শৰৎ স্তুতি-উপাসা ভাগৱতী

ঋতু আহে ঋতু যায়।বছৰটোৰ অন্তৰ্গত প্ৰতিটো ঋতুৱে আমাৰ মনলৈ ন-উদ্যম,ন-উন্মাদনা কঢ়িয়াই আনে।এই ঋতুসমূহৰ ভিতৰত দুটি ঋতুৱে আমাৰ ওপৰত অধিক ক্ৰিয়া কৰে।সেইবাবেই এই ঋতু দুটিৰ এটিক আমি ঋতুৰাজ আৰু আনটোক ঋতুৰাণী বুলি অভিহিত কৰো।বছৰটোৰ প্ৰাৰম্ভতে বসন্তই যিদৰে মনলৈ এক সুকীয়া ভাৱ কঢ়িয়ায়, সেইদৰে শৰতে অনা সুগন্ধিত বতাহজাকে কঢ়িয়াই আনে সেউজ কোমল কুসুমৰ লালিত্য।গ্ৰীষ্মৰ উষ্ণতাই ডেই পুৰি নিয়া শৰীৰক শৰতৰ সুগন্ধিত মলয়া,শেৱালি,বকুলৰ পৰশ আৰু কঁহুৱাৰ শুভ্ৰতাই মনলৈ প্ৰশান্তি আনে।জলাশয়ৰ নিৰ্মল স্ফটিক ধাৰা আৰু সুনীল গগণত উৰি থকা শুভ্ৰ কপহুৱা মেঘে মনত ন-শিহৰণ জগায়।কুঁৱলীৰ চাদৰখন গাত মেৰিয়াই গছৰ পাতত পৰি থকা নিয়ৰৰ মুকুতা চাই সকলো অভিভূত হোৱাৰ সময় এয়া শৰৎ।এনে সময়তে উৎসৱ-পাৰ্বন আদিয়ে মনবোৰ অধিক আনন্দিত কৰি তোলে।

শৰতত নদীৰ পাৰে পাৰে ফুলি শুভ্ৰতাৰ পোহাৰ মেলা কঁহুৱাৰ নাচোনত মন অশান্ত কৰা বতৰ এয়া।

কঁহুৱা বনে অশান্ত কৰা সময়ত হিয়াই  কাৰোবাৰ মৰমী পৰশ বাঞ্ছা কৰে।সেইবাবেই বোধকৰো সুধাকণ্ঠই গাই উঠিছে–

    ‘কঁহুৱা বন মোৰ অশান্ত মন

     আলফুল হাতেৰে লোৱা সাৱটি’

নিৰ্মল মেঘমুক্ত আকাশ,সুনীল গগণে মানুহৰ মনক প্ৰশান্তি দিয়ে।বছৰৰ বিভিন্ন ঘৰুৱা ব্যস্ততাৰ পৰা মুক্ত হৈ মন মুকলিমূৰীয়া হৈ পৰে।পথাৰৰ ব্যস্ততা নোহোৱা হোৱাত সেউজ কোমল,গেৰ ধৰিবলৈ ধৰা ধাননি ডৰা চাই মনটো শীতল হৈ পৰে।মানুহ নামঘৰলৈ ঢাপলি মেলে। ইষ্টজনৰ ওচৰত মূৰ দোঁৱাই ভক্তিত গদগদ হৈ পৰে।

শৰতৰ ফুলবোৰ কেতিয়াবা স্মৃতিৰ নিজৰা হৈ পৰে আৰু সেই স্মৃতিয়ে মনত বেথাৰ সৃষ্টি কৰে।শৰতৰ প্ৰভাতী ফুল আৰু মেঘালী নিশাৰ জোনে কিদৰে প্ৰিয়জনৰ মনলৈ বুকুৰ আপোনজনৰ স্মৃতি কঢ়িয়াই আনি বেথাৰ সৃষ্টি কৰে,তাক আমাৰ অতিকৈ প্রিয়,সদ্য প্ৰয়াত অমৃত কণ্ঠই হিয়া উজাৰি কৈ গৈছে —

‘প্ৰতি শৰতৰ প্ৰভাতী ফুলে

ক’ব তোমাকেই মোৰ কথা

প্ৰতি মেঘালীৰ নিশা জোনে

কব তোমাকেই মোৰ বেথা।’

শৰৎ ঋতুক লৈ সংস্কৃতত এষাৰি বৰ সুন্দৰ কথা আছে।শুক্ল যজুৰ্বেদ সংহিতাত পূৰ্ণ আৰোগ্য বাঞ্ছা কৰি শত বর্ষ বা তাতোকৈ অধিক দীৰ্ঘায়ু কামনা কৰি সূৰ্যদেৱতাক সম্বোধি কৰা এই প্ৰাৰ্থনাত এশ শৰতক দেখাৰ কামনা ,আমাৰ নয়নৰ জ্যোতিৰ তীব্ৰতাৰ কামনা ,আমাৰ জীৱনৰ এশ বছৰলৈ শৰৎ আহি থাকক, তাক এই শৰত ঋতুৰ নাম লৈয়েই কৈ গৈছে।

 ‘পশ‍্যেম শাৰদঃ শতম

জীৱেম শাৰদঃ শতম

শৃণুয়াম শাৰদঃ শতম

প্ৰহ্ময়াম শাৰদঃ শতম’

 কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাত শৰতৰ ৰং বিয়পিছে এনেদৰে–

“এসোগো শাৰদলক্ষ্মী তোমাৰ শুভ্ৰ মেঘেৰ ৰথে,

এসো নিৰ্মল নীল পথে,

এসো শ্যামল আলো ঝলমল বনগিৰি পৰ্বতে।

এসো মুকুট পৰীয়া শ্বেত শতদল শীতল শিশিৰ ঢালা।”

শাৰদ লক্ষ্মীক কবিয়ে আৱাহন কৰিছে শুভ্ৰ মেঘৰ ৰথত।বন, গিৰি ,পৰ্বতত শ্যামল পোহৰেৰে আলোকিত কৰি শ্বেত পদুমৰ মাজেৰে শীতল নিয়ৰ ঢালিবলৈ শৰতক শৰদ লক্ষ্মী বুলি কৰা আৱাহন সঁচাকৈয়ে বৰ মনোৰম।তেনেদৰেই অন্য এটা পংক্তিত শৰতৰ ৰূপ বৰ্ণিত হৈছে এইদৰে………..

“এসেছে শৰৎ, হিমেৰ পৰশ

লেগেছে হাওয়াৰ পৰে,

সকাল বেলায় ঘাসেৰ আগায়

শিশিৰেৰ ৰেখা ধৰে…”

কবিগুৰুৰ মনে কৈছে শৰৎ আহিছে হিমৰ পৰশত, শৰীৰত লগা বতাহত আৰু শৰৎ আহে ঘাঁহৰ আগত বিন্দু বিন্দুকৈ জিলিকি উঠা নিয়ৰৰ টোপালত।কিযে অপূৰ্ব বৰ্ণনা!

অসমীয়া সাহিত্যৰ জগতখনতো শৰত কালে প্ৰতি বছৰেই প্ৰতিজনৰ মনত ৰেখাপাত কৰি আহিছে। সেয়া অতীত হওক কিম্বা বৰ্তমান।অপ্ৰমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ চিত্ৰকূট বনৰ বৰ্ণনাত বৰ্ণিত ফুলৰ মাজতো শৰৎ জিলিকিছে—

‘জাই যুতি বকুল বন্দুলি কৰ্নিকাৰ

কাঞ্চন  তগৰ কুণ্ড  শেৱালি মদাৰ।’

মহাপুৰুষজনাৰ শৰৎ বৰ্ণনা অতি মনোৰম–

‘গগণ নিৰ্মল স্বচ্ছ ভৈল জল

দূৰ গৈল মেঘগণ

মহাসুখকৰ সুৰভি শীতল

বহে বাহু সৰ্বক্ষণ।’

ইয়াৰোপৰি তেখেতে শৰতক  ‘শৰত সমান  নাহি সুখকাল’ বুলি অভিহিত কৰি থৈ গৈছে।

শেৱালি ফুলৰ সুগন্ধিৰে মলমলাই থকা চৌপাশত বিমুগ্ধ সকলোৰে মন।শৰতৰ এটি অন্যতম উপাদান শেৱালিৰ গোন্ধে কবিক এইদৰে আচ্ছন্ন কৰিছে–

 ‘আমোল মোল শেৱালিৰ গোন্ধ 

যাওঁ বুলিও যাবই নোখোজে চোন।’

শেৱালিৰ সুগন্ধিয়ে সেইবাবেই কবিৰ মনত জগাই তোলা অনুভৱ প্ৰতিটো শব্দৰে প্ৰকাশ কৰিছে।

গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতাত প্ৰকৃতিয়ে বিশেষ স্থান অধিকাৰ কৰিছে।শৰতৰ প্ৰকৃত ছবিখন যেন তেওঁৰ সৃষ্টিত প্ৰাণ পাই উঠিছে —

‘আহিনমহীয়া শেৱালি সৰিলে,

নিয়ৰত তিতিলে বন

জোনাকত উপঙিল কিহবাৰে ৰাগী

কেনেবা কৰিলে মন।’

আহিন মাহৰ ৰাতি সৰি পৰা শেৱালি,নিয়ৰত তিতা বনৰ লগতে শৰতৰ জোনাক নিশাই কবিৰ মনত হেন্দোলনি তুলিছে।ৰাগী লগা মনে মনপৰশা শব্দৰ মালাধাৰি গুঠি আমাৰ সন্মুখত তুলি ধৰিছে।

নৈৰ পাৰত হালি জালি শুভ্ৰ কঁহুৱাৰ নাচোনত নামি আহে শৰৎ।জিৰিক জিৰিক নাচোনত উন্মাদ হয় দেহ-মন। নীলাভ নভত সেই একেই শুভ্ৰতাৰ নাচোন।শুভ্ৰ শুভ্ৰ আলসুৱা মেঘবোৰ নাচি বাগি কাৰোবালৈ যেন বাৰ্তা কঢ়িয়াইহে নিছে।বুকুৰ ভিতৰখনত অনুৰাগবোৰ সিঁচৰতি হৈ ফুৰে।সেইবাবেই যেন সুধাকণ্ঠই গাই গৈছে………

‘এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়

মোৰ বনহংসই বাট হেৰুৱাই

মই আছোঁ শাৰদীয় খিৰিকীমুখত

বুকুৱে বিচৰাজনলৈ বাট চাই।’

এই গীতটিত সুধাকণ্ঠই যেন মেঘদূতম কাব্যত কালিদাসৰ সেই যক্ষই কৰা আকাংক্ষাকে আমাৰ ভাষাত প্ৰকাশ কৰিছে।মেঘৰ লুকাভাকু চাই চাই বুকুৰ আপোনজনক বিচাৰি কৰা হাঁহাকাৰখিনি বৰ সুন্দৰকৈ প্ৰকাশ পাইছে।তেনেদৰেই তেখেতে শৰতক সম্বোধিছে ‘শাৰদী ৰাণী’ বুলি আৰু এই ৰাণীক  নিচেই আপোন বুলি ভাবি  গাই উঠিছে………..

‘শাৰদী ৰাণী তোমাৰ হেনো নাম

তুমি মোৰ নিচেই আপোন

সদ্য স্নাতা ৰূপহী মোৰ

পুৱতি নিশাৰ সপোন

শাৰদী ৰাণী তোমাৰ হেনো নাম..।’

 অন্য এটি পংক্তিত প্ৰিয়তমাৰ ৰূপ বৰ্ণিত হৈছে অনুপম শৰৎ বৰ্ণনাৰে………

‘তোমাৰ উশাহ কঁহুৱা কোমল 

শেৱালি কোমল পাহি।’

  

আলসুৱা মেঘে বুকুৰ আপোনজনক সেই শাৰদীয় দিনবোৰত কাষত বিচাৰি মন হাহাকাৰ কৰি উঠে। সেইবাবেই পূৰ্ণচন্দ্ৰৰ জোনাক বিধৌত নিশাটোত ভগৱান শ্ৰীকৃষ্ণয়ো ৰাসক্ৰিয়া কৰি আনন্দ পাইছিল। শ্ৰী মদ্ভাগৱতৰ অন্যতম আকৰ্ষণ ভগৱান শ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়াৰ বিষয়ে মহাপুৰুষ শংকৰদেৱ  এইদৰে কৈ গৈছে…………..

‘শৰৎ কালৰ ৰাত্রি অতি বিতোপন।

ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।’

ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত এই ঋতুৰ পথাৰৰ গোন্ধত হেৰাই যোৱা দেউতাকৰ পৰশ বিচাৰি পোৱা যায়।ইয়াত এগৰাকী জী ৰ পিতৃৰ প্ৰতি থকা মৰমৰ আকুলতা প্ৰকাশ কৰিছে এইদৰে–

‘আহিনৰ পথাৰৰ গোন্ধ

কেনেবাকে নাকত আহি লাগিলে

মই হেৰাপাওঁ মোৰ দেউতাক।’

হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতা’এদিন শৰৎ’ত প্ৰেমিকাৰ অমল শৰীৰত তেওঁ শেৱালি ফুলৰ উৰণীয়া গোন্ধ, শৰৎময় সোণোৱালী ছাঁ বিচাৰি পাইছে।শৰতৰ এই অনুভৱ পাওঁ এনেদৰে…………

‘সুখী শেৱালিৰ উৰণীয়া গোন্ধ, তোমাৰ অমল শৰীৰৰ

শৰৎময় সোনোৱালী ছাঁ, ফট্ফটীয়া বিলৰ পানীৰ 

সুশীতল শব্দ’।

প্ৰেমিকাৰ অমল শৰীৰত তেওঁ শেৱালি ফুলৰ উৰণীয়া গোন্ধ ,শৰৎময় সোণোৱালী ছাঁ বিচাৰি পাইছে।কিমান যে প্ৰশান্তি লুকাই থাকে শৰতত,শৰতৰ প্ৰতিটো কাৰকত,তাতেই কবিয়ে প্ৰেমৰ কণিকা,সোণোৱালী ছাঁ বিচাৰি পায়, যাৰ পৰশত শীতল পৰে দেহ-মন।

ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে শৰতৰ এটি মনোৰম উপাদান নিয়ৰক লৈ এটি অনিন্দ্য সুন্দৰ কবিতা লিখি পেলাইছে।নিয়ৰ নামৰ এই মুকুতা মণিটো ফুলনিত কোনোবাই ৰাতি নাচোতে পৰি ৰৈছিল বুলি কবিয়ে অনুভৱ কৰিছিল।সেই হেতুকে তেওঁ কৈ উঠিছিল…………..

‘ফুলনিত কোনে নিশা নাচিছিল 

ছিগি ৰৈ গ’ল মণি

ৰঙিলীৰ ভাৱ নাচোনৰ চিন

 ৰৈ গল এইকণি।’ 

কল্পনাৰ মনোৰম প্ৰতিফলন কবিতাটিত পৰিস্ফুট হৈছে।

তেনেদৰেই একেই কবিতাত ‘মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীতে ধোৱা’ বুলিছে।নিয়ৰক মুকুতা মণিৰ লগত তুলনা কৰি শৰত কালৰ সেই নিৰ্মল ফটিক পানীত ধোৱা বাবেহে ৰ’দৰ পোহৰ পৰি ইমানকৈ জিকমিকাই উঠিছে বুলি কল্পনা কৰিছে।

অতীন্দ্ৰীয়বাদী কবি নলিনীবালা দেৱীয়েও সেই অতীন্দ্ৰিয়ক কেন্দ্ৰ কৰি শৰতৰ দিনত মিলন কামনা কৰিছে………….

‘তোমাৰ লগত মোৰ অনন্ত মিলন নিতে

দেখো শেৱালি বনত।’

নৱকান্ত বৰুৱাই শৰৎ ঋতুৰ আগমনত কিদৰে বিশ্বৰ সকলোৱে প্ৰেমৰ কবিতা প্ৰকাশ কৰিছে উল্লেখ কৰি গৈছে……………….

‘শীত আৰু বাৰিষাৰ

শৰত আৰু হেমন্তৰ

বিভিন্ন আকাশে তোমাৰ

প্ৰেমেৰে লিখে বিশ্ব কবিতা।’

তেনেদৰেই অন্য এটা পংক্তি পঢ়িলে আমি তেখেতৰ মনত উদয় হোৱা প্ৰশ্ন শৰতক কোনে এনে আৰু তাৰ সমাধান কেনেদৰে কৰিছে পঢ়িলে বুজি পাম……….

‘আহিনক কোনে এনে–

নিয়ৰে জনালে শেৱালিয়ে আৰু

শেৱালিয়ে ক’লে

নিয়ৰে আনে—।’

শেষত শৰৎ ঋতুৰ এটি সেমেকা ৰাতিৰ অনুভৱ সদ্য প্ৰয়াত আমাৰ বুকুৰ হৃদস্পন্দন, অমৃত কণ্ঠ জুবিন গাৰ্গৰ এই ৰচনাটি পঢ়ি অনুভৱ কৰো আহকচোন —

‘শৰতৰে এটি সেমেকা ৰাতি…

শুনিছো নিয়ৰ ৰুনজুন…

শৰতৰে এটি সেমেকা ৰাতি…

শুনিছো নিয়ৰ ৰুনজুন…

লিখিব খুজি থমকিহে ৰও…

বাৰে বাৰে কবিতা প্ৰেমৰ…

শৰতৰে এটি সেমেকা ৰাতি…’

 কবিয়ে সেমেকি উঠা মনেৰে শৰতৰ সেমেকি উঠা মনটোত নিয়ৰৰ ৰুণজুন শুনিও প্ৰেমৰ কবিতা লিখাত ব্যৰ্থ হৈছে।শৰতে কেতিয়াবা কবিৰ মন বিৰহী কৰিও তোলা উপৰোক্ত পংক্তিত আমি দেখিবলৈ পাওঁ।

 শৰৎ নামৰ ঋতুৰ লগত জড়িত হৈ থকা উপাদানসমূহে অতীত কালৰপৰা বৰ্তমানলৈকে সকলোকে আকৰ্ষিত কৰি আহিছে।সেইবাবে প্ৰতিটো উপদানেই লেখক,কবিসকলৰ দৃষ্টিত পৰি তাৰ সৌন্দৰ্য্য আমাৰ চকুত অধিক প্ৰৌজ্বল হৈ পৰিছে। শৰৎ সেইবাবেই আমাৰ প্ৰাণৰো প্ৰাণৰ, অতিকে আপোন।শৰতৰ বিশ্বাস, নতুনত্বৰ আশ্বাস ,আশা আৰু  প্ৰকৃতিৰ শোভাৰ অপূৰ্ণ প্ৰকাশ ঘটিছে সাহিত্যৰ বিভিন্ন ভাগসমূহত।শৰতক প্ৰকৃতিৰ লগতে লেখকৰ অনুভৱৰ মাজত নকৈ আবিষ্কাৰ কৰি আমাৰ মনতো শৰতে শেৱালিৰ সুগন্ধিত আচলেৰে আমাক মেৰিয়াই ধৰে।

*******

One comment

  • nv8casino looks like a good new option. The design is clean and modern, and they seem to have a good variety of slots. Going to give it a try! Find it at nv8casino.

    Reply

Leave a Reply to nv8casino Cancel reply

Your email address will not be published. Required fields are marked *