শিশু মনৰ আমাৰ জুবিনদা -অনামিকা(সংগীতা)কলিতা

এটা যুগৰ অৱসান ঘটিল

এনে অনুভৱ প্ৰতিটো দিনৰ দিনলিপি 

সময়ৰ গতিশীল জীৱনৰ পৰিচয়

ঠিকনাবিহীন হৈ গুচি গ’ল

আমাৰ সকলোৰে মৰমৰ জুবিন দা

ধৰ্মৰ প্ৰচীৰ ভাঙি একতাৰ দোলেৰে গাঁঠিছে

শিশুৰ দৰে পবিত্ৰ মন নাই কোনো কলুষতা

বিচাৰি  যায় মানুহৰ মৰম।

আজি তেওঁ আমাৰ মাজৰপৰা হেৰাই গ’ল

কিন্তু যুগে যুগে অনুৰাগীৰ হৃদয়ত উজ্জ্বলি থাকিব

আকৌ নতুন দিগন্ত হৈ আহিব

জগতক পোহৰ বিলাবলৈ…………..

*******

3 Comments

  • গীতা মণি দত্ত ।

    ভাল লাগিল ।

    Reply
  • Anonymous

    বৰ ভাল পালোঁ পঢ়ি,হয় জুবিন দা একেবাৰে শিশু মনৰ মানুহ আছিল।সহজ সৰল ভাৱে কথাবোৰ কৈ দিছিল।

    Reply
  • বৰষা ডেকা

    বৰ সুন্দৰ হৈছে

    Reply

Leave a Reply to গীতা মণি দত্ত । Cancel reply

Your email address will not be published. Required fields are marked *