শেষ পৰিণতি -পিকু শইকীয়া

“হে-ৰি আপুনিনো ইমানকৈ কি চিন্তা কৰিছে ?”

 

“চিন্তা , কিনো চিন্তা কৰা দেখিলা তুমি ?”

 

“হে-ৰি, আপুনি মোৰ পৰা লুকুৱাব নালাগে।মই সকলো বুজি পাওঁ।”

 

“হে-ৰা ,চাওঁতে চাওঁতে আমি ঘৰৰ পৰা ওলাই অহা আজি এবছৰেই হ’ল।তথাপি কিন্তু সিহঁতে এবাৰো আমাৰ খবৰ এটাকে নল’লে।নাতিকেইটালৈ আজি বৰ মনত পৰিছে অ’।জানা,সিহঁতক এবাৰ চাবলৈ মোৰ মনটোৱে যে হাহাকাৰ কৰি উঠিছে।”

 

“হে-ৰি আপুনি নিজৰ স্বাস্থ্যটোৰ কথা  নাভাবে কিয়?এই বয়সত বৰকৈ চিন্তা কৰি নিজকে মনোকষ্ট নিদিবচোন। তাতে আপোনাৰ স্বাস্থ্যটোও বৰ ভাল নহয়।”

“এৰা,তুমি ঠিকেই কৈছা পোনাৰ মাক।তথাপি কিয় জানো নাভাবোঁ বুলিলেও কেতিয়াবা বিষাদ বেদনাবোৰে বৰকৈ আমনি কৰে অ’।”

“কথাটো অৱশ্যে হয়।তথাপি আপুনি ইমান দুৰ্বল নহ’বচোন ৷ যি হ’বলগীয়া আছিল হৈ গ’ল।”

“এৰা।”

“এতিয়া আপুনি এইবোৰ কথাকে পাগুলি থাকিব নালাগে।আপুনি অলপ জিৰণি লওক।এতিয়া এই বৃদ্ধাশ্ৰমেই আমাৰ ঘৰ।জীৱনৰ অন্তিম দিনকেইটা আমি ইয়াতেই অতিবাহিত কৰিব লাগিব বুজিছে।”

“এৰা কি কৰিবা,তাৰ বাদে যে আৰু আমাৰ উপায় নাই। সঁচাই, আমি বাৰু কি ভুলৰ বাবে এনে শাস্তি পাইছো অ’ পোনাৰ মাক?”

 “ভুল ! ভুল আমাৰ কোনখিনিত হ’ল জানে,মোৰ বোধেৰে আমি মাত্ৰ পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পিছতহে দৌৰিলো ……৷”

 “তুমি কি ক’ব খুজিছা পোনাৰ মাক ,ভালদৰে বুজাই কোৱাচোন৷”

“কিনো ক’ম!কথাবোৰ ভাবি নিজকে বৰ অপৰাধী যেন অনুভৱ হৈছে বুজিছে।আজিৰ আমাৰ এই পৰিস্থিতিৰ বাবে সিহঁতৰ লগতে আমিও সমানেই দায়ী।আমি ভবাৰ দৰেই পুত্ৰই উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে  এগৰাকী উচ্চপদস্থ বিষয়াও হ’ল।কিন্তু কি জানে,সি কেৱল উচ্চ শিক্ষাৰে শিক্ষিতহে হ’ল,জ্ঞানী  নহ’ল।সেয়ে চাগে আজি আমাৰ এই অৱস্থা ,আমি বৃদ্ধাশ্ৰমৰ আবাসী।”

*******

2 Comments

Leave a Reply to betappcassino Cancel reply

Your email address will not be published. Required fields are marked *