ৰং নাম্বাৰ- চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মহাশ্বেতা দেৱীৰ মূল বেঙ্গলী ভাষাৰ গল্প “রং নাম্বাৰ”ৰ অসমীয়া ভাষালৈ ভাবানুবাদ)

ৰাতি এক বাজিছে। তীৰ্থবাবাবুৰ টোপনি ভাগি গ’ল। টেলিফোনটো বাজি আছে।মাজনিশা টেলিফোন বাজিলে ইমান ভয় কিয় লাগেনো?

“হেল্ল’, শুনকচোন…..হস্পিতালৰপৰা কৈছো…আপোনাৰ ৰোগী এইমাত্ৰ মৰিল; হেল্ল’ ।”

“মোৰ ৰোগী? হস্পিতালত মোৰ কোনো ৰোগী নাই।”

“আপোনাৰ নম্বৰ?” 

“ৰং নম্বৰ! ফোন থওক।” 

“ৰং নাম্বাৰত ফোন কৰিছে কিয়?” 

তীৰ্থবাবাবুৱে ফোনটো নমাই থয়।তেওঁ ভয় খায়….. ভীষণভাবে ভয় খায়। 

“হঠাতে ফোনটো বাজি উঠে কেলেই? কিয় ইমান ৰং নাম্বাৰ হয়?”, সবিতাই সোধে তেওঁক। 

আজি বহুত দিনেই হ’ল, সবিতা বা তীৰ্থবাবাবু কোনো এজনো ৰাতি ৰাতি শুব নোৱাৰে।ঠিক বাৰ বজাৰ সময়ত তীৰ্থবাবুৱে এটা টোপনিৰ টেবলেট খাই লয়। খাই লৈ বিছনাত পৰি দুচকু মুদি মনটোক চিন্তামুক্ত কৰাৰ চেষ্টা কৰে। 

নোৱাৰে……একোতেই টোপনি যাব নোৱাৰে তেওঁ। তেওঁৰ চেতনা আৰু অৱচেতনা, প্ৰথম স্তৰৰ চেতনা আৰু অটল গহ্বৰৰ চেতনা প্ৰতিটোৰ মাজতে একোখন বেৰ থিয় দি উঠে।এই বেৰবোৰৰ গাত কিছুমান পোষ্টাৰ লগোৱা থাকে। 

দীপঙ্কৰৰ ছবি।শিশু কালৰ দীপঙ্কৰ….টকলা মূৰ, অজলা যেন মুখ। মেট্ৰিক পাছ কৰা দীপঙ্কৰ। গ্ৰেজুৱেট দীপঙ্কৰ

…..ওখ-পাখ, ভাবুক আৰু শান্ত মুখ। 

দীপঙ্কৰ! তীৰ্থবাবুৰ একমাত্ৰ সন্তান। সন্তান, সন্তান, সন্তান…..মানুহে সন্তান কিয় বিচাৰে? কিয় ভাল পায় সন্তানক? তীৰ্থবাবুৱে সদায় নিজকে এই প্ৰশ্নটো কৰে। 

তাৰ পাছত তেওঁৰ টোপনি আহে। গভীৰ যদিও অস্বস্তিৰ আতঙ্কেৰে বিপৰ্যস্ত হৈ পৰা টোপনি।সবিতা কিজানি তেতিয়াও টোপনি নাযায়। সেই কাৰণে তাই সোধে,

“কাৰ ফোন?” 

“ৰং নাম্বাৰ।” 

“ক’ৰপৰা আহিছে?” 

“হস্পিতালৰ পৰা।” 

“হস্পিতালৰপৰা? হেৰি, আমাৰেই ফোন হয় যদি?” 

“বলিয়ালি নকৰিবা সবু। তুমি জানাইচোন, দীপু নীৰেনৰ ওচৰতেই আছে।তাৰপৰা নীৰেনে তাক দিল্লীত সুমুৱাই দিয়াৰ চেষ্টা কৰি আছে।সকলো জানিও বলিয়ালি কৰিছা কিয় হে?” 

“নীৰেনৰ ওচৰত যদি আছেই, তেনেহলে দীপুৱে চিঠি দিয়া নাই কিয়? নীৰেনে কিয় চিঠি লিখা নাই আমালৈ? মই কন্দা-কটা কৰিম বুলি তোমালোকে ভাবিছা নেকি? নে নীৰেনৰ ওচৰলৈ দৌৰি যাম বুলি ভাবিছা?”

“অস্থিৰ নহবাচোন সবু।”

“মোৰ মনে কৈছে যে দীপু নীৰেনৰ ওচৰত নাই। নীৰেনে জানি-শুনিয়েই আমাক একো জনোৱা নাই।”

“মনে মনে থাকা সবু….নাকান্দিবা।সকলো ঠিকেই আছে।তুমি জানাইচোন……দীপু পলাই থাকিবলৈ একো কাৰণ নাই।”

“তেনেহলে দীপু অহা নাই কেলেই?”

“সবু, অসুখে চেপি চেপি তোমাক অবুজন কৰি পেলাইছে।দিন কাল একেবাৰে বেয়া,এই অঞ্চলটোও ভাল নহয়— সেয়ে সি নাই অহা।”

সবিতাই এতিয়া কান্দিবলৈ ধৰিলে……লাহে লাহে, উচুপি উচুপি।

কান্দি কান্দি এসময়ত সবিতা শুই পৰিল।তীৰ্থবাবুৰ টোপনি অহাত পলম হয়। কি হৈছে দেশৰ অৱস্থা!বাৰু, ৰোগী যদি মৰে তেতিয়া টু-থ্ৰী এক্সচেঞ্জৰ নম্বৰত ফোন কৰাৰ সলনি ফ’ৰ-চেভেনত কৰিবিনি তহঁতি? ৰং নাম্বাৰ। যাৰ ৰোগী তেওঁলোকৰ মনৰ অৱস্থা কেনেকুৱা হব পাৰে? 

নহ’লে কিজানি একো অৱস্থাই নহয়। আজিকালিতো সকলো কুৰুক্ষেত্ৰৰ অৰ্জুন….একেবাৰে নিৰ্বিবাদে মৃত্যুক গ্ৰহণ কৰে। মৃতদেহ বিচনাতেই পৰি থাকে;খৰছ বচোৱাৰ চিন্তাত আত্মীয়সকল গুছি যায়…..ঘূৰি নহাকৈ।নহ’লে শীতল মৰ্গত পৰি থাকে…..কোনেও চাবলৈ নহাকৈ। 

তীৰ্থবাবুৱে ভয় কৰে,খালী হৈ যোৱাৰ নিচিনা ভয়। তেওঁ যেন এখন অন্য কলিকতাত, অন্য পশ্চিমবঙ্গত বাস কৰিছে।দেখাত ভাৱ হয় সেইখনেই চহৰ, সেইটোৱেই গড়েৰ মাঠ……মনুমেণ্ট…ভৱানীপুৰ…..আলিপুৰ….. চড়কডাঙ্গাৰ কেঁকুৰি!একেই আহাৰত ৰথৰ মেলা— চ’তত কালীঘাটত গাজন….মাঘত বৰদিনৰ আলোকসজ্জা।

সেইখন চহৰ নহয়।এইখন এখন ভুল চহৰ। ৰং চিটি। ভুল ৰেলত উঠি ভুল চহৰলৈ আহিছে তীৰ্থবাবু। 

নহ’লে, সবিতাক কোৱা সকলোবোৰ বুজনি পাহৰি গৈ তীৰ্থবাবুৱে কিয় ভাবিব দীপঙ্কৰে কিয় চিঠি দিয়া নাই বুলি! কিয় নীৰেনে দীপঙ্কৰৰ একো খবৰ দিয়া নাই?

 

কিয়, কিয় সন্তান বিচাৰে মানুহে? কিয় ভাল পায় আত্মজ-আত্মজাক? মৃত্যুৰ পাছত মুখাগ্নি কৰিব বুলি? ভুল উত্তৰ। যিমান দিন জীয়াই থাকিব সিমান দিনলৈকে সন্তানক কাষত বিচাৰে তীৰ্থবাবুৱে……..কাষতে থাক তই, ওচৰতে থাক।আমাৰ জ্বালা-যন্ত্ৰণাৰ ভাগ ল, আমাৰ লগত এক হৈ যাবলৈ শিক। 

ভুল আশা। 

কোনোবা এঠাইত যেন এটা এক্সচেঞ্জ আছে! এইখন চহৰৰ ক’ত আছে নো এক্সচেঞ্জটো? তাত বহি তীৰ্থবাবুক কোনেনো ৰং নাম্বাৰত ফোন কৰি আছে? ৰং চিটি, ৰং হ’প! 

কোন তেওঁ?ক’ত আছে সেই অদৃশ্য অপাৰেটৰজন? অপাৰেটৰসকলক দেখা পোৱা নাযায় কিয়? 

ভাবি ভাবি তীৰ্থবাবু টোপনিৰ মাজলৈ গুছি যায়। এনেদৰেই পাৰ হয় দিনৰপৰা ৰাতি, সোমবাৰৰ পৰা দেওবাৰলৈ, ৰাতিপুৱাৰেপৰা ৰাতিলৈ সময়বোৰ। ৰাতিবোৰলৈ ভয় লাগে তীৰ্থবাবুৰ; কিয়নো…..টোপনিৰ মাজত কেৱল শাৰী শাৰী দেৱাল দেখা পায় তেওঁ।

দেৱালত দীপঙ্কৰৰ মুখ অঁকা থাকে।টোপনিতে তীৰ্থবাবুৱে ভাবিবলৈ লয়, তেওঁ মনোজৰ ওচৰলৈ যোৱাটো উচিত হব নেকি! মনোজ তেওঁৰ বন্ধু…….. মানসিক ৰোগৰ চিকিৎসক। তীৰ্থবাবুৰ নিশ্চয় অসুখ হৈছে। 

“তোমাৰ অসুখ হৈছে তীৰ্থ”, মনোজে তেওঁৰ সিদ্ধান্ত দিলে। তীৰ্থবাবুৰ শুকান মুখ, কাতৰ চাৱনি আৰু বাৰে বাৰে কপালৰ ঘাম মচাৰ চেষ্টা তেওঁ লক্ষ্য কৰিছিল। 

“কি অসুখ?” 

“নাৰ্ভৰ।” 

“মোৰতো নাৰ্ভ ভালেই মনোজ।” 

“তোমাৰ চিন্তাবোৰ অবাস্তৱ।” 

“কি?”

“তুমি কি কৈছা নিজে শুনি চোৱা।” 

মনোজে টেপ ৰেকৰ্ডাৰটো চলাই দিলে। তেওঁ ৰোগীৰ স্বীকাৰোক্তি টেপ কৰি লয়। তাৰ পাছত বিচাৰ কৰে, ৰায় দিয়ে। তীৰ্থবাবুৱে টেপ ৰেকৰ্ডাৰটো দেখি মনে মনে টকাৰ অঙ্ক হিচাপ কৰিবলৈ ধৰিলে। হঠাতে এটা ক্লান্ত, দুৰ্বল কণ্ঠস্বৰ শুনিবলৈ পালে। 

“মই ভাবো যে মোৰ এই ঘৰটো মোৰ নহয়। দুৱাৰ খট্ খটালে কোনেও দুৱাৰ নুখুলিবা — কিয়নো মই ভুল ঠিকনাত আহিছো।বাটে-পথে ঘূৰি ফুৰোতে মোৰ মনলৈ আহে যে কলিকতাখন এতিয়া কলিকতাত নাই।বাহিৰৰ ঘৰ-দুৱাৰ, গড়েৰ মাঠ, মনুমেণ্ট সকলোবোৰ অন্য এখন চহৰৰ হাতত চমজাই দি কলিকতা ক’ৰবাত লুকাই আছেগৈ। মনতে ভাবো এইখন এখন ভুল চহৰ! এইখনেই যে আগৰ কলিকতাখনেই হয় সেই কথা নিজকে বিশ্বাস কৰাবলৈ সিদিনাখন কোনো দৰকাৰ নোহোৱা স্বত্বেও ক্যাওৰাতলালৈ গৈছিলো।দেৱালত লিখা থকাবোৰ পঢ়িয়েই বুজিব পাৰিলো যে মই ভুল ঠাইলৈ আহিছো। সিদিনা মই সপোন দেখিছো…… “

মনোজে টেপ ৰেকৰ্ডাৰটো বন্ধ কৰি দিলে। তীৰ্থবাবুৰ ফালে চাই কলে, 

“কি সপোন দেখিছা তীৰ্থ?”

“মই কব নোৱাৰিম।”

“কি সপোন কোৱা।”

“মোক নুসুধিবা মনোজ — মোক একো নুসুধিবা। সপোনটো মই মাজে মাজে দেখোৱেই।”

“সেই কাৰণে মই জানিব খুজিছো।” 

“নকওঁ মনোজ।” 

“তুমি অসুস্থ হৈ পৰিছা তীৰ্থ। এয়া স্বাভাবিক, অসুস্থ হোৱাই স্বাভাৱিক……..” 

” কিয়? মই কিয় অসুস্থ হোৱাই স্বাভাৱিক?” 

“তোমাৰ ল’ৰাটো তো…….”

“কি হ’ল মোৰ ল’ৰাটোৰ?”

“ঘৰত নাই।” 

“মনোজ, মই নাজানো তোমাক কোনে কি বুলি কৈছে। মোৰ ল’ৰা দীপঙ্কৰ। সি মোৰ সম্পৰ্কীয় ভাই নীৰেনৰ লগত লক্ষ্নৌত আছে।তাতে থাকি দিল্লীত পঢ়িব দীপঙ্কৰে।”

“হে ভগৱান!”

মনোজে যেন যন্ত্ৰণা আৰু দুখত কথাটো ক’লে । ভিতৰৰপৰা গভীৰ নিশ্বাস এটা নিজে নিজে ওলাই আহিল। ‘তেওঁলোকৰ সময়ৰ আটাইতকৈ শীতল মগজুৰ ভাল ল’ৰাটো এনেকুৱা হৈ গ’ল!’

“ভগৱান!”, মনোজে খচখচকৈ ঔষধৰ নাম লিখিলে।  তাৰ পাছত কাগজখন ফালি পেলাই দি তীৰ্থবাবুক ঔষধৰ বটল এটা দি কলে, 

“ৰাতি এইটো খাবা তীৰ্থ, টোপনি আহিব।”

“দিয়া।”

তীৰ্থবাবুৱে ঔষধৰ বটলটো লৈ ওলাই আহিল। মনোজে দুৱাৰ মুখলৈকে আগবঢ়াই দিবলৈ আহি কলে,

“বসু তোমাৰ ওচৰলৈ আকৌ যোৱা নাই নহয়নে?” 

“নাই যোৱা, কিয় সুধিলা?” 

“মই তেওঁক যোৱাত বাধা দিছো।”

“তেওঁ গ’লে মই ঘৰত সোমাবলৈ দিম বুলি ভাবিছা নেকি? সবিতাক যত মানে যিহকে-তিহকে কথাবোৰ লগাই থৈ যায় কেৱল।” 

তীৰ্থবাবু গুচি আহিল — তেতিয়া সন্ধিয়া হৈ আহিছে।নে ৰাতিপুৱাইছে?ৰাস্তাত শাৰী শাৰী মানুহ। 

নে জনশূন্য ৰাজপথ! 

নিৰ্জন পথ….মেঘভৰা আকাশ…..প্ৰৱল ধুমুহা বতাহ….. জয়সিংহই চুৰি ধৰাইছে।ৰবীন্দ্ৰনাথৰ কাহিনীৰ এই বৰ্ণনাটো তীৰ্থবাবুৰ বৰ ভাল লাগে। 

দীপঙ্কৰৰ পাঠ আছিল ‘ৰাজৰ্ষি’।

তীৰ্থবাবুৱে বুজি পাইছে যে তেওঁৰ চকুৰপৰা টোপা টোপে চকুলো বাগৰিছে। 

সন্তানবোৰ এতিয়া ঘাতক, ঘাতক সিহঁত। প্ৰতি মুহূৰ্ততে পিতৃ-মাতৃক হত্যা কৰি থাকে। তীৰ্থবাবুৱে ঔষধৰ বটলটো যত্নেৰে ধৰি লৈ যাবলৈ ধৰিলে…..যেন পৱিত্ৰ অলিম্পিকৰ পবিত্ৰ অগ্নিশিখাহে লৈ গৈছে। 

আজি ৰাতি শুই শুই তীৰ্থবাবুৱে সেই সপোনটো আকৌ দেখিলে।সপোনত দেখা পালে চৌৰাঙ্গী ৰোডৰ দুয়োপাৰে লাখ লাখ মানুহ থিয় হৈ আছে।তেওঁলোক সকলো জঠৰ। ৰাস্তাৰ দুয়োপাৰে ডাঙৰ ডাঙৰ উজ্জ্বল বগা পোহৰৰ মেলা। পথৰ মাজত তেজৰ ধাৰা।তাতে থিয় দি এগৰাকী বৃদ্ধাই চুলি মেলি বুকুত চপৰিয়াই চপৰিয়াই “প্ৰবীৰ! প্ৰবীৰ! প্ৰবীৰ!” বুলি বিলাপ কৰিছে। মানুহগৰাকীক দেখিয়েই তীৰ্থবাবুৱে বুজি পালে, তেওঁ পুৰাণৰ সেই জনা। 

            

দূৰত….দূৰত…..কোনোবা প্ৰান্তৰত

মৰুভূমিত…..দুৰন্ত শ্মশানত…..

তাত তোৰ নাই স্থান। 

দুৰ্গম অৰণ্য, তুষাৰৰ মাজে মাজে 

পৰ্বত শিখৰলৈ ব’ল।

ব’ল পাপ ৰাজ্য ত্যাগি, 

পতি তোৰ পুত্ৰঘাতী বৈৰী সখা, 

ব’ল পুত্ৰ শোকাতুৰা……

মানুহগৰাকীয়ে গগণ ফালি চিঞৰিছে।এই সময়তে….

“পৰ্দা পেলাই দিয়া, ঘণ্টা বজোৱা!” বুলি কোনে চিঞৰি উঠিলে?কোনে কলে, “এয়া মাহিস্মতীপুৰ নহয়!গুচি যোৱা।” 

তৎক্ষণাত তীৰ্থবাবুৱে কব খুজিলে,”She is in the wrong city!” কিন্তু ঘণ্টা বজা আৰম্ভ হৈ গ’ল। 

ঘণ্টা বাজিছে…..ফোন বাজিছে। 

তীৰ্থবাবু উঠি বহিলে। টেলিফোন মানুহে ৰাখে কিয়? বিল দিওঁতে জিভা ওলাই যায়গৈ, নাভিৰ পৰা উশাহ-নিশাহ যেন ওলাই নাহিব….তথাপিও।

তীৰ্থবাবুৱে ৰিচিভাৰটো তুলি ললে।

 

“4 7……..9?”

ঠিক সেই নম্বৰটোৱেই তীৰ্থবাবুৰ ওচৰত থকা টেলিফোনটোৰ গাত লিখা আছে।

তীৰ্থবাবুৱে কলে, 

“No” 

“এইটো তীৰ্থঙ্কৰ চেটাৰ্জীৰ ঘৰ নহয়নে?”

“No” 

“তীৰ্থবাবু, মইহে….বসু। অঁ, সেইদিনা যে কৈছিলো…….. দূৰৰ ৰেল লাইনৰ কিনাৰত পৰি থকা মৃতদেহটোৰ কথা! হয়, দীপঙ্কৰৰে হয় ।Died of injuries. আপুনিতো নাহিলেই। Body has been cremated . হেল্ল’, শুনি আছে নে?” 

“নাই শুনা।” 

“এইটো তীৰ্থঙ্কৰ চেটাৰ্জীৰ ঘৰ নহয় নেকি?”

“নহয়, ৰং নাম্বাৰ।”

তীৰ্থবাবুৱে ফোনটো নমাই থলে।কি ভাবি জানো, ৰিছিভাৰটোও ফোনটোৰপৰা নমাই থলে।তাৰ পাছত বিছনালৈ ঘূৰি গ’ল।সপোনটো আকৌ দেখিব লাগিব। যেনেকৈয়ে নহওক আকৌ এবাৰ দেখিবই লাগিব। সপোনত দেখি তেতিয়া তীৰ্থবাবুৱে জানিব পাৰিব কেনেকৈ উন্মাদিনী জনা ৰং চিটিৰপৰা পলাই গ’ল। সপোন দেখাৰ বাহিৰে তীৰ্থবাবুৱে আৰু আজি একোৱেই নাই।বাস্তৱত গোটেই কলকাতাৰ পথ ঘূৰিলেও এটাও ওলাই যোৱাৰ পথ দেখা নাযায় তীৰ্থবাবুৱে।এতিয়া তেওঁ জনাৰ পিছে পিছে যাব লাগিব। প্ৰবীৰৰ মৃত্যুৰ পাছত তাৰ বাপেকৰ লগতে সকলোৱে যেতিয়া ঘাতকহঁতৰ লগত বিজয়োৎসৱ কৰিছিল,জনা তেতিয়া অকলে পলাই গৈছিল। 

তীৰ্থবাবু শুই পৰিল।

*******

7 Comments

  • Anonymous

    খুব সুন্দৰ গল্প পঢ়িলো, সুন্দৰ অনুবাদ কৰিছে।

    Reply
    • চিত্ৰলেখা দেৱী

      মন্তব্যৰ বাবে ধন্যবাদ জনালো আপোনাক 🙏

      Reply
  • Kumkum Sarmabaruah

    বৰ সুন্দৰকৈ অনুবাদ কৰিছা। ভাল গল্প এটা পঢ়িলোঁ।

    Reply
  • বৰষা ডেকা

    ধুনীয়া এটি গল্পৰ অনুবাদ ভাল লাগিছে।

    Reply
  • C9tayaslotlogin, huh? Gave it a try the other day. Pretty smooth login process, which is always a plus. The slots are fun. Nothing mind-blowing, but solid. Check it out here: c9tayaslotlogin

    Reply
  • Calientemx… hmm. That has a nice ring to it! I wonder if the experience is as good as the name. Anyone have any luck with it? Let me know what you think! calientemx

    Reply
  • Alright, so I’ve been playing at Winner.mx Casino for a minute now. The selection is not bad, and I had a couple of good wins. Take a peek at winner.mx casino

    Reply

Leave a Reply to Kumkum Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *