স্বীকৃতি-শুভ বৰা শইকীয়া 

ঘৰৰ একমাত্ৰ সন্তান ভৈৰৱী উচ্চ শিক্ষাৰে শিক্ষিতা ছোৱালী। একপ্ৰকাৰ তাইক সৰ্ববিদ্যা বিশাৰদ বুলি ক’লেও বঢ়াই কোৱা নহয়। পঢ়া-শুনা কৰি সুনাম অৰ্জন কৰাৰ লগতে ঘৰৰ কাম ,পথাৰৰ কাম, বোৱা-কটা, চিলাই কৰা সকলো কামতে পাকৈত। গাঁৱতে প্ৰতিষ্ঠা কৰা মজলীয়া বিদ্যালয়খনতে তাই শিক্ষকতা কৰে। বিয়াৰ উপযুক্ত বয়সত তাইৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই মাক -দেউতাক মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিল। একপ্ৰকাৰ তেওঁলোকে ভৈৰৱী গোটেই জীৱন আবিয়ৈ হৈ থাকিব লাগিব বুলি চিন্তা বাঢ়িল। মাক-দেউতাকে তাইৰ অনুপস্থিতিৰ সুবিধা লৈ আলোচনা কৰে ‘অতি কাজীৰ ঘৰ নাই’ বুলি কোৱা কথাষাৰ বাৰু আমাৰ ভৈৰৱীৰ ক্ষেত্ৰতে মিলিছে নেকি? কিছুমানে কয় দেখনিয়াৰ ছোৱালী।মাক-দেউতাকে দৰমহাৰ ধনৰ লোভত ৰাখি থৈছে।আন কিছুমানে কয় বিবাহৰ ক্ষণ মিলিব লাগিব ইত্যাদি। এশ এবুৰি চিন্তাই মাক-দেউতাকৰ মনত দোলা দি থাকে। তাইক মাক-দেউতাকে মুখ ফুটাই নক’লেও তাইক লৈ যে তেওঁলোকৰ চকুৰ টোপনি,পেটৰ ভোক হৰিছে সেই কথা তাই নিজেও উপলব্ধি কৰে। এদিন তাই মাক-দেউতাকক সান্ত্বনা দি ক’লে,

“তোমালোকে চিন্তা নকৰিবা।ভাগ্যত থকাটো পলমকৈ হ’লেও হ’ব।”

এইদৰে এবছৰমান পাৰ হৈ যোৱাৰ পিছত এদিন সিহঁতৰ ঘৰলৈ বিয়াৰ প্ৰস্তাব লৈ এজন মানুহ আহিল। এজন উচ্চপদস্থ প্ৰশাসনিক বিষয়া।নাম অনুৰাগ চলিহা। তেওঁ কোনো লুক-ঢাক নকৰাকৈ ক’লে যে তেওঁ বিবাহিত।তেওঁৰ এজনী কন্যা সন্তান আছে।কৰ্মসূত্ৰে তেওঁ নিলগত থাকিব লগা হোৱা বাবে তাইৰ নিৰাপত্তাৰ বাবে তেওঁ দ্বিতীয় বিবাহ পাতিব বিচাৰিছে। 

“যদি আপোনালোকে কোনো আপত্তি নকৰে তেন্তে ম‌ই ভৈৰৱীক বিয়া পাতিব বিচাৰো।মোৰ বিশ্বাস ভৈৰৱীয়ে  মোৰ ছোৱালীজনীক মাতৃৰ মমতাৰে ডাঙৰ কৰিব পাৰিব।”

এবাৰ বিয়া পতা, এটা সন্তান থকা মানুহজনলৈ ছোৱালীজনী দিবলৈ সন্মতি প্ৰকাশ নকৰাত ভৈৰৱীয়ে ক’লে,

“দেউতা তোমালোকে অলপো চিন্তা নকৰিবা। বিশ্বাসেই মূল। তেওঁ যেতিয়া ছোৱালীজনীক মাতৃত্বৰ মমতাৰে  মই তাইক ডাঙৰ কৰিম বুলি মোৰ ওপৰত ইমান বিশ্বাস কৰিছে, সেইকথা মই মানি ল’লে তাত তোমালোকৰ আপত্তি কিহৰ? চাবাচোন সময়ত সকলো ঠিক হৈ যাব। মোক মাহীমাক বুলি ভাবিবলৈ তাইক বা আন মানুহক কোনো দিন সুবিধা নিদিও।”

ভৈৰৱীৰ কথা শুনি মাক-দেউতাকে ক’লে…..

” ত‍ই ভাল বুলি  ভাবিছ যদি তোৰ মতেই কৰ। তোৰ সুখেই আমাৰ সুখ। আমি আৰু একো আপত্তি নকৰোঁ।”

সামাজিক নিয়ম আৰু বৈদিক প্ৰথাৰে ভৈৰৱী আৰু অনুৰাগৰ বিয়া হৈ গ’ল। কণমানি নিয়ৰক পাই ভৈৰৱী বহুত সুখী হ’ল। তাইক কোনোবাই নিয়ৰৰ মাহীমাক বুলি ক’লেও, তাই কাৰো কোনো কথা গভীৰভাবে নলয়। সকলো কথা শুনে যদিও তাইৰ নিজৰ স্থিতি বজাই ৰাখিবলৈ যত্ন চেষ্টা কৰিলে। নিয়ৰে তাইক মা বুলি মাতিলে তাইৰ হৃদয় আনন্দেৰে উপচি পৰে। নিয়ৰৰ বাবেই মাকে তাইৰ নিজৰ সন্তান এটাৰ কথা ভাবিবলৈ বহুত আপত্তি কৰিছিল যদিও তাই মাক হোৱাৰ কথা নাভাবিলে। তাই চাকৰিৰপৰা ইচ্ছাকৃতভাৱে অৱসৰ ল’লে। তাই নিয়ৰক সুন্দৰ সংস্কাৰেৰে ডাঙৰ কৰিলে। অনুৰাগৰ ভৈৰৱীৰ ওপৰত থকা বিশ্বাস  তাই কামেৰে অটুত ৰাখিলে।

বয়স হৈ অহাৰ লগে লগে ভৈৰৱীৰ মাক-দেউতাকক বিভিন্ন শাৰীৰিক সমস্যাই বেৰি ধৰিলে। অনুৰাগ আৰু ভৈৰৱী দুয়ো গৈ মাক-দেউতাকক সিহঁতৰ লগলৈ লৈ আহিল।

জী-জোঁৱায়েকৰ লগত সুখে-শান্তিৰে থাকিবলৈ পাই  তেওঁলোকে নিজকে সুখী অনুভৱ কৰিলে। তাইৰ সুখেই মাক-দেউতাকৰ সুখ বুলি অনধাৱন কৰিব পাৰিলে। ভৈৰৱীৰপৰা পোৱা মাকৰ অকৃত্ৰিম মৰম-চেনেহ, পঢ়া-শুনাত লোৱা তত্ত্বাৱধান আৰু শাসনৰ তাগিদাত নিয়ৰে সুফল দেখুৱাবলৈ সক্ষম হ’ল। ভৈৰৱীৰ তত্বাৱধানত ডাঙৰ-দীঘল  হোৱা নিয়ৰ‌ এতিয়া চহৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা। তাই মাকক নিয়োগ পত্ৰখন দি সেৱা কৰি ক’লে…..

“মা এয়া কেৱল মোৰ  সফলতাই নহয়, তুমিও আজি নিজক এগৰাকী সফল মাতৃ হিচাপে স্বীকৃতি দিব পাৰিছা।” 

সচাঁকৈয়ে সেই মূহূৰ্তত ভৈৰৱীৰ  মুখখন সুখৰ জ্যোতিৰে জ্যোতিষ্মান হৈ পৰিছিল।

আজি ভৈৰৱীৰ মন-প্ৰাণ মাতৃত্বৰ মমতাৰে উপচি পৰিছে। এয়া চাগৈ তাইৰ ভাগ্যৰ লিখন।ভৈৰৱীৰ ত্যাগ আৰু মহানুভৱতাক তাইৰ মাক-দেউতাক আৰু অনুৰাগে অভিনন্দন জনালে। তাইক  আনে মাহীমাক বুলি ক’লেও মাক-দেউতাক আৰু অনুৰাগে নিয়ৰৰ জন্মদাত্ৰী মাক বুলি ভৈৰৱীক স্বীকৃতি দিলে। প্ৰাণ ভৰি তাইক আশীৰ্বাদ দিলে। তেওঁলোকে মনতে ভাবিলে – ভৈৰৱীয়ে তাই নিজে মাতৃ হোৱা সুখক নিলগত ৰাখি, নিয়ৰক নিজৰ সন্তান বুলি দিয়া স্বীকৃতি আন দহ গৰাকী মাহী মাকৰ বাবে আদৰ্শ হৈ ৰ‍ওক।

*******

                                                 

                                                    

                                                        

One comment

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *