰ উত্তৰৰ বাবে মায়াবিনীৰ গীতৰ কথালৈ এবাৰ লক্ষ্য কৰোঁ আহঁক।

“মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

 ধৰা দিলা গোপনে আহি

 হিয়াৰ কোণত…”

এই সমগ্ৰ গীতৰ কথাত কোনো ধৰণৰ ব্যক্তি বিশেষৰ নাম দিয়াৰ পৰিৱৰ্তে সৰ্বনাম পদৰহে ব্যৱহাৰ কৰা হৈছে। গতিকে বিষয়বস্তুৱে ব্যক্তিকেন্দ্ৰিক প্ৰসঙ্গৰ পৰা ঊৰ্দ্ধলৈ যোৱাৰ সমান্তৰালকৈ স্থান-কাল-পাত্ৰও যেন অতিক্ৰম কৰিলে। সেয়ে নিশ্চয় ‘মায়াবিনী’ৰ সুৰত প্ৰতিজন শ্ৰোতাই অনুভৱ কৰে নিজস্ব প্ৰতিচ্ছৱি।

মহৎ সাহিত্যবোৰ প্ৰায় সময়তেই আমি দেখা পাওঁ যে ই বহুদিশীয় বা বহুমাত্ৰিক (Multidimensional)। ‘মায়াবিনী’ গীতৰ শাৰীবোৰলৈ মন কৰিলে দেখা যায় এনে এক লক্ষণ। তলত বহুমাত্ৰিক প্ৰসঙ্গটো কিছু বহলাই আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল।

“মায়াবিনী ৰাতিৰ বুকুত…” গীতটো শুনিলেই সাধাৰণভাৱে আমাৰ মনলৈ আহে এয়া যেন প্ৰিয়জনক উদ্দেশ্যি প্ৰকাশ কৰা অনুভৱৰ এক অৱলোকন। গভীৰ নিশা এটিত কোনোবা আপোনজনৰ ওচৰত ধৰা দিছেহি প্ৰিয়তমাৰ অনুভৱৰ ছবি। কিন্তু হয় জানো এয়া কেৱল প্ৰিয়জনৰ প্ৰতি অনুভৱৰ প্ৰকাশ?? এটা কথা সঁচা যে ইয়াত হেঁপাহ, আকুলতা তথা প্ৰেমৰ প্ৰসঙ্গ আছে… কিন্তু এই হেঁপাহ, প্ৰেম-ভালপোৱা কেৱল নাৰী-পুৰুষৰ বাসনাৰ প্ৰেম হয় জানো?

এনেদৰে আলোচনাৰ মাজলৈ আগবাঢ়িলে ‘মায়াবিনী’ৰ শ্ৰোতাই দেখা পাব প্লেটনিক প্ৰেমৰ প্ৰসঙ্গ। শাৰীৰিক আকর্ষণ বা ৰোমান্টিক সম্পৰ্কৰ সীমা অতিক্ৰমি এক প্ৰশস্ত আৰু শুদ্ধ প্ৰেমৰ ৰূপ। যি প্ৰেমত নাথাকে প্ৰিয়জনৰ পৰা কিবা পোৱাৰ প্ৰসঙ্গ। নাথাকে পাৰ্থিৱ স্বাৰ্থ। সেয়ে “মায়াবিনী ৰাতিৰ বুকুত…” গীতৰ কথা হ’ব পাৰে কোনোবা দুৰ্ভগীয়া মাতৃৰ হৃদয়ৰ সংলাপ। যি মাতৃয়ে সন্তানক হেৰুৱাই অতিবাহিত কৰিছে বিনিদ্ৰ ৰজনী। অথবা এয়া হ’ব পাৰে কোনোবা আপোন ভাতৃৰ ভগ্নী প্ৰেমৰ বৰ্হিপ্ৰকাশ। এনেদৰে ভিন্ন পৰিৱেশ পৰিস্থিতিত স্থান-কাল-পাত্ৰ ভেদে ‘মায়াবিনী’ গীতৰ প্ৰসঙ্গ খাপ খাই পৰে।

ভাৰতীয় দৰ্শনত নাৰীৰ স্থান বহু উচ্চ। নাৰীক কেৱল গৃহলক্ষ্মী বা সংসাৰৰ অঙ্গ হিচাপে নহয়, এক শক্তিৰূপে, সৃষ্টি আৰু প্ৰেৰণাৰ উৎস হিচাপে মান্যতা প্ৰদান কৰা হৈছে। নাৰীক ভিন্ন ৰূপত পূজা কৰা হৈছে।

‘মায়াবিনী’ গীতৰ বহুমাত্ৰিক দিশৰ এটি উল্লেখযোগ্য প্ৰসঙ্গ হৈছে ঈশ্বৰ ভক্তি। দেৱী অৰ্চনা। অহৰহ ঈশ্বৰৰ প্ৰতি ভক্তিৰে তথা দেৱী অৰ্চনাৰে জীৱন অতিবাহিত কৰা কোনো ভক্তৰ কাষলৈ আহিছে সাক্ষাৎ দেৱী। গভীৰ নিশা ভক্তই অনুভৱ কৰিছে হিয়াৰ নিভৃত কোণত ঈশ্বৰৰ উপস্থিতি। মানৱী জীৱনটো দুদিনীয়া, এই সংসাৰ মায়াৰে আৱৰা, অসাৰ। একমাত্ৰ ঈশ্বৰ সন্তুষ্টিৰে, দেৱীৰ কৃপাত সৃষ্টি হ’ব পাৰে নিষ্প্রাণ শুকান মনত নিয়ৰৰ টোপাল সদৃশ আশাৰ পৰশ। জীপাল হ’ব পাৰে আমাৰ জীৱনবোৰ। নিৰ্বাণ লাভ কৰিব পাৰে মানৱী জনমে। ইয়াৰ লগতে অদৃশ্যৰ কৃপাত প্ৰতিদিনেই ৰ’দৰ পৰশে আলোকিত কৰে আমাৰ জীৱন। অৰ্থাৎ পোহৰৰ দিশলৈ এখোজ। শুদ্ধ পথেৰে, সততাৰে আগুৱাই আমাৰ জীৱন। সেয়ে –

“তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা ৰ’দৰে নৈ

মোৰ দেহত প্রতি পুৱা…”

মানৱী জনম সুখ-দুখ হাঁহি কান্দোনৰ সমন্বয়। দুখৰ ধুমুহা, সংঘাত সকলোৰে জীৱনত কম-বেছি পৰিমাণে থাকে আৰু থাকিবই। যুগে যুগে মানুহৰ এনে অভিজ্ঞতা সাৰ্বজনীন। দিন-ৰাতিৰ দৰে মানুহৰ জীৱনবোৰো এন্ধাৰ-পোহৰেৰে আৱৰা। নিবিচৰা দুখবোৰো মানুহে আপোন কৰিব লগীয়া হয়। এয়া পোৱা-নোপোৱাৰ খতিয়ান। মানুহৰ জীৱনৰ গান। আৰু এদিন সকলোৰে শেষত শেষ হয় সকলো। সেয়ে শিল্পীৰ কণ্ঠত-      

“ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব ভাবোঁ তোমাৰ বুকুত…”

মানুহৰ জীয়াই থকাৰ সংগ্ৰামৰ সাক্ষী হৈ ৰয় প্ৰতিটো শৰৎ, প্ৰতিটো ঋতু। ইতিহাস হয় এটি প্ৰজন্ম। কিন্তু মানৱ জীৱনবোৰ চলি থাকে এটি প্ৰজন্মৰ পৰা আন এটি প্ৰজন্মলৈ। সেয়ে এই অনুভৱ ব্যক্তিবিশেষৰ ঊৰ্ধত। তাৰেই প্ৰকাশ-

“প্রতি শৰতৰ প্ৰভাতী ফুলে

ক’ব তোমাকেই মোৰ কথা

প্রতি মেঘালী নিশা জোনে

ক’ব তোমাকেই মোৰ বেথা।।

ধুমুহাৰ…

ভাবোঁ তোমাৰ বুকুত।।…”

“মায়াবিনী”ৰ সুৰ কেৱল এজন প্ৰেমিক অথবা এগৰাকী ভক্তৰ হৃদয়ৰ সুৰ নহয়, ই প্ৰজন্মৰ স্বপ্ন, হেঁপাহ, আন্তৰিক সম্পৰ্ক, প্ৰেম-প্ৰণয় তথা হৃদয়ৰ প্ৰতিধ্বনি। গীতটিত প্ৰতিফলিত হৈছে এক গভীৰ জীৱন দৰ্শন। শব্দশৈলী, ৰূপক প্ৰয়োগ আৰু ছন্দতত্ত্বৰ সমন্বয়ত গীতটিত এক অনন্য সৌন্দৰ্য প্ৰদান কৰা হৈছে।

“দুচকুতে তোমাৰ চালে

সপোন আঁতৰি দিঠক নামে

চুব খুজিলেই মোৰ দুহাতে

দিঠক আঁতৰি সপোন আহে

ধুমুহাৰ সতে …

ভাবোঁ তোমাৰ বুকুত।”

এইখিনিতে কব পাৰি ‘মায়াবিনী’ৰ গীতৰ কথা প্ৰগতিশীল সাহিত্যৰ শাৰীলৈও উন্নীত হৈছে। কাৰণ প্ৰগতিশীল সাহিত্যই সাৰ্বজনীন সমস্যা বা বিষয়বস্তু উত্থাপন কৰি তাৰ সমাধানৰ পথ দেখুওৱাৰ সমান্তৰালকৈ সাহিত্যিক মান-সম্পন্ন উপস্থাপন শৈলীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ‘মায়াবিনী’ৰ গীতৰ কথাতো দেখা যায় মানুহৰ জীৱনৰ সাৰ্বজনীন সমস্যা, এন্ধাৰ-পোহৰৰ প্ৰতিফলন, প্ৰেম-ভক্তি, আৱেগৰ অনুভৱ। কিন্তু এই সকলোৰে এটি শেষ থাকে, এটি সমাধান থাকে। সেই সমাধান যেন ঈশ্বৰৰ চৰণত অথবা যাক আমি মোৰ ঈশ্বৰ বুলি ভাৱো বা বিশ্বাস কৰোঁ তেওঁতেই অৰ্পণ কৰা হৈছে আৰু শেষ যাত্ৰাত বিলীন হৈ পৰিছে।

শেষত কওঁ- সোণ হলেই মানুহে গহনা বুলি পৰিধান নকৰে। গহনাৰ বাবে সোণ আৰু সোণাৰীৰ প্ৰয়োজন। ঠিক একেদৰে উন্নত মানৰ গীতৰ কথা হ’লেও এটি সুন্দৰ গীত নহ’ব পাৰে। শ্ৰোতাই নিজৰ কৰি নল’ব পাৰে। শ্ৰোতাৰ কাষ চাপিবলৈ লাগে শিল্পীৰ অনন্য পৰশ। ‘মায়াবিনী’ত আছে বহুমাত্ৰিক, প্ৰগতিশীল সাহিত্যৰ গুণ, কাব্যময় আবেদন আৰু সুৰৰ অনন্য মায়াজাল। এই সকলো দিশ একত্ৰিত হৈ ‘মায়াবিনী’ক সুন্দৰৰ শীৰ্ষলৈ নি এটি অমৰ গীত কৰি তুলিছে।

বহুমাত্ৰিক দিশৰ এটি বিশেষ দিশলৈ লক্ষ্য কৰিলে মায়াবিনী হৈ পৰে ঈশ্বৰ অথবা দেৱী বন্দনা। যি অলৌকিক শক্তিয়ে আমাৰ জীৱনবোৰ জীপাল কৰিব পাৰে সেই অলৌকিক শক্তিতেই আমাৰ শেষ আশ্ৰয়। সেয়ে হয়তো সিদিনা সোণাপুৰত লক্ষাধিক জনতাৰ মুখত সমস্বৰে  উচ্চাৰিত হ’ল- আৱেগেৰে… চকুলোৰে…

“মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত…”

আৰু এনেদৰেই মায়াবিনী হৈ পৰিল সকলোৰে হৃদয়ৰ প্ৰাৰ্থনা।

(বি.দ্ৰ. প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ। আমাৰ দৃষ্টিভঙ্গীৰে চেকি চোৱাতকৈ ‘মায়াবিনী’ৰ প্ৰসঙ্গ ব্যাখ্যা হয়তো ভিন্ন ধৰণেও হ’ব পাৰে। প্ৰিয় পাঠকসকলে এনেধৰণৰ তাৰতম্য লক্ষ্য কৰিলে ৰৈ যোৱা খলা-বমাসমূহ গঠনমূলক আলোচনাৰে পূৰ কৰি যাব বুলি আশা ৰাখিলোঁ)

*******

2 Comments

  • বৰষা ডেকা

    বৰ সুন্দৰ হৈছে লেখাটো

    Reply
  • Kumkum Sarmabaruah

    সুন্দৰকৈ লেখিছে।

    Reply

Leave a Reply to বৰষা ডেকা Cancel reply

Your email address will not be published. Required fields are marked *