মায়াৱিনী ৰাতিৰ গান-কল্পনা দেৱী গোস্বামী

সুমধুৰ কণ্ঠত 

বাজি উঠিছিল আৰ্তজনৰ দুখৰ হুমুনিয়াহ।

ৰ’দৰ  ছাঁ বিচাৰি পাখি পাখি লগা থুনুকা মনেৰে মানুহ বিচাৰি ফুৰা সপ্ত সুৰৰ অৱসান।

ছাই হৈ গ’ল নিমিষতে

সোণাপুৰৰ কমাৰকুছিত।

লুণীয়া সাগৰৰ পানীত,

জনতাৰ সাগৰত সাঁতুৰি 

মহানায়ক গুচি গল 

জোনবাইৰ  দেশলৈ।

তোমাৰ ঠিকনা  সলনি হ’ল।

তোমাৰ গানৰ সুৰেৰে  

গানৰ মাজতে জ্বলি জ্বলি শেষ  হ’ল তোমাৰ পাৰ্থিৱ  শৰীৰ।

জন সমুদ্ৰৰ জোৱাৰত নিনাদিত কণ্ঠত মায়াৱিনী  ৰাতিৰ গান।

ইমান মানুহৰ অন্তৰ 

মাথোঁ গানেৰে জয় কৰিব পৰা উদাত্ত কণ্ঠৰ

গৰাকী তুমি ঈশ্বৰৰ সন্তান।

হেজাৰ লক্ষ জন গুণমুগ্ধ, অনুৰাগীৰ সন্মুখত  তোমাৰ শেষ ঠিকনা কমাৰকুছিত। 

তুমি গানৰ নিজৰা হৈ বৈ থাকিবা প্ৰতিজনৰ বুকুৰ  মাজত।

হঠাতে কেনিনো হেৰাই  গল  

দগমগীয়া এটি সূৰ্য!

আমি হেৰুৱালো এটি প্ৰতিবাদী  কণ্ঠ ।

তুমি অমৰ হোৱা।

তোমাৰ শেষ যাত্ৰাত

যাঁচিছো এপাহি অশ্ৰু অঞ্জলি।

*******

6 Comments

Leave a Reply to 8okcasino Cancel reply

Your email address will not be published. Required fields are marked *